Tuesday, September 9, 2014

বিপান চন্দ্র আৰু প্রগতিশীল ইতিহাস-চর্চা

('নতুন পদাতিক' আলোচনীৰ ডিচেম্বৰ, ২০১৪ সংখ্যাত প্রকাশিত)


বিগত আগষ্ট মাহৰ ৩০ তাৰিখে ৮৭ বছৰ বয়সত ইতিহাসবিদ বিপান চন্দ্রৰ মৃত্যু হল। ভাৰতীয় মার্ক্সবাদী ইতিহাস চর্চাৰ ক্ষেত্রখনত তেওঁৰ নাম সদায়েই স্মৰণীয় হৈ ৰব। চন্দ্রক আধুনিক ভাৰতৰ ইতিহাস চর্চাৰ ক্ষেত্রখনৰ পুৰোধা ব্যক্তি বুলি কলেও হয়তো বঢ়াই কো নহবচাবলৈ গলে চন্দ্রৰ পূর্বেই ৰজনী পাম দত্ত, ই এম এছ নম্বুদিৰিপাদ আদিৰ লেখনীত চুর্চুৰীয়াকৈ আধুনিক ভাৰতৰ মার্ক্সবাদী ইতিহাস চর্চাই জন্ম লাভ কৰিছিল; কিন্তু চন্দ্রৰ হাততেই ই পূর্ণ বিদ্যায়তনিক ৰূপ লাভ কৰিলে। আর্থিক জাতীয়তাবাদ, ভাৰতীয় বুর্জো শ্রেণীৰ চৰিত্র, সাম্প্রদায়িকতাবাদ, ভগত সিঙৰ বৌদ্ধিক চিন্তাধাৰা, মহাত্মা গান্ধীৰ জাতীয়তাবাদ আদি বিভিন্ন বিষয় লৈ তেওঁ কুৰিখনতকৈও অধিক গ্রন্থ লিখি থৈ গৈছে। সিবিলাকৰ কেতবোৰ সীমাদ্ধতা আজি চকুত পৰিলেও এই সম্পর্কে সন্দেহৰ কোনো থল নাই যে চন্দ্রৰ হাততেই ভাৰতীয় ইতিহাস চর্চাই এক বলিষ্ঠ গতি লাভ কৰিলে।

বিপান চন্দ্রৰ জন্ম হৈছিল ১৯২৮ চনত, পঞ্জাব (এতিয়া হিমাচল) প্রদেশৰ কাংৰাত। সেই সময়ৰ পঞ্জাবত সচৰাচৰ হোৱাৰ দৰে, চন্দ্রয়েও প্রাথমিক শিক্ষা উর্দু মাধ্যমতেই গ্রহণ কৰিছিল। লাহোৰৰ ফর্মান খ্রীষ্টিয়ান কলেজত স্নাতক ডিগ্রী লাভ কৰাৰ পাছত তেওঁ উচ্চ শিক্ষাৰ বাবে আমেৰিকাৰ ষ্টেনফর্ড বিশ্ববিদ্যালয়লৈ গমন কৰিলেতাত তেওঁ আমেৰিকান কমিউনিষ্টসকলৰ সংস্পর্শলৈ আহিল। সেই সময়ত চিনেটৰ মেককার্থিৰ কমিউনিষ্ট-বিৰোধী যুদ্ধখনে শীর্ষ পর্যায় পাইছিলগৈ। কোনোমতে এম এ ডিগ্রী সাং কৰাৰ পাছতেই চন্দ্রক ভাৰতলৈ বিতাড়িত কৰা হল!
দেশলৈ ঘূৰি অহাৰ পাছত চন্দ্রই দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু কলেজত অধ্যাপনা কৰিবলৈ ললে।   একেসময়তে তেওঁ PhDৰ কাম কাজো আৰম্ভ কৰিলে। চন্দ্রৰ উদ্যোগতেই Enquiry নামৰ এখন মার্ক্সবাদী জার্নালো নিয়মিতভা প্রকাশ হবলৈ হবলৈ ধৰিলেচন্দ্রৰ সতীর্থ ইতিহাসবিদ ইৰফান হাবীবৰ মতে, সেই সময়ত চন্দ্রক “ৰেড প্রফেচৰ” নামেৰেই জনা গৈছিল। ১৯৬৯ চনত জহৰলাল নেহৰু বিশ্ববিদ্যালয় স্থাপিত হোৰ পাছত ৰমিলা থাপৰ, এচ গোপাল আদি অন্যান্য প্রগতিশীল ইতিহাসবিদৰ সৈতে মিলি চন্দ্রই ‘চেণ্টাৰ ফৰ হিষ্টৰিকেল ষ্টাডিজ’ নামেৰে বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগটো স্থাপন কৰিলে। আজীন এই বিভাগটোতেই চন্দ্রই শিক্ষকতা কৰি গল। চন্দ্রৰ অশেষ যত্নৰ ফলস্বৰূপেই এই বিভাগটোৰ আশে-পাশে সাম্প্রদায়িকতাবাদ-বিৰোধী ইতিহাস-চর্চাৰ এটি সুকীয়া প্রগতিশীল ধাৰাই জন্ম লাভ কৰিলে।
১৯৬৬ চনত  পিপুলছ পাব্লিছিং হাউছে চন্দ্রৰ PhD থেছিছখন  প্রকাশিত কৰিলেThe Rise and Growth of Economic Nationalism in India: 1880-1905 শীর্ষক এই গ্রন্থখনিয়েই হয়তো চন্দ্রৰ জীনৰ সর্বোত্তম কৃতি। গ্রন্থখনিত চন্দ্রই সুন্দৰকৈ দর্শাইছে যে কেনেদৰে গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় মুক্তি সংগ্রামে ব্যাপক গণভিত্তি লাভ কৰাৰ বহু পূর্বেই  ১৮৮০-১৯০৫ সময়ছোত দাদাভাই নৌৰজী, এম জি ৰানাডে, ৰমেশ চন্দ্র দত্ত আদি বুর্জো বুদ্ধিজীিৰ নেতৃত্বত ঔপনিবেশিক ব্যস্থাটোৰ এক বলিষ্ঠ আর্থিক সমালোচনাই বিকাশ লাভ কৰিছিল।  ৰাজনৈতিকভা এনে বেছিভাগ বুদ্ধিজীিয়েই বৃটিছ শাসনৰ ন্যায্যতা স্বীকাৰ কৰি লৈছিল কিন্তু আর্থিকভা তেওঁলোকে বিকশিত কৰি তোলা ঔপনিবেশিকতাবাদৰ সমালোচনাসমূহে বৃটিছ শাসনৰ নৈতিক তথা মতাদর্শগত ন্যায্যতা মষিমূৰ কৰাৰ ক্ষেত্রত অন্যতম ভূমিকা পালন কৰিছিল।  ড্রেইন অ ৱেলথ, ভাৰতীয় বস্ত্র উদ্যোগৰ বিৰূদ্ধে ইংৰাজ চৰকাৰৰ বৈষম্যমূলক কৰ কাটল, অত্যাধিক কৃষি খাজনা, মেট্রপলিটান উদ্যোগৰ বাবে বলপূর্বক বজাৰ নির্মাণ আদি বিভিন্ন বিষয় এই সমালোচনাসমূহে সামৰি লৈছিল। উল্লেখযোগ্য যে এসময়ত স্বয়ং কার্ল মার্ক্সেও আশা কৰিছিল যে ঔপনিবেশিক ব্যস্থাটো বিশেষকৈ ৰেল লাইনৰ স্থাপনে ভাৰতত পুঁজিবাদৰ বিকাশ সম্ভপৰ কৰি তুলিব। কিন্তু আর্থিক জাতীয়তাবাদীসকলে বিশ্লেষণ কৰি দর্শালে যে ঔপনিবেশিক শোষণৰ স্বার্থত ৰেলই যিবা উদ্যোগপাতি বিকশিত কৰাৰ সম্ভানা আছিল, সেয়া সম্পূর্ণ মষিমূৰ কৰি পেলো হল আৰু কেল ভাৰতীয় কেঁচা সামগ্রী তথা খাদ্যশস্য ৰপ্তানি কৰিবৰ বাবেই ৰেলৰ প্রয়োগ কৰা হল। আনকি অফিচত প্রয়োগ হো কাকত-পাতি পর্যন্ত ইংলেণ্ডৰ পৰা আমদানি কৰা হল!
বিপান চন্দ্রই লিখিছেঃ পাছৰ পর্যায়ৰ জাতীয়বাদী নেতৃত্বৰ বিভিন্ন মতবিৰোধ স্বত্তেও দল-সংগঠন নির্বিশেষে সকলোই (আনকি কমিউনিষ্টসকলেও) এই আর্থিক সমালোচনাৰ তাৎপর্য স্বীকাৰ কৰি লৈছিল। প্রাৰম্ভিক পর্যায়ৰ এই আর্থিক জাতীয়তাবাদীসকলৰ সমালোচনাসমূহ পাছৰ পর্যায়ৰ ৰেডিকেল জাতীয়তাবাদীসকলে সুন্দৰকৈ কার্যক্ষেত্রত ব্যহাৰ কৰিছিল। উদাহৰণস্বৰূপে কৃষকসকলক ঔপনিবেশিকতাবাদৰ বিৰুদ্ধে সংগঠিত কৰাৰ সময়ত ড্রেইন অ ৱেলথ তত্ত্বৰ কার্যকৰী দিশসমূহ পৰিষ্কাৰকৈ ওলাই পৰিছিল। তাৰ বাবে কৃষকক বেলেগকৈ মতাদর্শগত প্রশিক্ষণ দিয়াৰ প্রয়োজন নাছিল। বাস্ত জীনৰ অভিজ্ঞতাই কৃষকসকলক স্পষ্টকৈ বুজাই দিছিল যে অত্যাধিক কৃষি খাজনা আৰু ঔপনিবেশিক শোষণৰ মাজত এটা প্রত্যক্ষ্য সম্পর্ক আছে। 

এইদৰেই আন আন বহুতো ভুল-সংক্রান্তি স্বত্তেও জাতীয় মুক্তি সংগ্রামখনিৰ এক বলিষ্ঠ আর্থিক সমালোচনামূলক আধাৰ থকাৰ বাবেই উৎকট সংকীর্ণতাৰ পৰা ই তুলনামূলকভা মুক্ত আছিল। দাদাভাই নৌৰজী আদিয়ে কোনো সাংস্কৃতিকভা সংজ্ঞায়িত ভাৰতবর্ষৰ কথা কো নাছিল। বৰঞ্চ তেওঁলোকে আশা কৰিছিল যে একেধৰণৰ ঔপনিবেশিক শোষণৰ অভিজ্ঞতা হেতুকে দক্ষিণ এছিয়াৰ বিভিন্ন অঞ্চলসমূহৰ জনগণে যৌথ সংগ্রামৰ প্রয়োজনীয়তা উপলব্ধি কৰিব আৰু এইদৰেই ঔপনিবেশিকতাবাদ বিৰোধী এক ভাৰতীয় জাতীয়তাবাদৰ অংকুৰণ ঘটিব। নৌৰজীৰ ভাষাত ‘এই ভাৰত হব সদায়েই এক নির্মীয়মান ভাৰত’(‘India in the making’)
 
বিপান চন্দ্রই তাৎপর্যপূর্ণভা মন্তব্য কৰিছে যে যতেই জাতীয় মুক্তি সংগ্রামে ঔপনিবেশিক শোষণৰ এনে বৈজ্ঞানিক/আর্থিক সমালোচনা বিকশিত কৰিব পৰা নাই, তাতেই সাংস্কৃতিক জাতীয়তাবাদ বা নৃ-গোষ্ঠী সংহাৰৰ ৰূপত সংগ্রামখনিৰ বিচ্যুতি ঘটিছে। অসমৰ জনগণৰ বাবে এনে মন্তব্যৰ  তাৎপর্য অনুধান কৰাটো হয়তো বৰ কঠিন নহব।

বিপান চন্দ্রৰ অধ্যয়নৰ আন এটি চর্চিত  দিশ হৈছে  সাম্প্রদায়িকতাবাদৰ বিৰুদ্ধে তেওঁৰ অহৰহ সংগ্রাম। সাম্প্রদায়িকতাবাদ সম্পর্কে সমাজত প্রচলিত সহজাত ধাৰণাটো হৈছে – “সাম্প্রদায়িকতাবাদ মানে কেল নিজৰ সম্প্রদায়ৰ কথা চিন্তা কৰা”এনে চিন্তাৰ বিপৰীতে চন্দ্রই সাম্প্রদায়িকতাবাদৰ এটা নতুন সংজ্ঞা প্রদান কৰিলেঃ  “সাম্প্রদায়িকতাবাদ হৈছে এনে একে মতবাদ যি বিশ্বাস কৰে যে কোনো এক ধর্মীয় সম্প্রদায়ৰ সদস্যসকলৰ সুকীয়া স্বার্থ আছে আৰু সম্প্রদায়ৰ সদস্যসকলৰ আন আন বিভিন্ন স্বার্থ তথা বিভাজন যেনে ভাষিক, শ্রেণী-ভিত্তিক, সাংস্কৃতিক ইত্যাদিসমূহ এইক্ষেত্রত প্রাসংগিক নহয়”। উদাহৰণস্বৰূপে, দেশৰ সকলো হিন্দুৰে কেতবোৰ উমৈহতীয়া স্বার্থ আছে আৰু সিবিলাক আন আন স্বার্থ (ভাষিক, শ্রেণী-ভিত্তিক, সাংস্কৃতিক ইত্যাদি)তকৈ  উর্ধত। সাম্প্রদায়িকতাই উগ্র ৰূপ ধাৰণ কৰিলে এনে ধৰণৰ মতো শুনিবলৈ পো যায় যে কোনো এটি ধর্মীয় সম্প্রদায়ৰ লোকসকলৰ স্বার্থ আন এটি ধর্মীয় সম্প্রদায়ৰ লোকসকলৰ স্বার্থতকৈ পৃথক তথা ইটো সিটোৰ বিৰোধী। 

বিপান চন্দ্রই সাম্প্রদায়িক চেতনা আৰু সাম্প্রদায়িকতাবাদৰ মাজত এডাল সীমা ৰেখা অংকণ কৰিছে। চন্দ্রৰ মতে, প্রাক-আধুনিক সময়ছোাতো সাম্প্রদায়িক চেতনাৰ অংশবিশেষ হয়তো দেখিবলৈ প গৈছিল। কিন্তু আধুনিক সাম্প্রদায়িকতাবাদ ইয়াতকৈ সম্পূর্ণ পৃথক এটি বস্তু। এই আধুনিক সাম্প্রদায়িকতাবাদৰ  সম্ভেদ লবলৈ হলে আধুনিক গণ-ৰাজনীতি, আধুনিক ঔপনিবেশিক অর্থনীতি, প্রতিনিধিমূলক ব্যস্থা, আধুনিক শিক্ষা দীক্ষা, ঔপনিবেশিক পৰিস্থিতিত নিয়োগৰ অভা আদি বিভিন্ন দিশসমূহ প্রতি মন দিব লাগিব। চন্দ্রই সঠিকভাই কৈছে যে হিন্দু সাম্প্রদায়িকতাবাদেই হওঁক বা মুছলমান সাম্প্রদায়িকতাবাদেই হওঁক, আটাইবোৰ সাম্প্রদায়িকতাবাদৰে তাত্ত্বিক কাঠামো একেটাই। সকলো সাম্প্রদায়িকতাই বিশ্বাস কৰে তেওঁলোকৰ নিজা সম্প্রদায়ৰ সকলো সদস্যৰেই স্বার্থ হৈছে অনুৰূপ। এইক্ষেত্রত পার্থক্য মাথো এইখিনিতেই যে সংখ্যাগুৰুৰ সাম্প্রদায়িকতাবাদে জাতীয়তাবাদৰ ভেশ ধৰিবলৈ চেষ্টা কৰে আৰু সংখ্যালঘূৰ সাম্প্রদায়িকতাবাদে বিচ্ছিন্নতাবাদী ৰূপ লয়। ঔপনিবেশিকতাবাদৰ আর্থিক সমালোচনাভিত্তিক জাতীয়তাবাদৰ প্রতি দুয়োটিৰে কোনো আগ্রহ নাই। চন্দ্রই লগতে এইটোও কৈছে যে ধর্মৰ সৈতেও সাম্প্রদায়িকতাবাদৰ কোনো প্রত্যক্ষ্য সম্পর্ক নাই। সাম্প্রদায়িক ব্যক্তি তথা সংগঠনে ধর্মৰ ভিত্তিত নিশ্চয়েই জনগনক ৰাজনৈতিকভা সংগঠিত কৰিবলৈ চেষ্টা কৰে কিন্তু ধর্মৰ আধ্যাত্মিক দিশসমূহৰ প্রতি তেওঁলোক সিমান নিষ্ঠাবান নহয়। ভাৰতীয় সাম্প্রদায়িক ৰাজনীতিৰ দুয়োজন শীর্ষস্থানীয় নেতা – সাৰকাৰ তথা জিন্না নাস্তিক আছিল! অর্থাৎ ধর্মৰ সৈতে ধর্ম-ভিত্তিক সাম্প্রদায়িক ৰাজনীতিৰ কিছু পার্থক্য আছে। 

এসময়ত ভবা হৈছিল যে মধ্যযুগত মুছলমানসকলে ভাৰত আক্রমণ কৰাৰ ফলতেই ভাৰতৰ পূর্বৰ গৌৰব ম্লান হৈছিল। বিপান চন্দ্রই দর্শাইছে যে বৃটিছ শাসনৰ ঔৰসত এনে চিন্তাধাৰাসমূহ বিদ্যায়তনিক ক্ষেত্রখনৰো অংশবিশেষ হৈ পৰিছিল। ভাৰতৰ ইতিহাসক হিন্দু যুগ, মুছলমান যুগ তথা বৃটিছ যুগ – এইদৰে বিভক্ত কৰাৰ বাবে বৃটিছসকলেই দায়ী। তদুপৰি সম্প্রদায় অনুসৰি পৃথক-পৃথককৈ প্রতিনিধিত্ব প্রদান কৰাৰ ব্যস্থাও বৃটিছসকলেই আৰম্ভ কৰিছিল। অর্থাৎ সাম্প্রদায়িকতাৰ শিপাডাল অতীতৰ ইতিহাসৰ মাজত বিচৰাৰ বিপৰীতে, ঔপনিবেশিক কালতেই বিচাৰিব লাগিব। 

শ্যে বিপান চন্দ্রৰ এই ধাৰণাসমূহৰ কিছু সীমাদ্ধতাও নোহো নহয়। উদাহৰণস্বৰূপে, চি এ বেইলী আদিকে ধৰি কেইবাজনো ইতিহাসবিদে শেহতীয়াকৈ দর্শাইছে যে প্রাক-বৃটিছ কালতো গো-হত্যাকে আদি কৰি বিভিন্ন বিষয় লৈ হিন্দু-মুছলমানৰ মাজত প্রায়েই সাম্প্রদায়িক সংঘর্ষ হৈছিল। অর্থাৎ সকলো বিষয়তে কেল ঔপনিবেশিকতাবাদকে দায়ী কৰিলে নহব। কেনেধৰণৰ জটিল প্রক্রিয়াৰ মাজেৰে ভাৰতীয় সমাজ-সংস্কৃতিৰ বুকুত দীর্ঘদিন ধৰি সাম্প্রদায়িকতাবাদী মতাদর্শ লালিত পালিত হৈছে, এই বিষয়েও মন দিব লাগিব। ঠিক তেনেকৈয়ে চন্দ্রই সাম্প্রদায়িকতাৰ সৈতে জাত-পাত বিৰোধী সংগ্রামখনিক সনাপোটকা কৰাৰ কথাটো মানি লব নোৰিচন্দ্রৰ দৃষ্টিত আনকি আম্বেদকাৰো কেতিয়াবা সাম্প্রদায়িক যেন প্রতিভাত হয় কিয়নো তেওঁ দলিতসকলৰ বাবে সুকীয়া নির্বাচকমণ্ডলী(separate electorate)ৰ দাবী কৰিছিল আৰু  প্রায়েই কংগ্রেছৰ বিপৰীতে গৈ বৃটিছ চৰকাৰৰ সৈতে কিছু চর্তভিত্তিক সহযোগিতা কৰিছিল। চন্দ্রৰ অন্যতম কৃতি – India’s Struggle for Independence  গ্রন্থখনিত আম্বেদকাৰৰ জাত-পাত বিৰোধী আন্দোলনে কোনো স্থান নোপোৰ কথাটোও তাৎপর্যপূর্ণ। অশ্যেই এই কথাটোৰ প্রতিও  মন কৰা উচিত যে যি সময়ত চন্দ্রই তেওঁৰ তত্ত্বসমূহ বিকশিত কৰিছিল, সেই সময়ত ভাৰতীয় বাওঁ ইতিহাস চর্চাৰ ক্ষেত্রখনৰ অস্থা তেনেই চালুকীয়া বিধৰ আছিল। গতিকেই সিবিলাকৰ কিছু সীমাদ্ধতা থাকি যোটো আচৰিত কথা নহয়।

বিপান চন্দ্রৰ আন এটি কৃতি হৈছে –ভাৰতীয় বুর্জো শ্রেণীটোৰ চৰিত্র তথা ৰণনীতি বিষয়ক কেতবোৰ মৌলিক গষণাচন্দ্রই উল্লেখ কৰিছে যে  বিশ তথা ত্রিশৰ দশকত ‘উপনিবেশসমূহত দেশীয় বুর্জোৰ প্রগতিশীল চৰিত্র’ সম্পর্কে কমিন্টার্ণৰ মাজভাগত ভীষণ বিতর্কৰ সৃষ্টি হৈছিল। এই বিতর্কসমূহৰ প্রতিফলনস্বৰূপে কেতিয়াবা বাওঁপন্থীসকলে জাতীয় কংগ্রেছক ‘সাম্রাজ্যবাদৰ বিৰোধী উমৈহতীয়া মঞ্চ’ হিচাপে সহযোগ কৰিছিল, আন কেতিয়াবা আকৌ বুর্জোই সাম্রাজ্যবাদৰ যুগত প্রগতিশীল ভূমিকা লব নোৰে বুলি জাতীয় কংগ্রেছৰ তীব্র বিৰোধিতাও কৰিছিল। আমোদজনকভাৱে, কমিউনিষ্টসকলৰ এই বিভ্রান্তি(confusion)সমূহৰ বিপৰীতে,  তেওঁলোকৰ  শত্রু ভাৰতীয় বুর্জোহঁতে জাতীয় কংগ্রেছ তথা সাম্রাজ্যবাদৰ ভূমিকা অতিশয় স্পষ্টভা বুজি উঠিছিল। বিপান চন্দ্রৰ মতে আন আন উপনিবেশ তথা অর্ধ-উপনিবেশৰ তুলনাত ভাৰতীয় পুঁজিপতি শ্রেণীটো ১৮৬০ চনৰ পৰাই স্বাধীনচেটিয়া দেশীয় পুঁজি বিকশিত কৰিবলৈ সক্ষম হৈছিল। প্রথম তথা দ্বিতীয় বিশ্ব যুদ্ধ আৰু ১৯৩০ৰ মহামন্দাৰ ফলস্বৰূপেও ভাৰতীয় দেশীয় পুঁজিয়ে স্বাধীন বিকাশৰ সুযোগ পাইছিল। ১৯২০ৰ দশকৰ পৰাই ভাৰতীয় বুর্জো শ্রেণীটো উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছিল যে সাম্রাজ্যবাদৰ অসান ঘটাই স্বাধীনচেটীয়া ভাৰতীয় পুঁজিবাদৰ বিকাশ সূচল কৰিব নোৰিলে তেওঁলোকৰ সামগ্রিক তথা দীর্ঘম্যাদী স্বার্থ পূৰণ নহব। সমগ্র ভাৰতীয় পুঁজিপতিসকলৰ শ্রেণী-স্বার্থ প্রতিনিধিত্ব কৰিবলৈ ১৯২৭ চনত জি ডি বিৰলা, পুৰোষোত্তমদাস ঠাকুৰদাস আদিৰ নেতৃত্বত  FICCI গঠন কৰা হল আনহাতে একে সময়ছোতে  কমিউনিষ্টসকলে জাতীয় কংগ্রেছৰ মাজমজিয়াত ক্রমান্বয়ে প্রভা বিস্তাৰ কৰিবলৈ ধৰিলেহৰলাল নেহৰুকে ধৰি কংগেছৰ বহুতো শীর্ষ নেতাও বাওঁপন্থাৰ প্রতি ক্রমান্বয়ে আকর্ষিত হৈ পৰিল  কমিউনিষ্টসকলে আশা কৰিছিল যে চীন ইত্যাদি দেশৰ দৰেই ভাৰতীয় পুঁজিপতিহঁতেও এসময়ত কমিউনিষ্টৰ উত্থানত আতংকগ্রস্থ হৈ জাতীয় আন্দোলনৰ সৈতে বিশ্বাসঘাটকতা কৰিব আৰু সাম্রাজ্যবাদৰ সৈতে সহযোগিতা কৰিব। চন্দ্রই দর্শাইছে যে আচলতেই এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছিলেও। বাওঁপন্থীসকলৰ আির্ভাত আতংকগ্রস্থ হৈ পুৰোষোত্তম দাস ঠাকুৰদাস আদি কেতসংখ্যক পুঁজিপতিয়ে প্রস্তা দিছিল যে বৃটিছ পুঁজিপতিসকলৰ লগত একেলগে মিলি কমিউনিষ্টসকলৰ বিৰুদ্ধে এটি যুক্তফ্রণ্ট গঠন কৰা হওঁক। পিছে জি ডি বিৰলাৰ দৰে কেতসংখ্যক বিচক্ষণ নেতাৰ হস্তক্ষেপৰ ফলত এই প্রস্তা নাকচ কৰা হল। বিৰলাই পুৰোষোত্তমদাসলৈ লিখা এই বিষয়ক কেইবাখনো চিঠি বিপান চন্দ্রই উদ্ধাৰ কৰিছে।  চিঠিসমূহৰ সাৰমর্ম এনেধৰণৰঃ “ভাৰতীয় জাতীয় কংগ্রেছ ইতিমধ্যেই সাম্রাজ্যবাদ বিৰোধী এক বৃহৎ আন্দোলনলৈ পৰিণত হৈছে। আমি (অর্থাৎ পুঁজিপতিসকলে) সমর্থন নকৰিলেও এই আন্দোলন আগবাঢ়ি যাব। এনে পৰিস্থিতিত কমিউনিষ্টহঁতৰ বিৰূদ্ধে বৃটিছ বুর্জোাসকলৰ লগ দিয়াৰ অর্থ  হব জাতীয় কংগ্রেছত কমিউনিষ্টহঁতক শক্তি বৃদ্ধি কৰিবলৈ সুযোগ দিয়া। সেয়েহে আমি নিজে কমিউনিষ্টহঁতৰ বিৰোধিতা কৰাৰ বিপৰীতে কংগ্রেছৰ সোঁ-পন্থী ৰক্ষণশীল শক্তিসমূহকহে সাহার্য প্রদান কৰা উচিত হব যাতে জাতীয় আন্দোলনে আমি বিচৰা পথেৰে গতি কৰে আমাৰ নিজা শ্রেণী স্বার্থও সাম্রাজ্যবাদ-বিৰোধিতাতেই ন্যস্ত হৈ আছে।” 

বিপান চন্দ্রই মন্তব্য কৰিছে যে এনে লেখনীসমূহত ভাৰতীয় পুঁজিপতিসকলৰ পৰিপক্ক চিন্তাৰ পৰিচয় পো যায়। সেই সময়ৰ কমিউনিষ্ট তত্ত্বৰ যান্ত্রিক ব্যাখ্যাৰ বিপৰীতে ভাৰতীয় পুঁজিপতিহঁতে জাতীয় কংগ্রেছক কেতিয়াও কোনো বিশেষ শ্রেণীৰ প্রতিনিধি বুলি গণ্য কৰা নাছিল। বৰঞ্চ তেওঁলোকে সঠিকভাই অনুধাণ কৰিছিল যে কংগ্রেছ আন্দোলনৰ এক স্বায়ত্ত্বতা(autonomy) আছে আৰু সেয়েহে কংগ্রেছৰ সোঁ-পন্থী নেতাসকলক সহায়-সাহার্য প্রদান কৰাৰ দ্বাৰাহে আন্দোলনটোক সোঁ-পন্থী পথেৰে লৈ যোটো সম্ভপৰ হব। তদুপৰি ভাৰতীয় বুর্জো শ্রেণীটোৰ দীর্ঘম্যাদী স্বার্থ অনুধান কৰিবলৈ সক্ষম হোৰ বাবেই চীন আদি দেশৰ বিপৰীতে ভাৰতীয় বুর্জোই কেতিয়াও জাতীয় আন্দোলনৰ সৈতে বিশ্বাসঘাটকতা নকৰিলে। বৰঞ্চ আন্দোলনটো যাতে সাম্রাজ্যবাদ-বিৰোধী চৰিত্র অক্ষুণ্ণ ৰাখি সমাজবাদৰ ফালে নগৈ পুঁজিবাদী বিকাশৰ ভবিষ্যতহে গ্রহণ কৰে, তাৰ বাবে তেওঁলোকে বল্লভভাই পেটেল, ৰাজেন্দ্র প্রসাদ, ভোলাভাই দেশাই আদি সোঁ-পন্থী কংগ্রেছী নেতাক সহায়-সাহার্য প্রদান কৰা আৰম্ভ কৰিলে। জি ডি বিৰলাৰ ভাষাত ‘যি নিজে ব্যক্তিগত সম্পত্তি ত্যাগ কৰিছে তেওঁক ব্যক্তিগত সম্পত্তিৰ সমর্থন কৰিবলৈ দিয়া। আমি সম্পত্তি থকা লোকসকলে সেই কামটো কৰা অনুচিত; আমি কৰিলেও আমাৰ কথা কোনেও নুশুনিব!’

এই কথা সত্য যে সাম্রাজ্যবাদ বিৰোধী সংগ্রামৰ পটভূমিত ভাৰতীয় পুঁজিপতিৰ ভূমিকা সম্পর্কে এতিয়াও বহুতো প্রশ্ন বিতর্কৰ অধীন হৈয়েই আছে। কিন্তু এসময়ত যেনেদৰে ‘দেশীয় পুঁজিপতি মাত্রকেই সাম্রাজ্যবাদৰ পদলেহনকাৰী’ বা ‘জাতীয় কংগ্রেছ মানেই পুঁজিপতিৰ দল’ বুলি ভবাৰ পৰম্পৰা আছিল, তাৰ পৰা বিপান চন্দ্রই আমাক উদ্ধাৰ কৰিলে। ভাৰতীয় পুঁজিপতিসকলে সাম্রাজ্যবাদ, সমাজবাদ তথা জাতীয় আন্দোলন – এই তিনিওটা প্রশ্নৰ সৈতে মোকাবিলা কৰোঁতে কেতবোৰ জটিল তথা বিচক্ষণ পজিচনৰ জন্ম দিছিল। কোনো যান্ত্রিক বিশ্লেষণৰ বিপৰীতে, বা আন দেশৰ সৈতে চিধাই তুলনা কৰাৰ বিপৰীতে, গভীৰ ঐতিহাসিক অনুসন্ধানেহে এই প্রশ্নসমূহৰ সঠিক উত্তৰ দিব পাৰিব। এই ক্ষেত্রত সকলোই বিপান চন্দ্রৰ বৰঙনি নিশ্চয় স্বীকাৰ কৰিব

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...