Saturday, June 9, 2012

শ্রমিকৰ পৃথিৱী (NSI Manifesto, Part 2/7)

...কিন্তু আজি শ্রমিক ক'ত? আমিতো বেংকাৰ, এক্সিকিউটিভ, বিনোদনকাৰী তথা টাইকুনেৰে ভৰা পৃথিৱী এখনত বাস কৰোঁ? সিবিলাকৰ চৌদিশে সদা-বৃদ্ধিমান এক মধ্যবিত্ত শ্রেণীয়ে আগুৰি থকা এইখন পৃথিৱীত শ্রমিক আছে জানো? এই পুঁজিবাদী ভূ-স্বর্গৰ আশে-পাশে শ্লামৰ পৃথিৱী একোখন নিশ্চয়েই গঢ় লৈ উঠিব পাৰে, কিন্তু সেইবুলিতো আৰু এই নব্য-স্বর্গৰ উপস্থিতি আৰু কেন্দ্রীয়তা অস্বীকাৰ কৰা নাযায়? আৰু যদিওবা পুঁজি-সাম্রাজ্যৰ মেট্র’পলিছবোৰ এতিয়াও তৃতীয় বিশ্বৰ দৈন্যতাই আগুৰি আছে, যদিওবা মেট্র’পলিছৰ নাগৰিক সংখ্যা কৃষক, বনবাসী, কাৰিকৰ অথবা কুলীতকৈ এতিয়াও হাজাৰগুণে কম, কিন্তু সেইবুলিতো এই নব্য-ব্যৱস্থাৰ উপস্থিতি আৰু কেন্দ্রীয়তা অস্বীকাৰ কৰা নাযায়? কেন্দ্রবোৰ ক্রমশঃ বাঢ়ি আহিছে আৰু দাঁতিবিলাকৰ সীমা অস্পষ্ট হৈ পৰিছে। কেন্দ্রৰ ৰূপতেই দাঁতিবিলাককো নব্য-ৰূপ দিয়া হৈছে আৰু সিবিলাকে নিজস্ব কেন্দ্র আৰু দাঁতি গঢ়ি তুলিছে। প্রথম বিশ্বকেই তৃতীয় বিশ্বৰ ভৱিষ্যত ৰূপ বুলি দাঙি ধৰা হৈছে। আৰু এনেও- কেতিয়াৰ পৰা বাৰু কৃষক,বনবাসী, কাৰিকৰ, কুলী, শ্লাম-সর্বহাৰা অথবা গৃহ-ভৃত্যসকল শ্রমিক শ্রেণীৰ আদর্শ ৰূপ আছিল? সিবিলাকতো সদায়েই ‘বিশ্বৰ দীন-হীন নিথৰুৱা’ বুলিয়েই চিহ্নিত হৈ আহিছে? যোৱাটো শতিকাত তেঁওলোককেই বিপ্লৱ কৰিবলৈ দিয়া হ’ল আৰু তেওঁলোকে সমাজবাদৰ নিজস্ব ৰূপ গঢ়ি তুলিলে। পুঁজিৰ নব্য-সাম্রাজ্যই হৈছে এতিয়া তেওঁলোকৰ ভৱিষ্যত পথ। পুঁজিৰ সাম্রাজ্যই মাজে-সময়ে দুৱাৰ খুলি দিব আৰু তেওঁলোকৰ ভৱিষ্যত প্রজন্মই মধ্যবিত্তৰ জীৱন ভোগ কৰিব। এয়াই হৈছে নতুন সময়ৰ নির্মোহ বাস্তৱ। পুঁজিৰ স্বর্গৰ কেন্দ্রত অৱস্থিত পুঁজিপতি আৰু মধ্যবিত্ত শ্রেণী আৰু দুৱাৰৰ সিপাৰে প্রবেশপত্রৰ আশাত দীন-হীন নিথৰুৱাৰ দীর্ঘ শাৰী। ইতিহাসৰ এতিয়া অন্ত পৰিছে, শ্রমিক শ্রেণীৰ নিপাত ঘটিছে!



এয়া কেৱল পুঁজিৰ ভৃত্য অথবা পদলেহনকাৰী বুদ্ধিজীৱীৰ ভাষ্য হোৱা হ’লে হয়তো বিশেষ ক’ব লগা নাছিল। কিন্তু বর্তমানৰ সময়ত সৌ সিদিনালৈকে শ্রমিক শ্রেণীৰ স্বার্থ-ৰক্ষাৰ বাবে সংগ্রাম কৰা, সমাজবাদৰ সপোন দেখা, আৰু সেই সপোন বাস্তৱায়িত কৰিবলৈ অহোপুৰুষার্থ কৰা লোকসকলেও বিংশ শতিকাৰ সমাজবাদৰ পতনৰ পাছত পুঁজিবাদৰ বিকল্পৰ ওপৰতেই আস্থা হেৰুৱাই পেলাইছে আৰু এনে দৃষ্টিভংগীৰ চিকাৰ হৈ পৰিছে। পুঁজিবাদৰ অনিবার্য পতন সম্পর্কে অটল বিশ্বাসী লোকসকল হঠাতে নিজৰ আদর্শ আৰু বিশ্বাস সম্পর্কেই সন্দিহান হৈ পৰিছে।

পুঁজিপতি শ্রেণীটোৰ দৰেই শ্রমিক শ্রেণীও পুঁজিবাদৰে সৃষ্টি। পুঁজিবাদে সমাজত আৰোপ কৰা সামগ্রিক শ্রম-বিভাজন অনুসৰিয়েই শ্রমিক শ্রেণীৰ আন্তঃগাঁথনি নির্মিত হয়। পুঁজিবাদৰ আন্তঃগাঁথনিৰ পৰিৱর্তনৰ লগে লগে (যেনে বিংশ শতিকাৰ দ্বিতীয়ার্ধত হোৱা পৰিৱর্তনবোৰ) সামগ্রিক শ্রম বিভাজনৰো পৰিৱর্তন ঘটে। এনেস্থিতিত ঊনবিংশ শতিকাৰ শ্রমিকৰ বিপৰীতে সাম্প্রতিক কালৰ শ্রমিকৰ বাহ্যিক ৰূপ বেলেগ যেন লাগিব পাৰে। ঊনবিংশ শতিকাৰ ঔদ্যোগিক শ্রমিকৰ ৰূপত-‘যাৰ সমুখত হেৰুৱাবলৈ শিকলিৰ বান্ধোনৰ বাহিৰে একো নাছিল আৰু জিনিবলৈ আছিল সমগ্র পৃথিৱী’-একবিংশ শতিকাৰ শ্রমিকক কল্পনা কৰাটো সম্ভৱ নহয়।

পুঁজিবাদে আৰোপ কৰা সামাজিক শ্রম বিভাজন সদায়েই জটিল আৰু বহুতৰপীয়া হোৱা দেখা যায়, কিন্তু বর্তমানৰ সময়ত ই পূর্বৰ সকলো সীমা চেৰাই গৈছে। পুঁজিবাদৰ অশান্ত ইতিহাস আৰু বাৰম্বাৰ সংকট সত্ত্বেও, শ্রমিক আন্দোলন আৰু বিংশ শতিকাৰ সমাজবাদে জনোৱা প্রচণ্ড প্রত্যাহবান সত্ত্বেও, পুঁজিৰ সীমাহীন সঞ্চয়ন(accumulation) আৰু সম্প্রসাৰণৰ ভোক এতিয়াও ক্ষান্ত হোৱা নাই। আনকি এই সংকট আৰু প্রত্যাহবানবোৰৰ পৰা ৰক্ষা পাবলৈ পুঁজিবাদে নিত্য নতুন পথ, অভিনৱ পদ্ধতি তথা নৱতম অনুশীলনৰ জন্ম দিছে আৰু সিবিলাকৰ সহায়ত সমস্ত বিশ্ব তথা মানৱ জীৱনৰ নানান দিশ নিজৰ মুঠিলৈ আনিছে। ই পুঁজিবাদৰ জটিলতা তথা সক্রিয়তা আৰু অধিক বৃদ্ধি কৰিছে। পূর্বৰ সকলো সময়ৰ তুলনাত পুঁজিবাদ আজি এক ব্যাপকতৰ বিশ্ব ব্যৱস্থাৰূপে পৰিগণিত হৈছে। ই এক গোলকীয় শ্রম বিভাজন গঢ়ি তুলিছে আৰু অভূতপূর্ব হাৰত মানৱ জীৱনৰ সকলো দিশ মুঠিলৈ আনি স্থানীয় স্তৰতো বিভিন্ন জটিল শ্রম বিভাজন নির্মাণ কৰিছে।

গতিকেই, ই আশ্চর্যকৰ নহয় যে আজিৰ গোলকীয় পুঁজিবাদৰ মেট্র’পলিটান কেন্দ্রবোৰতো ঊনবিংশ শতিকাৰ ইউৰোপৰ লেখিয়াকৈ ঔদ্যোগিক শ্রমিকৰ সংখ্যাগৰিষ্ঠতা দেখা পোৱা নাযাব। এনে আশা কৰাটো বাতুলতা হ’ব যে বিংশ শতিকাজুৰি হোৱা উৎপাদনশীলতা আৰু সঞ্চয়নৰ এনে ভীষণ বৃদ্ধিৰ পাছতো পুঁজিয়ে তাৰ কর্মক্ষেত্র কেৱল পৰম্পৰাগত শাখাবোৰতে সীমাৱদ্ধ কৰি ৰাখিব আৰু বস্তুদ্রব্যৰ অতি-উৎপাদনৰ দ্বাৰা নিজৰ মৃত্যু মাতি আনিব। বর্ধিত উৎপাদনশীলতা আৰু গোলকীয় সঞ্চয়ন ব্যৱস্থাৰ যোগেদি বিশ্বৰ দূৰ-দিগন্তৰ পৰা আহৰিত মুনাফা আৰু চুপাৰ-মুনাফাৰ বলত পুঁজিবাদে উৎপাদিকা শ্রমশক্তিৰ এক বৃহৎ অংশক বিভিন্ন সেৱা প্রদান কৰা নিত্য-নতুন খণ্ডত নিয়োজিত কৰিবলৈ সক্ষম হৈছে। উন্নত পুঁজিবাদী দেশবোৰত দেখা পোৱা তথাকথিত ‘কল্যাণকামী ৰাজ্য’ এই প্রক্রিয়াৰে অংশস্বৰূপ আছিল আৰু ই পুঁজিবাদৰ আভ্যন্তৰীণ পুনর্গঠন প্রক্রিয়াত বিশেষ অৰিহণা যোগাইছিল। সাধাৰণতে সাম্প্রতিক পৃথিৱীৰ একোখন পৰিপক্ব পুঁজিবাদী অর্থনীতিত সেৱা খণ্ডৰ(service sector) অৱদান মুঠ ঘৰুৱা উৎপাদনৰ দুই তৃতীয়াংশলৈকে হোৱা দেখা যায় আৰু ঠিক একে অনুপাততে ই শ্রমশক্তিৰো নিয়োজন কৰে। পুঁজিৰ এই খণ্ডভিত্তিক পুনর্গঠনে সামগ্রিক ব্যৱস্থাটোৰ প্রতি ভাবুকিস্বৰূপ কাঠামোগত সীমাৱদ্ধতাবোৰ নৰম কৰি দিয়াৰ লগতে শ্রমিক শ্রেণীৰ ৰূপ তথা গাঁথনিবোৰো যথেষ্ঠ সলনি কৰি পেলালে। বর্তমানৰ শ্রমিক শ্রেণীৰ ভিতৰত অগণন স্তৰ তথা বিভাজন দেখিবলৈ পোৱা যায়; ভিন ভিন বৃত্তি, বেতনৰ স্তৰ, পদমর্যদা, দক্ষতা, শিক্ষা, আত্মবোধ তথা পৰস্পৰ একতাৰ নানান ধাৰণা অনুসৰি ই খণ্ডিত তথা বিভক্ত। আধুনিক পুঁজিবাদী সমাজবোৰৰ শ্রমিকৰ এক বৃহৎ অংশই আনকি নিজকে শ্রমিক শ্রেণীৰ অংগ বুলিয়েই নাভাৱে। এনে সকলো সমাজৰে জনসংখ্যাৰ বৃহত্তম অংশটোৱে এতিয়াও নিজৰ শ্রমশক্তি বিক্রয় কৰে আৰু তাৰ বিনিময়ত পোৱা মজুৰী বা বেতনৰ ওপৰতেই নির্ভৰ কৰি চলে- সেয়া লাগে কোনোমতে জীয়াই থাকিবৰ বাবেই হওঁক অথবা এক আৰামদায়ক জীৱন যাপন কৰিবৰ বাবেই হওঁক। অথচ আপাত দৃষ্টিত এনে ভাৱ হয় - যেন শ্রমিক শ্রেণী নাইকিয়া হৈ যাব ধৰিছে!

পুঁজিবাদী বিকাশৰ বাস্তৱিক ধাৰাই যদিহে মেট্র’পলিটান কেন্দ্রবোৰত পুঁজিবাদৰ ভৱিষ্যত সম্পর্কীয় বহুতো ধ্রুপদী প্রত্যাশা নস্যাৎ কৰিছে, গোলকীয় পুঁজিবাদৰ দাঁতিবিলাকৰ ক্ষেত্রতো স্থিতি বহুদূৰলৈ পৃথক বুলি ক’ব নোৱাৰি। ধ্রুপদী প্রত্যাশাবোৰৰ বিপৰীতে, দাঁতিবিলাকতো পুঁজিবাদী বিকাশৰ ধাৰাই অপ্রত্যাশিত বাট লোৱা দেখা গৈছে। প্রথমতে ভবা হৈছিল - পুঁজিবাদী বিকাশে কৃষিমূলক সমাজবোৰত প্রচণ্ড ঔদ্যোগিকৰণ সৃষ্টি কৰিব। কৃষকৰ এক বৃহৎ অংশ কৃষিখণ্ডৰ পৰা বিস্থাপিত হ’ব আৰু সিবিলাক ঔদ্যোগিক সর্বহাৰালৈ পৰিণত হ’ব। কৃষিখণ্ডৰ বাকী অংশটো পুঁজিবাদী খেতিয়ক আৰু কৃষি শ্রমিকৰ মাজত মেৰুকৃত হৈ পৰিব। ইতিহাসৰ এই অপ্রতিৰোধ্য যাত্রাত যদিহে কোনো শক্তিয়ে বাধাৰ সৃষ্টি কৰিছিল- তাৰ চিনাক্তকৰণ পুঁজিবাদৰ সর্বোচ্ছ স্তৰ অর্থাৎ সাম্রাজ্যবাদৰ ৰূপত কৰা হ’ল। ঔপনিবেশিকতাবাদৰ এক আন্তর্জাতিক প্রণালীৰ মাজেৰে ক্রিয়াশীল এই সাম্রাজ্যবাদে উপনিবেশবোৰত পুঁজিবাদী বিকাশৰ পথত বাধাৰ সৃষ্টি কৰিছিল। ফলত উপনিবেশবোৰৰ স্থানীয় বুর্জুৱা অংশবোৰেও সাম্রাজ্যবাদ-বিৰোধী সংগ্রামত অংশগ্রহণ কৰিবলৈ ইচ্ছা প্রকাশ কৰিছিল। প্রায়েই এই বুর্জোৱাই নেতৃত্বকাৰী ভূমিকাও লোৱা দেখা গৈছিল।

ঔপনিবেশিকতাবাদৰ ইতিমধ্যেই অন্ত পৰিছে আৰু উত্তৰ-ঔপনিবেশিক তৃতীয় বিশ্বৰ দেশবোৰত এতিয়া অসমান কিন্তু তীব্র গতিৰে পুঁজিবাদৰ বিকাশ সাধন হৈছে। সাম্রাজ্যবাদৰ কার্য্যপদ্ধতিও এই সময়ছোৱাত সলনি হৈছে। এতিয়া সাম্রাজ্যবাদে তৃতীয় বিশ্বৰ বুর্জোৱাৰ সৈতে পার্টনাৰশ্বিপ গঢ়ি তুলিছে আৰু সিবিলাকক পুঁজিৰ যোগান ধৰি মূলতঃ আর্থিক পদ্ধতিৰ দ্বাৰাই এই অর্থনীতিবোৰে সৃষ্টি কৰা লাভাংশ তথা সঞ্চয়নৰ ভাগ-বাটোৱাৰা কৰাৰ বাট মোকলাই লৈছে। কিন্তু তৎসত্তেও, তৃতীয় বিশ্বৰ সবাতোকৈ তীব্রবেগেৰে উদ্যোগীকৰণৰ ফালে ধাপলি মেলা দেশবোৰতো পূর্বে আশা কৰাৰ দৰে ভীষণ শ্রেণী মেৰুকৰণ তথা ঔদ্যোগিক সর্বহাৰাৰ প্রকাণ্ড ফৌজ উদয় হোৱা দেখা নাযায়। কৃষিখণ্ডই এতিয়াও মুঠ ঘৰুৱা উৎপাদনৰ এটা লেখত ল’বলগীয়া অংশৰ যোগান ধৰে। অৱশ্যে এই অংশৰ পৰিমাণ ক্রমশঃ কমি আহিছে। অধিক গুৰুত্বপূর্ণভাৱে, মুঠ শ্রমশক্তিৰ এটা বিশাল অংশ এতিয়াও কৃষিৰ সৈতে জড়িত হৈ আছে। তৃতীয় বিশ্বৰ কৃষিখণ্ডৰ আর্থিক অৱদানৰ বিপৰীতে তাত নিয়োজিত হৈ থকা শ্রমশক্তিৰ অনুপাত অত্যাধিক বেছি। কৃষিখণ্ডৰ পৰা বাহিৰলৈ এক প্রব্রজন প্রক্রিয়া আৰম্ভ হৈছে, কিন্তু এই প্রব্রজনৰ হাৰ এতিয়াও কৃষিখণ্ডত বিশাল শ্রেণী মেৰুকৰণ ঘটাব পৰাকৈ যথেষ্ঠ নহয়। অধিকাংশ ক্ষেত্রতে তৃতীয় বিশ্বৰ কৃষিখণ্ডবোৰত এতিয়াও কম বেছি পৰিমাণে ক্ষুদ্র কৃষক অর্থনীতিৰ আধিপত্যই দেখিবলৈ পোৱা যায়।

সাম্রাজ্যবাদে আৰোপ কৰা গোলকীয় শ্রম বিভাজনৰ সৈতে এই প্রক্রিয়াটোৰ এক প্রগাঢ় সম্পর্ক আছে। অধিকাংশ ক্ষেত্রতে তৃতীয় বিশ্বৰ কৃষিখণ্ডবোৰত পুঁজিবাদৰ বিকাশ ঘটিছে যদিও এই সমাজবোৰত কৃষকৰ উপস্থিতি অতি সোনকালেই শেষ হৈ যাব বুলি ভবাটো ভুল হ’ব। এনেধৰণৰ পৰিৱর্তন সম্ভৱ কৰি তুলিব পৰা বিধৰ উদ্যোগীকৰণ বর্তমানৰ গোলকীয় শ্রম বিভাজনৰ অংগ তৃতীয় বিশ্ব অর্থনীতিবোৰৰ বাবে সম্ভৱপৰ নহয়। গোলকীয় পুঁজিবাদ আৰু তাৰ আনুসঙ্গিক গোলকীয় শ্রম বিভাজনে এনে সম্ভাৱনীয় উদ্যোগীকৰণৰ মাত্রা আৰু চৰিত্র সীমাৱদ্ধ কৰি পেলাইছে। আন কথাত কবলৈ গলে- কৃষকৰ উপস্থিতি বর্তি থকাটো নিশ্চিত। কিন্তু কৃষকৰ এই অস্তিত্ব-ৰক্ষা এক সম্পূর্ণ ভিন্ন শ্রেণী অৱস্থিতিতহে সম্ভৱপৰ হৈছে। এই পৰিৱর্তিত শ্রেণী অৱস্থানে কৃষকৰ চৰিত্রলৈকো এক ভিন্নতা আনি দিছে। পুঁজিবাদী উৎপাদন প্রণালীৰ সৈতে কৃষিখণ্ড সম্পূর্ণভাৱে সংলগ্ন হৈ পৰিছে আৰু আন যিকোনো ঔদ্যোগিক পণ্যৰ দৰেই কৃষি উৎপাদিত সামগ্রীবোৰেও পণ্যৰ ৰূপ লৈছে। এক বৃহৎ মাত্রাত মজুৰী শ্রমৰ উদয় হৈছে; অৱশ্যে ইয়াৰ অবিহনেও কৃষিখণ্ডৰ পুঁজিবাদী চৰিত্র সন্দেহাতীতভাৱে প্রমাণিত হৈছে। পৰিয়ালভিত্তিক শ্রমৰ ওপৰত নির্ভৰশীল কৃষকসকল পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ লগত সাঙোৰ খাই পৰিছে। কম বেছি পৰিমাণে তেওঁলোক ক্ষুদ্র পণ্য উৎপাদনকাৰীলৈ পৰিণত হৈছে।

ক্ষুদ্র পণ্য উৎপাদনকাৰীসকলৰ অবিহনে পুঁজিবাদৰ অস্তিত্ব কেতিয়াও সম্ভৱ হোৱা দেখা নাযায়। আনকি সবাটোকৈ উন্নত দেশবোৰতো, কম মাত্রাত হ’লেও সিবিলাকৰ উপস্থিতি দেখা পোৱা যায়। এই ক্ষেত্রত প্রথম বিশ্বৰ সৈতে মূল পার্থক্যটো এয়ে যে অদূৰ ভৱিষ্যতলৈ তৃতীয় বিশ্বৰ শ্রম-শক্তিৰ এটা বৃহৎ অংশ ক্ষুদ্র পণ্য উৎপাদনকাৰীৰ ৰূপতে আৱদ্ধ হৈ থাকিব। এনেকৈয়ে গোলকীয় শ্রম বিভাজনে ( অন্ততঃ আংশিকভাৱে ) স্থানীয় শ্রম বিভাজন নির্ধাৰণ কৰে। কৃষকৰ উপৰিও কাৰিকৰ, সৰু-সুৰা দোকানী আদি অগণন ক্ষুদ্র পণ্য উৎপাদনকাৰীৰে ভৰা তৃতীয় বিশ্ব অর্থনীতিবোৰৰ এয়া চিনাকী বৈশিষ্ট্য। পুঁজিবাদী অর্থনীতি একোখনত ক্ষুদ্র পণ্য উৎপাদনকাৰীসকলৰ বস্তুগত শ্রেণী অৱস্থান শ্রমিক শ্রেণীৰ বুলিয়েই ক’ব পাৰি। সমগ্র ব্যৱস্থাটোৰ দ্বাৰা তেওঁলোক শোষিত হয় আৰু তেওঁলোকে সৃষ্টি কৰা উদ্বৃত্ত বজাৰ তথা বিনিময়ৰ অগণন জটিল নেটৱর্কৰ দ্বাৰা তেওঁলোকৰ পৰা কাঢ়ি লোৱা হয়।

এফালে যদি তৃতীয় আৰু প্রথম বিশ্বৰ গ্রাম্যাঞ্চলবোৰৰ পার্থক্য সহজতে ধৰিব পৰা হৈ আছে, আনফালে কিন্তু প্রথম বিশ্বৰ দৰেই তৃতীয় বিশ্বৰ দেশবোৰেও একেধৰণৰ মেট্র’পলিটান কেন্দ্র কেতবোৰ গঢ়ি তুলিছে। অনুপাতৰ দৃষ্টিৰে চাবলৈ গ’লে তৃতীয় বিশ্বৰ দেশবোৰত মুঠ উৎপাদনৰ অংশ হিচাপে কৃষি বা সাধাৰণভাৱে প্রাথমিক খণ্ডৰ অৱদান প্রথম বিশ্বৰ দেশসমূহতকৈ দহ গুণ অধিক। কিন্তু তথাপিও প্রথম বিশ্বৰ দৰেই তৃতীয় বিশ্বৰ অধিকাংশ বৃহৎ অর্থনীতিয়েও সেৱা খণ্ডক সর্ববৃহৎ খণ্ড হিচাপে গঢ়ি তুলিছে। সমকালীন তৃতীয় বিশ্বৰ পুঁজিবাদী বিকাশ ধাৰা ঊনবিংশ শতিকাৰ ইউৰোপসদৃশ ধ্রুপদী ঔদ্যোগীকৰণৰ ওপৰত আশ্রিত নহয়। বৰঞ্চ ই আজিৰ সময়ৰ উন্নত পুঁজিবাদী অর্থনীতিবোৰে গ্রহণ কৰা বাটেৰেহে আগবাঢ়িছে। তৃতীয় বিশ্বৰ সমাজসমূহৰ উদীয়মান সামাজিক শ্রম বিভাজনৰ ক্ষেত্রত ই বিশেষ প্রভাৱ পেলাইছে। মুঠ শ্রম শক্তিৰ গৰিষ্ঠতম অংশটো এতিয়াও কৃষক আৰু অন্যান্য ক্ষুদ্র পণ্য উৎপাদনকাৰীৰ ৰূপতেই আৱদ্ধ হৈ আছে কিন্তু শ্রমিকৰ এক ক্রমবর্ধিত অংশ তীব্র গতিৰে অসংগঠিত খণ্ডৰ দিশেৰে ধাৱমান হোৱা দেখা গৈছে। কৃষক আৰু কাৰিকৰসকল ঔদ্যোগিক সর্বহাৰাৰ বিপৰীতে এনে অসংগঠিত ক্ষেত্রৰ শ্রমিকলৈ পৰিণত হোৱাৰ সম্ভাৱনাই বেছিকৈ দেখা গৈছে। সামগ্রিকভাৱে শ্রমিকৰ এটা ক্ষুদ্র অংশহে ভৌতিক পণ্য উৎপাদনৰ খণ্ডত নিয়োজিত হ’ব। এটা বৃহৎ অংশ এই পণ্যবোৰৰ বিক্রয় কার্যত নিয়োজিত হ’ব আৰু তাতোকৈও এটা বৃহত্তৰ অংশ বিভিন্ন প্রকাৰৰ সেৱা প্রদান কৰা কার্যত নিয়োজিত হ’ব। অর্থাৎ শ্রমজীৱী জনগণৰ মাজত ঔদ্যোগিক শ্রমিকৰ সংখ্যা গৰিষ্ঠ হোৱালৈ অপেক্ষা কৰি থকাটো সমীচিন নহব। এনে সময় হয়তো কেতিয়াও নাহিব পাৰে। 

এনে পুনর্গঠন তথা কার্য্যপ্রণালী পৰিবর্তনৰ দ্বাৰাই পুঁজিবাদে নিজকে ৰক্ষা কৰি আহিছে। ই জিনি লোৱা পৃথিবীখনত আৰু কাবু কৰি পেলোৱা সামাজিক জীৱনসমূহত এক জটিল শ্রম বিভাজন স্থাপন কৰে। এই শ্রম বিভাজনে শ্রমিক শ্রেণীক বিভাজিত আৰু বিখণ্ডিত কৰাৰ লগতে তাৰ দৃশ্যমান ৰূপো সলনি কৰে। জনগণৰ মাজত বিভিন্ন অন্তর্বিৰোধ বৃদ্ধি কৰি অথবা নতুন অন্তর্বিৰোধ সৃষ্টি কৰি পুঁজিবাদে আপোন সফলতাৰ বাট মুকলি কৰে। শ্রমিকসকলেই পৃথিবীৰ সকলো কাম কৰে, কিন্তু তেওলোকৰ কর্মস্থল আৰু জীৱনধাৰণৰ স্থিতি একে নহয়। আনকি বাহ্যিক ৰূপত সকলোৱেই শ্রমিক যেন নালাগিবও পাৰে। ভৌতিক জীৱনৰ ভিন্ন ভিন্ন স্থিতিয়ে শ্রমিকৰ বিভিন্ন অংশৰ মানসিক চেতনাত ভিন্নভাৱে ক্রিয়া কৰে। শ্রমিকসকলে আজিও শ্রমিকৰ দৰেই কাম আৰু জীৱন নির্বাহ কৰে, কিন্তু এনে সকলো শ্রমিকেই নিজকে শ্রমিক বুলি গণ্য নকৰে। সামগ্রিকভাৱে, বিশ্বৰ সকলো শ্রমিকৰ একতাৰ ভিত্তি এতিয়া সামাজিক বাস্তৱৰ উপৰিভাগৰ পৰা আঁতৰি বাস্তৱৰ গভীৰতৰ স্তৰবোৰৰ মাজত লুকাই পৰিছে। 

উপৰিভাগৰ পৰিঘটনাবোৰ প্রায়েই বাস্তৱৰ গভীৰতৰ স্তৰবোৰৰ পৰাই উদ্ভূত হয়। এই পৰিঘটনাবোৰো বাস্তৱৰে অংশ কিন্তু সিবিলাকে কাছিৎহে বাস্তৱৰ মূল চৰিত্র নির্ধাৰণ কৰে। বর্তমানৰ পৃথিৱীখন পুঁজিবাদৰ পৃথিৱী। গতিকেই ই শ্রমিকৰো পৃথিৱী। ঊনবিংশ শতিকাৰ ঔদ্যোগিক সর্বহাৰাৰ সৈতে আজিৰ শ্রমিকৰ দৃশ্যমান ৰূপ একে নহলেও বস্তুগতভাৱে ই একেই শ্রেণী অৱস্থানত অৱস্থিত। শ্রম-বিভাজনৰ জটিল আৰু সম্প্রসাৰিত ব্যৱস্থাটোত শ্রমিকৰ বিভিন্ন অংশই ভিন ভিন স্থান দখল কৰিব পাৰে, কিন্তু পুঁজিপতি শ্রেণীটোৰ সৈতে বিৰোধিতাৰ ক্ষেত্রত সিবিলাকে একেই স্থান গ্রহণ কৰে। সিবিলাকৰ ভৌতিক জীৱন স্থিতি বহুদুৰলৈ বেলেগ বেলেগ হ’ব পাৰে, কিন্তু পুঁজিপতি শ্রেণীটোৰ বাবে সিবিলাক আটায়ে উদ্বৃত্ত উৎপাদন কৰে। সিবিলাকৰ একাংশই শ্রম বিভাজনৰ নিম্ন স্তৰত থকা আন আন কেতবোৰ শ্রমিকৰ উদ্বৃত্ত পুঁজিপতিৰ সৈতে মিলি কিছু পৰিমাণে হস্তগত কৰিব পাৰে কিন্তু তেওঁলোকে নিজে তাতোকৈ বহু অধিক উদ্বৃত্ত উৎপাদন কৰে –যাক পুঁজিপতিয়ে হস্তগত কৰে। 

যোৱাটো শতিকাৰ সর্বহাৰা বিপ্লৱবোৰ এনে কেতবোৰ সমাজত সংঘটিত হৈছিল য’ত জীৱন ধাৰণৰ স্থিতি শোষিত আৰু উৎপীড়িত সকলোৰে বাবে সমানে অসহ্যকৰ আছিল। সৰল কেতবোৰ শ্ল’গান- যেনে “ভাত আৰু শান্তি” অথবা “কৃষকৰ বাবে মাটি” - জনগণৰ বৈপ্লৱিক ঐক্য স্থাপন কৰিবলৈ যথেষ্ঠ আছিল। কিন্তু বর্তমানৰ পুঁজিবাদী ব্যৱস্থাত জীৱন ধাৰণৰ এনে অনুৰূপ স্থিতি দেখিবলৈ পোৱা নাযায়। শোষিত আৰু উৎপীড়িতসকলৰ ঐক্য কেৱল জীৱন আৰু কামৰ স্থিতি অনুসৰি স্থাপন হোৱাটো এতিয়া সম্ভৱপৰ নহয়। বৈপ্লৱিক ঐক্যৰ ভিত্তি এতিয়া পুঁজিবাদৰ গভীৰতৰ স্তৰবোৰৰ মাজত বিচাৰিব লাগিব। আজিৰ সময়ত এনে ঐক্য কেৱল এই তথ্যৰ ভিত্তিতেই গঢ়া হব যে বৃত্তি, দক্ষতা, বেতনৰ স্তৰ, পৰিচয় আৰু সংস্কৃতিৰ ক্ষেত্রত থকা অগণন পার্থক্য স্বত্তেও সকলো শ্রমিকেই উদ্বৃত্ত সৃষ্টি কৰে আৰু পুঁজিৰ মালিকবোৰে তেওঁলোকৰ পৰা এই উদ্বৃত্ত কুক্ষিগত কৰে। 

পুঁজিবাদৰ উপৰিভাগৰ পৰিঘটনাবোৰে ভৱিষ্যত বিপ্লৱৰ ক্ষেত্রত আহিব পৰা সমস্যা আৰু প্রত্যাহবানবোৰৰ পূর্বাভাস নিশ্চয়েই দিব পাৰে, কিন্তু সিবিলাকে পুঁজিবাদৰ মূল চৰিত্রৰ কোনো হীন-দেঢ়ি ঘটোৱা নাই। শ্রমিকসকলেই পৃথিৱীখন সজাই তুলিছে, অথচ এইখন তেওঁলোকৰ পৃথিৱী নহয়। মজুৰী আৰু বেতনৰ ওপৰত নির্ভৰশীল তেওঁলোক আজিও পুঁজিৰ “মজুৰী গোলাম”। তেওঁলোকেই সকলো সম্পদ সৃষ্টি কৰিছে অথচ পুঁজিৰ নিয়ম অনুসৰি সেই সম্পদৰ ওপৰত আন কোনোবাই অধিকাৰ সাব্যস্ত কৰিছে। জীৱন স্থিতিৰ অগণন পৰিবর্তন স্বত্তেও, এতিয়াও বিশ্বৰ সমস্ত শ্রমিকৰ হেৰুৱাবলৈ একো বাকী নাই; আজিও তেওঁলোকে জিনিবলৈ এখন সমগ্র পৃথিবী বাকী আছে।

1 comment:

  1. শ্রমিকৰ বাবে এখন পৃথিবী-পৃথিবীৰ বাবে এক ভৱিষ্যত!
    নিউ চচিয়েলিষ্ট ইনিচিয়েটিভ’ৰ খচৰা ইস্তাহাৰ(১)

    http://bauponthibotora.blogspot.in/2012/06/blog-post.html?showComment=1341527385235#c3484424378918440216

    ReplyDelete

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...