Friday, June 8, 2012

শ্রমিকৰ পৃথিৱী, পৃথিৱীৰ ভৱিষ্যত (NSI Manifesto, Part 1/7)

ইতিহাস সদায়েই বিভিন্ন আকস্মিক ঘটনাৰে পৰিপূর্ণ। তথাপিও এনে সময় খুবেই বিৰল যেতিয়া ইতিহাসৰ দীর্ঘ যাত্রাই কোনো বৃহৎ পৰিৱর্তনৰ দিশেৰে আগবাঢ়ে। কাৰোবাৰ হৃদয়ত ই সন্ত্রাসৰ সৃষ্টি কৰে, কোনোবাই কৰে এনে দিনৰ দীর্ঘ অপেক্ষা। সন্ত্রসিতসকলে কল্পনা কৰে - ইতিহাস যেন ইতিমধ্যেই কোনো সীমাহীন মালভূমিত উপনীত হৈছেহি; নতুন কোনো পৰিবর্তন, নতুন কোনো পথৰ সম্ভাৱনা এতিয়া যেন বাকী নাই। আনহাতে অপেক্ষা কৰাসকলে সৰু বৰ সকলো কেঁকুৰিতে দিক পৰিবর্তনৰ সপোন দেখি, পুৰণা ৰণনীতি আৰু ৰণকৌশলৰ দ্বাৰাই সেই সপোন বাস্তৱায়িত কৰিবলৈ প্রাত্যহিক সংগ্রামৰ ৰণথলীত নামি ইমানেই আত্মবিস্মৃত, ব্যতিব্যস্ত আৰু ক্লান্ত হৈ পৰিছে যে তেওঁলোকে বর্তমানৰ কার্যভাৰ আৰু ভৱিষ্যতৰ সম্ভাৱনীয়তা চিহ্নিত কৰোঁতে উজুটি খাবলৈ আৰম্ভ কৰিছে। হয়তো এনে এক সময়তে ভৱিষ্যতৰ নতুন সপোনে পোখা মেলে, নতুন ৰণনীতিৰ অংকুৰণ হয়, ইতিহাসৰ গতিপথ সলাবলৈ নতুন শক্তিয়ে জন্ম লাভ কৰে।



যুগ পৰিবর্তনৰ এনে এক উপকণ্ঠতে আমি বাস কৰিছোঁ। পুঁজিবাদৰ দীর্ঘ যাত্রাই ইতিমধ্যেই অর্ধ সহস্রাব্দী অতিক্রম কৰিলে। বিগত দুশ বছৰতকৈও অধিক কাল ধৰি ই পৃথিবীৰ প্রভূত্ববান ব্যৱস্থাৰূপে দপদপনি চলাই আহিছে। অথচ এতিয়াহে ই পৃথিবীৰ সকলো চুক-কোণলৈ শিপাবলৈ সক্ষম হৈছে। এতিয়াহে ই সমস্ত দুনীয়াখনকে পুঁজিৰ অবাধ ক্রিয়াস্থলীলৈ ৰূপান্তৰিত কৰাত সফল হৈছে। পোনপ্রথমবাৰৰ বাবে পুঁজিবাদ নিজৰে সৈতে মুখামুখি হৈছে। বর্বৰ জাতিবোৰক সভ্য কৰা অথবা থলুৱা সমাজবোৰলৈ আধুনিকতা বোৱাই অনাৰ পুৰণা পুঁজিবাদী মন্ত্র এতিয়া অপ্রাসংগিক হৈ পৰিছে। থলুৱাহতেঁ ইতিমধ্যেই নিজস্ব পুঁজিপতিৰ দল নির্মাণ কৰিছে আৰু সিহঁত গোলকীয় পুঁজি ব্যৱস্থাৰ অংশীদাৰ হৈ পৰিছে। বর্তমানৰ সময়ত বর্বৰ হৈছে বিশ্বৰ চুকে কোণে শিপা মেলা পুঁজিপতি শাসকহঁত যাৰ বিশ্ব পুঁজি অভিলাষে নৃশংসতাৰ নিত্য নতুন ৰেকর্ড গঢ়ি তুলিছে। পুৰণি সময়ৰ বিপৰীতে এতিয়া পুঁজিবাদে দুনাই কোনো অন্য শাসন ব্যৱস্থাক মানৱ জাতিৰ দুর্দশা, উৎপীড়ন, শোষণ আৰু পৰাধীনতাৰ বাবে জগৰীয়া কৰিব নোৱাৰে।

বিজয়ৰ বেলাত যুদ্ধজয়ী উন্মত্ত সাম্রাজ্যই তাৰ সৃষ্ট ধ্বংসস্তুপবোৰৰ প্রতি ভ্রুক্ষেপ নকৰে। ইতিহাস আৰু জনগণৰ প্রতি সি যে ইতিমধ্যেই বোজাস্বৰূপ হৈ পৰিছে, সেই সম্পর্কেও তাৰ কাণসাৰ নাই। পুঁজিবাদ আজি যেন অৱিনশ্বৰ। মানৱ সমাজলৈ কঢ়িয়াই অনা দুর্গতিৰ মাপেৰে আজি সি নিজৰ মূল্যায়ণ নকৰে। তাৰ অস্তিত্বৰ কেন্দ্রত বিদ্যমান সেই প্রচণ্ড অন্তর্বিৰোধ- যাৰ বিস্ফোৰণে সৃষ্টি কৰে বাৰম্বাৰ সংকট আৰু গগনচুম্বী হাহাকাৰ- তাৰ দ্বাৰাও পুঁজিবাদে নিজকে জুখিব নিবিচাৰে। বৰঞ্চ সি আন আন ব্যৱস্থাবোৰৰ তুলনাত কিমান দূৰলৈ সফল হব পাৰিলে, কেনেকৈ সি সিবিলাকক পৰাস্ত কৰিলে- এনেবোৰ দিশৰ দ্বাৰাই পুঁজিবাদে নিজৰ মূল্যায়ণ কৰে। পূর্বৱর্তী সকলো ব্যৱস্থাক ধ্বংস কৰি তথা সিবিলাকৰ অংশবিশেষ নিজৰ মাজত সমাহিত কৰি পুঁজিবাদে সিবিলাকৰ ওপৰত বিজয় সাব্যস্ত কৰাৰ লগতে বিংশ শতিকাৰ অগণন সমাজবাদী ব্যৱস্থাৰ প্রত্যাহবানৰো মোকাবিলা কৰিলে। পুঁজিবাদৰ মতে –এয়া তাৰ চূড়ান্ত বিজয়ৰ ক্ষণ। সেয়েহে আজি সি ঘোষণা কৰিছে- আৰু কোনো বিকল্প নাই!

কিন্তু-পুঁজিবাদে কেনেকৈ নিজৰ মূল্যায়ণ কৰে- এয়া মূল প্রশ্ন নহয়। বৰং মানৱ জাতিয়ে পুঁজিবাদৰ কেনেকৈ মূল্যায়ণ কৰিব - সেয়াহে মূল প্রশ্ন। পুৰণি ব্যৱস্থাবোৰৰ ওপৰত পুঁজিৰ বিজয় সাব্যস্তকৰণ -সেয়া আজি কোনো প্রাসঙ্গিক বিষয় হৈ থকা নাই। বৰঞ্চ আজিৰ প্রাসংগিক বিষয় হৈছে- পুঁজিৰ অস্তিত্বৰ অবিচ্ছেদ্য অংগ- তাৰ সেই প্রাথমিক দ্বন্দ্ব সম্পর্কে পুঁজিবাদে জানো কোনো সমাধান সূত্র বিকশিত কৰিব পাৰিব? সেই দ্বন্দৰ পৰাই জন্ম লভিবলৈ যোৱা ভৱিষ্যতৰ এক নতুন ব্যৱস্থাৰ মোকাবিলা সি জানো কৰিব পাৰিব? বর্হিশত্রুৰ বিৰুদ্ধে সফলতম সাম্রাজ্যবোৰো প্রায়েই নিজৰ ভৰতেই খহি পৰা দেখা যায়। শত্রু ব্যৱস্থাৰ বিৰুদ্ধে সফল ব্যৱস্থাবোৰো নিজৰ বিৰুদ্ধে কিন্তু কেতিয়াও সফল হোৱা দেখা নাযায়। পুঁজিবাদে তাৰ কবৰ খান্দোতাহঁতৰ জন্ম দিয়েই থাকিব, এই প্রক্রিয়া ৰুদ্ধ কৰাৰ সকলো প্রয়াস হব ব্যর্থ।

সর্বহাৰাৰ বিপ্লৱী নেতৃত্বই এই কথা বহু আগতেই উপলব্ধি কৰিছিল। এনে দাবী আৰু যুক্তিসমূহৰ নতুনত্ব একো নাই। যদিহে নতুন কিহবাৰ উদয় হৈছে- সেয়া হৈছে পৰিস্থিতিৰ নতুনত্ব। সাম্প্রতিক পুঁজিবাদৰ কাৰুকার্য আৰু সিবিলাকৰ পৰিণাম আজি আমি চকুৰ সমুখতে দেখি আছোঁ। সকলোতে পুঁজিবাদে শ্রমজীৱী জনগণৰ উৎপাদিকা শক্তি আৰু সৃজনশীল প্রতিভাৰ প্রয়োগ ঘটাই সীমাহীন বৈভৱ গঢ়ি তুলিছে, অথচ সিবিলাকৰ বহুলাংশকেই অমানৱীয় দাৰিদ্রতা আৰু অসুৰক্ষাৰ মাজত বাস কৰিবলৈ বাধ্য কৰিছে। কাম লাভ কৰাসকলে নামমাত্র মজুৰিৰ বিনিময়ত দিনে ৰাতিয়ে কঠোৰ শ্রম কৰিবলৈ বাধ্য হৈছে কিয়নো তাতোকৈও কম মজুৰিৰ বিনিময়ত কাম বিচাৰি হাবাথুৰি খোৱা শত সহস্র শ্রমিকে শাৰী পাতি ৰৈ আছে। শ্রমিকৰ বিৰুদ্ধে শ্রমিককেই শত্রু সজোৱা হৈছে। আনকি নিজকে শ্রমিকৰ শাৰীত নধৰা তথা উচ্চ বেতনৰ চাকৰি কৰা বিশেষ দক্ষতাপ্রাপ্ত বেতনভোগীসকলো পুঁজিৰ নিষ্ঠুৰ নিয়মৰ পৰা সাৰি যাব পৰা নাই। নিজৰ পদমর্যদা অটুট ৰাখিবলৈ এইসকল লোকেও উত্তৰোত্তৰ কঠোৰ শ্রম কৰিব লগা হৈছে। দৰমহা বৃদ্ধিৰ সমান্তৰালভাবে জীৱন ধাৰণৰ মানো নিম্নগামী হৈ পৰিছে। মানৱীয় প্রতিভা আৰু সম্ভাৱনীয়তাই বিকাশ লাভ কৰিবলৈ সুযোগ বিচাৰি হাবাথুৰি খাইছে। কোৱা বাহুল্য যে পুঁজিবাদৰ অধীনত এনে প্রতিভাৰ অধিকাংশই সৃজনশীল সকলো প্রক্রিয়াৰ পৰাই বঞ্চিত হৈছে আৰু সুযোগ লাভ কৰা অংশটোৱেও কেৱল মুনাফা বৃদ্ধি কৰিবলৈকে সিবিলাকৰ যন্ত্রৱৎ প্রয়োগ কৰিবলৈ বাধ্য হৈছে। মুনাফা তথা যিকোনো প্রকাৰৰ সম্পদৰ প্রতি পুঁজিৰ লোভ কেতিয়াও ক্ষান্ত নহয়। ই কেৱল মানৱীয় সামর্থ্যতাবোৰকে ধ্বংস কৰা নাই, ই সমগ্র পৃথিৱীখনৰ বাবেই বিপদ চপাই আনিছে। ভূতৰ ওপৰত দানহ পৰাদি সিবিলাকৰ লগতে শোষণ আৰু উৎপীড়নৰ বহুতো পুৰণি ৰূপৰো দৌৰাত্ম্য চলিছে। সিবিলাকৰ সৈতে পুঁজিবাদী সম্বন্ধবোৰৰ সখা-সম্বন্ধ স্থাপিত হৈছে। পুঁজিবাদেই সিহঁতৰ নব্য ত্রাণকর্তা, সিবিলাকৰ পুনৰুৎপাদনৰ ভূমি তৈয়াৰ কৰি দিওঁতা ঈশ্বৰ। তেনেহলে পুঁজিবাদৰ বাহিৰে আন কাৰোবাক জগৰীয়া কৰাৰ অর্থই বা কি থাকিল? পুঁজিবাদে তাৰ অস্তিত্বই সৃষ্টি কৰা ভয়ংকৰ পৰিণামবোৰৰ উত্তৰ দিবই লাগিব। মানৱজাতিৰ বিৰুদ্ধে সি কৰা অপৰাধবোৰৰ কৈফিয়ৎ সি দিবই লাগিব। 

শ্রমিক আৰু উৎপীড়িতসকলে পুঁজিবাদৰ বিৰুদ্ধে সমগ্র বিশ্বজুৰি এক দীর্ঘ তথা কঠিন সংগ্রাম কৰি আহিছে। বহুবাৰ তেওঁলোক বিজয়ী হৈছে আৰু বহুবাৰ তেওঁলোকে পৰাজয়ৰ মুখো দেখিছে। এই সংগ্রামবিলাক কেতবোৰ অতিশয় জটিল পৰিস্থিতিৰ মাজত সম্পন্ন হৈছে। দেখা যায় যে পূর্বতে প্রায়েই এনে সংগ্রামবিলাকৰ যুদ্ধৰেখাবোৰ (battle-lines) অস্পষ্ট আছিল। তদুপৰি প্রায়েই বহুবোৰ যুদ্ধৰেখাৰ সনাপোটকা ঘটিছিল আৰু সিবিলাকে ইডালে সিডালক চুই গৈছিল। যোৱাটো শতিকাতেই পুঁজি-বিৰোধী সংগ্রামখনৰ অৱতাৰণা হৈছিল কিন্তু মানৱ সমাজৰ এক বৃহৎ অংশই তেতিয়াও সামন্তবাদ, ৰজা-মহাৰজা তথা ঔপনিবেশিক শোষণৰ বিৰুদ্ধে যুঁজিবলৈ বাকী আছিল। বহুতো বিপ্লৱীয়েই তেওঁলোকৰ সমাজবিলাকত পুঁজিবাদৰ আগমন ঘটাবলৈ তথা পুঁজিবাদী বিকাশ পথৰ বাধাবিলাক দূৰ কৰিবলৈ সংগ্রাম কৰিব লগা হৈছিল। এনে বহুতো বাধা পুঁজিবাদৰ নিজৰে সৃষ্ট আছিল কিয়নো সাম্রাজ্যবাদী দেশবোৰে অধিকাংশ অনা-ইউৰোপীয় দেশতেই উপনিবেশ স্থাপন কৰি ৰাখিছিল। আনকি যোৱাটো শতিকাৰ সর্বহাৰা বিপ্লৱবোৰো এনে কেতবোৰ দেশত সংঘটিত হৈছিল য’ত পুঁজিবাদৰ আধিপত্য তেতিয়ালৈকে সম্ভৱপৰ হোৱাই নাছিল। নিশ্চিতভাৱেই এই বিপ্লৱবোৰে সাম্রাজ্যবাদৰ ওপৰত চূড়ান্ত আঘাট হানিছিল। সিবিলাকে এনে কেতবোৰ সমাজত সমাজবাদ নির্মাণৰ অভূতপূর্ব প্রক্রিয়াৰ সূত্রপাত ঘটাইছিল য’ত পুঁজিবাদ তেতিয়ালৈকে বিকশিত হ’ব পৰাই নাছিল। সিবিলাকে বিশ্বৰ সমস্ত উৎপীড়িত আৰু শোষিত জনগণলৈ প্রেৰণাৰ বতৰা কঢ়িয়াই নিছিল। কিন্তু সমাজবাদ নির্মাণৰ এই প্রচেষ্টাবোৰে কেতবোৰ অতিশয় গম্ভীৰ - আৰু শেহত গৈ অলংঘনীয় -সমস্যাৰ সমুখীন হ’ব লগা হ’ল। এই বিপ্লৱবোৰে সেই সমাজবিলাকক উপস্থিত সংকটবোৰৰ পৰা মুক্তি দিয়ালে কিন্তু সিবিলাকক সমাজবাদৰ পথত বহুদূৰলৈ লৈ যোৱাৰ ক্ষেত্রত বিফল হ’ল। বাস্তৱ সর্বহাৰাৰ সপোন আৰু আঁচনিবোৰৰ পৰা বহু দূৰৈতে থাকি ৰ’ল। 

সাম্প্রতিক সময়ত পোন-প্রথমবাৰৰ বাবে শ্রম আৰু পুঁজিৰ মাজত যুদ্ধৰেখা স্পষ্টভাৱে টনা গৈছে। অনাগত দিনৰ বিপ্লৱবোৰ পোন-প্রথমবাৰৰ বাবে পুঁজিবাদী দেশৰ অন্তর্ভাগত তথা পুঁজিৰ বিৰুদ্ধে সংঘটিত হ’ব। প্রথমবাৰৰ বাবে, অনাগত সমাজবাদৰ জন্ম এনে পৰিস্থিতিত হ’ব য’ত পুঁজিবাদৰ অন্তর্ভাগৰ পৰাই প্রচণ্ড চাপৰ সৃষ্টি হব আৰু উৎপাদিকা শক্তিৰ ওপৰত লগোৱা পুঁজিবাদী সাঁফৰ ভীষণ বিস্ফোৰণৰ সৈতে উফৰি পৰিব। 

অৱশ্যে এনে স্থিতিতো জটিলতা নিশ্চয়েই থাকিব, আনকি নতুন কেতবোৰ জটিলতাৰো সৃষ্টি হ’ব। পুঁজি আৰু শ্রমৰ মাজৰ যুদ্ধৰেখা স্পষ্ট হলেও এই ৰেখাৰ দুয়োপাৰে অগণন জটিলতা তেতিয়াও থাকি যাব। পুঁজিবাদী শ্রম বিভাজন তথা জাত-পাত, গোষ্ঠী, নৃগোষ্ঠী, লিংগ, জাতি তথা বিভিন্ন ঐতিহাসিক বিভাজনে শ্রমিকসকলক বিভিন্নভাৱে ভাগ-ভাগ কৰি আহিছে। আনফালে, শেহতীয়াকৈ গোলকীকৰণৰ প্রচণ্ড সম্প্রসাৰণ স্বত্তেও আজিও গোলকীয় স্তৰত পুঁজিৰ প্রসাৰ অতিশয় অসমান প্রকৃতিৰ হৈ ৰোৱা বুলিয়েই ক’ব লাগিব। উত্তৰ-ঔপনিবেশিক পৃথিবীৰ পৰিৱর্তিত পৰিস্থিতি অনুসৰি সাম্রাজ্যবাদেও তাৰ কার্য প্রণালীৰ সালসলনি ঘটাইছে। নতুনকৈ স্বাধীনতা লাভ কৰা দেশবিলাকৰ উদিত পুঁজি সাম্রাজ্যবাদৰ উন্নত পুঁজিৰ সৈতে সন্মিলিত হৈছে; প্রৱল উৎসাহেৰে তৃতীয় বিশ্বৰ পুঁজিপতিহঁতে বিশ্ব পুঁজি ব্যৱস্থাত যোগদান কৰিছে, আনুষ্ঠানিকভাৱে সিহঁতে সম-অংশীদাৰৰ মর্যদা পালেও প্রকৃততে সাম্রাজ্যবাদৰ কনিষ্ঠ অংশীদাৰৰ ৰূপতহে এই মিত্রতা সম্ভৱপৰ হৈছে। গোলকীকৰণৰ ভীষণ বিকাশ স্বত্তেও নতুন বিশ্ব ৰাজনৈতিক গাঁথনিৰ আটাইতকৈ গুৰুত্বপূর্ণ তথা ৰণনীতিগত দৃষ্টিৰে সবাটোকৈ মহত্বপূর্ণ উপাদান স্বৰূপে জাতি-ৰাজ্যৰ(nation-state) ভূমিকা আজিও অপৰিসীম হৈয়েই আছে। বুর্জোৱাৰ শাসন কায়েম কৰা তথা সেই ব্যৱস্থাক ন্যায্যতা প্রদান কৰাৰ ক্ষেত্রত জাতি-ৰাজ্যই সবাতোকৈ কার্যকৰ সঁজুলি ৰূপে স্বীকৃতি লাভ কৰি আহিছে। এফালে পুঁজিৰ বাবে জাতি-ৰাজ্যৰ সীমা ক্রমশঃ নিঃশেষ হৈ আহিছে, নিজ ইচ্ছাৰে পুঁজি বিশ্বৰ এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিছে; কিন্তু শ্রমিকসকল বহুতো ৰাজ্যিয়-সীমা, বহুতো প্রতিবন্ধকতাৰ মাজত আবদ্ধ হৈ আছে। ভীষণ প্রতিযোগিতা সত্তেও বিশ্বৰ সমগ্র পুঁজিপতিসকল ঐক্যৱদ্ধ যেন প্রতীয়মান হৈছে; কিন্তু শ্রমিকসকল এতিয়াও খণ্ডিত, বিভাজিত আৰু বিভক্ত হৈ আছে।

বিপ্লৱে সময়ৰ মূল অন্তর্বিৰোধবিলাকৰ সমাধান কৰি সামগ্রিক ছবিখনৰ মৌলিক পৰিৱর্তন সাধন কৰে। কিন্তু এয়া তেতিয়াহে সম্ভৱ যেতিয়া নানা তৰহৰ সীমা-প্রতিবন্ধকতাৰ পাৰ ভাঙিব পৰাকৈ ই শক্তিসমর্থন আর্জন কৰিবলৈ সক্ষম হয়। প্রত্যেক বিপ্লৱৰে ৰণনীতিগত কেতবোৰ সৰলতা থাকিবই লাগিব কিন্তু ই সামাজিক বাস্তৱৰ অগণন জটিলতাৰ পাঁক খুলিবলৈও সক্ষম হ’ব লাগিব। ইয়েই হৈছে বর্তমান সময়ৰ সর্ববৃহৎ প্রত্যাহবান। বিপ্লৱৰ কেতিয়াও পুনৰাবৃত্তি নহয় আৰু ইয়াক নকলো কৰিব পৰা নাযায়। অতীত বিপ্লৱৰ ৰণনীতি একেদৰেই ভৱিষ্যৎ বিপ্লৱত ব্যৱহাৰ কৰিব পৰা নাযায়। এই ক্ষেত্রত শ্রমিক শ্রেণীৰ নেতৃত্ব দাবী কৰাসকলে নতুন পৰিস্থিতি অনুসৰি উপযুক্ত ৰণনীতি তৈয়াৰ কৰিবই লাগিব। উৎপীড়িত আৰু শোষিতসকলক প্রেৰণা যোগাব পৰা, অনাগত বিপ্লৱৰ বাবে তেওঁলোকৰ সাহস তথা ধীশক্তিৰ সদব্যৱহাৰ কৰিব পৰা নতুন কার্যসূচী আৰু নতুন ৰণনীতি বিকশিত কৰিবই লাগিব। সমাজবাদৰ এক নব্য দৃষ্টি বিকশিত কৰিব লাগিব যি ‘সমগ্র বিশ্বৰ দীন-হীন নিথৰুৱা’ক বান্ধোনৰ পৰা মুকলি কৰি দিয়াৰ লগতে ‘বিশ্ব সর্বহাৰা’ৰ সৃজনশীল শক্তিকো বলিষ্ঠ কণ্ঠ প্রদান কৰিব। 

ভৱিষ্যত কেতিয়াও নিয়তি হব নোৱাৰে। ভৱিষ্যতৰ ৰচনা ইতিহাস প্রদত্ত মঞ্চতে কৰিব লাগিব, যিসকলৰ শ্রম তথা ত্যাগে এই মঞ্চ নির্মাণ কৰিছে তেওঁলোকেই এদিন এই মঞ্চলৈ মুক্তিৰ বতৰাও কঢ়িয়াই নিব। অৱশেষত আজি এই সম্পূর্ণ দায়িত্ব শ্রমিকসকলেই কান্ধ পাতি ল’ব লাগিব। শ্রমিকসকলে আজি সমগ্র বিশ্বখনকে নিজৰ বুলি দাবী কৰিব লাগিব – কিয়নো কেৱল মাত্র তেওঁলোকেই বিশ্বৰ এক প্রকৃত ভৱিষ্যত গঢ়িব পাৰিব।

2 comments:

  1. শ্রমিকৰ পৃথিবী
    নিউ চচিয়েলিষ্ট ইনিচিয়েটিভ’ৰ খচৰা ইস্তাহাৰ(২)

    http://bauponthibotora.blogspot.in/2012/05/blog-post_25.html

    ReplyDelete
  2. What actually dictatorship of proletariat actually mean??

    ReplyDelete

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...