Sunday, June 10, 2012

সামাজিক বাস্তৱৰ বিভিন্ন দিশঃ পৰিচয়, অসমতা, উৎপীড়ন (NSI Manifesto - Part 3/7)

কেৱল শ্রমিকৰ পৰিচয়েই শ্রমিক ব্যক্তি একোজনৰ সম্পূর্ণ পৰিচয় নহয়। ঠিক তেনেকৈয়ে মাত্র পুঁজিপতিৰ পৰিচয়েই পুঁজিপতি ব্যক্তি একোজনৰ সম্পূর্ণ পৰিচয় হ’ব নোৱাৰে। আজিলৈকে পৰিলক্ষিত হোৱা ইতিহাসৰ প্রায় সকলো সমাজেই শ্রেণী সমাজ ৰূপে পৰিগণিত হৈ আহিছে, কিন্তু মাত্র শ্রেণীৰ অক্ষৰ(axis) দ্বাৰাই সংজ্ঞায়িত হোৱা কোনো সমাজ আজিলৈকে উদ্ভৱ হোৱা নাই। সামাজিক সত্তা হিচাপে প্রতিজন ব্যক্তিৰে নানান পৰিচয় থাকে, তেওঁৰ সমগ্র সত্তাক সংজ্ঞায়িত কৰা সামাজিক বাস্তৱৰ বহুতো অক্ষ থাকে। সামাজিক বাস্তৱৰ সামগ্রিক ছবিখন আঁকিবলৈ এনে সকলো অক্ষৰে হিচাপ লোৱাৰ প্রয়োজনীয়তা আছে।

আচলতে যাক সামাজিক পৰিচয় বুলি কোৱা হয়, সিবিলাকক কেতবোৰ বিশিষ্ট সামাজিক সম্পর্কই অহৰহ উৎপাদন তথা পুণৰোৎপাদন কৰি থাকে। সামাজিক পৰিচয়বোৰৰ নিশ্চয়েই ভৌতিক আধাৰ আছে। আনকি মাজে-সময়ে যেতিয়া সিবিলাক মাত্র সামাজিক তথা সাংস্কৃতিক কল্পনাৰ ফল অথবা উপৰিভাগৰ বৈশিষ্ট্য যেন প্রতিভাত হয়, তেনে সময়তো সিবিলাকৰ শিপা নিশ্চিতভাৱেই ভৌতিক সামাজিক বাস্তৱৰ পৰাই নির্গত হয়। কেতবোৰ বলিষ্ঠ আধাৰৰ পৰা অস্পষ্টভাৱে নির্গত হৈ সিবিলাকে পুণৰাই সেই আধাৰবোৰৰ নির্মাণৰ ক্ষেত্রত বিশেষ উপাদানৰ ভূমিকা পালন কৰে। ভৌতিক বাস্তৱৰ অনন্য অংশ - অসমতা, উৎপীড়ণ, বৈষম্য আৰু বহিষ্কাৰৰ নানান ৰূপৰ নির্মাণৰ ক্ষেত্রত সিবিলাকে আধাৰৰ ভূমিকা পালন কৰে। সিবিলাকে আনকি উৎপাদন ব্যৱস্থাৰ লগতো সম্পর্ক স্থাপন কৰে আৰু শোষণমূলক ব্যৱস্থাটোক অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্রত সহায় কৰে। 

কিন্তু একেসময়তে সামাজিক পৰিচয়বোৰক ঐতিহাসিক সত্তাৰূপেও চাব পৰা যায়। আপাত দৃষ্টিত এনে বহুবোৰ সত্তাই অনেক উৎপাদন পদ্ধতি অতিক্রম কৰি হাজাৰ হাজাৰ বছৰ ধৰি একে ৰূপতে বর্তি থকা যেন লাগিলেও সিবিলাক প্রকৃততে পৰিৱর্তনহীন বা চিৰস্থায়ী নহয়। গতিশীল সামাজিক প্রক্রিয়াটোৰ অংশ হিচাপে ইতিহাসৰ পৰিৱর্তনৰ লগে লগে সিবিলাকৰো অর্থ আৰু ভূমিকাৰ পৰিৱর্তন হয়। এফালে যদি পুৰণি বহুতো সামাজিক পৰিচয় বিলুপ্ত হৈ পৰে, আনফালে আকৌ বহুতো নব্য সামাজিক পৰিচয়ৰ উদয়ো হয় আৰু সিবিলাক সামাজিক বাস্তৱৰ অংশ হৈ পৰে।

সামাজিক পৰিচয়বোৰে কেতবোৰ বিশেষ সামাজিক সম্পর্কৰ বুকুৰ পৰা জন্ম লাভ কৰে আৰু সংশ্লিষ্ট সামাজিক পৰিচয়বোৰৰ জৰিয়তেই সামাজিক সম্পর্কবোৰ দৃশ্যমান তথা পৰিচালিত হয়। সামাজিক পৰিচয়বোৰ কেৱল সেই পৰিচয় বহন কৰা ব্যক্তিসকলৰ আত্মবোধৰ দ্বাৰাই নির্ধাৰিত নহয়। এই পৰিচয়বোৰ সম্পর্কে থকা আন আন লোকৰ ধাৰণা ইত্যাদিয়েও সিবিলাকৰ নির্ধাৰণত বিশেষ ভূমিকা পালন কৰে। পৰিচয় আৰু পৰিচয়ৰ যথাযথ স্বীকৃতি – এই দুয়োটা দিশেই ঘনিষ্ঠভাৱে আন্তঃসম্পর্কযুক্ত আৰু এনেক্ষেত্রত পৰিচয়ৰ বিভ্রান্তিকৰ চিনাক্তকৰণ(misrecognition) প্রায়েই বহুতো গুৰুতৰ সামাজিক উৎপীড়ন আৰু অন্যায়ৰ কাৰণো হোৱা দেখা যায়। 

জেণ্ডাৰ, জাত-পাত, নৃগোষ্ঠী, জাতি, ধর্মীয় পৰিচয় আদিৰ ভিত্তিতেই সৰহসংখ্যক উৎপীড়ন, বৈষম্য আৰু অত্যাচাৰে গা কৰি উঠা দেখা যায়। সিবিলাকৰ বিপৰীতে সমতা, ন্যায় আৰু মুক্তি হৈছে সকলোৰে মৌলিক অধিকাৰ তথা উৎপীড়িত আৰু শোষিতসকলৰ পৰম আকাংক্ষিত লক্ষ্য। ইতিহাসৰ প্রতিটো যুগতে এনে অত্যাচাৰ আৰু বৈষম্যবোৰ জ্বলন্ত বিষয়ৰূপে পৰিগণিত হৈ আহিছে আৰু সিহঁতৰ বিনাশ নঘটোৱালৈকে সিবিলাকে মানৱ সভ্যতাৰ বুকুত জুই জ্বলায়েই থাকিব।

পৰিচয়ভিত্তিক অসমতা, উৎপীড়ন আৰু অত্যাচাৰ আজিও অনা-আধুনিক সমাজ ব্যৱস্থাবোৰৰ অভিন্ন অংগ ৰূপে বর্তি থকা দেখা যায়। সিবিলাকে সদায়েই ঐশ্বৰিক ভিত্তি আৰু সামাজিক স্বীকৃতি লাভ কৰি আহিছে। আধুনিক সমাজবোৰে সামাজিক চিন্তনৰ বিষয়ৰূপে মানৱীয় সমতাৰ প্রশ্নটো স্পষ্টকৈ দাঙি ধৰিছিল। অসমতাক স্বীকৃতি দিয়া সামাজিক আৰু ধার্মিক অনুষ্ঠানবোৰকো প্রশ্ন কৰা হৈছিল আৰু মতাদর্শগতভাৱে সিবিলাকক পৰাস্ত কৰা হৈছিল। কিন্তু আনুষ্ঠানিক সমতাক বাস্তৱিক সমতালৈ পৰিণত কৰাৰ ক্ষেত্রত আধুনিক সমাজবোৰ সফল নহ’ল। আজিও অধিকাংশ সমাজতে জেণ্ডাৰ, জাত-পাত, নৃগোষ্ঠী আৰু ধর্মভিত্তিক অসমানতা কেৱল বর্তি থকাই নহয়, সিবিলাকে নতুন বল আৰু জীৱন-শক্তিও লাভ কৰিছে।

এই বিফলতাৰ আঁৰত কেইবাটাও কাৰণ আছে। প্রথমতেই, ই এই তথ্যৰে ইংগিত দিয়ে যে পৰিচয় আধাৰিত সামাজিক অসমতাবোৰ সমাজৰ গভীৰতলৈ শিপাই আছে আৰু সিবিলাক অত্যন্ত গতিশীল বুলিও প্রমাণিত হৈছে। পুৰণি শিপাবোৰৰ পৰা পোষণ লোৱাৰ লগতে সিবিলাকে পৰিৱর্তিত পৰিস্থিতি অনুসৰি নতুন শিপাও বিকশিত কৰি লৈছে। দ্বিতীয়তে, ঐতিহাসিকভাৱে পুঁজিবাদৰ অধীনতেই আধুনিকতাৰ বিকাশ হৈছে। এনেক্ষেত্রত প্রায়েই নিজ স্বার্থৰ খাতিৰত প্রাক-আধুনিক কেতবোৰ সামাজিক গাঁথনিৰ সৈতে পুঁজিবাদে নিজ সামাজিক গাঁথনিৰ সমাহাৰ ঘটাই আহিছে। ‘স্বাধীনতা, সমতা, মৈত্রী’ৰ শ্ল’গান কেতিয়াবাই পুৰণি হৈ পৰিছে। পুৰণি ব্যৱস্থাক পৰাজিত কৰাৰ পাছত পুঁজিবাদে সিবিলাকৰ অৱশেষবোৰৰ সৈতে মিত্রতা স্থাপন কৰিছে। তৃতীয়তে, সামাজিক পৰিচয়ৰ অগণন অক্ষই অহৰহ ইডালে-সিডালৰ সৈতে কটা-কটি কৰি থাকে। প্রসংগ অনুসৰি একোডাল অক্ষই শোষক আৰু উৎপীড়কসকলক শোষিত আৰু উৎপীড়িতসকলৰ পৰা পৃথক কৰিব পাৰে। কিন্তু সকলো শোষক আৰু শোষিতক দুটা মাত্র বিশাল বিৰোধী শিবিৰত বিভক্ত কৰিব পৰা এনে কোনো একক বিভাজন ৰেখা বা অক্ষ অস্তিত্বমান হোৱা দেখা নাযায়। সকলো শোষিত আৰু উৎপীড়িত লোকৰ মাজত সংহতি যে গঢ় লৈ উঠিবই এই কথাৰো নিশ্চয়তা দিব নোৱাৰি। এইজাতীয় দিশবোৰলৈ লক্ষ্য কৰিলে দেখা যায় যে সিবিলাকে পৰিচয়ভিত্তিক উৎপীড়ন-বিৰোধী সংগ্রামখনিক অতিশয় জটিল কৰি তুলিছে।

সামাজিক পৰিচয়বোৰক অর্থনৈতিক, ৰাজনৈতিক অথবা শ্রেণীগত ভিত্তিলৈ সংকোচিত কৰি চাব নোৱাৰি। শ্রেণী অন্তর্বিৰোধবোৰৰ সমাধান ঘটিলেই যে স্বয়ংক্রিয়ভাৱে অথবা লাহে-লাহে আন আন সামাজিক অন্তর্বিৰোধৰো অন্ত পৰিব- এই কথাও ন দি ক’ব নোৱাৰি। অর্থাৎ নিজগুণেই সামাজিক অন্তর্বিৰোধবোৰ বিবেচনাৰ যোগ্য। শ্রেণী অন্তর্বিৰোধবোৰৰ ঐতিহাসিকভাৱে প্রগতিশীল এক সফল সমাধানে সামাজিক অন্তর্বিৰোধবোৰৰ সমাধানৰ বাট সুগম কৰি তুলিব পাৰে কিন্তু ই নিজে-নিজেই কোনো সমাধানৰ জন্ম দিব নোৱাৰে। প্রকৃততে শ্রেণী অন্তর্বিৰোধৰ ঐতিহাসিকভাৱে প্রগতিশীল এক সমাধানৰ বাবে শোষিত শ্রেণীটোৰ সকলো অংশৰ মাজত সংহতিৰ প্রয়োজন হব। কিন্তু বর্তমানৰ সময়ত ই বিভিন্ন সামাজিক সত্তা বা পৰিচয়ৰ মাজত বিভক্ত হৈ আছে। এনেক্ষেত্রত পৰিচয়ভিত্তিক সামাজিক অন্তর্বিৰোধবোৰৰ সমাধানৰ ক্ষেত্রত এক সন্তোষজনক পর্যায়লৈ প্রগতি নহ’লে এনে শ্রেণী সংহতি আশা কৰিব নোৱাৰি। 

একেসময়তে সামাজিক অন্তর্বিৰোধবোৰৰ মুক্তিদায়ী সমাধান প্রয়াসী আন্দোলনবোৰে শ্রেণী প্রশ্নৰ পৰা নিজকে নিলগাই ৰাখিব নোৱাৰে। যেনেকৈ কেৱল শ্রমিকৰ পৰিচয়েই শ্রমিক ব্যক্তি একোজনৰ সম্পূর্ণ পৰিচয় হব নোৱাৰে, ঠিক তেনেকৈ মাত্র নাৰীৰ পৰিচয়েই নাৰী এগৰাকীৰ সম্পূর্ণ পৰিচয় নহয়। তেনেদৰেই দলিত বা অন্যান্য কোনো সামাজিকভাৱে উৎপীড়িত সম্প্রদায়ৰ ক্ষেত্রতো একে কথাই কব পাৰি। শ্রেণীসমাজৰ প্রভাৱৰ পৰা কোনো সাৰি যাব নোৱাৰে। শ্রেণী-শোষণ মুক্ত সমাজ নির্মাণৰ সপোন বাস্তৱায়িত কৰাৰ দায়িত্ব সকলোৱেই ল’ব লাগিব। কোনেও সেয়েহে শ্রেণী অন্তর্বিৰোধবোৰৰ ঐতিহাসিকভাৱে প্রগতিশীল এক সফল সমাধানৰ বাবে প্রয়োজনীয় সংগ্রামখনৰ পৰা নিজকে আঁতৰাই ৰাখিব নোৱাৰে। 

পৰিচয় হৈছে সামাজিক জীৱনৰ অভিন্ন অংগ। কিন্তু পৰিচয়ভিত্তিক অসমতা, অত্যাচাৰ আৰু অন্যায় সামাজিক জীৱনৰ অংগ হোৱাটো প্রয়োজনীয় নহয়। সিবিলাক সকলোৰে নাশ হ’বই লাগিব, যদিও সকলো পৰিচয়ৰে উন্মূলন ঘটোৱাতো হয়তো সম্ভৱ নহ’ব। কোনো কোনো পৰিচয় হয়তো অন্যায় আৰু অত্যাচাৰৰ প্রক্রিয়াবোৰৰ সৈতে ইমানেই ঘনিষ্ঠভাৱে জড়িত হৈ আছে যে সিবিলাকক পৃথককৈ চোৱাটো সম্ভৱেই নহয়। কোনো কোনো পৰিচয়ৰ অস্তিত্ব হয়তো পৰিচয়ভিত্তিক উৎপীড়নৰ ব্যৱস্থাটোৰ ৰক্ষণাবেক্ষণতে নিহিত হৈ আছে। এনে অবাঞ্ছনীয় সমস্ত পৰিচয়ৰ নাশ কৰিব লাগিব। কিন্তু সকলো পৰিচয়ৰ পৰা সম্পূর্ণভাৱে মুক্ত একৰূপী সমাজ এখন কল্পনা কৰাটো সম্ভৱপৰ নহয়। সকলো অত্যাচাৰ আৰু উৎপীড়নৰ পৰা মুক্তি পোৱাৰ পাছতো সামাজিক আৰু সাংস্কৃতিক বৈচিত্র মানৱ সভ্যতাৰ অংশ হৈ ৰ’ব। হয়তো এনে বৈচিত্র বৃদ্ধি পোৱাটোৱেই বাঞ্ছনীয় হ’ব। এনে সমাজবোৰত হয়তো সুস্থ বৈচিত্র বৃদ্ধি কৰা নিত্য নতুন পৰিচয়ৰ উদয় হব। সাংস্কৃতিক আৰু সামাজিকভাৱে ভিন্নসকলৰ সমতা হৈছে সাংস্কৃতিক বৈচিত্র বিকাশৰ অন্যতম পূর্বচর্ত। অর্থাৎ সামাজিক অর্থত সামাজিক পৰিসৰৰ বিভিন্ন লোকসকলৰ মাজত সমতা থাকিব লাগিব। সামাজিক সমতাৰ সন্ধান কৰাটো ঐতিহাসিকভাবে অতিশয় প্রয়োজনীয়- কেৱল এইবাবেই নহয় যে আমি সকলোৱেই একেই মানৱজাতিৰে সন্তান, বৰং এইবাবেও যে আমি সকলোৱেই বেলেগ বেলেগ বৈচিত্রময় মানুহ।

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...