Sunday, August 31, 2014

মিছলীয়া তিৰোতা আৰু ভাৰতীয় আইন

জুলাই ২৪, ২০১৮
ইংৰাজী মূলঃ অনুভা সিং আৰু সুভি শুক্লা
অনুবাদঃ ময়ূৰ চেতিয়া

কিছুদিন পূর্বে ‘অর্নেশ কুমাৰ বনাম বিহাৰ চৰকাৰ’ (Criminal Appeal No 1277 of 2014) শীর্ষক এটি কেচ সংক্রান্তত ভাৰতীয় উচ্চতম ন্যায়ালয়ে এটা  সুদূৰপ্রসাৰী ৰায় প্রদান কৰিলে।  এই ৰায়ৰ কেন্দ্রবিন্দু আছিল ভাৰতীয় দণ্ড বিধি(Indian Penal Code)ৰ Section 498 A তথা Dowry Prohibition Act, 1961 আচলতে বহুদিন ধৰি Section 498 A  তথা Dowry Prohibition Act, 1961 সম্পর্কে ৰাজহুৱা বিতর্কৰ সৃষ্টি হৈ আহিছে। কিছুসংখ্যক লোকৰ অভিযোগ মতে  মহিলাসকলে হেনো প্রায়েই আইনৰ এই অংশ দুটাৰ অপ-ব্যৱহাৰ কৰেখোদ ন্যায়পালিকায়েও মাজে সময়ে ঘোষণা কৰি আহিছে যে এনে ‘অপব্যৱহাৰ’ হেনো ‘আইনী সন্ত্রাসবাদ’তকৈ কোনোগুণে কম নহয়!( Sushil Kumar Sharma v. Union of India JT 2005 (6) SC 266.)


পিছে এইবাৰৰ ৰায়দানটোৰ বিশেষত্ব হৈছে যে উচ্চতম ন্যায়ালয়ে ইয়াৰ দ্বাৰা মহিলা বিষয়ক কেতবোৰ আপত্তিজনক পূর্বাগ্রহ (যেনে ‘মহিলাই নির্যাতনৰ অতিৰঞ্জিত বা মিছা অভিযোগ উত্থাপন কৰি স্বামী আৰু শহুৰেকৰ পৰিয়ালৰ ওপৰত পোতক তোলে’ আদি)ক  গ্রহণ কৰি সিবিলাকক ন্যায্যতা প্রদান কৰিলে।    


১) Section 498 A’ৰ অপব্যৱহাৰঃ এটি অতি-সৰলীকৃত অভিযোগ
এই ৰায়দানটোৰ দ্বাৰা ন্যায়ালয়ে চৰকাৰ আৰু পুলিচলৈ কেতবোৰ নির্দেশাৱলী(directives) জাৰী কৰিছে। বিশেষকৈ এনে কেচৰ ক্ষেত্রত য’ত অভিযুক্তই ৭ বছৰ পর্যন্ত কাৰাবাস খাটিব লগা হব পাৰে, এনে অভিযুক্তসকলক গ্রেপ্তাৰ কৰাৰ আগেয়ে কেতবোৰ বিশেষ বিধি-বিধান(procedure) পালন কৰিবলৈ ন্যায়ালয়ে প্রশাসন আৰু পুলিচক সকীয়াই দিছে। কিন্তু মন কৰিবলগীয়া  যে এই নির্দেশাৱলীসমূহ ভাৰতীয় দণ্ডবিধিৰ Section 498 A বিষয়ক বিতর্কৰ পটভূমিতেই প্রদান কৰা হৈছে।  প্রবন্ধৰ এই অংশটোত আমি ৰায়দানটোৱে মহিলাৰ চৰিত্র আৰু সততা(integrity) সম্পর্কে কেনেধৰণৰ ধাৰণা পোষণ কৰিছে, এই বিষয়ে কিছু কথা আলোচনা কৰিম।

উচ্চতম ন্যায়ালয়ৰ ৰায়দানটোৱে অন্তর্নিহিতভাৱে(implicitly)মানিয়েই লৈছে যে মহিলাসকলৰ ভাষ্য নির্ভৰযোগ্য নহয়; তেওঁলোক মিছলীয়া আৰু ষড়যন্ত্রকাৰীখোদ উচ্চতম ন্যায়ালয়ৰ ভাষাতঃ

Section 498 Aটো ধতব্য(cognizable) আৰু জামিনৰ অযোগ্য(non-bailable) হোৱাৰ ফলত ই সুৰক্ষা দিয়া ঢালৰ বিপৰীতে অসন্তুষ্ট ঘৈনীয়েকবোৰৰ অন্যতম অস্ত্রলৈ পৰিণত হৈছে(Criminal Appeal No. 1277 of 2014)

ৰায়দানটোৰ আৰম্ভণিয়েই হৈছে এনেদৰে, “আমাৰ দেশত বিবাহৰ অনুষ্ঠানটো অতিশয় সন্মানৰ বস্তু” আৰু সেয়েহে “শেহতীয়া বছৰকেইটাত ভীষণভাৱে বৃদ্ধি পোৱা বৈবাহিক সংঘাত”সমূহ লক্ষ্য কৰি উচ্চতম ন্যায়ালয় অতিশয়  উদ্বিগ্ন। এইদৰে পৰিয়ালসমূহ ভাগি পৰিছে বুলি আশংকা ব্যক্ত কৰি আৰু মহিলাৰ ব্যক্তিগত অধিকাৰতকৈ বিবাহৰ অনুষ্ঠানটোক ৰক্ষা কৰাটো অধিক প্রয়োজনীয়  বুলি প্রতিক্রিয়াশীল যুক্তি প্রদর্শন কৰি ন্যায়ালয়ে দৰাচলতে সমস্ত মহিলা আন্দোলনটোৰ কষ্ট-আর্জিত কৃতিত্বখিনিকেই কেইবা দশক পিছলৈ টানি লৈ গৈছে।

ন্যায়ালয়ে লগতে এইবুলিও কৈছেঃ

হাৰাহাস্তি কৰাৰ আটাইতকৈ সহজ উপায় হৈছে– এই বিধানসমূহ ব্যৱহাৰ কৰি গিৰিয়েক আৰু আত্মীয় স্বজনক জেলত বন্ধ কৰোৱাবহুতো কেছত দেখা গৈছে, আনটো বাদেই ৰূগ-শর্য্যাশায়ী বৃদ্ধ শহুৰ-শাহুৱেক, বহু দশক ধৰি বিদেশতে থকা বায়েক ভনীয়েক আদিকো ৰেহাই দিয়া হোৱা নাই। তেওঁলোককো গ্রেপ্তাৰ কৰোওৱা হৈছে।”

অর্থাৎ ন্যায়ালয়ৰ মতে কেৱল গিৰিয়েক আৰু তেওঁৰ আত্মীয় স্বজনক “হাৰাহাস্তি” কৰিবৰ বাবেই মহিলাসকলে  সমস্ত  আপদ বিপদ মূৰত লৈ তেওঁলোকৰ বিৰূদ্ধে গোচৰ দাখিল কৰেতদুপৰি “বহুতো কেছত দেখা গৈছে”বুলি মন্তব্য কৰি ন্যায়ালয়ে আচলতে এটা অতিশয় ভ্রান্তিকৰ অতি-সৰলীকৰণৰ আশ্রয় লৈছে। নিজৰ স্বায়ত্ততা(autonomy) বিচৰা বা অন্যায়ৰ বিৰুদ্ধে মাত মতা নাৰীৰ প্রতি সমাজে সাধাৰণতেই প্রদর্শন কৰা অবিশ্বাসৰ ভাৱটোকেই ন্যায়ালয়ে অধিক শক্তিশালী কৰিছে।

অনাগত ভাগটোত এই বিষয়ে বিতংকৈ আলোচনা কৰা হৈছে।

২) ত্রুটিপূর্ণ বিশ্লেষণ
মহিলাৰ দ্বাৰা Section 498 Aৰ (চতুৰ আৰু ধূর্তালিভৰা) অপব্যৱহাৰ বিষয়ক এই তত্ত্বটোৰ আচলতে কোনো বস্তুগত আধাৰ নাই। গৃহ মন্ত্রালয়ৰ অধীন নেচনেল ক্রাইম ৰেকর্ড ব্যুৰোএ প্রকাশ কৰা ‘Crime in India 2012 Statistics’শীর্ষক কেতবোৰ পৰিসংখ্যাৰ ভুল আৰু অসম্পূর্ণ বিশ্লেষণৰ ভিত্তিতেই এনে তত্ত্বসমূহক গঢ় দিয়া হৈছে ( http://ncrb.gov.in/CD-CII2012/cii-2012/Table%20Contents.htm)। 

ন্যায়ালয়ে দাবী কৰা মতেঃ

Section 498 A’ৰ কেছসমূহৰ অধীনত দাখিল কৰা চার্জ শ্বিটৰ মাত্রা প্রায় ৯৩.৬ %; কিন্তু শাস্তিদানৰ(conviction)ৰ মাত্রা মাত্র ১৫% হে; আন সকলো শীর্ষক(head)ৰ তুলনাত ই সর্বনিম্ন। বর্তমানে প্রায় ৩,৭২,৭০৬টা এনে কেচ অমীমাংসিত হৈ আছে; অর্থাৎ বর্তমানৰ অনুমান(estimate)মতে, তাৰে ভিতৰত প্রায় ৩,১৭,০০০টা কেছতেই অভিযুক্ত খালাচ(acquittal) হোৱাৰ সম্ভাৱনাই বেছি।(ক্রিমিনেল আপীল নং ১২৭৭, চন ২০১৪)

অর্থাৎ ন্যায়ালয়ে ইয়াত দুটা কথা বুজাব খুজিছেঃ

(ক)যিহেতু ২০১২ চনত Section 498 Aৰ অধীনত শাস্তিদানৰ মাত্রা মাত্র ১৫% হে, সেয়েহে বাকী ৮৫% শতাংশ কেছকে ভুৱা কেছ বুলি কব লাগিব; অর্থাৎ গিৰিয়েক তথা তেওঁৰ পৰিয়ালৰ মানুহক হাৰাহাস্তি কৰিবলৈকে ঘৈনীয়েকবোৰে এই কেছসমূহ দাখিল কৰিছে।

(খ)Section 498 Aৰ অধীনত কোনো এটা বছৰত হোৱা শাস্তিদানৰ মাত্রাটোকেই সামগ্রিক প্রবণতাসমূহ বুজিব পৰাকৈ এক প্রতিনিধিস্বৰূপ(representative) মাত্রা বুলি মানি লব পাৰি

অর্থাত অনুমান আৰু সম্ভাৱনাৰ ওপৰত ভিত্তি কৰিয়েই ন্যায়ালয়ে Section 498 Aৰ অপ-প্রয়োগ হোৱা বুলি দাবী কৰিছে। ন্যায়ালয়ে এনে এক ধাৰণা সৃষ্টি কৰিছে যেন বাকী ৮৫% গোচৰেই হৈছে ভুৱা আৰু সিবিলাকত [অভিযুক্ত] “খালাচ হোৱাৰ সম্ভাৱনাই বেছি।” কিন্তু আমাৰ মতে শাস্তিদানৰ এই  ১৫% মাত্রাৰ প্রতি আঙুলিয়াই দিয়েই মহিলাৰ বিশ্বাসহীনতাৰ প্রমাণ উলিয়াব  নোৱাৰি, আৰু এই তথ্যসমূহকো জীৱন-সত্য বুলি চিধাই গ্রহণ কৰিব নোৱাৰি

২০০০-২০১২ চনৰ NCRB ডাটাসমূহ  বিশ্লেষণ কৰি চালে দেখা যায় যে প্রতিবছৰে শাস্তিদানৰ মাত্রা একে হৈ থকা নাই; সিবিলাক ১৫% ৰ পৰা ২২%ৰ মাজত উঠা নমা কৰি আছে। অধিক গুৰুত্বপূর্ণভাৱে, প্রতিবছৰৰ শাস্তিদানৰ মাত্রাই সেইবছৰৰ প্রকৃত বা ভুৱা কেছসমূহৰ সংখ্যাৰ কোনো সম্ভেদ আমাক নিদিয়ে। শাস্তিদান সম্পর্কীয় ডাটাৰ অর্থ মাত্র এইটো যে অমুক বছৰত তমুক সংখ্যক কেছ ন্যায়ালয়ে নিষ্পত্তি(dispose) কৰিলে যাৰ ফলাফল হিচাপে শাস্তিদান কৰা হল।  শাস্তিদানৰ মাত্রা তদন্ত আৰু ন্যায়িক প্রক্রিয়াটোৰ ওপৰত নির্ভৰ কৰে; উদাহৰণস্বৰূপে  কিমান সংখ্যক কেছত পুলিছে তদন্ত কৰিলে, কিমান সংখ্যক কেছ শুনানীৰ বাবে ন্যায়ালয়ত উঠিল,   কিমানবোৰ কেছত সাক্ষ্য-প্রমাণৰ প্রক্রিয়াটো সম্পূর্ণ হল, কিমান সংখ্যক কেছত ৰায়দান দিয়া হল ইত্যাদি।  কিন্তু এই সমস্ত দিশসমূহ আওকাণ কৰি ন্যায়ালয়ে এই ১৫ % কেছৰ পৰিসংখ্যাটো এনেদৰে ব্যৱহাৰ কৰিলে যেন বাকী ৮৫% কেছ ভুৱা কেছ বুলি প্রমাণিত হল!

অৱশ্যে স্বামী তথা তেওঁৰ আত্মীয়ৰ দ্বাৰা অত্যাচাৰ বিষয়ক (Section 498-A IPC) ২০১২ চনত নিষ্পত্তি হোৱা কেছসমূহৰ পৰিসংখ্যা চালে দেখা যায় যে মুঠ ৪৬,০৫৪ কেছৰ ভিতৰত ৩৯, ১৩৮ টা কেছতেই অভিযুক্তক খালাচ বা দোষমুক্ত কৰা হল আৰু মাত্র ৬৯১৬ টা কেছতহে শাস্তিদান হল।  অর্থাৎ ২০১২ চনত ন্যায়ালয়ে নিষ্পত্তি কৰা ৪৬,০৫৪ টা কেছৰ ভিতৰত ৮৫% কেছতেই মুক্তি বা খালাচ দিয়া হল। পিছে এইখিনিতে এই ৮৫% ৰ শ্রেণী(category)টোৰ গঠন সম্পর্কে কিছু কথা আলোচনা কৰা যাওঁক।

যিহেতু অভিযুক্ত দোষমুক্ত হোৱা আৰু খালাচ পোৱা – এই দুয়োটা শ্রেণীৰ কেছসমূহকে একেটা শীর্ষকৰ অধীনতে ৰখা হৈছে, সেয়েহে কিমান সংখ্যক কেছত অভিযুক্ত দোষমুক্ত হল আৰু কিমান সংখ্যক কেছত অভিযুক্তই খালাছ পালে – তাৰ কোনো পৃথক পৃথক পৰিসংখ্যা লাভ কৰিব নোৱাৰি। দোষমুক্ত হোৱা অথবা খালাচ পোৱাৰ অর্থ চিধাই এইটো নহয় যে ন্যায়ালয়ৰ দৃষ্টিত কেছটোৱেই ভুৱা আছিল। এইখিনিতে দোষমুক্ত হোৱা আৰু খালাছ পোৱাৰ মাজত থকা পার্থক্য সম্পর্কেও কিছু কথা উল্লেখ কৰা যাওঁক।

দোষমুক্ত হোৱা(Discharge)ৰ অর্থ হৈছে, কিছুমান কেছত দণ্ডাধীশজনে পুলিচ ৰিপর্ট আৰু অন্যান্য তথ্যপাতি পৰীক্ষা কৰি চোৱাৰ পাছত মহিলাগৰাকীৰ ওপৰত কোনো অত্যাচাৰ(cruelty)হৈছিল নে নাই, সেয়া সুনিশ্চিত কৰিব পৰাকৈ বিচাৰ(trial)ৰ পর্যায়লৈ আগবাঢ়িবলৈ প্রথম দর্শনত(prima facie)কোনো ভিত্তি বিচাৰি নাপালে (Section 239, The Criminal Procedure Code, 1973)আচলতে ই হৈছে এটা আইনী ধাৰণা(legal category), যি কোনো পধ্যেই এইটো নুবুজায় যে মহিলা গৰাকীয়ে আচলতে নির্যাতন(violence)ৰ মুখামুখি হব লগা হোৱা নাই। মহিলাই সুকীয়াভাৱে নির্যাতনৰ ধাৰণাটো বুজে আৰু অনুভৱ কৰে আৰু যদিও তেওঁ নির্যাতন অনুভৱ কৰিছে, সকলো ক্ষেত্রতে তেওঁৰ এই অনুভৱ/অভিজ্ঞতাক সামৰি লব পৰাকৈ আইনী সুৰক্ষা  নাথাকিবও পাৰে। 

খালাচ হোৱা(Acquital)ৰ অর্থ হৈছে কেচটোত ন্যায়ালয়ে অভিযুক্তজনক শাস্তিবিধান কৰিবলৈ যথোচিত সাক্ষ্য নাপালে। অর্থাৎ এই কেচসমূহত মহিলা গৰাকীয়ে ন্যায়াধীশক ন্যায়োচিত সন্দেহৰ ঊর্ধত(beyond reasonable doubt) পতিয়ন নিয়াবলৈ অক্ষম হল যে তেওঁৰ ওপৰত অত্যাচাৰ কৰা হৈছিল( Section. 248, The Criminal Procedure Code, 1973)ন্যায়োচিত সন্দেহৰ ঊর্ধত’ –এইটো এটা অতিশয় উচ্চ সীমা(threshhold), যিটো পাৰ কৰাটো কোনো ফৌজদাৰী(criminal) কেছৰ বাবে সহজসাধ্য নহয়। তদুপৰি মহিলাৰ ওপৰত সংঘটিত হোৱা নির্যাতনৰ চৰিত্রই এনেকুৱা যে যত এই সীমা পাৰ কৰাটো আৰু কঠিন হৈ পৰে (যথাঃ নাৰীৰ ওপৰত হোৱা নির্যাতন সাধাৰণতেই বন্ধ ঘৰৰ ভিতৰত হয়, নিজৰ আত্মীয়ৰ দ্বাৰাই সাধাৰণতে এই নির্যাতন সমাপিত হয় আদি)। তদুপৰি ন্যায়াধীশৰ মানসিকতা(subjectivity) – যি নেকি বিবাহৰ অনুষ্ঠানটোক বচাবলৈ চেষ্টা কৰি থাকে - আদিৰ প্রসংগটো আছেই। ‘খালাচ হোৱা’ৰ এই আইনী ধাৰণাটোৱেও নুবুজায় যে মহিলা গৰাকীয়ে মিছা মাতিছে – ইয়াৰ অর্থ মাত্র এইটোহে যে সুৰক্ষা দাবী কৰিব পৰাকৈ মহিলা গৰাকীয়ে আইনী সীমা(threshhold)টো পাৰ হব নোৱাৰিলে। ই মহিলা গৰাকীয়ে অনুভৱ কৰা নির্যাতনৰ ওপৰত ঘোষিত মন্তব্য নহয়; বৰঞ্চ ইয়াক মহিলা গৰাকীয়ে আদালতৰ ভিতৰত অনুভৱ কৰা অভিজ্ঞতাৰ ওপৰত ঘোষিত মন্তব্য বুলিহে কব পাৰি

তদুপৰি, আন আন বহুতো কাৰণতো মুক্তি দান কৰা হয়; যেনে এজাহাৰ(FIR) দাখিল কৰোঁতে বিলম্ব হোৱা,  তদন্তৰ সময়ত প্রয়োজনীয় বস্তু জব্দ নকৰা,  বিধি-বিধান পালনৰ  বিসংগতি(irregularity of procedures) আদি। অর্থাত খালাচ হোৱা(acquittal)ৰ আইনী ধাৰণাটোলৈ চাই মহিলাৰ ভাষ্যৰ অসত্যতা প্রমাণ কৰিব নোৱাৰি

আচলতে NCRB ডাটাসমূহৰ মাত্র এঠাইতে (Section 498 Aৰ অধীনত ৰুজো হোৱা) ভুৱা কেছৰ কিছু সম্ভেদ পাব পাৰি; তাকো আনুমানিকভাৱেহে। সেয়া হৈছে পুলিচে কিমানখিনি IPC কেচ নিষ্পত্তি কৰিছে, তাৰ পৰিসংখ্যাৰ ভিত্তিত। ২০১২ চনত  মুঠ  ১,০৩,৮৪৮টা কেছৰ ভিতৰত ১০,২৩৫ টা কেছৰ ক্ষেত্রত অভিযোগ ভুৱা আছিল বা আইনী ভুল আছিল, বা তথ্যৰ ভুল আছিল (৮৭,৬৩৩টা কেছৰ ক্ষেত্রত চার্জচিট জমা কৰা হৈছিল আৰু ৫,৯৮০ কেছৰ ক্ষেত্রত অন্তিম ৰিপর্ট দাখিল কৰা হৈছিল)। অর্থাৎ এই তথ্যসমূহৰ পৰাও সঠিককৈ কিমানখিনি কেছত অভিযোগ ভুৱা আছিল, তাৰ ঠিৰাং সম্ভেদ পোৱা নাযায়।

গতিকেই NCRB ডাটাসমূহ বিভিন্ন শীর্ষকৰ অধীনত শ্রেণীৱদ্ধ নকৰাকৈ, বা আন ভাষাত দোষমুক্তি আৰু খালাচ পোৱাৰ বিতং তথ্যপাতি পৃথকে পৃথকে প্রস্তুত নকৰাকৈ, কেৱল দোষমুক্তি আৰু খালাচ পোৱাৰ বার্ষিক শতাংশলৈ চায়েই  মহিলাই দাখিল কৰা ভুৱা কেছৰ হিচাপ লব নোৱাৰি। 

NCRBৰ ডাটাসমূহ এনেদৰে অসম্পূর্ণকৈ ব্যৱহাৰ কৰি ন্যায়ালয়ে মহিলাৰ অধিকাৰৰ প্রশ্নটোৰ প্রতিয়েই অৱহেলনা কৰিছে। এই ডাটাসমূহৰ পৰা আচলতে Section 498- Aৰ অধীনৰ কিমানখিনি কেচ ভুৱা – তাৰ হিচাপ কৰাটোৱেই অসম্ভৱ।

ইয়াৰ লগতে এইটোও মনত ৰখা ভাল যে বৃহত্তৰ সামাজিক পটভূমিৰ পৰা নিলগাই NCRB ডাটাসমূহক আছুটীয়াকৈ চাব নোৱাৰি। মহিলা একোগৰাকীয়ে যিকোনো পদক্ষেপ লোৱাৰ সময়ত অজস্র সমস্যাৰ মুখামুখি হব লগা হয়। তেওঁৰ পদক্ষেপটোৱে “তেওঁৰ বিয়াখনলৈ কিবা সংকট নমাই আহিব নেকি”, এই ভাবি মহিলাগৰাকী বাৰম্বাৰ থমকি ৰ’ব লগা হয়; কিয়নো বিয়াযে এটি [তথাকথিত] ‘পবিত্র’ অনুষ্ঠান! ভাৰতীয় সংবিধানৰ ১৫ নং অনুচ্ছেদত মহিলাকে আদি কৰি বিভিন্ন উপেক্ষিত গোষ্ঠীসমূহৰ সহায়ক হোৱাকৈ বাস্তৱিক সমতা (substantive equality)ৰ বিধান আছে। বাস্তৱিক সমতাৰ প্রতি সংবিধানৰ এই প্রতিবদ্ধতাৰ (commitment)ৰ প্রতিফলন হিচাপেই Section 498 A ক চোৱাটো জৰুৰীকিন্তু Section 498 A সম্পর্কে বিশ্লেষণ আৰু মন্তব্য আগবঢ়াওঁতে ন্যায়ালয়ে এই সাংবিধানিক নীতিক একেবাৰেই পালন নকৰিলে  বৰঞ্চ মহিলাসকলৰ বাস্তৱ জীৱনৰ প্রতি চূড়ান্তভাৱে উদাসীন কেতবোৰ অনুচিত ডাটাবেছ  ব্যৱহাৰ কৰি আদালতে এনে কিছুমান বিশ্লেষণ আগবঢ়ালে যিবোৰে মহিলাসকলৰ প্রকৃত পৰিস্থিতি পোহৰলৈ অনাৰ বিপৰীতে সমাজখনৰ পিতৃতান্ত্রিক মানসিকতাৰহে প্রতিফলন ঘটালে।  মহিলাসকলৰ বিশ্বাসযোগ্যতা সম্পর্কে বাৰম্বাৰ প্রশ্ন উত্থাপন কৰি আৰু এই পটভূমিত কেতবোৰ পুলিচ-নির্দেশাৱলী জাৰী কৰি আদালতে  নাগৰিক হিচাপে মহিলা একোগৰাকীৰ  নূন্যতম অধিকাৰ অর্থাৎ ন্যায় লাভ কৰাৰ সুবিধা হ্রাসমান কৰি পেলালে।

৩। পুলিচ নির্দেশাৱলী
এই পটভূমিতে (সাত বছৰ পর্যন্ত কাৰাবাস হব পৰা কেছসমূহত) অভিযুক্তক গ্রেপ্তাৰ কৰাৰ আগেয়ে পুলিচে লব লগা পদক্ষেপ সম্পর্কে ন্যায়ালয়ে কেতবোৰ নির্দেশাৱলী জাৰী কৰিছে। ন্যায়ালয়ে স্পষ্ট ভাষাত কৈছে যে এই নির্দেশাৱলীসমূহ Section 498 A আৰু Dowry Prohibition Act 1961ৰ ক্ষেত্রত প্রযোজ্য হব। এই নির্দেশাৱলীসমূহ সম্পর্কে আলোচনা কৰাৰ আগেয়ে এটা কথাৰ প্রতি লক্ষ্য কৰা ভাল যে সিবিলাক আচলতে পূর্বৰে পৰা থকা বিধি-বিধান(procedure) সম্পর্কীয় আইনৰ পুণৰাবৃত্তি মাথো (Section 41, Cr. P. C.)

কিন্তু বর্তমানৰ দৰে পূর্বে কেতিয়াও  Section 41, Cr. P. C. Section 498 A’ ক তেজহীন কৰি পেলাবলৈ প্রয়োগ কৰা হোৱা নাই। গতিকেই এই নির্দেশাৱলীসমূহৰ বুজ লোৱাটো অতিশয় প্রয়োজনীয় হৈ পৰিছে কিয়নো অনাগত সময়ছোৱাত সিবিলাকে কেনেদৰে নির্যাতনৰ মুখামুখি হোৱা মহিলাসকলে কেনেদৰে ন্যায় লাভ কৰিব – এই প্রশ্নটো নির্ধাৰণ কৰিব।  

ন্যায়দানটোত ন্যায়ালয়ে জাৰী কৰানির্দেশাৱলীসমূহ এনেধৰণৰ:

(১) সকলো ৰাজ্য চৰকাৰে পুলিচ বিষয়াসকলক নির্দেশ দিব যে Section 498 Aৰ অধীনত গোচৰ এটা দাখিল হলেই তেওঁলোকে স্বয়ংক্রিয়ভাৱে গ্রেপ্তাৰ নকৰিব। বৰঞ্চ Section 41, Cr.P.C.য়ে তৈয়াৰ কৰি দিয়া বিধি-সীমা(parameters)অনুসৰি তেওঁলোকে প্রথমতে গ্রেপ্তাৰৰ প্রয়োজনীয়তা সম্পর্কে সন্তুষ্ট হৈ লব লাগিব;

(২)সকলো পুলিচ বিষয়াকে Section 41(1) (b) (ii)ৰ অধীনত থকা সকলো উপধাৰা সম্পর্কীয় এখন চেক-লিষ্ট প্রদান কৰা হব;

(৩) পুলিচ বিষয়াজনে দণ্ডাধীশৰ সমুখত অভিযুক্তজনক (অধিক সময়ৰ বাবে জেলত ৰখাৰ অনুমতি বিচাৰি) হাজিৰ কৰোৱাৰ সময়ত চেক লিষ্ট খন পূর্ণ কৰি দণ্ডাধীশক প্রদান কৰিব আৰু গ্রেপ্তাৰৰ কাৰণ আৰু সামগ্রী পেচ কৰিব;

(৪)অভিযুক্তজনক জেলত ৰাখিবলৈ অনুমোদন জনোৱাৰ আগেয়ে দণ্ডাধীশজনে পুলিচ বিষয়াই পেচ কৰা ৰিপর্ট পৰীক্ষা কৰি চাব আৰু এই বিষয়ে দণ্ডাধীশ সন্তুষ্ট হোৱাৰ পাছতহে জেলত ৰখাৰ অনুমোদন জনাব;

(৫)কেচ এটা গঠন হোৱাৰ তাৰিখৰ পৰা দুসপ্তাহৰ ভিতৰত অভিযুক্ত এজনক গ্রেপ্তাৰ নকৰাৰ কাৰণ দণ্ডাধীশক দাখিল (forward) কৰিব লাগিব[এই দুসপ্তাহৰ সময়সীমাটো Section 41, Cr. P.C.ৰ অংশ নহয়;ন্যায়ালয়ে নিজেই এই সময়সীমাটো সুমুৱাই দিছে] জিলাখনৰ পুলিচ অধীক্ষকে ইচ্ছা কৰিলে এই সময়সীমা বঢ়াই দিব পাৰিব আৰু তাৰ কাৰণ লিখিতভাৱে ৰেকর্ড কৰিব লাগিব যাৰ এটা কপি দণ্ডাধীশলৈ পঠাব লাগিব;

(৬)Section 41A, Cr.P. C.ৰ অনুসৰি দুসপ্তাহৰ ভিতৰত অভিযুক্তক হাজিৰ হোৱাৰ নটিচ প্রদান কৰিব লাগিব [এই দুসপ্তাহৰ সময়সীমাটো Section 41, Cr. P.C.ৰ অংশ নহয়; ন্যায়ালয়ে নিজেই এই সময়সীমাটো সুমুৱাই দিছে] জিলাখনৰ পুলিচ অধীক্ষকে ইচ্ছা কৰিলে এই সময়সীমা বঢ়াই দিব পাৰিব আৰু তাৰ কাৰণ লিখিতভাৱে ৰেকর্ড কৰিব লাগিব।

(৭)এই নির্দেশাৱলীসমূহ পালন কৰিবলৈ ব্যর্থ হলে পুলিচ বিষয়াসকল বিভাগীয় একচনৰ সমুখীন হোৱাৰ লগতে ন্যায়ালয়ৰ অৱমাননা(contempt of court)ৰ বাবেও শাস্তিৰ মুখামুখি হব লাগিব। এই ন্যায়ালয়ৰ অৱমাননাৰ কার্যাৱলী স্থানিক অধিক্ষেত্র(territorial jurisdiction)থকা উচ্চ ন্যায়ালয়ৰ সমুখত গঠন কৰা হব।

(৮) কাৰণ ৰেকর্ড নকৰাকৈ ন্যায়িক দণ্ডাধীশে জেলত ৰখাৰ অনুমোদন জনালে  তেৱোঁ যথোযুক্ত উচ্চ ন্যায়ালয়ৰ দ্বাৰা বিভাগীয় একচনৰ সমুখীন হব।[নির্দেশাৱলী পালন কৰিবলৈ ব্যর্থ হলে বিভাগীয় একচন আৰু ন্যায়ালয়ৰ অৱমাননাৰ সমুখীন হব লগা হোৱাৰ কথাকেইটা ন্যায়ালয়ে নিজেই সুমুৱাই দিছে।]

ন্যায়ালয়ে এই নির্দেশাৱলীসমূহ পুলিচৰ হাৰাহাস্তি ৰোধ কৰিবলৈ আৰু অভিযুক্তসকলৰ অধিকাৰ ৰক্ষা কৰিবলৈ জাৰী কৰিছে। কিন্তু এই আটাইবোৰ নির্দেশাৱলী যেতিয়া একেলগে পৰীক্ষা কৰি চোৱা হয়, তেতিয়াহে সিবিলাকে অভিযোগকাৰী মহিলা গৰাকীৰ ওপৰত সৃষ্টি কৰা হেঁচাসমূহৰ কথা উপলব্ধি কৰা যায়। এই নির্দেশাৱলীসমূহে(Section 498ৰ গোচৰসমূহত) পুলিচৰ গ্রেপ্তাৰ কৰাৰ ক্ষমতা একেবাৰে খর্ব কৰি পেলাইছে; কেচটো ৰুজু হোৱাৰ দুসপ্তাহৰ পাছততো গ্রেপ্তাৰ কৰা প্রায় অসম্ভৱ (আনকি বেআইনীসদৃশ) হৈ পৰিছে।  498-Aৰ কেচসমূহৰ ক্ষেত্রত এই নির্দেশাৱলীসমূহৰ প্রকৃত প্রভাৱ কেনেকুৱা হব – এই বিষয়ে আমি পৰবর্তী অংশত কিছু কথা আলোচনা কৰিছোঁ।

৪। অকার্যকৰী নির্দেশাৱলী
৩ নং নির্দেশাৱলী অনুসৰি  (গ্রেপ্তাৰ প্রয়োজনীয় হৈ পৰা কেচসমূহত) ফিল-আপ কৰা চেক লিষ্ট জমা কৰাৰ বাবে কোনো সময়সীমা নির্দিষ্ট কৰা হোৱা নাই। কিন্তু ৫ নং নির্দেশাৱলী মতে আকৌ অভিযুক্ত এজনক গ্রেপ্তাৰ নকৰাৰ সিদ্ধান্ত  দুসপ্তাহৰ ভিতৰত লব লাগিব আৰু সেই অনুসৰি প্রয়োজনীয় কাৰণ-পাতি ৰেকর্ড কৰি জমা কৰিব লাগিব। এনে কৰাত ব্যর্থ হলে পুলিচৰ বিৰুদ্ধে অনুশাসনমূলক একচন লোৱা হব আৰু ন্যায়ালয় অৱমাননাৰ কার্যাৱলী(proceedings) আৰম্ভ হব (নির্দেশাৱলী নং ৭ অনুসৰি)

এনে কেচসমূহ যত গ্রেপ্তাৰৰ সিদ্ধান্ত লোৱা হোৱা নাই
৩ নং আৰু ৫ নং নির্দেশাৱলী দুটা একেলগে পঢ়িলে এক খেলিমেলি ভৰা পৰিস্থিতিৰ সৃষ্টি হয়। ধৰা হওঁক যে তদন্তকাৰী পুলিচ বিষয়াজনে দুসপ্তাহৰ ভিতৰত ঠিক কৰিলে যে এই কেছটোত গ্রেপ্তাৰ প্রয়োজনীয় নহয়। পিছে (৫ নং নির্দেশাৱলীৰ অন্তর্গত) এই সিদ্ধান্তটোৰ অর্থ এইটোও হব নেকি যে ভবিষ্যতেও কোনো গ্রেপ্তাৰৰ প্রয়োজনীয়তা নাথাকিব? ভবিষ্যতে যদি দেখা যায় যে চেক-লিষ্টৰ মতেই গ্রেপ্তাৰ প্রয়োজনীয় হৈ পৰিছে, তেতিয়া কি হব? তেনে ক্ষেত্রত যদি পুলিছে গ্রেপ্তাৰ কৰাটো প্রয়োজনীয় বুলি অনুভৱ কৰে, তেতিয়া (Section 498 A কেচত সচৰাচৰ হোৱাৰ দৰে) ৱাৰেণ্ট অবিহনেই গ্রেপ্তাৰ কৰাটো সম্ভৱপৰ হবনে? নে এতিয়া দণ্ডাধীশৰ পূর্ব অনুমতি লোৱাটো প্রয়োজনীয় হৈ পৰিব। যদি দণ্ডাধীশৰ অনুমতি লবই লাগে, তেনে স্থলত Section 498 Acognizable offence কৰাৰ অর্থই বা কি বাকী থাকিল?  তদুপৰি এবাৰ পুলিচে দুসপ্তাহৰ ভিতৰত ৰিপর্ট প্রস্তুত কৰাৰ পাছত (যে ‘গ্রেপ্তাৰ কৰাটো প্রয়োজনীয় নহয়’), পৰিবর্তিত পৰিস্থিতি সাপেক্ষে অর্থাৎ দুসপ্তাহৰ পাছত গ্রেপ্তাৰ কৰাটো বেআইনীয়েই হৈ পৰিব নেকি?

এনে কেচসমূহ য’ত তদন্ত এতিয়াও চলি আছে আৰু গ্রেপ্তাৰৰ সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই
এনে স্থিতিত কি হব যত তদন্ত এতিয়াও চলি আছে আৰু দুসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো পুলিচ বিষয়াজনে গ্রেপ্তাৰ কৰা/নকৰাৰ ঠিৰাং সিদ্ধান্ত লব পৰা নাই? তেওঁ পুলিচ অধীক্ষকৰ পৰা আৰু কিছু সময় বিচাৰিব? নে নিজস্ব জঞ্জাল সমাপ্ত কৰিবলৈ তেওঁ চিধাচিধি এটা ৰিপর্ট লিখি দিব যে গ্রেপ্তাৰ কৰাৰ প্রয়োজনীয়তা নাই?

এনে কেচসমূহ যত পুলিচে গ্রেপ্তাৰ কৰাৰ সিদ্ধান্ত লৈছে
ধৰা হওঁক পুলিচে চেকলিষ্টৰ সকলো বিধি পূর্ণ কৰি অভিযুক্ত এজনক গ্রেপ্তাৰ কৰিলে। এনে স্থলত সচৰাচৰ হোৱাৰ দৰে অভিযুক্তজনে গ্রেপ্তাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি জামিনৰ আবেদন দাখিল কৰিব। ধৰক জামিনৰ আবেদন শুনানী কৰা দণ্ডাধীশজনে পুলিচে প্রদান কৰা(গ্রেপ্তাৰৰ কাৰণ দর্শক) নথি-পত্রসমূহ পৰীক্ষা কৰি এই সিদ্ধান্তৰ উপনীত হল যে আচলতে গ্রেপ্তাৰৰ কোনো প্রয়োজনীয়তা নাছিল আৰু সেই অনুসৰি অভিযুক্তজনৰ জামিন মঞ্জুৰ কৰা হল। এনে স্থলত পুলিচ বিষয়াজনৰ ওপৰত বিভাগীয় অনুশাসনমূলক শাস্তি বা আইন অবমাননাৰ কার্যাৱলী আঁৰি দিয়া হব নেকি?

এই আইনী খেলিমেলি আৰু বিভ্রান্তিসমূহৰ বাহিৰেও আন এটা গুৰুত্বপূর্ণ দিশ আছেঃ এই নির্দেশাৱলীসমূহে Section 498 Aৰ অধীনত সকাহ বিচৰা মহিলা এগৰাকীক কেনেদৰে প্রভাৱাম্বিত কৰিব?

১) এই নির্দেশাৱলীসমূহৰ ক্রমবর্ধমান প্রভাৱ হিচাপে প্রথমেই মহিলা গৰাকীয়ে কমেও দুসপ্তাহ বাট চাব লাগিব – মাত্র এই কথাটো জানিবলৈ যে অভিযুক্ত ব্যক্তিজনক গ্রেপ্তাৰ কৰা হব নে নহয়? Section 498-A অনুচ্চেদটো মহিলাসকলক নির্যাতনৰ পৰা সুৰক্ষা দিবলৈ গঠন কৰা হৈছিল; কিন্তু ই সফল হব পৰাকৈ পুলিচক যিমানখিনি ক্ষমতা থকাটো আৱশ্যক, সেয়া কিন্তু কমাই পেলোৱা হৈছে। বিভাগীয় তদন্তৰ ভাবুকিৰ সমুখত কোনজন পুলিচ বিষয়াই তৎক্ষণাতে গ্রেপ্তাৰ কৰিবলৈ সাহস কৰিব? অর্থাৎ আগৰ দৰেSection 498-Aৰ অধীনত তেওঁলোকে মহিলা গৰাকীক তাৎক্ষণিক সকাহ দিব নোৱাৰিব। ফলত এই দুসপ্তাহ সময়ৰ ভিতৰত মহিলা গৰাকীয়ে হয়তো আৰু জীয়াতু ভূগিব লাগিব।

২) বিভাগীয় তদন্ত আৰু ন্যায়ালয় অবমাননাৰ এই ভাবুকিৰ ফলত পুলিচ Section 498 Aৰ কেছসমূহৰ ক্ষেত্রত কার্যকৰ আৰু সংবেদনশীল হোৱাৰ সম্ভাৱনা কম হৈ পৰিছে। পুলিচে কর্তব্যত গাফিলতি কৰিলে শাস্তিবিধান কৰাৰ ব্যৱস্থা ভাৰতীয় আইনত সদায়েই আছে। কিন্তু এতিয়া উচ্চতম ন্যায়ালয়ে এই কথাটো বিশেষকৈ উল্লেখ কৰাৰ ফলত ফলাফলৰ গম্ভীৰতা ব্যাপকভাৱে বৃদ্ধি পাইছে। এতিয়া আৰু পুলিচে অভিযোগকর্তাই অকাট্য সাক্ষ্য(compelling evidence)প্রদান কৰিব নোৱাৰিলে অভিযুক্তক গ্রেপ্তাৰ নকৰিবই। অর্থাৎ ন্যায়ালয়ে তদন্তৰ সমস্ত দায়িত্ব মহিলা গৰাকীৰ মূৰতে থাপি দিলে; এতিয়া তেৱেঁই শক্তিশালী সাক্ষ্য প্রদর্শন কৰিব লাগিব। শক্তিশালী সাক্ষ্য বুলিলে কি বুজা যাব? কেৱল FIR আৰু (তীব্র শাৰীৰিক অত্যাচাৰৰ) মেডিকেল ৰিপর্টকহে শক্তিশালী সাক্ষ্য বুলি কোৱা যাব নেকি? এনে অজস্র মহিলাৰ কি হব যি পুলিচ থানা বা চিকিৎসালয়লৈ যাবলৈ সক্ষম নহয়, বা যাক যাবলৈ দিয়া হোৱা নাই? নির্যাতনৰ এনে সহস্র সূক্ষ্ম ৰূপ, যিবোৰে মহিলাসকলক  বৈবাহিক গৃহত সর্বদাই ব্যতিব্যস্ত কৰি ৰাখে, যিবোৰ সতকাই দৃশ্যমান নহয়,  যিবোৰ সংঘটিত হয় জনচক্ষুৰ পৰা দূৰৈত ঘৰৰ চাৰিবেৰৰ মাজত, কোনো নিভৃত কোণত, যাৰ সাধাৰণতেই কোনো সাক্ষী নাথাকে,  এনে নির্যাতনৰ অকাট্য সাক্ষ্য(compelling evidence)মহিলাসকলে কেনেকৈ দাঙি ধৰিব?

৩) মহিলাসকলক অবিশ্বাস কৰাৰ এটি পটভূমিতেই এই নির্দেশাৱলীসমূহ গঠিত হৈছে। সাধাৰণতেই মহিলাসকলে আইনী ব্যৱস্থাটো ঢুকি নাপায়; এনে স্থিতিত এই নির্দেশাৱলীসমূহে মহিলাসকলক আইনী ব্যৱস্থাটোৰ পৰা আৰু দূৰৈলৈ ঠেলি দিছে। সাধাৰণতেই Section 498 Aৰ অধীনত গোচৰ ৰুজু কৰা মহিলাসকলক পুলিচে সন্দেহৰ দৃষ্টিৰে চায়; এনে স্থিতিত ন্যায়ালয়ে মহিলাসকলৰ বিশ্বাসযোগ্যতাৰ ওপৰত আৰু অধিক আঘাট হানিছে।

৫)সন্মানৰ পৰা অধিকাৰলৈ
ন্যায়ালয়ে এই নির্দেশাৱলীসমূহ পুলিচৰ হাৰাহাস্তি ৰোধ কৰিবলৈ আৰু অভিযুক্তসকলৰ অধিকাৰ ৰক্ষা কৰিবলৈ জাৰী কৰিছে। ন্যায়ালয়ৰ ভাষাত, “গ্রেপ্তাৰে [ব্যক্তি এজনক] অপমানিত কৰে, তেওঁৰ স্বাধীনতা ৰূদ্ধ কৰে আৰু ই চিৰদিনলৈ থাকি যোৱা দাগ সৃষ্টি কৰেঅর্থাৎ অভিযুক্তজনৰ সন্মান ৰক্ষা কৰাটো এই ৰায়দানটোৰ অন্যতম উদ্দেশ্য। পিছে এই নিৰপেক্ষ যেন লগা নির্দেশাৱলীসমূহ আচলতে নিৰপেক্ষ নহয় আৰু সমাজত মহিলাৰ স্থান সম্পর্কীয় প্রশ্নটোৰ ক্ষেত্রত সিবিলাকৰ বিশেষ তাৎপর্য আছে।  

এই সমস্ত ৰায়দানটোৰ আঁৰত লুকাই থকা মূল অবধাৰণা(assumption)টো হৈছে যে ‘আইনৰ অপব্যৱহাৰ কৰা হৈছে’। কিন্তু তাৰ অর্থ এইটো হব নোৱাৰে যে এই আইনখনেই হৈছে সংবিধানবহির্ভুত। তর্কৰ খাতিৰত সত্য-অসত্যলৈ আওকান কৰি যদি ধৰিও লোৱা হয় যে সঁচাকৈয়ে এই আইনখনৰ অপব্যৱহাৰ কৰা হৈছে, তেনে স্থলত আইনখনৰ মূল লক্ষ্য  -অর্থাৎ যাৰ বাবে আইনখন গঠন কৰা হৈছিল- তেওঁলোকক অসুবিধাত নেপেলোৱাকৈ আইনখনৰ অপব্যৱহাৰ কম কৰিবলৈ চেষ্টা কৰাটোহে প্রয়োজনীয় আছিল। কিন্তু ন্যায়ালয়ে কৰিলে কি? ন্যায়ালয়ে শেহত গৈ আইনখনৰ মূল লক্ষ্য - মহিলাসকলকৰ বাবেই বাধাৰ সৃষ্টি কৰিলে। বাৰম্বাৰ মহিলাসকলৰ বিশ্বাসজন্যতাক আঘাট কৰি, আৰু পুলিচৰ (সকাহ দিব পৰা) ক্ষমতা কর্তন কৰা নির্দেশাৱলী জাৰী কৰি ন্যায়ালয়ে দৰাচলতে Section 498 Aৰ মূল বিন্দুটোকেই আওকান কৰিলে।

ভাৰতীয় আদালতে বিবাহৰ অনুষ্ঠানটোক ৰক্ষা কৰাটো তেওঁলোকৰ ‘কর্তব্য’ হিচাপে গণ্য কৰে

বিবাহ এনে এটি ‘পবিত্র অনুষ্ঠান’ য’ৰপৰা কোনো চৰম পৰিস্থিতি ব্যতিৰেকে  ওলাই যোৱাটো গ্রহণযোগ্য নহয়। চৰম পৰিস্থিতি মানে এনে পৰিস্থিতি য’ত দুয়োজন ব্যক্তিৰ ভিতৰত এজন ভুক্তভোগী হৈ পৰেৰায়দানটোত প্রদান কৰা নির্দেশাৱলীসমূহত এই কথাটোৰ স্পষ্টকৈ প্রতিফলন ঘটিছে যে চৰম হিংসাৰ কোনো শক্তিশালী সাক্ষ্য দর্শাব নোাৰিলে আইনী ব্যস্থাটো সক্রিয় হৈ নুঠিব। অর্থাৎ ন্যায়ালয়ে বিবাহক এটি অতিশয় মূল্যবান অনুষ্ঠান হিচাপে গণ্য কৰে যাক সুৰক্ষিত কৰিবই লাগিব।

কিন্তু এনে বাগধাৰাসমূহে ব্যক্তিৰ অধিকাৰসমূহক কোনো গুৰুত্ব নিদিয়ে। সমস্ত আইনী বাগধাৰাটোৱে কেৱল [বিবাহিত] ব্যক্তিদুজনৰ মাজত থকা  কাজিয়া-পেছাল, খুটি-নাটি বিচৰাতহে ব্যস্ত হৈ থাকে; কিন্তু বিবাহৰ সম্পর্কটোৰ গুণগত মান(quality) কেনেকুৱা – এই বিষয়ে বাগধাৰাটোৱে কোনো মনোযোগ নিদিয়ে। সম্পর্ক একোটাৰ হিচাপ কেৱল [সম্পর্কটোত যুক্ত হৈ থকা] ব্যক্তি দুজনৰ দ্বন্দ-খৰিয়ালৰ খতিয়ান লৈ কৰিব নোৱাৰি। যেতিয়া বিবাহৰ সম্পর্ক একোটা ন্যায়ালয়ৰ দ্বাৰস্থ হয়, তেতিয়াই আচলতে বুজিব পাৰি, সম্পর্কটোৰ সম্প্রতি অৱস্থা কেনেকুৱা। কিন্তু আইনী ব্যৱস্থাটোৱে বিয়াখনত যুক্ত হৈ থকা সম্পর্ক(relationship)ৰ ধাৰণাটোকেই বুজি নাপায়। বিয়াখনত যুক্ত হৈ থকা ব্যক্তি দুজনে নিজে কি বিচাৰিছে, তেওঁলোকে নিজে বিয়াখনৰ বিষয়ে কি ভাবে, এই কথাবোৰ আইনী বিবেচনাৰ অংশ হৈ নুঠেগৈ; অথচ এই আইনী বিবেচনাৰ দ্বাৰাই ব্যক্তি দুজনৰ জীৱন সলনি কৰি দিব পৰা সিদ্ধান্তবোৰ লোৱা হয়। আন কথাত বিয়াখনক বচাবলৈ চেষ্টা কৰা হয়; কিন্তু বিয়াখনত প্রকৃততে যুক্ত হৈ থকা ব্যক্তি দুজনে নিজেই বিয়াখন বচাব বিচাৰিছে নে নাই, এই বিষয়ে তেওঁলোকক সোধাৰ কোনো প্রয়োজনবোধ কৰা নহয়!

বিবাহ হৈছে দুজন প্রাপ্তবয়স্ক ব্যক্তিৰ সংঘ(association) (অৱশ্যে বাল্য বিবাহক হিচাপত নধৰাকৈ!)  যত ব্যক্তি দুজনে নিজ-সন্মতিক্রমে এটা চুক্তি আধাৰিত সম্পর্ক(contractual relationship) গঢ়ি তোলে।  অর্থাৎ স্ব-ইচ্ছাই গঠিত হোৱা আন আন চুক্তি-আধাৰিত সম্পর্কৰ দৰেই বিবাহতো ব্যক্তিসকলৰ অধিকাৰ থাকে যে চুক্তি ভংগ কৰিলে যথোপযুক্ত ক্ষতিপূৰণ প্রদান কৰি তেওঁলোক চুক্তিৰ পৰা স্বাধীন হব পাৰিব।  অর্থাৎ চুক্তি স্বাক্ষৰ কৰা কোনো এটা পার্টিয়ে চুক্তি অনুসৰি নির্ধাৰিত হোৱা নিজৰ কার্য মানি লব নিবিচাৰিলে তেওঁলোকে সেই চুক্তি ত্যাগ কৰিব পাৰিব। তদুপৰি ব্যক্তিৰ মাজত হোৱা চুক্তি এখনক জবৰদস্তি পালন কৰি যাবলৈ কাকো বাধ্য কৰোৱাব নোৱাৰি, বিশেষকৈ ন্যায়ালয়ৰ দ্বাৰা যে একেবাৰেই নোৱাৰিকিয়নো অন্যথা ই ব্যক্তিৰ নিজা স্বাধীনতাত হাত দিয়াৰ দৰে কথা হব। যদিহে মানৱ জাতি সঁচাকৈয়ে স্বাধীন, তেনেহলে সংঘ একোটাত প্রবেশ কৰিবলৈ তথা ত্যাগ কৰিবলৈ মানুহৰ স্বাধীনতা থকা উচিত। বিবাহৰ ক্ষেত্রত এই অধিকাৰটো কিয় মানি লোৱা নহয়?

ন্যায়ালয়ৰ নির্দেশাৱলীসমূহৰ পৰা কিছু ধাৰ কৰি কবলৈ গলে - আচলতে বিবাহ এখনত যুক্ত হৈ থকা দুয়োটা পার্টিলৈকে  সন্মান আৰু মর্যাদা সম্প্রসাৰিত কৰাটো প্রয়োজনীয়। ন্যায়ালয়ে যেনেদৰে অভিযুক্তজনৰ - বিশেষকৈ Section 498 Aৰ অধীনত পঞ্জীয়নভুক্ত হোৱা অভিযুক্তজনৰ - অধিকাৰ সম্পর্কে মাত মাতিছে, ঠিক তেনেকৈয়ে মহিলা গৰাকীৰ  মর্যাদা আৰু সন্মানেও যথাযথ স্বীকৃতি পোৱা উচিত। আচলতে দুয়োপক্ষৰে এই সন্মান আৰু মর্যাদাই তেতিয়াহে প্রকৃত স্বীকৃতি পাব, যেতিয়া দুয়োপক্ষৰে  ওচৰত (সম্পর্কটোৰ অধীনত থকা-নথকা সম্পর্কে) সিদ্ধান্ত  লোৱাৰ অধিকাৰ থাকিব; যেতিয়া সেই অধিকাৰ স্বীকৃত হব। আন কথাত, ব্যক্তি এজনৰ ওচৰত বিবাহ-বিচ্ছেদৰ নিজা অধিকাৰ থকা উচিত; আনটো পক্ষৰ সন্মতি নোহোৱাকৈও বা আনটো পক্ষৰ দোষ-ভুল নোখোচৰাকৈও যাতে এই অধিকাৰে স্বীকৃতি পায় – এয়াই হৈছে আজিৰ সময়ৰ দাবী।
....................................


No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...