Monday, September 8, 2014

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ তৃতীয় অধ্যায়ঃ ৰিকার্ডো, ফয়াৰবাখ আৰু হেগেলৰ পৃথিবীত কার্ল মার্ক্স

Original: Chapter 3, "Revolutionary Ideas of Karl Marx" by Alex Callinicos
Translation: Mayur Chetia

ইউট’পিয়ান সমাজবাদীসকলে পুঁজিবাদী ‘সভ্যতা’ৰ  কেতবোৰ সুন্দৰ সমালোচনা আগবঢ়াইছিল আৰু লগতে তেওঁলোকে অনাগত সমাজবাদী সমাজ সম্পর্কে কিছু পূর্বাভাস দিবলৈকো চেষ্টা কৰিছিল কিন্তু পুঁজিবাদৰ পৰা সমাজবাদলৈ  সংক্রমণ কেনেদৰে সম্ভৱপৰ হ’ব –এই বিষয়ে তেওঁলোকে কোনো বাস্তৱসন্মত পথ বিচাৰি পোৱা নাছিল।  আলোকদীপ্তিৰ জাকজমকতাৰ মাজতে ফৰাচী সমাজবাদীসকল আৱদ্ধ হৈ আছিল। সামাজিক আলোচনাৰ ক্ষেত্রত তেওঁলোকে বস্তুবাদৰ প্রয়োগ ঘটাবলৈ সক্ষম হোৱা নাছিলইতিহাস মানেই ‘মানুহৰ মানসিক বিকাশৰ ইতিহাস’ বুলি ভবাৰ পৰম্পৰা তেতিয়াও অক্ষুণ্ণ হৈয়েই ৰৈছিল।  ব্লাংকি  তথা আন আন সমাজবাদীসকলেও পুঁজিবাদৰ কোনো বৈজ্ঞানিক আলোচনা বিকশিত কৰিব পৰা নাছিল এনে স্থলত আগবাঢ়ি যাবলৈ দুটা উপাদান -  ১)আলোকদীপ্তিতকৈ শ্রেষ্ঠ  এক বৈজ্ঞানিক পদ্ধতিৰ বিকাশ তথা ২)পুঁজিবাদ সম্পর্কে এক বৈজ্ঞানিক আলোচনা –অপৰিহার্য হৈ পৰিল

এনেসময়তে সহায়ক স্বৰূপে আগবাঢ়ি আহিল দুটি বিশেষ বৌদ্ধিক ধাৰা- ধ্রুপদী জার্মান  দর্শন আৰু ইংৰাজী ৰাজনৈতিক অর্থনীতি। মার্ক্সবাদৰ বিকাশৰ ক্ষেত্রত এই দুয়োটা ধাৰাৰে ভূমিকা বিশেষভাৱে উল্লেখযোগ্য। এই অধ্যায়টিত প্রথমতে আমি ইংৰাজী ৰাজনৈতিক অর্থনীতি আৰু এই ধাৰাৰ শ্রেষ্ঠ প্রতিনিধি ডেভিড ৰিকার্ডোৰ অৰিহণা সম্পর্কে আলোচনা কৰিম।       

নাগৰিক সমাজৰ বিশ্লেষণ
আলোকদীপ্তিকালীন চিন্তাবিদসকলে ৰাষ্ট্র আৰু নাগৰিক সমাজ(civil society)ৰ মাজত এক পার্থক্য ৰেখাংকিত কৰিবলৈ বিচাৰিছিল। তেওঁলোকে  ভাবিছিল যে ৰাষ্ট্রই সকলো নাগৰিকৰ উমৈহতীয়া স্বার্থ প্রতিনিধিত্ব কৰে  আনহাতে, নাগৰিক সমাজৰ দ্বাৰা ব্যক্তিয়ে ৰাষ্ট্রৰ পৰিসৰৰ বাহিৰত নিজ নিজ  অর্থনৈতিক স্বার্থ পূৰণ কৰেঅর্থাৎ ৰাষ্ট্র অবিহনে সমগ্র সমাজখনেই ভাগি পৰাৰ প্রবল আশংকা থাকে।  যিহেতু প্রকৃতিগত ভাবেই মানুহৰ চৰিত্র হিংসাপ্রিয়, স্বার্থপৰ তথা লুভীয়া, গতিকেই ৰাষ্ট্রৰ দ্বাৰা এই প্রবৃত্তিসমূহ নিয়ন্ত্রিত নহলে সিবিলাকে সমগ্র সমাজখনকে ধ্বংস কৰি পেলাব। সকলোৰে মাজত এক প্রবল খোৱা-কামোৰাৰ সৃষ্টি হ’ব। হবছে তেওঁৰ  লেভিয়াথান নামৰ বিখ্যাত পুথিখনত এনে এক ভয়ংকৰ সম্ভাৱনা সম্পর্কে বিস্তৰ ভাৱে আলোচনা কৰি গৈছে।

এই সময়ছোৱাত বিকাশ আৰু সমৃদ্ধিৰ বাবে ৰাষ্ট্রৰ হস্তক্ষেপকাৰী ভূমিকা অপৰিহার্য বুলিয়েই ভবা হৈছিলউদাহৰণ স্বৰূপে চাৰ জেমছ ষ্টুৱার্টে দর্শাবলৈ চেষ্টা কৰিছিল যে  ৰাষ্ট্রই পণ্যবস্তুৰ দাম  উৎপাদন ব্যয়তকৈ কিছু অধিক হাৰত নির্ধাৰণ কৰি দিলেহে পুঁজিপতিসকলে বিনিয়োগত মুনাফা অর্জন কৰিবলৈ সক্ষম হ’ব দৰাচলতে ১৭ আৰু ১৮ শতিকাত ৰাষ্ট্রই প্রজাৰ অর্থনৈতিক কার্যকলাপসমূহ সূক্ষ্মভাৱে নিয়ন্ত্রণ কৰিছিল আৰু এনে পৰিস্থিতিতেই এইজাতীয় তত্ত্বসমূহে জন্ম লাভ কৰিছিল

ধ্রুপদী ৰাজনৈতিক অর্থনীতিৰ প্রৱর্তকসকলেও ‘মানুহ প্রকৃতিগতভাৱে স্বার্থপৰ তথা প্রতিযোগিতা প্রিয় হয়’ বোলা কথাষাৰ মানি লৈছিল। কিন্তু লগতে তেওঁলোকে এই বুলিও যুক্তি দর্শালে যে এনে ব্যক্তি-স্বার্থ-চালিত ব্যৱস্থাটোৱেই অর্থনীতিৰো কল্যাণ সাধিব পাৰিব। আন কথাত কবলৈ গলে - ৰাষ্ট্রৰ দ্বাৰা হস্তক্ষেপৰ বিপৰীতে, মানুহে নিজ নিজ স্বার্থৰ হেতুকে কাম কৰি গলেই  অর্থনীতিৰো স্বার্থ সাধন হব।
বিখ্যাত স্কটিছ ইতিহাসবিদ আদাম স্মিথে তেওঁৰ ১৭৭৬ চনত প্রকাশিত ‘ৱেলথ অৱ নেছনছ’ নামৰ বিশ্বপ্রসিদ্ধ গ্রন্থখনিত যুক্তি দর্শালে যে ৰাষ্ট্রৰ হস্তক্ষেপে অর্থনীতিৰ ক্ষতি সাধনহে কৰে যদিহে সকলো ব্যক্তিকে নিজ নিজ অর্থনৈতিক স্বার্থৰ প্রতি লক্ষ্য ৰাখি কাম কৰাৰ স্বাধীনতা দিয়া হয়, ই  এক অর্থনৈতিক সামঞ্জস্য সৃষ্টি কৰিব আৰু ফলত সমাজৰ সকলো সম্পদৰ পূর্ণ ব্যৱহাৰ সম্ভৱপৰ হব। পেছাত আদাম স্মিথ গ্লাছগ’ বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল। এই গ্লাছগ’ চহৰ ঔদ্যোগিক বিপ্লৱৰো এক অন্যতম কেন্দ্র আছিল আৰু চহৰৰ ঔদ্যোগিক তথা বাণিজ্যিক বুর্জোৱা শ্রেণীটোৰ সৈতে স্মিথৰ  সম্পর্ক আছিল অতিশয় মধুৰ ‘ৱেলথ অৱ নেছনছ’  গ্রন্থখনি তেওঁ এই উদীয়মান, আত্মবিশ্বাসী তথা উদ্ভাৱনশীল বুর্জোৱা শ্রেণীটোৰ মুখপাত্র হিচাপেই লিখিছিল বুলি কব পৰা যায়। এই শ্রেণীটোৱে ইতিমধ্যেই বিভিন্ন চৰকাৰী হস্তক্ষেপসমূহক অর্থনীতিৰ বিকাশৰ ক্ষেত্রত এক অপ্রয়োজনীয় বাধা হিচাপে গণ্য কৰিছিল (এইখিনিতে মন কৰিবলগীয়া যে স্মিথে কিন্তু আন আন কেতবোৰ চৰকাৰী হস্তক্ষেপ- যেনে বিভিন্ন নৌ-পৰিবহন-অধিনিয়ম ইত্যাদিৰ বিৰোধিতা কৰা নাছিল। এই নৌ-পৰিবহন অধিনিয়মসমূহে বৃটিছ পুঁজিপতিহঁতক ঔপনিবেশিক বাণিজ্যৰ ক্ষেত্রত একাধিপত্য প্রদান কৰিছিল; কাজেই এনে চৰকাৰী হস্তক্ষেপসমূহক স্মিথে তেওঁ প্রতিনিধিত্ব কৰা শ্রেণীটোৰ সপক্ষে থকা বুলি গণ্য কৰিছিল।)

স্মিথে ব্যৱহাৰ কৰা এটা অন্যতম কেন্দ্রীয় ধাৰণা হৈছে - বজাৰৰ ধাৰণাটো। স্মিথৰ মতে সম্পদ হৈছে বজাৰত বেছিব তথা কিনিব পৰা বিভিন্ন শত সহস্র পণ্যবস্তু তথা সিবিলাকৰ সদাবর্ধিত  আহৰণগতিকেই  কি কি কাৰকেনো বজাৰত এই পণ্যবস্তুসমূহৰ দাম নির্ণয় কৰে সেয়া জনাটো প্রয়োজনীয়। স্মিথৰ মতে এনে পদ্ধতিৰে বস্তুসমূহৰ ‘মূল্য’ জানিব পাৰিস্মিথে চিহ্নিত কৰা এনে দুটা  কাৰক হৈছে – ‘যোগান’ আৰু ‘চাহিদা’ যদিহে কোনো পণ্যৰ যোগান ৰাইজে বিচৰা মাত্রাতকৈ অধিক পৰিমাণৰ হয়, তেন্তে সেই বস্তুৰ দাম কমি যাব। আনহাতেদি যদিহে কোনো পণ্যৰ চাহিদা যোগানতকৈ অধিক পৰিমাণৰ হয়, তেন্তে সেই পণ্যৰ দাম বাঢ়ি যাব।

স্মিথৰ মূল্য তত্ত্ব মতে সকলো পণ্যৰে নিজস্ব এক প্রাকৃতিক মূল্য থাকে। যোগান আৰু চাহিদাৰ সামঞ্জস্য স্থাপন হোৱাৰ পাচত এই প্রাকৃতিক মূল্যতে পণ্যৰ বিক্রয় সমাপন হয় এই প্রাকৃতিক মূল্যৰ পৰাই সমাজৰ তিনিওটা মূল শ্রেণীয়ে – পুঁজিপতি, শ্রমিক তথা মাটিৰ মালিকসকলে- নিজ নিজ উপার্জন (লাভ, মজুৰি তথা খাজনা) লাভ কৰে

স্মিথৰ মূল্য তত্ত্বই তিনিটা সুদূৰপ্রসাৰী প্রভাৱ পেলালেপ্রথমতেই ই এনে এক ধাৰণা সৃষ্টি কৰিলে যেন পুঁজিবাদী অর্থনীতিয়ে নিজে নিজেই এক ভাৰসাম্যমূলক স্থিতিৰ ফালে গতি কৰে; যোগান আৰু চাহিদাৰ বিপৰীতমুখী শক্তিসমূহে মিলি এক ভাৰসাম্যমূলক স্থিতি সৃষ্টি কৰে আৰু  পণ্যসমূহৰ বিক্রয় সিবিলাকৰ “প্রাকৃতিক” দামতে সম্ভৱপৰ কৰি তোলে স্মিথৰ এজন অনুগামী  জ্যঁ বেপ্টিস্তে আৰু এখোপ আগবাঢ়ি গৈ ঘোষণা কৰিলে যে যিহেতু যোগান আৰু চাহিদাৰ  শক্তিসমূহে একেলগে মিলি কাম কৰে, সেয়েহে পণ্য বিক্রয় নোহোৱাকৈ থকা স্থিতি অর্থাৎ অর্থনৈতিক সংকট সম্ভৱেই হব নোৱাৰে!

দ্বিতীয়তে, স্মিথৰ মূল্য তত্ত্বই পোন প্রথমবাৰৰ বাবে অর্থনীতিৰ পুঁজিবাদী চৰিত্র সম্পর্কে সকলোকে অৱগত কৰালে। স্মিথৰ পূর্বৰ অর্থনীতিবিদসকলে পুঁজিপতি, কাৰিকৰ আৰু শ্রমিক সকলৰ মাজত বিশেষ কোনো পার্থক্য নাই বুলিয়েই ভাবিছিলকিন্তু আন আন সকলো শ্রেণীৰ বিপৰীতে পুঁজিপতিসকল যে এটা বিশেষ তথা ভিন্ন শ্রেণী – এই সম্পর্কে স্মিথেই পোন প্রথমবাৰৰ বাবে সকলোৰে দৃষ্টি আকর্ষণ কৰালে শ্রমিকৰ উপার্জনৰ উৎস হৈছে মজুৰি, মাটিৰ মালিকৰ উপার্জনৰ উৎস হৈছে খাজনা আৰু পুঁজিপতিৰ উপার্জনৰ উৎস হৈছে মুনাফা- উপার্জনৰ এই তিনিটা ভিন ভিন ৰূপ সম্পর্কে স্মিথে বিশেষভাৱে আলোকপাত কৰিলে

তৃতীয়তে, স্মিথে পুঁজিবাদক এক ‘প্রাকৃতিক ব্যৱস্থা’ ৰূপে প্রমাণিত কৰিবলৈ চেষ্টা কৰিলে। ১৮ শতিকাৰ বিশেষ পটভূমিত ‘প্রাকৃতিক’ হোৱাটো এক বাঞ্ছনীয় গুণ বুলিয়েই ভবা হৈছিল। আলোকদীপ্তিকালৰ বহুতো চিন্তাবিদে তেওঁলোকৰ সমকালীন সমাজ ব্যৱস্থাৰ তীব্র সমালোচনা কৰি যুক্তি দর্শাইছিল যে পূর্বৰ বিপৰীতে বর্তমানৰ  সমাজসমূহ  হৈছে অপ্রাকৃতিক আৰু  মানৱ প্রকৃতি বিৰোধী; সমাজৰ এই অপ্রাকৃতিক চৰিত্রৰ মাজতে বর্তমান যুগৰ মানুহৰ দুখ-দুর্দশাৰ কাৰণ লুকাই আছে। এই জাতীয় চিন্তাবিদসকলৰ মাজত জ্যঁ জাক ৰুছোৰ  নাম বিশেষভাৱে লব পাৰিৰুছোৰ মতে পূর্বৰ কালত মানুহে সৰু সৰু গ্রাম্য সম্প্রদায় ভিত্তিক এক সুখৰ জীৱন কটাইছিল। এই সমাজসমূহ আছিল প্রাকৃতিক। কিন্তু  ক্রমান্বয়ে শ্রম বিভাজন, ধন তথা বাণিজ্য বাঢ়ি অহাৰ ফলত এই প্রাকৃতিক সমাজসমূহ ভাগি পৰে আৰু সিবিলাকৰ ঠাইত ধনী আৰু দুখীয়াৰ মাজত বৈষম্যৰে ভৰা এক অপ্রাকৃতিক সমাজৰ সৃষ্টি হয়।

এইসকল চিন্তাবিদৰ বিপৰীতে, স্মিথৰ দৰে ৰাজনৈতিক অর্থনীতিবিদসকলে এই বুলি মত পোষণ কৰিলে যে আদিম যুগৰ পৰিবর্তে  ঔদ্যোগিক বিপ্লৱৰ কালছোৱাকহে প্রাকৃতিক সমাজ ব্যৱস্থাৰ সময় বুলি কব পাৰি স্মিথে লগতে কলে যে মানৱ প্রকৃতিৰ মাজতেই শ্রম বিভাজনৰ কাৰণ লুকাই আছে স্মিথৰ দৃষ্টিকোণৰ পৰা চাবলৈ গলে বস্তুৰ বিনিময় তথা বেচা-কিনা  হৈছে এক প্রাকৃতিক প্রক্রিয়া। অর্থাৎ মানব প্রকৃতিৰ বিৰোধী হোৱাৰ বিপৰীতে বজাৰ, ধন, বাণিজ্য আদিক মানৱ প্রকৃতিৰ অংশবিশেষ বুলিহে কব পাৰি!        

থমাছ ৰবার্ট মালথুছে এই জাতীয় চিন্তনৰ ধাৰাটোক আৰু এখোজ আগবঢ়াই নিলে। এইক্ষেত্রত ১৭৯৮ চনত প্রকাশিত তেওঁৰ বিতর্কমূলক গ্রন্থ – ‘এছেইজ অন দা প্রিঞ্চিপ’ল অব পপুলেছন’ৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰিপেছাত মালথুছ আছিল ইংলেণ্ডৰ এংলিকান গীর্জাঘৰৰ পাদুৰী অর্থনীতি সম্পর্কীয় তেওঁৰ সমস্ত লেখনী ইংলেণ্ডৰ ভূ-অভিজাত শ্রেণীটোৰ স্বার্থৰক্ষা কৰিবলৈকে উৎসর্গিত আছিল বুলি কব পৰা যায়মালথুছৰ পূর্বসুৰী বহুতো আলোকদীপ্তিকালীন  চিন্তাবিদ যেনে কণ্ডৰচেট  আদিয়ে বিশ্বাস কৰিছিল যে  মানৱ জাতিয়ে নিজ চেষ্টাৰ দ্বাৰা জীৱন ধাৰণৰ মান ক্রমান্বয়ে  উন্নততৰ কৰি যাব পাৰিব। এই ধৰণৰ আশাবাদী চিন্তাসমূহে ফৰাচী বিপ্লৱৰ পটভূমি ৰচনা কৰাৰ ক্ষেত্রত যথেষ্ঠ অৰিহণা যোগাইছিল। কিন্তু সিবিলাকৰ বিপৰীতে মালথুছে জনসংখ্যা সম্পর্কীয় এক উৎকট তত্ত্ব আগবঢ়ালেঃ এই তত্ত্ব মতে জনসংখ্যাৰ বৃদ্ধি জ্যামিত্যিক (২-৪-৮-১৬-৩২) পথেৰে হয় কিন্তু খাদ্যৰ উৎপাদন বৃদ্ধি আংকিক (১-২-৩-৪-৫-৬) পথেৰেহে সম্ভৱপৰ হয়। অর্থাৎ সহজ ভাষাত কবলৈ গ’লে জনসংখ্যা বৃদ্ধিৰ একোটা পর্যায়ৰ পাছত প্রাকৃতিকভাৱেই  জনসংখ্যা আৰু খাদ্যৰ ভাৰসাম্য অস্থিৰ হৈ পৰে  আৰু সম্পদৰ বৃহৎ নাটনিয়ে দেখা দিয়ে (মন কৰিবলগীয়া যে মালথুছে তেওঁৰ তত্ত্বসমূহৰ সত্যসত্যতা দর্শাবলৈ কোনো বিশেষ প্রমাণ দাঙি ধৰা নাছিল)জনগণৰ জীৱন ধাৰণৰ মান যদি কোনোমতে জীয়াই থকাৰ মানতকৈ সামান্যতমো উচ্চ হৈ পৰে, ই অধিক পৰিমানে সন্তান জন্ম দিয়াৰ প্রৱণতা বৃদ্ধি কৰেফলত ভীষণ বেগেৰে জনসংখ্যা বৃদ্ধি হয় আৰু ই খাদ্যৰ নাটনি সৃষ্টি কৰে (আন ভাষাতঃ জনসংখ্যা আৰু খাদ্যৰ ভাৰসাম্য অস্থিৰ হৈ পৰে ) ফলস্বৰূপে আহাৰ আৰু পুষ্টিৰ অভাৱত দুর্ভিক্ষ তথা বেমাৰ আজাৰ বাঢ়িবলৈ ধৰেসিবিলাকৰ প্রভাৱৰ ফলত মৃত্যুৰ হাৰ বৃদ্ধি পায় আৰু ই জনসংখ্যাৰ পৰিমান কমাই আনে। শেহত গৈ ই জনসংখ্যা আৰু খাদ্যৰ ভাৰসাম্যমূলক স্থিতি পুনঃ প্রতিষ্ঠা কৰে অর্থাৎ মালথুছৰ মতে প্রকৃতিগত কাৰণতেই জনগণৰ জীৱন ধাৰণৰ মান বৃদ্ধি কৰাৰ সকলো প্রচেষ্টা  শেষপর্যন্ত বিফল হবলৈ বাধ্য। এইক্ষেত্রত সমতা, স্বাধীনতা আৰু ভাতৃত্বৰ আদর্শৰে নতুন সমাজ গঢ়িবলৈ চেষ্টা কৰাৰ অর্থই হৈছে প্রকৃতিৰ নিয়মাৱলীৰ বিৰোধিতা কৰা!

অর্থাৎ মালথুছৰ মতে পুঁজিবাদ হৈছে এক প্রাকৃতিক অৱস্থা; ইয়াৰ কোনো বিকল্প নাই! মালথুছৰ এই জনসংখ্যামূলক তত্ত্বসমূহ ঊনবিংশ শতিকাৰ পুঁজিপতিসকলে  শ্রমিক শোষণৰ ন্যায্যতা দর্শাবলৈ বাৰুকৈয়ে ব্যৱহাৰ কৰিছিল! সহজ ভাষাত কবলৈ গলে - মূলতঃ পুঁজিবাদৰ ন্যায্যতা প্রমাণ কৰিবলৈকে ৰাজনৈতিক অর্থনীতিৰ এই বিভিন্ন ধাৰাসমূহৰ জন্ম হৈছিল। অৱশ্যে মন কৰা ভাল যে সমান্তৰালভাৱে ৰাজনৈতিক-অর্থনীতিৰ এই ধাৰাসমূহে অর্থনীতি সম্পর্কে বৈজ্ঞানিক আলোচনাৰ পৰম্পৰাটোকো ক্রমান্বয়ে সূদৃঢ় কৰিছিল।

ডেভিড ৰিকার্ডোৰ ক্ষেত্রত এই কথাটো স্পষ্টকৈ দেখা পোৱা যায়।  ১৮১৭ চনত প্রকাশিত হোৱা তেওঁৰ ‘প্রিঞ্চিপলছ অৱ পলিটিকেল ইকনমি’ গ্রন্থখনিয়ে ৰাজনৈতিক-অর্থনীতিৰ ধাৰাটোক আডাম স্মিথতকৈ বহুখিনি আগুৱাই লৈ গল। এই ক্ষেত্রত দুটা বিশেষ উদাহৰণ দিব পাৰি।  প্রথমঃ ৰিকার্ডোৱে যুক্তি দর্শালে যে ‘বস্তু একোটাৰ মূল্য তাৰ নির্মাণত ব্যৱহৃত হোৱা শ্রমৰ পৰিমাণৰ ওপৰত নির্ভৰ কৰে’ (পাছলৈ এই সূত্রটোৰ পৰাই মার্ক্সে তেওঁৰ সুবিখ্যাত শ্রম মূল্যৰ তত্ত্বটো বিকশিত কৰিলে)স্মিথৰ মতে পণ্য একোটাৰ ‘প্রাকৃতিক’ মূল্য তাৰ বিভিন্ন উপাদান যেনে মজুৰী, লাভ আৰু খাজনাৰ প্রাকৃতিক হাৰ(rate)ৰ ওপৰত নির্ভৰ কৰেতাৰ বিপৰীতে, ৰিকার্ডোৱে এইবুলি যুক্তি দর্শালে যে বস্তু এটাৰ নির্মাণৰ ক্ষেত্রত প্রয়োজন হোৱা শ্রমৰ পৰিমাণেই বস্তু এটাৰ মূল্য বা প্রাকৃতিক দাম নির্ধাৰণ কৰেএই মূল্য উৎপাদিত হোৱাৰ পাছত পুঁজিপতি, শ্রমিক তথা মাটিৰ মালিকসকলৰ মাজত ‘কেনেদৰে এই মূল্য বিতৰণ কৰা হব’ এই বিষয়ক সংঘাতৰ সৃষ্টি হয়। 

দ্বিতীয়তে, মূল্যৰ এই শ্রম তত্ত্বৰ ফলস্বৰূপে শ্রমিক, পুঁজিপতি আৰু ভূ-স্বামীসকলৰ স্বার্থ যে ইটো সিটোৰ পৰিপন্থী – এই কথাটো ওলাই পৰিল। ৰিকার্ডোৱে যুক্তি দর্শালে যে ‘শ্রমৰ মূল্য বাঢ়িবলৈ হলে লাভৰ পৰিমাণ কমিবই লাগিব’। অর্থাৎ লাভ আৰু মজুৰী – দুয়োটাৰে সম্পর্ক হৈছে অন্তর্বিৰোধী(contradictory)পুঁজিৰ লাভ বঢ়াৰ অর্থই হৈছে শ্রমৰ লোকচান হোৱা। তদুপৰি শ্রমিকে পণ্যত সংযোজন কৰা মূল্যৰ পৰা চান কাঢ়িয়েই ভূস্বামীয়ে খাজনা আদায় কৰে, অর্থাৎ ‘ভূস্বামীহঁতৰ স্বার্থ সমাজৰ আন আন সকলো শ্রেণীৰ স্বার্থৰ পৰিপন্থী’।

মূল্যৰ এই শ্রম তত্ত্বই শ্রেণী সংগ্রামৰ প্রশ্নটোক  (অর্থাৎ - ‘কোনটো শ্রেণীয়ে জাতীয় কেকটোৰ কিমান অংশ পাব’ - এই প্রশ্নটোক) পুঁজিবাদী সমাজৰ কেন্দ্রত স্থাপন কৰিলে। ৰাজনৈতিক-অর্থনীতিৰ  ক্ষেত্রখনিত ৰিকার্ডোৰ এই অৰিহণাখিনি বুজিবলৈ হলে সেইসময়ৰ ইংলেণ্ডৰ স্থিতিৰ প্রতিও মন দিয়া উচিত। ৰিকার্ডো নিজে এজন বেংকাৰ তথা সফল সাংসদ/ৰাজনীতিবিদ আছিল। ঊনবিংশ শতিকাৰ ব্রিটিছ পুঁজিবাদে সম্মুখীন হোৱা সমস্যাসমূহৰ তেওঁ উত্তৰ উলিয়াবলৈ চেষ্টা কৰিছিল। সেয়া আছিল প্রচণ্ড শ্রেণী-সংগ্রামৰ সময়; তাঁতীসকলৰ ঐতিহাসিক সংগ্রামৰ সময়। বস্ত্র উদ্যোগত অত্যাধুনিক যন্ত্রপাতি লগোৱাৰ ফলত বহুতো তাঁতীয়ে কর্মসংস্থাপন হেৰুৱাই পেলাইছিল। ফলতঃ তেওঁলোকে যন্ত্রসমূহকেই মূল শত্রু বুলি গণ্য কৰি যন্ত্র-ভঙা আন্দোলন গঢ়ি তুলিছিল। মেচিন ভঙা আন্দোলনৰ এই ধাৰাটোক লুড্ডাইট আন্দোলন নামেৰে জনা যায়। একে সময়তে কিন্তু  শ্রমিক তথা পুঁজিপতি - দুয়োটা শ্রেণীয়ে মিলি কর্ণ আইন(corn laws)সমূহৰ বিৰোধিতা কৰিছিল; এই কর্ণ আইনসমূহে ইংৰাজী ভূস্বামীহঁতক বিদেশী প্রতিযোগিতাৰ পৰা ৰক্ষা কৰিছিল আৰু ফলস্বৰূপে খাদ্যৰ মূল্য অতিশয় মহঙা হৈ পৰিছিল ৰিকার্ডোৰ প্রথমখনি গুৰুত্বপূর্ণ কিতাপ ১৮১৫ চনত প্রকাশিত হৈছিল; এই কিতাপখনিত ৰিকার্ডোৱে দেখুৱাবলৈ যত্ন কৰিছিল যে সস্তা খাদ্যৰ অর্থ হৈছে সস্তা মজুৰী, অর্থাৎ খাদ্যৰ দাম কম হলে পুঁজিপতিহঁতে শ্রমিকসকলক জীবিকাৰ বাবে কম মজুৰী দিয়েই হাত সাৰিব পাৰিব; অর্থাৎ সিহঁতে অধিক মুনাফা হাছিল কৰিব পাৰিব। আন কথাত মালথুছে ৰাজনৈতিকভাৱে প্রতিপত্তিশালী ভূ-অভিজাত শ্রেণীটোৰ স্বার্থ প্রতিনিধিত্ব কৰাৰ বিপৰীতে, ৰিকার্ডোৱে ঔদ্যোগিক বুর্জোৱা শ্রেণীটোৰ স্বার্থৰ প্রতিনিধিত্ব কৰিছিল। অৱশ্যে মার্ক্সে দর্শাইছে যে ‘ৰিকার্ডোৰ তত্ত্বসমূহক ঠিক তেতিয়ালৈকেহে ঔদ্যোগিক পুঁজিপতিহঁতৰ অনুকূল বুলিব পৰা যায়, যেতিয়ালৈকে মানৱ শ্রমৰ সৃষ্টিশীল বিকাশৰ স্বার্থৰ সৈতে সিহঁতৰ স্বার্থ অনুৰূপ হৈ থাকে। যি মূহুর্ততে বুর্জোৱাহঁতে মানৱ শ্রমৰ সৃষ্টিশীল বিকাশৰ পথত বাধা সৃষ্টি কৰিবলৈ ধৰে, ঠিক তেতিয়াই ৰিকার্ডোৰ তত্ত্বসমূহো সিহঁতৰ অর্থাৎ বুর্জোৱাহঁতৰ বিৰোধী হৈ পৰে’ (Theories of Surplus Value, ii 118)উদাহৰণস্বৰূপে, ১৮২১ চনত প্রকাশিত ‘প্রিঞ্চিপলছ অৱ পলিটিকেল ইকনমি’ৰ তৃতীয় সংস্কৰণটোত ৰিকার্ডোৱে যন্ত্রপাতি বিষয়ক এটা নতুন অধ্যায় অন্তর্ভুক্ত কৰিলে, য’ত তেওঁ যুক্তি প্রদর্শন কৰিলে যে  প্রযুক্তিবিদ্যাৰ উন্নতিৰ ফলস্বৰূপে নিবনুৱা সমস্যাও সৃষ্টি হব পাৰেৰিকার্ডোৰ ছাত্র জে আৰ মেককুলছে আতংকিত হৈ লিখিলে, “যদিহে আপোনাৰ যুক্তি সঁচা হয়, তেনেহলে লুড্ডাইট বিৰোধী আইন কানুনবোৰৰ উপস্থিতি লজ্জাজনক বুলি কোৱাটোহে উচিত হব।” বৈজ্ঞানিক সত্য-সন্ধানৰ প্রতি থকা এনে কঠোৰ নিষ্ঠাৰ বাবেই হয়তো পাছলৈ ৰিকার্ডোৰ বুর্জোৱা অনুগামীসকলে তেওঁৰ মূল্য তথা লাভাংশ তত্ত্বসমূহ লাহে লাহে পৰিত্যাগ কৰিলে।

অৱশ্যে ৰিকার্ডোৱেও ৰাজনৈতিক-অর্থনীতিবিদসকলৰ মৌলিক ধাৰণাসমূহ মানি লৈছিল। তেওঁ যুক্তি দর্শাইছিল যে ‘উৎপাদিত সামগ্রীৰ কিমান অংশ কোনে লাভ কৰিব’ – এই প্রশ্নটোৰ ভিত্তিতেই শ্রেণী-সংগ্রামৰ সূচনা হয়।  কিন্তু  সমাজখনৰ শ্রেণী বিভাগসমূহ  (অর্থাৎ এফালে উৎপাদনৰ আহিলাৰ মালিক বুর্জোৱা শ্রেণীটো আৰু আনফালে উৎপাদনৰ আহিলাৰ পৰা বঞ্চিত শ্রমিক শ্রেণীটো – যাৰ শ্রম শক্তিৰ বাহিৰে নিজাকৈ একো নাথাকে) তেওঁ প্রাকৃতিক বুলিয়েই গণ্য কৰিছিল।  

ঠিক তেনেদৰেই, যদিও ৰিকার্ডোৱে মার্ক্সৰ দৰেই বিশ্বাস কৰিছিল যে লাভাংশৰ মাত্রা ক্রমান্বয়ে কমি আহে, তথাপিও তেওঁ ইয়াৰ কোনো বৈজ্ঞানিক ব্যাখ্যা  প্রদান কৰিবলৈ সক্ষম হোৱা নাছিল। সমাজৰ অন্তর্ভাগৰ বিপৰীতে তেওঁ বর্হিভাগতহে ইয়াৰ ব্যাখ্যা বিচাৰি ফুৰিছিল। মালথুছৰ দৰেই  ৰিকার্ডোৱে বিশ্বাস কৰিছিল যে যিহেতু খাদ্য উৎপাদনৰ বৃদ্ধিৰ মাত্রাতকৈ জনসংখ্যা বৃদ্ধিৰ মাত্রা অধিক, সেয়েহে কৃষিকর্মৰ সৈতে জড়িত শ্রমিকৰ উৎপাদনশীলতা সময়ৰ লগে লগে কমি আহে।  (ইয়েই হৈছে তথাকথিত ‘law of diminishing returns’)ফলস্বৰূপে মজুৰীৰ অনুপাত বৃদ্ধি হয় আৰু লাভাংশৰ পৰিমাণ হ্রাসমান হৈ পৰে; অৱশেষত উৎপাদনৰ বৃদ্ধিৰ মাত্রা স্থবিৰ হৈ পৰাৰ পাছত লাভাংশৰ পৰিমাণো স্থবিৰ হৈ পৰেমার্ক্সৰ ভাষাত, ‘এইদৰেই ৰিকার্ডোৱে অর্থনীতিৰ ক্ষেত্রখনৰ পৰা পৰা পলায়ন কৰি অর্গেনিক ৰসায়নবিদ্যাৰ ক্ষেত্রখনত আশ্রয় লৈছিল’(G, 754)ৰিকার্ডোকে আদি কৰি এই সমস্ত ৰাজনৈতিক-অর্থনীতিবিদৰ দুর্বলতাৰ মূল কাৰণ আছিলঃ ইতিহাস সম্পর্কীয় এক ভ্রান্তিমূলক ধাৰণা যিটো তেওঁলোকে আলোকদীপ্তিৰ পৰা ধাৰ কৰি লৈছিল। অৱশ্যে ঐতিহাসিক পৰিবর্তন সম্পর্কে তেওঁলোক সম্পূর্ণভাৱে অজ্ঞ আছিল বুলি কব নোৱাৰি বৰঞ্চ ফৰাচী অর্থনীতিবিদ টুর্গট তথা কেইবাজনো স্কটিছ ইতিহাসবিদে মানৱ বিকাশৰ চাৰিটা স্তৰ চিহ্নিত কৰিছিলঃ চিকাৰী স্তৰ, পশুপালন স্তৰ, কৃষি-কর্মৰ স্তৰ তথা বাণিজ্যৰ স্তৰসিবিলাকৰ  ভিতৰত বাণিজ্য অর্থাৎ পুঁজিবাদৰ স্তৰটোৱেই হৈছে মানৱ ইতিহাসৰ সবাটোকৈ বিকশিত, প্রাকৃতিক তথা অন্তিমটো স্তৰআন কথাত, পুঁজিবাদৰ পাছত দুনাই আন কোনো ব্যৱস্থা স্থাপিত হোৱাৰ সম্ভাৱনা নাই কিয়নো পুঁজিবাদেই হৈছে আটাইতকৈ প্রাকৃতিক ব্যৱস্থা। মানৱ প্রকৃতিৰ অন্যতম বৈশিষ্ট - ‘বস্তুৰ বেচা-কিনা তথা বিনিময়ৰ প্রতি থকা ধাউতি’ৰ তার্কিক(logical) তথা অন্তিম ফলাফল হিচাপেই অৱশেষত পুঁজিবাদৰ জন্ম হৈছে। এইজাতীয় চিন্তাধাৰা সম্পর্কে মার্ক্সে এনেদৰে লিখিছেঃ
   
অর্থনীতিবিদসকল একমাত্রিক কার্যপ্রণালীৰ দ্বাৰা পৰিচালিত হয়। তেওঁলোকৰ মতে কেৱল দুইধৰণৰ অনুষ্ঠান আছেঃ প্রাকৃতিক অনুষ্ঠান তথা কৃত্রিম অনুষ্ঠান। সামন্তীয় অনুষ্ঠানসমূহ হৈছে কৃত্রিম অনুষ্ঠান; আনহাতে বুর্জোৱা অনুষ্ঠানসমূহ হৈছে প্রাকৃতিক অনুষ্ঠান। যেতিয়া এই অর্থনীতিবিদসকলে কয় যে বর্তমানৰ সম্পর্কসমূহ – অর্থাৎ বুর্জোৱা উৎপাদন সম্পর্কসমূহ- প্রাকৃতিক, তাৰ দ্বাৰা তেওঁলোকে এইটোকে বুজাব খোজে যে  প্রকৃতিৰ নিয়ম অনুসৰিয়েই সিবিলাকৰ গঠন হৈছে। অর্থাৎ বুর্জোৱা উৎপাদন সম্পর্কসমূহেই হৈছে সম্পদ সৃষ্টি কৰাৰ একমাত্র প্রাকৃতিক ৰূপ। ভিন ভিন সময় অনুসৰি এই সম্পর্কসমূহ যে পৰিবর্তিত হৈ পৰিব পাৰে, এই কথাটোৰ প্রতি তেওঁলোকে ভ্রুক্ষেপ নকৰেতেওঁলোকৰ মতে অনন্ত কাললৈ এই উৎপাদন সম্পর্কসমূহৰ অধীনতেই সম্পদ সৃষ্টি কৰা হব। অর্থাৎ এসময়ত ইতিহাসৰ বিকাশ ঘটিছিল যদিও বর্তমানে তাৰ অন্ত পৰিছে। (Collected Works, Vol. vi, page 174).

হেগেল আৰু দ্বন্দ্ববাদ
ধ্রুপদী ৰাজনৈতিক-অর্থনীতিবিদসকলে নিজকে এক বিচিত্র স্থিতিত আৱিষ্কাৰ কৰিলে। এফালে তেওঁলোকে নিজেই পুঁজিবাদী সমাজৰ মূল দ্বন্দ্ব - অর্থাৎ শ্রম আৰু পুঁজিৰ দ্বন্দ্ব উন্মোচিত কৰিলে, আৰু আনফালে আকৌ পুঁজিবাদী সমাজকে তেওঁলোকে প্রাকৃতিক সমাজ বুলি ঘোষণা কৰিলে।  অর্থাৎ তেওঁলোকৰ মতে পুঁজিবাদেই হৈছে মানৱ ইতিহাসৰ সবাটোকৈ অন্তিমটো স্তৰ

এই জাতীয় দৃষ্টিভংগীৰ আঁৰত বহুতো ৰাজনৈতিক তথা মতাদর্শগত কাৰণ বিচাৰি চাব পাৰিকিন্তু মূলতঃ ই আলোকদীপ্তিকালৰ সবাটোকৈ প্রধান দুর্বলতাটোৰ  কথাই আমাক সোঁৱৰাই দিয়ে। এই দুর্বলতাটো হৈছে– আলোকদীপ্তিকালীন পণ্ডিতসকলে ‘ঐতিহাসিক পৰিবর্তন কিয় আৰু কেনেদৰে সম্ভৱপৰ হয়’ – এই সম্পর্কে কোনো বৈজ্ঞানিক ধাৰণা বিকশিত কৰিবলৈ সক্ষম হোৱা নাছিল। ইতিহাস বুলিলে তেওঁলোকে ‘মানৱ বুদ্ধি(reason)ৰ ক্রমবিকাশ’ বুলিয়েই গণ্য কৰিছিল। এই দুর্বলতাৰ কাৰণ আছিলঃ আলোকদীপ্তিকালৰ যান্ত্রিক বস্তুবাদ। গেলিলিঅ’, নিউটন আদিৰ পদার্থবিদ্যাই সত্তাসমূহৰ  সক্রিয়তাৰ কাৰণ হিচাপে মূলতঃ  বাহ্যিক শক্তিসমূহ যেনে মাধ্যাকর্ষণ শক্তি আদিৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল।  কিন্তু কেল বাহ্যিক শক্তিৰ প্রভাৰ দ্বাৰা জীৱ-জগতৰ পৰিবর্তনসমূহ বুজাটো সম্ভপৰ নহয়। জীৱসমূহে বিকাশৰ এটা প্রক্রিয়াৰ মাজেৰে আগবাঢ়ে - সিবিলাকে জন্ম লাভ কৰে, যৌবনপ্রাপ্ত হয় আৰু অৱশেষত মৃত্যু বৰণ কৰে – তাৰ আঁৰত জীৱসমূহৰ কোনো আভ্যন্তৰীণ বৈশিষ্টই ক্রিয়া কৰে বুলি কব পাৰি।  অর্থাৎ কোনো বাহ্যিক কাৰকৰ বিপৰীতে আভ্যন্তৰীণ কাৰকসমূহেহে এইক্ষেত্রত মূল ভূমিকা পালন কৰে

বিকাশ আৰু পৰিবর্তনৰ সন্তোষজনক ব্যাখ্যা ডাঙি ধৰিব নোৱাৰাৰ বাবে ১৮ শতিকাৰ শেহৰ ফাললৈ জার্মানীকে আদি কৰি কেতবোৰ দেশত যান্ত্রিক বস্তুবাদৰ ঠাইত ‘প্রকৃতিৰ দর্শন’(Natur-philosophie) নামেৰে এক নতুন চিন্তা ধাৰাৰ আৱির্ভাৱ ঘটিল। ই বাহ্যিক কাৰকৰ বিপৰীতে, জীৱসমূহৰ আভ্যন্তৰীণ কাৰক বা উদ্দেশ্যসমূহৰ সন্ধান কৰিলে। এই ধাৰাটোৰ বেছিভাগ তত্ত্বকে আজি ৰহস্যবাদী, প্রতিক্রিয়াশীল তথা পশ্চাদগামী বুলি কব পাৰিউদাহৰণস্বৰূপে, এই ধাৰাটোৰ বেছিভাগ অনুগামীৰ মতে সকলো সৃষ্টিৰে আঁৰত কোনো বিৰাট উদ্দেশ্য লুকাই আছে; অর্থাৎ শেহত কবলৈ গলে জগতখন মূলতঃ ভগবানৰে সৃষ্টি! বিজ্ঞানৰ বিভিন্ন আৱিষ্কাৰ যেনে ডাৰউইনৰ ক্রমবিকাশৰ তত্ত্ব, অর্গেনিক কোষৰ আৱিষ্কাৰ, মেণ্ডেলৰ জেনেটিকচ আদিৰ সহায়ত আজি আমি অৱশ্যে ভগবানৰ প্রসংগ ননাকৈয়ে জীৱসমূহৰ ক্রিয়াশীলতাৰ ব্যাখা ডাঙি ধৰিব পাৰোঁপ্রকৃতিৰ দর্শনৰ এই পশ্চাদমুখিতা স্বত্ত্বেও এই ধাৰাটোৰ আৱির্ভাৱক আমি গুৰুত্বপূর্ণ বুলি কবই লাগিব কিয়নো ই পোন প্রথমবাৰৰ বাবে মানৱ সমাজখনক এটা জীৱ(organism)ৰ ৰূপত কল্পনা কৰাত সহায় কৰিলে। এটা জীৱৰ দৰেই সমাজ এখনৰো বিকাশ আৰু পৰিবর্তন সংঘটিত হয়। যান্ত্রিক বস্তুবাদৰ মতে সমাজখন হৈছে পৃথক পৃথক ব্যক্তিবিশেষৰ এটা সমষ্টি মাথোঁ; য’ত সকলোৱেই নিজ নিজ স্বার্থ লৈ ব্যস্ত। পিছে এতিয়া জীৱৰ ৰূপত সমাজখনক কল্পনা কৰাৰ ফলত ব্যক্তি যে সমাজৰ বাহিৰত অৱস্থিত কোনো সত্তা নহয়, অর্থাৎ মানুহ মাত্রেই যে এটি সামাজিক জীৱ – এই কথাটো স্পষ্ট হৈ পৰিল। লগতেই এইটোও স্পষ্ট হৈ পৰিল যে যেনেদৰে বিকাশ আৰু অৱক্ষয় (decay) সকলো জীৱৰ লগতে জড়িত একোটাহঁত প্রাকৃতিক ঘটনা, ঠিক তেনেদৰেই ইতিহাসো সমাজৰ সৈতে জড়িত এক প্রাকৃতিক ঘটনাঅর্থাৎ সমাজখনক কেৱল ঐতিহাসিকভাৱেহে বুজি পোৱাটো সম্ভৱপৰ হব।

সমাজ সম্পর্কীয় এনে কেতবোৰ ধাৰণাৰ ওপৰত ভিত্তি কৰিয়েই ৱিলহেম ফ্রেডৰিক হেগেলে তেওঁৰ দার্শনিক চিষ্টেম(system)টো গঠন কৰিলে। তেওঁৰ চিষ্টেমটোৰ কেন্দ্রতে আছিল চিন্তাচর্চাৰ এক সুকীয়া ধাৰা – যাক দ্বন্দ্ববাদ বুলিও কোৱা হয়দ্বন্দ্ববাদে ঐতিহাসিক প্রক্রিয়াসমূহ বুজিবলৈ এক বিশেষ আধাৰ প্রদান কৰিছিল। দ্বন্দ্ববাদৰ দুটা মূল কথা হৈছেঃ (১) ‘সকলো বস্তুৱেই হৈছে অন্তর্বিৰোধী(contradictory)’ (২) সকলো গতি(movement) আৰু জীৱনৰ গুৰিতে অন্তর্বিৰোধ লুকাই আছে; অন্তর্বিৰোধ থকাৰ বাবেহে কোনো বস্তু বা জীৱই গতি কৰিব পাৰে’ এটা উদাহৰণ দিয়া যাওঁকঃ লালুকী এটা যেতিয়া ভেকুলীলৈ ৰূপান্তৰিত হয়, তেতিয়া আৰু সি লালুকী হৈ নাথাকে। অর্থাৎ লালুকীটো ভেকুলীতকৈ বেলেগ বস্তু। ভেকুলীটো ঠিক সেই লালুকীটোৱেই নহয়। হেগেলৰ ভাষাত ভেকুলীটো হৈছে লালুকীটোৰ খণ্ডন(negation)পিছে সেই লালুকীটোৰ মাজতেই কিন্তু ভেকুলী হোৱাৰ সম্ভাৱনা লুকাই আছিল। অর্থাৎ লালুকীটোৰ মাজতেই তাৰ খণ্ডন (negation) লুকাই আছিল। আন কথাত, লালুকীৰ অস্তিত্বৰ মাজত এক অন্তর্বিৰোধ লুকাই আছিল। কেৱল এই অন্তর্বিৰোধৰ অস্তিত্বৰ বলতেই যিকোনো বস্তু বা জীৱই বিকাশ লাভ কৰিব পাৰেবাস্তৱ হৈছে এনে এটি প্রক্রিয়া যাৰ মাজেৰে বাৰম্বাৰ বস্তুৰ মাজত লুকাই থকা অন্তর্বিৰোধসমূহ পোহৰলৈ আহে আৰু এইদৰেই বস্তুবোৰ পৰিবর্তিত হয়। অর্থাৎ বাস্তৱ সদায়েই গতিশীল তথা পৰিবর্তনশীল।

হেলেগে লগতে কলেঃ যেতিয়া কোনো বস্তুৱে নিজকে খণ্ডন কৰে, তেতিয়া সি তাৰ বিপৰীত(opposite)লৈ পৰিণত হয়। উদাহৰণস্বৰূপে পৰিমাণ(quantity)ৰ পৰা গুণলৈ(quality) হোৱা ৰূপান্তৰণৰ কথা কব পাৰি।  কোনো বস্তুৰ মাজত হোৱা সৰু-সুৰা পৰিবর্তনে তাৰ মূল গুণগত বৈশিষ্ট্য সলনি নকৰেকিন্তু এনে পৰিবর্তনসমূহে এটা বিশেষ পর্যায় পাৰ কৰাৰ পাছত বস্তুটোৰ মূল বৈশিষ্ট্যও  সলনি হৈ পৰেউদাহৰণস্বৰূপে, পানীৰ তাপমাত্রা যদি কিছু কমাই বা বঢ়াই দিয়া হয়, তেতিয়া পানীৰ মূল বৈশিষ্ট্য সলনি নহয়। কিন্তু তাপমাত্রা কমাই যদি শূণ্য ডিগ্রীলৈকে লৈ যোৱা হয়, তেতিয়া পানীৰ গুণগত বৈশিষ্ট্যও সলনি হৈ পৰে; পানী তেতিয়া বৰফ হৈ পৰেঠিক তেনেকৈয়ে পানীৰ তাপমাত্রা যদি ১০০ ডিগ্রীলৈকে বঢ়াই দিয়া হয়, তেতিয়া সি ভাপ হৈ পৰে অর্থাৎ পানীৰ তাপমাত্রাৰ  পৰিমাণগত পৰিবর্তনে এটা সময়ত তাৰ গুণগত বৈশিষ্ট্য সলনি কৰি পেলায়।  ‘পৰিমাণ’(quantity) তাৰ বিপৰীত ‘গুণ’(quality)লৈ ৰূপান্তৰিত হয়। কিন্তু এই আপাত বৈপৰীত্যৰ আঁৰত কিন্তু এটা আধাৰভূত ঐক্য(unity)ও লুকাই আছে। পানী, বৰফ আৰু ভাপ – এই তিনিওটা মিলিয়েই এই ঐক্য গঠন কৰিছে। সেয়েহে কেৱল পানী বা বৰফ বা ভাপলৈ চায়েই সত্য(truth)ৰ উমান লব পৰা নাযাব। তিনিওটাকে একেলগে চাব লাগিব। তদুপৰি মন কৰিবলগীয়া যে কেৱল গতিশীলতা(movement)ৰ প্রতি লক্ষ্য কৰিলেহে আটাইকেওটাকে একেলগে চাব পৰা যায় (বৰফ>পানী->ভাপ)।  আন কথাত, সত্যৰ উমান লবলৈ হলে এই ঐক্যৰ গতিশীলতালৈ (বৰফ>পানী>ভাপ) মন দিব লাগিব। অর্থাৎ ঐক্য হৈছে এক গতিশীল বস্তুএই গতিৰ প্রতি মন নকৰিলে বস্তুবোৰ কেৱল খণ্ডিত ৰূপতহে ধৰা পৰিব (কেৱল পানী বা বৰফ বা ভাপৰ ৰূপত ধৰা পৰিব)।  যিহেতু ঐক্য হৈছে গতিশীল, সেয়েহে সত্য(truth)কো গতিশীল বুলি কব লাগিব। হেগেলৰ ভাষাত, ‘Neither the one nor the other has the truth. The truth is in their movement’

কথাখিনি ভালকৈ বুজিবলৈ লালুকী আৰু ভেকুলীৰ উদাহৰণটোলৈ ঘূৰি যোৱা যাওঁক। লালুকী আৰু ভেকুলী – দুয়োটায়ে হৈছে দুটা পৃথক পৃথক সত্তা। সেই অর্থত দুয়োটা হৈছে ইটো সিটোৰ বিপৰীত। কিন্তু ভেকুলীটো লালুকীৰ পৰাই বিকশিত হৈছিল। এসময়ত ই সেই লালুকীটোৱেই আছিল। অর্থাৎ ভেকুলী আৰু লালুকী – দুয়োটাকে একেটা প্রক্রিয়াৰে প্রাৰম্ভণি আৰু সমাপ্তি বুলি কব পাৰি। 

সেয়েহে হেগেলৰ মতে যদিহে আমি কেৱল বস্তু-বিশেষ(individual things)ৰ  ওপৰত দৃষ্টি নিক্ষেপ কৰোঁ, তেতিয়া আমি কেৱল বস্তুবোৰৰ মাজত থকা পার্থক্যসমূহহে দেখা পাম। কিন্তু দ্বন্দ্ববাদী দৃষ্টিৰে চালে আমি দেখিম যে বস্তুবোৰ একেটা প্রক্রিয়াৰে অংশবিশেষ মাথো। অর্থাৎ সিবিলাক ইটো সিটোৰ লগত সংলগ্ন। সেয়েহে সামগ্রিকতা(whole)ই হৈছে সত্য বস্তুবোৰৰ প্রকৃত তাৎপর্য তেতিয়াহে বুজিব পৰা যাব যেতিয়া সিবিলাকক পৰিবর্তনৰ প্রক্রিয়া একোটাৰ অংশবিশেষ হিচাপে চোৱা যায়।  দ্বন্দ্ববাদ নামৰ এই দার্শনিক পদ্ধতিটোক তিনিটা স্তৰত ভগাই চাব পাৰিঃ ১) সাধাৰণ ঐক্য – যেতিয়া আমি বস্তু একোটাক পৰিবর্তনৰ প্রক্রিয়াটো ত্বৰাম্বিত হোৱাৰ পূর্বেই লক্ষ্য কৰোঁ) খণ্ডন – যেতিয়া বস্তুটোৰ পৰিবর্তন ঘটি তাৰ বিপৰীত(opposite)ৰ আৱির্ভাৱ হয়। ৩) খণ্ডনৰ খণ্ডন (negation of negation) – যেতিয়া এই বৈপৰীত্যৰ মাজত থকা বৃহত্তৰ ঐক্য(greater unity)ক পুণৰ স্থাপন কৰা হয়।

হেগেলৰ ধাৰণাসমূহ বুজিবলৈ আমি এতিয়ালৈকে  কেতবোৰ অতিশয় সাধাৰণ উদাহৰণৰ সহায় লৈছোঁ। হেগেলে নিজে কিন্তু কেৱল চিন্তন(thought) আৰু সমাজকহে বিশুদ্ধভাৱে দ্বন্দ্বমূলক বুলি কৈছিল। তেওঁৰ মতে প্রকৃতিৰ সমস্ত পৰিঘটনা তথা মানৱ সমাজৰ সমস্ত স্তৰসমূহ একেলগে সামৰা বৃহত্তৰ ঐক্যৰ নাম হৈছে পৰম আত্মা (absolute spirit)চাবলৈ গলে এই পৰমাত্মাৰ আন এটা নামেই হৈছে ভগবান। সকলো বস্ত ভগবানৰ সীমাহীন মগজুতেই অস্ত্বিত্বমান হৈ আছে।

হেগেলৰ মতে ভগবান হৈছে দ্বন্দ্বৰ প্রথমটো স্তৰঃ অর্থাৎ সাধাৰণ ঐক্যৰ স্তৰএই ভগবানৰ অন্তর্বিৰোধ(contradiction)ৰ পৰা তাৰ বিপৰীত অর্থাৎ প্রকৃতিৰ সৃষ্টি হ’ল (দ্বন্দ্বৰ দ্বিতীয়টো স্তৰ)তাৰ পাছত ভগবান আৰু প্রকৃতিৰ এক বৃহত্তৰ ঐক্য স্থাপন হল – মানৱ চেতনাৰ বিকাশৰ মাজেদিয়েই এই ঐক্য সম্ভৱপৰ হল (দ্বন্দ্বৰ তৃতীয়টো স্তৰ)ইয়াৰ পৰাই অৱশেষত খোদ হেগেলৰ দর্শনৰো আৱির্ভাৱ ঘটিল!

হেগেলে লিখিছে যে মানৱ চেতনাই নিজকে প্রকৃতিতকৈ স্বতন্তৰীয়া  এক সত্তা বুলি ভাবে; সেয়েহে আনৰ(অর্থাৎ প্রকৃতিৰ) পৃথিবীখনত ই নিজকে অকলশৰীয়া আৰু দিকহীন যেন অনুভৱ কৰেইয়াক বিচ্ছিন্নকৰণ(alienation) বুলিও কোৱা হয়। অৱশ্যে মানৱ চেতনাৰ বিকাশ সাধন কৰি এই বিচ্ছিন্নকৰণৰ পৰা মুক্তি পোৱা সম্ভৱএই বিকাশ সাধনৰ অর্থই হৈছে যে এতিয়া মানৱ চেতনাই নিজকে প্রকৃতিৰ সৈতে একাত্মবোধ কৰিব আৰু এই কথা বুজি পাব যে মানৱ চেতনা আৰু প্রকৃতি হৈছে এটি বৃহত্তৰ ঐক্য অর্থাৎ পৰমাত্মাৰে দুটি দিশ।

হেগেলৰ এই তত্ত্বসমূহত আলোকদীপ্তিৰ সুস্পষ্ট প্রভাৱ দেখিবলৈ পোৱা যায়; আলোকদীপ্তিৰ মতে - ‘ইতিহাস হৈছে মানৱ মানসৰে প্রগতি মাথোঁ।’ এইখিনি কথাকে কিছুদূৰৈলৈ বিকশিত কৰি হেগেলে কলে যে ‘ইতিহাস হৈছে পৰম আত্মাৰে প্রগতি মাথোঁ’; বা  ‘ইতিহাস হৈছে বিভিন্ন ঘটনাৰ ৰূপ ধাৰণ কৰি বিকশিত হোৱা মানস মাথো’এই ধাৰণাসমূহৰ ওপৰত ভিত্তি কৰিয়েই হেগেলে এটি বৃহৎ দার্শনিক চিষ্টেম গঠন কৰিলে। চাবলৈ গলে হেগেলৰ নিজা মতামতসমূহ অতিশয় প্রতিক্রিয়াশীল তথা পশ্চাদগামী আছিল। সেয়েহে আমাৰ বাবে তেওঁৰ মতামতসমূহৰ বিপৰীতে তেওঁ বিকশিত কৰা দ্বন্দ্বমূলক পদ্ধতিটোহে অধিক গুৰুত্বপূর্ণ।

দ্বন্দ্ববাদী দৃষ্টিভংগীয়ে সকলো বস্তুৰ মাজতে অন্তর্বিৰোধ আৱিষ্কাৰ কৰেফলস্বৰূপে হেগেলেও তেওঁৰ সমসাময়িক সমাজখনৰ অন্তর্বিৰোধসমূহ ভালকৈয়ে বুজি পাইছিল। কিন্তু সিবিলাকৰ সমিধান হিচাপে তেওঁ কেতবোৰ অতিশয় প্রতিক্রিয়াশীল তথা পশ্চাদগামী ধাৰণাৰ পোষকতা কৰিছিল। উদাহৰণস্বৰূপে The Philosophy of Right (1821) গ্রন্থখনিত তেওঁ যুক্তি প্রদর্শন কৰিলে যে যদিহে বজাৰ অর্থনীতিখনিক নিয়ন্ত্রণ কৰা নহয়, ই বিভিন্ন ধৰণৰ সামাজিক বেমেজালি, দাৰিদ্রতা, স্থবিৰতা তথা অশান্তিৰ সৃষ্টি কৰিব। বুর্জোৱা সামাজিক ব্যৱস্থাৰ দ্বন্দ্বসমূহৰ সমিধান সেই সমাজখনৰ পৰা স্বাধীন এক আমোলাতান্ত্রিক শক্তিশালী ৰাষ্ট্রইহে কৰিব পাৰিব (অর্থাৎ প্রুচিয়ান ৰাজতন্ত্রইহে কৰিব পাৰিব!)। হেগেলৰ এই ধাৰণা – যে ‘পৰমাত্মাৰ মাজতেই সকলো দ্বন্দ্বৰ সমিধান ঘটে’ – ইয়েই তেওঁক স্থিতাৱস্থাৰ সমর্থকলৈ পৰিণত কৰিলে। দ্বন্দ্ববাদী পদ্ধতিৰ প্রকৃত বিপ্লৱী সম্ভাৱনীয়তাসমূহ তেওঁৰ পাছৰ অনুগামীসকলেহে আৱিষ্কাৰ কৰিলে।

ফয়াৰবাখৰ বস্তুবাদী সমালোচনা
হেগেলৰ মতে ‘সকলো গতি আৰু জীৱনৰ গুৰিতে অন্তর্বিৰোধ লুকাই আছে’, আৰু বাস্তৱৰ অর্থই হৈছে  গতি তথা পৰিবর্তন। সমাজৰ ওপৰত এই ধাৰণাসমূহ প্রয়োগ কৰিলে সিবিলাকৰ বৈপ্লৱিক তাৎপর্য স্পষ্ট হৈ পৰেএংগেলছৰ ভাষাতঃ

সকলো ঐতিহাসিক ব্যৱস্থাকে সংক্রমণশীল ব্যৱস্থা বুলি কব পাৰি কিয়নো সিবিলাক মানৱ সমাজৰ অন্তহীন বিকাশ যাত্রাৰ বিভিন্ন পর্যায় মাথো। প্রত্যেকটো পর্যায়েই প্রয়োজনীয়, আৰু সেয়েহে তাৰ বিশিষ্ট সময় আৰু পৰিস্থিতিত তাক ন্যায্যতা প্রদান কৰা হয়। কিন্তু নতুন তথা উচ্চতৰ পৰিস্থিতিৰ উদ্ভৱ হলে (যি নেকি পুৰণি পর্যায়টোৰ গর্ভৰ পৰাই সৃষ্টি হয়) পুৰণি পর্যায়টোৱে তাৰ স্বীকৃতি আৰু ন্যায্যতা হেৰুৱাই পেলায়। এনে স্থিতিত ই সেই উচ্চতৰ পর্যায়টোলৈ বাট মুকলি কৰি দিবই লাগিব আৰু এসময়ত ঠিক তেনেকৈয়ে এই উচ্চতৰ পর্যায়টোৰো নিপাত ঘটিব। (SW iii 339).

অর্থাৎ পুঁজিবাদেই ইতিহাসৰ অন্তিমটো পর্যায় নহয় আৰু ইয়াৰ গর্ভৰ মাজতে নতুন বৈকল্পিক সমাজ এখনৰ সম্ভাৱনীয়তা লুকাই আছে। হেগেলীয় দর্শনৰ এনে বৈপ্লৱিক সম্ভাৱনীয়তাসমূহ অনুধাৱন কৰিয়েই ১৯ শতিকাৰ বিখ্যাত ৰাছিয়ান বিপ্লৱী এলেক্সেণ্ডাৰ হার্জেনে মন্তব্য কৰিছিলঃ  ‘হেগেলৰ দর্শনক বিপ্লৱৰ পাটিগণিত বুলিব পাৰি

কিন্তু এইক্ষেত্রত এটা সমস্যা আছিল। উপমাৰ সহায়ত কবলৈ গলে হেগেলৰ সমস্ত দর্শন ভৰিৰ ওপৰত থিয় দি থকাৰ বিপৰীতে উলম্ব হৈ অর্থাৎ মূৰৰ ওপৰত থিয় দি আছিল। তেওঁ প্রাকৃতিক আৰু ঐতিহাসিক ঘটনাসমূহৰ আঁৰত ক্রিয়াশীল দ্বন্দ্বমূলক প্রক্রিয়াটো আৱিষ্কাৰ কৰিছিল। সমস্ত পৰিঘটনাৰ আঁৰত থকা সাধাৰণ বৈশিষ্টসমূহ একাষৰীয়া কৰি তেওঁ বুজিব খুজিছিলএই সাধাৰণ বৈশিষ্টসমূহকেই তেওঁ তেওঁৰ লজিকৰ আধাৰ কৰি লৈছিল। কিন্তু তাৰ পিছতে তেওঁ ঘোষণা কৰিছিল - সমস্ত জীৱন আৰু গতিৰ বাবে  এই লজিকেল কেটেগৰীসমূহেই দায়ী। অর্থাৎ পৃথিবীখন বুজাৰ ক্ষেত্রত এক পদ্ধতি হোৱাৰ বিপৰীতে দ্বন্দ্ববাদ স্বয়ং নিয়ন্ত্রণকাৰী কাৰক হৈ পৰিছিল। ফলত হেগেলে এইবুলি কবলৈ বাধ্য হৈছিলঃ চিন্তনেই বাস্তৱৰ  সৃষ্টি কৰে, যেনেকৈ ভগবানে পৃথিবীখন সৃষ্টি কৰিছে।

মার্ক্সে লিখিছে, ‘হেগেলৰ ভ্রান্তি হৈছিল যে বাস্তৱ চিন্তনৰে সৃষ্টি’ কিন্তু ‘প্রকৃত চাবজেক্টৰ এক স্বায়ত্ত্ব অস্তিত্ব আছে যাৰ অৱস্থান মূৰৰ বাহিৰত’ (G 101)অর্থাৎ ‘এতিয়ালৈকে দ্বন্দ্ববাদ মূৰৰ ওপৰত ঠিয় হৈ আছে। তাক ভৰিৰ ওপৰত ঠিয় কৰোৱাটো প্রয়োজনীয়তেতিয়াহে তাৰ ৰহস্যময়ী খোলাটোৰ পৰা যুক্তিবাদী শাহটো উলিয়াই আনিব পৰা যাব (C i 103)

চিন্তনৰ পৰা সৃষ্টি হোৱা আন আন কেটেগৰীসমূহৰ দৰেই দ্বন্দ্ববাদী কেটেগৰীসমূহেও বাস্তৱ বস্তুগত জগতখনক প্রতিফলিত কৰেসিবিলাক বস্তুগত জগতজন বুজাৰ ক্ষেত্রত নিশ্চয়েই সহায়ক সজুঁলি হব পাৰে কিন্তু তাৰ আগতে সিবিলাকক ‘ৰহস্যময়ী খোলাটোৰ’ পৰা উদ্ধাৰ কৰাটো প্রয়োজনীয়। এইক্ষেত্রত লুডৱিগ ফয়াৰবাখেই প্রথম পদক্ষেপটো ললে। চাবলৈ গলে তেঁৱেই পোন প্রথমবাৰৰ বাবে হেগেলৰ তত্ত্বসমূহক মূৰৰ পৰিবর্তে ভৰিৰ ওপৰত ঠিয় কৰালে।

হেগেলে কৈছিল যে ভগবান হৈছে প্রথমটো ‘সাধাৰণ ঐক্য’ অর্থাৎ পৰমাত্মা। তাৰ পাছত আহিল খণ্ডন(negation), অর্থাৎ বস্তুগত পৃথিবীখন যি নেকি ভগবানৰ বিৰোধী বা ভগবানৰ পৰা বিচ্ছিন্ন। তাৰ পাছত অন্তর্বিৰোধৰ তৃতীয়টো স্তৰ অর্থাৎ মানৱ চেতনাৰ বিকাশৰ মাজেদি ভগবান আৰু বস্তুজগতৰ এক বৃহত্তৰ ঐক্য স্থাপন হল। এইখিনিতে ফয়াৰবাখে যুক্তি প্রদর্শন কৰিলে যে হেগেলে মানৱ অস্তিত্বৰ এটি সাধাৰণ বৈশিষ্ট্য অর্থাৎ চিন্তনৰ ক্ষমতাটোক অস্তিত্বৰ নিয়ন্ত্রণকাৰী নীতিলৈ পৰিণত কৰি পেলালে।  অর্থাৎ মানুহক বস্তুজগতৰ এটি অংশ হিচাপে চোৱাৰ বিপৰীতে,  আৰু চিন্তনক এটি মানৱীয় ক্ষমতা (যাৰ দ্বাৰা মানুহে জগত সম্পর্কে ভবা চিন্তা কৰে, যাৰ দ্বাৰা মানুহে বস্তুগজগতখনক প্রতিফলিত কৰে) বুলি ভবাৰ বিপৰীতে, হেগেলে মানৱ আৰু প্রকৃতিক চৰম শক্তিমান পৰম আইডিয়াটোৰ প্রতিফলন বুলি ভাবি ললে।

ফয়াৰবাখৰ মতে এইখিনিতেই সকলো ধর্মৰ  শিপা লুকাই আছে। ধর্মই বিভিন্ন মানৱীয় ক্ষমতা -যেনে  ভবা চিন্তাৰ ক্ষমতা, কাম কৰাৰ ক্ষমতা, পৃথিবীখন পৰিবর্তন কৰিব পৰাৰ ক্ষমতা - আদিক এটি কাল্পনিক সত্তা অর্থাৎ ভগবানৰ ক্ষমতা হিচাপে  প্রদর্শন কৰে অর্থাৎ এই ক্ষমতাসমূহ মানুহৰ পৰা ভগবানলৈ স্থানান্তৰিত হৈ পৰে।  ফলত মানুহ নিজৰ ক্ষমতাসমূহৰ পৰাই বিচ্ছিন্ন হৈ পৰে; এনে প্রতীত হয় যেন সিবিলাক কোনো মানৱীয় ক্ষমতা নহয়। আন কথাত, স্বয়ং মানুহৰ চিন্তাৰ পৰা উদ্ভৱ হোৱা এটি বস্তু (অর্থাৎ ভগবান)  সর্বজ্ঞানী আৰু পৰম শক্তিশালী  এটি সত্তালৈ পৰিণত হয়। তাৰ বিপৰীতে, সকলো ক্ষমতাৰ প্রকৃত অধিকাৰী মানুহ হৈ পৰে দুর্বল, পাপী আৰু মূর্খ এটি সত্তা, যি ভগবানৰ ওচৰত চিৰ নির্ভৰশীল!

ধর্ম বিষয়ক ফয়াৰবাখৰ এই বস্তুবাদী বিশ্লেষণে বাওঁ হেগেলবাদীসকলৰ মাজত ধুমুহাৰ সৃষ্টি কৰিলে। এংগেলছে ফয়াৰবাখৰ The Essence of Christianity (1841) শীর্ষক গ্রন্থখনিৰ বিষয়ে এনেদৰে লিখিছেঃ

[ফয়াৰবাখৰ গ্রন্থখনিয়ে] বস্তুবাদক পুণৰ সিংহাসনত অধিষ্ঠিত কৰিলে। দর্শনৰ বাহিৰতো প্রকৃতিৰ এক স্বতন্তৰীয়া অস্তিত্ব আছে। এই প্রকৃতিৰ ভিত্তিতেই আমিবোৰ ডাঙৰ দীঘল হৈছোঁ; মানৱ প্রজাতি এই প্রকৃতিৰেই সৃষ্টি। মানুহ আৰু প্রকৃতিৰ বাহিৰে এই জগতত আন একো নাই। ধর্ম কল্পিত উচ্চতৰ সত্তাবোৰ প্রকৃততে মানৱ সাৰমর্মৰ ফেণ্টাচী ৰূপী প্রতিফলনৰ বাহিৰে আন একো নহয়। ...কিতাপখনৰ মুক্তিদায়ী প্রভাৱ পঢ়াজনে ভালকৈ উপলব্ধি কৰিব। সকলোৱেই উৎসাহী হৈ পৰিছিল; আমিও তৎক্ষণাতে ফয়াৰবাখবাদী হৈ পৰিলো (SW iii 344)

ফয়াৰবাখৰ কৃতিত্ব এইখিনিতে যে তেওঁ আলোকদীপ্তিকালীন বস্তুবাদক পুণৰ স্থাপন কৰিলে। তেওঁ ব্যৱহাৰ কৰা প্রাথমিক কেটেগৰীটো আছিল মানৱ চৰিত্র বা তেওঁৰ ভাষাত ‘জীৱ সত্তা’। অৱশ্যে ফুৰিয়াৰ তথা অন্যান্য ইউট’পিয়ান  সমাজবাদীৰ দৰেই তেৱোঁ ‘মানৱ চৰিত্র’ মানেই কেৱল ব্যক্তি স্বার্থ বুলি মানি লবলৈ অস্বীকাৰ কৰিলে। বৰঞ্চ তেওঁ কলে ‘মানুহৰ সাৰমর্ম কেৱল সম্প্রদায়ৰ মাজত, অর্থাৎ মানুহৰ লগত মানুহৰ ঐক্যৰ মাজতহে লুকাই আছে।’

কিন্তু আন আন আলোকদীপ্তিকালীন চিন্তাবিদৰ দৰেই ফয়াৰবাখেও মানি ললে যে মানৱ চৰিত্র অপৰিবর্তনশীল। সেয়েহে, ফয়াৰবাখৰ মতে  মানুহক তেওঁলোকৰ প্রকৃত চৰিত্র সম্পর্কে সচেতন কৰোৱাটোৱেই হৈছে মূল কথা। পিছে ই কেৱল শিক্ষাৰ এটি প্রক্রিয়াৰ মাজেৰেহে সম্ভৱপৰ হ’ব, যাৰ উদ্দেশ্যই হ’ব মানুহৰ মানসৰ পৰা ধর্মৰ প্রভাৱ ধ্বংস কৰামার্ক্সে ফয়াৰবাখৰ বিষয়ে সঠিককৈয়ে লিখিছে, ‘ফয়াৰবাখ যেতিয়া বস্তুবাদী হৈ থাকে, তেতিয়া তেওঁ ইতিহাসৰ কথা আলোচনা নকৰে আৰু যেতিয়া তেওঁ ইতিহাস সম্পর্কে আলোচনা কৰে, তেতিয়া আৰু তেওঁ বস্তুবাদী হৈ নাথাকে’ (Collected Works, Vol. v, page 41)

তথাপিও, হেগেল বিষয়ক ফয়াৰবাখৰ সমালোচনাই মার্ক্সক তেওঁৰ নিজস্ব ধাৰণাসমূহ বিকশিত কৰাৰ ক্ষেত্রত বিশেষভাৱে সহায় কৰিলে। বস্তুবাদ- অর্থাৎ এই বিশ্বাস যে চিন্তনে পৃথিবীখনক সৃষ্টি নকৰে, বৰঞ্চ প্রতিফলনহে কৰে – ইয়েই হৈছে ইতিহাস বিষয়ক মার্ক্সৰ ধাৰণাসমূহৰো মূল আধাৰমানুহৰ চেতনাই মানুহৰ অস্তিত্ব নির্ধাৰণ নকৰে, মানুহৰ সামাজিক অস্তিত্বইহে মানুহৰ চেতনা নির্ধাৰণ কৰে’ (SW i 503)

The Holy Family গ্রন্থখনিত মার্ক্সে তৰুণ হেগেলবাদীসকলৰ বিপৰীতে ১৮ শতিকাৰ আলোকদীপ্তি আৰু ১৭ শতিকাৰ বৈজ্ঞানিক বিপ্লৱ-প্রসূত বস্তুবাদক সমর্থন কৰিছিলGerman Ideology গ্রন্থখনিৰ পাতনিত তৰুণ হেগেলবাদীসকলৰ কেতবোৰ ধাৰণা - যেনে ‘চিন্তনেই পৃথিবীখন পৰিচালিত কৰে’ - আদিক ইতিকিং কৰি মার্ক্সে এনেদৰে লিখিছেঃ

এদিন মহাশয় এজনৰ মগজুত খেলালে যে মানুহ পানীত এই কাৰণেই ডুবি মৰে, কিয়নো মানুহৰ মগজুত মাধ্যাকর্ষণ শক্তিৰ ধাৰণাটো সোমাই আছে! যদি এই  ধাৰণাটো কিবা প্রকাৰে মগজুৰ পৰা আঁতৰাই দিব পৰা যায়, অর্থাৎ যদিহে এই কথাটো প্রমাণ কৰি দিব পৰা যায় যে মাধ্যাকর্ষণ শক্তিৰ ধাৰণাটো দৰাচলতে এটা ধর্মীয় বা অন্ধবিশ্বাসপূর্ণ ধাৰণাহে,  তেতিয়া মানুহ পানীত নুডুবাকৈয়ে থাকিব পাৰিব! মহাশয়ে এনেকৈয়ে ওৰেটো জীৱন মাধ্যাকর্ষণৰ ধাৰণাটো মিছা বুলি প্রমাণিত কৰিবলৈকে প্রণিপাত কৰিলে; নিত্য নতুন অজস্র প্রমাণ আৰু পৰিসংখ্যাই তেওঁক পতিয়ন নিয়ালে যে এই ধাৰণাটোৱে সমাজত অজস্র কু-প্রভাৱ বিস্তাৰ কৰি আহিছে। আজিৰ জার্মানীৰ নতুন বিপ্লৱী দার্শনিকসকলৰ চৰিত্রও এই মহাশয়জনৰ দৰেই। (CW v 24).

বাওঁ হেগেলপন্থীসকলৰ মতে পৰাধীনতাৰ পৰা মুক্ত হবলৈ হলে মানুহে নিজকে স্বাধীন বুলি ভাবি ললেই হল! অর্থাৎ “পৰাধীনতা” নামৰ এই মিছা ধাৰণাটো মগজুৰ পৰা আঁতৰাই ললেই মানুহে স্বাধীনচেটিয়াকৈ বসবাস কৰিব পৰিব। মেক্স স্তার্নাৰেতো এইবুলিয়েই মতপোষণ কৰিলে যে  ৰাষ্ট্র তথা তাৰ দমনমূলক শক্তিসমূহ দৰাচলতে কোনো বস্তুনিষ্ঠ সত্তা নহয়; বৰং ৰাষ্ট্র হৈছে আমাৰ খেয়ালী মনৰ কল্পনা মাথোঁ! মার্ক্সে ফয়াৰবাখৰ সমালোচনা কৰি কলে যে তেওঁ বেছি দূৰৈলৈকে বস্তুবাদৰ সম্প্রসাৰণ ঘটাব নোৱাৰিলেইতিহাস আৰু প্রকৃতি দুয়োটাকে বস্তুবাদী দৃষ্টিকোণেৰে চোৱাটো প্রয়োজন।



No comments:

Post a Comment

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...