Original: The Revolutionary Ideas of Karl Marx by Alex Callinicos
Translation: Mayur Chetia
Translation: Mayur Chetia
হেগেলে এক যুক্তিবাদী পদ্ধতি আৱিষ্কাৰ কৰিছিল, কিন্তু
একেসময়তে ই বিভিন্ন প্রকাৰৰ ৰহস্যবাদৰ মাজত আৱদ্ধ হৈ ৰৈছিল। ভবিষ্যতে আকৌ যদি কোনো সুযোগ পাওঁ, সাধাৰণ পাঠকৰ সুবিধার্থে এই
পদ্ধতি সম্পর্কে দুই বা তিনি পৃষ্ঠা মান লিখাৰ কথা ভাবিছোঁ। (এংগেলছলৈ মার্ক্সৰ
পত্র, জানুৱাৰী, ১৮৫৮ চন)।
মার্ক্সৰ এই ইচ্ছা কেতিয়াও পূর্ণ নহল। ফলতঃ
আজি বহুদিন ধৰি মার্ক্সৰ পদ্ধতি বিষয়ক বিভিন্ন আলোচনাই মার্ক্সবাদীসকলৰ মাজত তীব্র
বিতর্কৰ সৃষ্টি কৰি আহিছে। বর্তমানৰ অধ্যায়টোত এই সম্পর্কীয় সকলোবোৰ দিশ উল্লেখ কৰাটো
সম্ভৱপৰ নহ’ব। বৰঞ্চ থুলমূলকৈ কিছু কথাৰ অৱতাৰণা কৰি পাঠকৰ আগ্রহ বৃদ্ধি কৰাটোৱেই
হৈছে এই অধ্যায়ৰ উদ্দেশ্য।
১) শ্রম আৰু বিচ্ছিন্নকৰণ
সমাজবাদৰ বিপক্ষে সততে উচ্চাৰিত এটি
যুক্তি হৈছে: ই হেনো মানৱ প্রকৃতি
(human nature) বিৰোধী। মানুহ হৈছে স্বাভাৱিকতে
স্বার্থপৰ। গতিকে এটি ধাৰণা হিচাপে শুনাত ভাল
হলেও বাস্তৱ জগতত সমাজবাদ কেতিয়াও সম্ভৱপৰ নহয়। কিয়নো স্বার্থপৰ মানৱ চৰিত্র যে
কেতিয়াও সলনি কৰিব নোৱাৰি! শোষণ, অত্যাচাৰ, দাৰিদ্রতা, হিংসা, অসূয়া-অসুয়ি এইবিলাক
হৈছে মানৱ চৰিত্রৰে ফলাফল মাথো। সিবিলাকক নির্মূল কৰি আদর্শ সমাজ প্রতিষ্ঠা
কৰিবলৈ চেষ্টা কৰাৰ মানেই হৈছে প্রকৃতিৰ নিয়ম সলনি কৰিবলৈ চেষ্টা কৰা। পিছে প্রকৃতিৰ নিয়ম জানো কেতিয়াবা সলনি কৰিব পাৰি?
এই জাতীয় যুক্তিৰ উৎস হয়তো খ্রীষ্ট ধর্মৰ
‘আদিম পাপ’ শীর্ষক ধাৰণাৰ মাজত পোৱা যাব পাৰে। এই ধাৰণা মতে মানুহ হৈছে এক স্খলিত তথা পাপী জীৱ। সেয়েহে ইহসংসাৰৰ মায়া ত্যাগ কৰি কেৱল ভগবানৰ কৰুণা লাভ কৰিব পাৰিলেহে
মানুহৰ মুক্তি সম্ভৱপৰ হব। আডাম স্মিথে এইখিনি কথাকে চেকুলাৰ ৰূপত উত্থাপন কৰি কলে যে “মানুহৰ প্রকৃতি হৈছে পণ্যৰ লেন-দেন,
আদান-প্রদান তথা বেচা-কিনা কৰা।” যিহেতু
পুঁজিবাদৰ বুকুতেই এই ক্রিয়াসমূহে পূর্ণতা লাভ কৰে, সেয়েহে ইয়াক এক প্রাকৃতিক তথা
অৱধাৰিত
ব্যৱস্থা
বুলি কব পাৰি।
সমাজত এনে ধাৰণাসমূহৰ প্রভাৱ আজিও অপৰিসীম। স্মিথৰ
মুক্ত বজাৰ অর্থনীতি আজি মনিটেৰিজিমৰ ৰূপত
বর্তি আছে। প্রতিযোগিতা আৰু যুদ্ধক মানৱ প্রকৃতিৰে অংশবিশেষ বুলি প্রমাণিত কৰিবলৈ বিগত
শতিকা কেইটাত কিমানযে ‘বৈজ্ঞানিক তত্ত্ব‘ই জন্ম লাভ কৰিলে! সামাজিক-জীৱবিজ্ঞান নামৰ ভুৱা বিজ্ঞানবিধে দাবী কৰে যে
মানুহ হেনো প্রকৃততে মাটি একোডোখৰৰ বাবে যুঁজ-বাগৰ কৰি থকা জন্তুৰ বাদে আন একো
নহয়! এইজাতীয় তত্ত্বৰ সামাজিক তাৎপর্য প্রভূত। সিবিলাকৰ ওপৰত ভৰ দিয়েই নাৰীক পুৰুষতকৈ
‘প্রাকৃতিকভাৱে নিম্নতৰ’ বুলিও প্রমাণ কৰিবলৈ চেষ্টা কৰা হয়; সিবিলাকে এনে ধাৰণা সৃষ্টি কৰে যেন
জীৱবিজ্ঞানেই
ঠিরাং কৰি দিছে যে ভাত ৰন্ধা, ঘৰ চাফা কৰা, লৰা-ছোৱালীৰ যতন লোৱা আদি কামবোৰ নাৰীয়েই কৰিব লাগিব।
অপৰিবর্তনশীল মানৱ প্রকৃতিৰ ধাৰণাটোক আক্রমণ কৰি মার্ক্সে
থেছিছ অন ফয়াৰবাখত এনেদৰে লিখিছে, ‘ফয়াৰবাখে
মানৱ
সাৰমর্মৰ মাজতেই ধর্মীয় সাৰমর্মৰ সমিধান পালে। কিন্তু কোনো বিমূর্ত ৰূপত ব্যক্তি-বিশেষৰ
মাজত মানৱ
সাৰমর্ম লুকাই নাথাকে। বৰঞ্চ
বাস্তৱিকতে
মানৱ
সাৰমর্ম হৈছে সামাজিক সম্পর্কসমূহৰ সমাহাৰ মাথো’ (Collected Works, Vol.
4) । অর্থাৎ
বিমূর্তভাৱে ‘মানৱ প্রকৃতি’ বোলা কোনো বস্তু নাই।
সমাজ পৰিবর্তনৰ সমান্তৰালভাৱে মানুহৰ আশা-আকাংক্ষ্যা,
চিন্তা-ভাবনা আৰু সক্ষমতাৰো পৰিবর্তন ঘটে। বাস কৰা সমাজখনৰ পৰা মানুহক নিলগাই চাব
নোৱাৰি। মানৱ প্রকৃতিৰ বুজ লবলৈ হলে প্রথমতেই ঐতিহাসিকভাৱে পৰিবর্তনশীল ‘সামাজিক সম্পর্কসমূহৰ
সমাহাৰ’ৰ প্রতি মন দিব লাগিব। মার্ক্সৰ ভাষাত, ‘মোৰ পদ্ধতিয়ে মানুহৰ পৰা আৰম্ভণি
নকৰে; বৰঞ্চ অর্থনীতিয়ে প্রদান কৰা বিশেষ স্তৰ একোটাৰ পৰাহে আৰম্ভণি কৰে’ (Value: Studies by Marx, 217)।
অৱশ্যে মন কৰিবলগীয়া যে যদিও মার্ক্সে অপৰিবর্তনশীল
মানৱ
প্রকৃতিৰ ধাৰণাটো নাকচ কৰিছিল, তাৰ লগতে কিন্তু তেওঁ এইবুলিও বিশ্বাস কৰিছিল যে বিভিন্ন
সমাজৰ নানান বৈচিত্র স্বত্তেও সকলো মানুহৰে কেতবোৰ সাধাৰণ(common) বৈশিষ্ট্য আছে। আচলতে মানৱ সমাজসমূহ কিয় পৰিবর্তিত হয়, কিয় মানুহৰ
আশা-আকাংক্ষ্যা, চিন্তা-চর্চা, ধ্যান-ধাৰণা, সক্ষমতা ইত্যাদিবোৰ সলনি হয় – তাৰ কাৰণ
এই সাধাৰণ বৈশিষ্ট্যসমূহৰ প্রতি আঙুলিয়াই দিহে বুজিব পৰা যাব।
মার্ক্সৰ এই বিষয়ক ধাৰণাবোৰ ১৮৪৪ চনৰ আর্থিক আৰু দার্শনিক পাণ্ডুলিপিসমূহত সিঁচৰিত হৈ আছে। মার্ক্সে ফয়াৰবাখৰ ‘জীৱ-সত্তা’ৰ ধাৰণাটো ব্যৱহাৰ কৰিছে কিন্তু তেওঁ তাক
এক পৃথক অর্থ প্রদান কৰিছে। মার্ক্সৰ ভাষাত, ‘ফয়াৰবাখে মানৱ-সাৰমর্ম বোলোতে কেৱল ‘সত্তা’ বুলিহে বুজাইছে;
এনে সত্তা যি নিস্প্রাণ আৰু নিঃস্পন্দ, যি ভিন ভিন ব্যক্তিসকলক অতিশয় সাধাৰণ
অর্থতহে একেলগ কৰে’। ফয়াৰবাখৰ মতে প্রেমেই সমাজখনক বান্ধি ৰাখে; অর্থাৎ এই প্রেম হৈছে এক প্রাকৃতিক তথা অপৰিবর্তনশীল অনুভৱ যাৰ প্রভাৱৰ ফলত ব্যক্তিসকল ইজন-সিজনৰ
প্রতি আকর্ষিত হয়।
পিছে মার্ক্সৰ মতে ‘শ্রমেই হৈছে মানুহৰ
সাৰমর্ম’ । এই শ্রমৰ
ভিত্তিতেই মানৱ সমাজ সৃষ্টি হৈছে। মানুহ হৈছে এক শ্রমজীৱি জীৱ। ‘বস্তুনিষ্ঠ
পৃথিবীখনৰ বুকুত শ্রম কৰিয়েই মানুহে নিজকে জীৱ-সত্তা হিচাপে প্রমাণিত কৰে। এই
উৎপাদনেই হৈছে মানুহৰ সক্রিয় জৈৱ-জীৱন।
এই উৎপাদনৰ যোগেদিয়েই প্রকৃতি মানুহৰ কর্ম বা বাস্তৱ হিচাপে প্রতিভাত হয়’ (Collected Works, Vol. III, 277)।
আন জীৱ-জন্তুৰ দৰে মানুহো প্রকৃতিৰে অংশবিশেষ,
আৰু সিবিলাকৰ দৰেই মানুহো জীয়াই থকা তথা প্রজনন
কৰাৰ প্রয়োজনৰ দ্বাৰা চালিত হয়। কিন্তু আন জীৱ-জন্তুৰ বিপৰীতে, মানুহে জীৱনৰ প্রয়োজনসমূহ পূৰণ কৰাৰ
বিভিন্ন অভিনৱ
পন্থা বিকশিত কৰি লৈছে। কিয়নো মানুহ হৈছে চেতনশীল
জীৱঃ
জন্তুসমূহ সিহঁতৰ জীৱন-ক্রিয়াৰ সৈতে একাকাৰ হৈ থাকে। সিহঁতে নিজকে
পৃথককৈ চাব নোৱাৰে। কিন্তু মানুহৰ হাতত এই জীৱন-ক্রিয়া মানুহৰ চেতনা আৰু ইচ্ছাৰ অৱজেক্টলৈ পৰিণত হয়। অর্থাৎ মানুহৰ জীৱন-ক্রিয়া হৈছে চেতনশীল জীৱন-ক্রিয়া। এই চেতনশীল জীৱন-ক্রিয়াই মানুহক
অন্যান্য জীৱ-জন্তুৰ পৰা পৃথক কৰি তুলিছে (Collected Works, Vol. III, 276)।
কথাখিনি স্পষ্টকৈ বুজিবলৈ মার্ক্সে
নিজেই প্রদান কৰা এটি উদাহৰণ লোৱা যাওঁকঃ মৌচাক একোখনি নির্মাণ কৰোঁতে মৌমাখিহঁতে এটি জটিল শ্রম-বিভাজন
সৃষ্টি কৰে; প্রতিটো মৌমাখিৰে নির্দিষ্ট কেতবোৰ দায়িত্ব থাকে। কিন্তু অতিশয় উন্নত পর্যায়ৰ হলেও মৌমাখিৰ এই
শ্রম হৈছে পুণৰাবৃত্তিমূলক শ্রম (repetitive labour)। বিগত হেজাৰ হেজাৰ বছৰ ধৰি এই শ্রমৰ কোনো পৰিবর্তন ঘটা নাই।
মৌমাখিয়ে কেনেধৰণৰ শ্রম কৰিব পাৰিব – সেয়া আগতীয়াকৈ তাৰ
জেনেটিক বৈশিষ্টই নির্ধাৰণ কৰি দিছে।
আনহাতে মানুহৰ ক্ষেত্রত কিন্তু এনে ধৰণৰ
সীমাৱদ্ধতা
নাই। মানুহে উৎপাদনৰ পদ্ধতিসমূহ সলনি কৰিব পাৰে; সিবিলাকক আৰু উন্নততৰ পর্যায়লৈ
বিকশিত কৰিব পাৰে। মানুহৰ ক্ষেত্রত এয়া সম্ভৱপৰ হয় কিয়নো মানুহৰ চিন্তা
কৰিব পৰা শক্তি আছে। মানুহে কামৰ মাজতে ক্ষন্তেক ৰৈ কামৰ পদ্ধতি সম্পর্কে গুণাগথাঁ
কৰিব পাৰে আৰু সেই অনুসৰি পদ্ধতি সলনি কৰিব
পাৰে; ইচ্ছা কৰিলে মানুহে লক্ষ্যবস্তুও পৰিবর্তিত কৰি লব পাৰে।
সেয়েহে মানুহৰ এক সুকীয়া ইতিহাস আছে। ই
প্রকৃতিৰ ইতিহাসতকৈ পৃথক। প্রকৃতিৰ ইতিহাস বুলিলে পৃথিবীৰ বুকুত কেনেধৰণৰ জীৱ-জন্তু আছে, সিবিলাকৰ বৈশিষ্ট
কেনেকুৱা ইত্যাদি দিশসমূহ সামৰি লোৱা হয়। এই ইতিহাসত পৰিবর্তন তেতিয়াহে সংঘটিত হয় যেতিয়া কোনো নতুন জীৱ-জন্তুৰ আৱির্ভাৱ হয়। আনহাতে মানৱ ইতিহাস বুলিলে কেনেকৈ বিভিন্ন সময়ত মানৱ প্রজাতিয়ে ভিন ভিন পৰিবর্তনশীল
পদ্ধতিৰে নিজৰ প্রয়োজনসমূহ পূর্ণ কৰি আহিছে – তাৰ অধ্যয়ন কৰা হয়।
অৱশ্যে মার্ক্সে আমাক সতর্ক কৰি দিছে যে
এই মানৱ
চেতনাক মানুহৰ সৃষ্টিশীল শ্রমৰ পৰা পৃথককৈ
চাব নোৱাৰি। জার্মান আইডিয়লজি গ্রন্থখনিত তেওঁ ঘোষণা কৰিছে,
‘মানুহক সিহঁতৰ চেতনা বা ধর্ম বা আপোনাৰ পছন্দ মতে আন যিকোনো দিশৰ পৰা অন্যান্য জীৱ জন্তুতকৈ পৃথক কৰি চাব পাৰি। আচলতে মানুহে যেতিয়াৰ পৰাই নিজৰ জীৱন ধাৰণৰ উপায়সমূহ নিজে উৎপাদন কৰি লবলৈ শিকিলে, ঠিক তেতিয়াৰ পৰাই মানুহে
নিজকে আন আন জীৱ-জন্তুৰ
পৰা পৃথককৈ চাবলৈ আৰম্ভ কৰিলে’ (Collected
Works, Vol. V, 31) ।
উৎপাদনকাৰীৰ ৰূপত মানুহৰ এই নতুন
সংজ্ঞাটিয়ে সমাজ বিষয়ক পুৰণা সকলো চিন্তাবিদৰ চিন্তা-চর্চালৈ প্রত্যাহবান জনালে।
এসময়ত এৰিষ্টটলে মানুহৰ সংজ্ঞা দিছিল এনেদৰে, ‘মানুহ হৈছে এবিধ যুক্তিবাদী
প্রাণী।’ এই সংজ্ঞাটোৱে মানুহৰ চিন্তা কৰিব পৰাৰ শক্তিটোক অন্যান্য কার্যসমূহতকৈ পৃথক কৰি পেলাইছিল;
দৈনন্দিন কঠোৰ দৈহিক পৰিশ্রম কৰিবলৈ
অভিশপ্ত শত-সহস্র মানুহৰ এই সংজ্ঞাটিত কোনো স্থান নাছিল। নকলেও হব যে এৰিষ্টটল
এখন দাস-নির্ভৰ সমাজৰ সৃষ্টি আছিল। প্রাচীন ৰোমান সভ্যতাৰ শাসকসকলে শাৰিৰীক শ্রম
কেৱল
দাসহঁতৰ বাবেহে উপযুক্ত বুলি গণ্য কৰিছিল (ৰোমান সভ্যতাত দাসৰ আইনী সংজ্ঞা আছিল
এনেধৰণৰঃ instrumentum vocale- অর্থাৎ এনে এবিধ সজুঁলি
যি কথা কব পাৰে!)। এৰিষ্টটলৰ মতে ভদ্রলোকৰ অর্থ হৈছে এনে এজন ব্যক্তি যাৰ নিজা
দাস আছে, যি জীৱন
ধাৰণৰ বাবে শ্রম কৰাৰ প্রয়োজনীয়তাৰ পৰা মুক্ত, যি মানসিক শ্রম বা আন কথাত মানসিক
উৎকর্ষৰ বাবে সময় উলিয়াব পাৰে। শাৰীৰিক আৰু মানসিক শ্রমৰ এই
বিভাজন আচলতে সেই সময়ৰ শ্রেণী সমাজৰে প্রতিফলন আছিল। এই বিভাজনটিক ডেকার্ট, হেগেল
আদি আধুনিক দার্শনিকসকলেও মানি লৈছিল। এনে সমস্ত দার্শনিকৰ মতে, মস্তিষ্কৰ জীৱনটোৱেই হৈছে মানৱ সত্তাৰ একমাত্র গুৰুত্বপূর্ণ অংশ;
অর্থাৎ দার্শনিকসকলে জীৱজগতৰ মানসিক উৎকর্ষ সম্পর্কে ভবা-চিন্তা কৰিব আৰু তেওঁলোকৰ জাগতিক
প্রয়োজনসমূহ- যেনে খাদ্য, বস্ত্র, বাসস্থান আদিবোৰ আনে পৰিশ্রম কৰি যোগাৰ কৰি দিব!
মার্ক্সৰ ভাষাত, ‘হেগেলে মাথো এবিধ শ্রমেই চিনিব আৰু বুজিব পাৰে; সেয়া হৈছে
বিমূর্ত মানসিক শ্রম’ (Collected Works,
Vol. III, 333)।
মার্ক্সে এই পৰম্পৰাগত দার্শনিকসকলৰ
সমস্ত ধাৰণা ওলোটাই পেলালে। কোনো বিমূর্ত মানসিক উৎকর্ষৰ বিপৰীতে, মার্ক্সে
সৃষ্টিশীল শ্রমকেই মানুহৰ প্রাথমিক বৈশিষ্ট বুলি ঘোষণা কৰিলে। মার্ক্সে কলে – কেৱল শ্রমৰ যোগেদিয়েই প্রকৃতি
আৰু মানুহৰ ঐক্য স্থাপন হয়। ‘মানুহে প্রকৃতিৰ বুকুত বাস কৰে। প্রকৃতিয়েই হৈছে মানুহৰ শৰীৰ। জীয়াই থাকিবলৈ হলে এই প্রকৃতিৰ লগতেই
মানুহে অহৰহ অদল-বদল কৰি থাকিব লাগিব’ (Collected
Works, Vol. III, 275)। অৱশ্যেই এই অদল-বদলৰ
প্রক্রিয়াটো হৈছে এটি উভয়মুখী প্রক্রিয়া।
মানৱ শ্রমে প্রকৃতিক ৰূপান্তৰিত কৰে। অর্থাৎ মানুহৰ দৰেই প্রকৃতিকো পৰিবর্তনহীন বুলি কব নোৱাৰি। এই প্রসংগত ফয়াৰবাখৰ বিষয়ে মার্ক্সে এনেদৰে লিখিছেঃ
ফয়াৰবাখে এই কথাটো বুজি পোৱা নাই যে ইন্দ্রিয়গ্রাহ্য
পৃথিবীখন অতীতৰেপৰা অস্তিত্বমান হৈ অহা
কোনো পৰিবর্তনহীন সত্তা নহয়; বৰঞ্চ ই সমাজৰ উদ্যোগ তথা স্তৰ অনুসৰিয়েই
নির্মিত হয়। অর্থাৎ এই ইন্দ্রিয়গ্রাহ্য পৃথিবীখন ঐতিহাসিকভাৱে নির্মিত হৈছে, ইটোৰ
পাছত সিটোকৈ বিভিন্ন প্রজন্মই এই নির্মাণ কার্যত অৰিহণা যোগাই আহিছে। ফয়াৰবাখ কথিত
আটাইতকৈ সৰল সুনিশ্চিত ইন্দ্রিয়গ্রাহ্য বস্তুবোৰো
সামাজিক বিকাশৰ পথেৰেহে উপলভ্য হৈছে। উদাহৰণস্বৰূপে, আজি আমাৰ আশে পাশে থকা চেৰী
গছবোৰ কেইশতিকামান পূর্বেহে আমাৰ অঞ্চললৈ বাণিজ্যৰ যোগেদি অনা হৈছিল। অর্থাৎ ফয়াৰবাখ
কথিত এই সুনিশ্চিত ইন্দ্রিয়গ্রাহ্যতাও একোটি বিশেষ সময়ত একোখন বিশেষ সমাজে লোৱা উদ্যোগৰ ফলতহে অস্তিত্বলৈ আহিছে (Collected Works, Vol. V, 39)।
মানুহৰ শ্রমে কেৱল প্রকৃতিকেই ৰূপান্তৰিত নকৰে; ই স্বয়ং
মানুহৰো ৰূপান্তৰ সাধন কৰে। মার্ক্সৰ মতে উৎপাদন হৈছে এটি
সামাজিক ক্রিয়া। ‘শ্রম বুলি কলেই এটি দ্বৈত সম্পর্কৰ কথা কব পাৰি; এফালে ই এটা
প্রাকৃতিক সম্পর্ক; আনফালে ই এটা সামাজিক সম্পর্ক বুলিও কব পাৰি। ‘সামাজিক’ – এই অর্থত যে শ্রম কৰিবলৈ বহুতো ব্যক্তিৰ সহযোগিতাৰ প্রয়োজন হয়; তেহেলৈ
শ্রমৰ পৰিস্থিতি, পদ্ধতি বা উদ্দেশ্য যিয়েই নহওঁক কিয়’(Collected Works, Vol.V, 43)।
অর্থাৎ মানুহ হৈছে মূলতঃ এবিধ সামাজিক
প্রাণী। সমাজৰ পৰা নিলগত মানুহৰ অস্তিত্ব কল্পনা কৰাটো অর্থহীন। পাঠকে হয়তো ধৰিব
পাৰিছে যে এইখিনিতে মার্ক্সে ৰাজনৈতিক-অর্থনীতিবিদসকলক আক্রমণৰ লক্ষ্য হিচাপে
লৈছে। ৰাজনৈতিক-অর্থনীতিবিদসকলৰ মতে
ব্যক্তি সদায়েই সমাজৰ পৰা বিচ্ছিন্ন এক সত্তা; অর্থাৎ ব্যক্তি, ব্যক্তি-স্বার্থ,
ব্যক্তি-স্বাধীনতা আদি ধাৰণাবোৰ নির্মাণ কৰোঁতে সমাজৰ কোনো ভূমিকা নাই। স্বাধীন
ব্যক্তিৰ সমষ্টি মিলিয়েই সমাজখনৰ সৃষ্টি হৈছে আৰু পুঁজিবাদী অর্থনীতিৰ মাজতেই
ব্যক্তি-স্বাধীনতাই পূর্ণৰূপ পাইছে। অর্থাৎ এই ‘প্রাকৃতিক’ ব্যক্তি-স্বার্থৰ জৰিয়তেই
পুঁজিবাদী অর্থনীতিখনিও চালিত হয়। হবছৰ ভাষাত ই হৈছে ‘সকলোৰে বিৰূদ্ধে সকলোৰে
যুদ্ধ ঘোষণা’; ধন আৰু ক্ষমতা আর্জনৰ সীমাহীন যুঁজ।
মার্ক্সে ৰাজনৈতিক-অর্থনীতিবিদসকলৰ এনে
ফেণ্টাচীসমূহক ‘ৰবিনচনবাদী’ নাম দিছে কিয়নো সিবিলাকে ব্যক্তি সম্পর্কে এনে ধাৰণা
পোষণ কৰে যেন সকলোৱেই
ৰবিনচন ক্রুছোৰ দৰেই নির্জন দ্বীপত বসবাস কৰা একোজন অকলশৰীয়া ব্যক্তি। ‘মুক্ত
প্রতিযোগিতাৰ এই পৃথিবীখনত ব্যক্তি একোজন আন সকলো প্রাকৃতিক বান্ধোনৰ পৰা মুক্ত হৈ
পৰে; পূর্বৰ সময়ত কিন্তু এই বান্ধোনসমূহেই মানুহক কোনো নির্দিষ্ট আৰু সীমাৱদ্ধ মানৱ সমষ্টিত সংলগ্ন কৰি ৰাখিছিল’
(Grundrisse, 83)।
কিন্তু ই কেৱল আপাত দৃষ্টিতহে শুদ্ধঃ
মানুহ প্রকৃত অর্থতেই এবিধ সামাজিক প্রজাতি। ই
কোনো সাধাৰণভাৱে জুম পাতি থকা জন্তু(gregarious animal) নহয়। কেৱল সমাজৰ মাজতহে
মানুহে নিজকে ব্যক্তি হিচাপে চিনাক্ত কৰিব পাৰে। যেনেকৈ মানুহে একেলগে থাকি ইজনে সিজনৰ লগত ভাৱ বিনিময় কৰিলেহে
ভাষাৰ বিকাশ হয়, ঠিক তেনেকৈয়ে সমাজৰ পৰা নিলগত
অকলশৰীয়া ব্যক্তি বিশেষৰ স্তৰত উৎপাদনৰ কথা ভাবিব নোৱাৰি (Grundrisse, 84)।
যদি উৎপাদনেই হৈছে মানুহৰ মূল কার্য,
তেনেহলে সামাজিক বিশ্লেষণৰ ক্ষেত্রত আমি এই উৎপাদনৰ পৰাই আৰম্ভ কৰিব লাগিব।
বিভিন্ন সময়ত কেনেদৰে উৎপাদন কার্যসমূহ সংগঠিত কৰা হৈছে – এই সম্পর্কেও আমি মন কাণ
দিব লাগিব। সেয়েহে মার্ক্সে ‘উৎপাদনৰ সামাজিক সম্পর্ক’ৰ কথা উল্লেখ কৰিছে। ‘উৎপাদনৰ
সামাজিক সম্পর্ক’ বা চমুকৈ ‘উৎপাদন সম্পর্ক’ৰ অর্থ হৈছে – উৎপাদনৰ প্রক্রিয়া একোটা
সংগঠিত কৰোঁতে কেনেকৈ বিভিন্ন শ্রেণীৰ লোকসকল ইজন-সিজনৰ মুখামুখি হয়; যেনে সামন্ত
প্রভু বনাম কৃষক অথবা পুঁজিপতি বনাম শ্রমিকসকল।
যিহেতু উৎপাদন হৈছে এবিধ সামাজিক
ক্রিয়া, সেয়েহে উৎপাদন প্রক্রিয়াৰ পৰিবর্তন ঘটিলে সমাজতো পৰিবর্তন ঘটিব। আন কথাতঃ
বিভিন্ন সমাজত বিভিন্ন ধৰণে উৎপাদন কার্যসমূহ সংগঠিত কৰা হয়; এই সংগঠনৰ পদ্ধতিসমূহ পৰিবর্তিত হলে সিবিলাকে
সমাজৰ অন্যান্য দিশসমূহতো প্রভাৱ পেলায়। যিহেতু ‘মানৱ সাৰমর্ম হৈছে সামাজিক সম্পর্কসমূহৰেই সমাহাৰ’, সেয়েহে উৎপাদন-সংগঠনৰ পদ্ধতিসমূহ পৰিবর্তিত হলে
সিবিলাকে মানুহৰ ধ্যান-ধাৰণা, আশা-আকাংক্ষা, বিশ্বাস আদি দিশবোৰৰ ওপৰতো প্রভাৱ পেলাব; আন কথাত, এই
দিশসমূহো পৰিবর্তিত হৈ পৰিব।
এয়াই হৈছে মার্ক্সৰ ইতিহাস বিষয়ক
বস্তুবাদী ধাৰণা(materialist conception of history)ৰ মূল কথা। এই সম্পর্কে বিস্তৰভাৱে আমি অনাগত অধ্যায়সমূহত আলোচনা কৰিম। সদ্যহতে
প্রাৰম্ভিক পর্যায়ত মার্ক্সে কেনেকৈ ইতিহাস বিষয়ক এই বস্তুবাদী ধাৰণাৰ অৱতাৰণা কৰিছিল, এই সম্পর্কে
কিছু কথা আলোচনা কৰা যাওঁক। বিশেষকৈ ১৮৪৪ চনৰ আর্থিক আৰু দার্শনিক পাণ্ডুলিপিসমূহত
এই প্রাৰম্ভিক বিশ্লেষণৰ কিছু ভু পোৱা যায়। হেগেল তথা ফয়াৰবাখক সমালোচনা কৰি কেনেকৈ মার্ক্সে এক নিজস্ব পদ্ধতি
বিকশিত কৰিছিল- এই বিষয়ে বুজিবলৈ হলে এই প্রাৰম্ভিক ধাৰণাসমূহ সম্পর্কে কিছু
আলোচনা কৰি লোৱাটো
জৰুৰী। অনাগত অধ্যায়টিত আমি দেখিম যে পাছৰ সময়ছোৱাত মার্ক্সে ইতিহাস বিষয়ক এই প্রাৰম্ভিক
বস্তুবাদী ধাৰণাৰ যথেষ্ঠ বিকাশ (তথা পৰিবর্তন) সাধন কৰিছে।
হেগেলেই হওঁক বা ফয়াৰবাখেই হওঁক,
দুয়োজনেই বিচ্ছিন্নতা(alienation)ৰ ধাৰণাটোক এটি
বিশুদ্ধ বৌদ্ধিক প্রক্রিয়া হিচাপে গণ্য কৰিছিল; বিচ্ছিন্নতা তেতিয়াই ঘটে, যেতিয়া
পৃথিবীখনক ভুল দৃষ্টিৰে চোৱা হয়! তেওঁলোকৰ বিপৰীতে মার্ক্সে বিছিন্নতাৰ প্রক্রিয়াটোক এক বস্তুগত তথা
সামাজিক প্রক্রিয়া হিচাপে গণ্য কৰিছিল। পুঁজিবাদী সমাজখনত শ্রমিক একোজনে তেওঁৰ
শ্রম কৰাৰ ক্ষমতা তথা দক্ষতাখিনি পুঁজিপতিক বিক্রী কৰিবলৈ বাধ্য হয়। ফলস্বৰূপে
তেওঁৰ নিজৰ শ্রম তথা (সেই শ্রমেৰে উৎপন্ন কৰা) পণ্যবিধৰ ওপৰত কোনো নিয়ন্ত্রণ
নাথাকে। অর্থাৎ শ্রমিকজনৰ যি জীৱন-ক্রিয়া, যাৰ দ্বাৰা তেওঁ নিজৰ মানৱীয়তা বা ‘জীৱ-সত্তা’ প্রমাণিত কৰে, ই কেৱল এক লক্ষ্য পূৰণৰ হাথিয়াৰলৈ
পর্যৱসিত
হয়। আৰু যিহেতু শ্রমিকজন তেওঁৰ নিজ মানৱ-প্রকৃতিৰ পৰা বিচ্ছিন্ন হৈ পৰিছে, সেয়েহে তেওঁ
প্রকৃতিৰ পৰাও বিচ্ছিন্ন হৈ পৰিছে (কিয়নো শ্রমৰ দ্বাৰাই তেওঁ প্রকৃতিক ৰূপান্তৰিত
কৰে, অর্থাৎ তাক মানৱীয় কৰি তোলে)। একে সময়তে শ্রমিকজন আন আন মানুহৰ পৰাও বিচ্ছিন্ন হৈ পৰিছে।
শ্রমৰ এই বিচ্ছিন্ন অৱস্থাৰ বলতেই শ্রমিক আৰু পুঁজিপতিৰ সম্পর্ক স্থাপিত হয় যত এজন কাম-নকৰা
ব্যক্তিয়ে আনৰ শ্রমৰ ওপৰত নিয়ন্ত্রণ সাব্যস্ত কৰে আৰু তাৰেই ভিত্তিত লাভ আহৰণ কৰে।
মার্ক্সৰ বাবে পুঁজিবাদ হৈছে এনে এক ব্যৱস্থা যত শ্রমিকে উৎপন্ন কৰা
বস্তুবোৰে এটি অদ্ভুত ৰূপ অর্থাৎ পুঁজিৰ ৰূপ ধাৰণ কৰে আৰু এইদৰেই সিবিলাকে শ্রমিকৰ ওপৰতেই প্রভুত্ব দাবী কৰে। মার্ক্সৰ এই প্রাৰম্ভিক
সময়ছোৱাৰ
ৰছনাসমূহত তেওঁৰ দার্শনিক অতীতৰ ছাব অতিশয় স্পষ্ট ৰূপত দেখা পোৱা যায়। অৱশ্যে পাছৰ সময়ছোৱাতো তেওঁ বিচ্ছিন্নতাৰ ধাৰণাটো
ত্যাগ কৰা নাই কিন্তু পাছলৈ বিচ্ছিন্নতাৰ সৈতে আন এটা দিশ তেওঁ যুক্ত কৰিছেঃ সেয়া
হৈছে বিচ্ছিন্নতাৰ বিৰুদ্ধে শ্রমিকৰ বিপ্লৱ।
এই প্রাৰম্ভিক সময়ছোৱাৰ লেখনীসমূহত মার্ক্সে মানৱ প্রকৃতিৰ বর্তমানৰ দুৰৱস্থা আৰু তাৰ বাঞ্ছনীয় ভবিষ্যত-ৰূপৰ তুলনা কৰিয়েই তেওঁৰ সমস্ত দার্শনিক
কাঠামোটো নির্মাণ কৰিছিল। ১৮৪৪ চনৰ আর্থিক আৰু দার্শনিক পাণ্ডুলিপিবোৰৰ
মতে পুঁজিবাদ হৈছে এটি অস্বাভাৱিক ব্যৱস্থা
আৰু সেয়েহে তাক নির্মূল কৰাটো দৰকাৰ। পাঠকে নিশ্চয় মন কৰিছে যে এইপর্যন্ত অন্যান্য
সমাজবাদী যেনে ফুৰিয়াৰ আদিৰ সৈতে মার্ক্সৰ সমালোচনাৰ বহুত বেছি পার্থক্য নাই। ফুৰিয়াৰ
আদিয়েও মানুহৰ স্বাভাৱিক প্রয়োজনসমূহ পূর্ণ কৰাত ব্যর্থ হোৱাৰ বাবে পুঁজিবাদৰ সমালোচনা কৰিছিল।
এনে নৈতিক সমালোচনা নিশ্চিতভাৱেই যিকোনো সমাজবাদী তত্ত্বৰ
অংশবিশেষ হব লাগিব। কিন্তু এয়াই যথেষ্ঠ নহয়। পাছৰ কালৰ লেখনীসমূহত মার্ক্সে পুঁজিবাদী অর্থনীতিৰ বস্তুনিষ্ঠ
বিশ্লেষণ কৰি স্পষ্টকৈ দর্শাইছে যে কিদৰে পুঁজিবাদে নিজেই তাৰ ধ্বংসৰ বাট মাতি
আনে; কিদৰে ই নিজৰে মৃত্যুৰ বাবে সামাজিক আৰু বস্তুগত আধাৰ তৈয়াৰ কৰে। কিন্তু ১৮৪৪ চনৰ পাণ্ডুলিপিসমূহত এনে বৈজ্ঞানিক
বিশ্লেষণৰ ইংগিত নাই। বৰঞ্চ পুঁজিবাদে মানুহৰ মানবীয়তা হৰণ কৰে বুলি কৈয়েই তেওঁ
আলোচনা সামৰিছে।
১৮৪৪ চনৰ
পাণ্ডুলিপিবোৰত শ্রেণী সংগ্রামৰ উল্লেখ একেবাৰে নথকা নহয়।
আচলতে তাৰ ওলোটাটোহে শুদ্ধ। প্রথম
পাণ্ডুলিপিটোতেই মার্ক্সে উল্লেখ কৰিছেঃ ‘পুঁজিপতি আৰু শ্রমিকৰ সংঘাতৰ মাজেদিয়েই
মজুৰী নির্ধাৰিত হয়’ (Collected Works,
Vol. III, 235) । কিন্তু পুঁজিবাদৰ বিকাশ আৰু পতনৰ ক্ষেত্রত শ্রেণী সংগ্রামে
কেনেধৰণৰ ভূমিকা পালন কৰে – এই বিষয়ে পাণ্ডুলিপিবোৰ সুস্পষ্ট
নহয়। তদুপৰি ‘সাম্যবাদ’ শব্দটোৰ ব্যৱহাৰো মূলতঃ দার্শনিক অর্থতেই কৰা হৈছে; যেন সমস্ত মানৱ ইতিহাসে ইয়াৰ পৰাই অর্থ লাভ কৰিছে।
মার্ক্সৰ ভাষাত, সাম্যবাদৰ ৰূপতেই ‘ইতিহাসৰ সাঁথৰৰ সমাধান হৈছে’ (Collected Works, Vol. III, 297)। স্মৰণীয় যে হেগেলৰ ঘূর্ণিয়মান (circular) দ্বন্দ্ববাদৰ মতে পৰমাত্মাৰ ৰূপতেই অন্তর্বিৰোধসমূহে
সমাধান লাভ কৰে; অর্থাৎ পূর্বৰে পৰা ইতিহাসৰ ফলাফলসমূহ নির্ধাৰিত হৈ থাকে। আন কথাত, ঘূর্ণিয়মান(circular) দ্বন্দ্ববাদৰ পৰা মার্ক্স এতিয়াও মুক্ত হব পৰা নাই।
এয়া কেৱল এক বৌদ্ধিক সীমাৱদ্ধতাই নাছিল। ৰাজনৈতিক অনুশীলনৰ
ক্ষেত্রতো তাৰ গভীৰ প্রভাৱ পৰিছিল। উদাহৰণস্বৰূপে, যদিহে কেৱল শ্রমিকৰ বিচ্ছিন্নতাৰ দিশটোৰ প্রতিয়েই মনোযোগ
দিয়া হয়, তাৰ অর্থ হৈছে - পুঁজিপতিসকলো আচলতে এক বিচ্ছিন্ন জীৱন অতিবাহিত কৰিবলৈ অভিশপ্ত।
অর্থাৎ পুঁজিপতিসকলো এটি অমানৱীয় জীৱন
অতিবাহিত কৰিবলৈ বাধ্য। সেয়েহে সমাজবাদ নির্মাণ কৰিবলৈ পুঁজিপতিসকলো নিশ্চয় আগবাঢ়ি
আহিব; কিয়নো তেতিয়াহে তেওঁলোকে এটি মানৱীয় জীৱন যাপন কৰিবলৈ সক্ষম হব। এনে কেতবোৰ ধাৰণাৰ বশৱর্তী হৈয়েই ইউট’পিয়ান
সমাজবাদীসকলে শ্রমিকৰ লগতে পুঁজিপতিসকলকো সমাজবাদ নির্মাণ কৰাৰ হেতুকে আগবাঢ়ি
আহিবলৈ আহ্বান জনাইছিল!
এংগেলছে পাছলৈ তেওঁৰ প্রাৰম্ভিক পর্যায়ৰ
লেখনীসমূহৰ বিষয়ে কৰা মন্তব্যসমূহ মার্ক্সৰ ১৮৪৪ৰ পাণ্ডুলিপিসমূহৰ ক্ষেত্রতো
সমানেই প্রযোজ্য। ১৮৯২ চনত এংগেলছে এনেদৰে লিখিছেঃ
১৮৪৪ চনত আধুনিক আন্তর্জাতিকতাবাদী সমাজবাদ...অস্তিত্বমান
নাছিল। সেয়েহে মোৰ কিতাপখনিতো সমাজবাদৰ বিকাশৰ এটি নির্দিষ্ট পর্যায়ৰেই প্রতিফলন
ঘটিছিল। ...প্রাৰম্ভিক পর্যায়ৰ এটি ভ্রূণৰ দৰেই মোৰ কিতাপখনিতো আধুনিক সমাজবাদৰ
অন্যতম উৎস জার্মান মতাদর্শৰ প্রভাৱ সুস্পষ্ট। উদাহৰণস্বৰূপে, মই খুউব জোৰ দি
লিখিছিলো যে সাম্যবাদ শ্রমিক শ্রেণীৰ কোনো পার্টি-তত্ত্ব কেৱল নহয়; বৰঞ্চ ই হৈছে
বর্তমানৰ সংকীর্ণ স্থিতিৰ পৰা পুঁজিপতি নির্বিশেষে
বৃহত্তৰ সমাজখনৰেই মুক্তি-তত্ত্ব। বিমূর্ত
অর্থত ই নিশ্চয়েই শুদ্ধ আছিল, কিন্তু প্রকৃততে ই আছিল সম্পূর্ণভাৱে অর্থহীন আৰু অনুশীলনৰ ক্ষেত্রত ক্ষতিকৰ। যেতিয়ালৈকে ধনীক শ্রেণীসমূহে মুক্তিৰ কোনো প্রয়োজন অনুভৱ নকৰিব, যেতিয়ালৈকে সিহঁতে শ্রমিকৰ স্ব-মুক্তিৰ পথত বাধা সৃষ্টি কৰি থাকিব,
তেতিয়ালৈকে শ্রমিক শ্রেণীয়ে অকলেই সামাজিক বিপ্লৱৰ প্রস্তুতি চলাব
লাগিব আৰু এনে বিপ্লৱ সংঘটিতো কৰিব লাগিব (Selected Works, Vol. III, 444)।
পাছৰ পর্যায়ৰ লেখনীসমূহ – যেনে জার্মান আইডিয়লজি, দর্শনৰ দাৰিদ্রতা, পুঁজি আদিত
মার্ক্সে ইতিহাসৰ বস্তুনিষ্ঠ ধাৰণাটোৰ পূর্ণ বিকাশ ঘটাইছে। সিবিলাকত তেওঁ স্পষ্টকৈ
দর্শাইছে যে কেনেদৰে পুঁজিবাদী শোষণে শ্রমিকসকলক সংগঠিত হবলৈ বাধ্য কৰে আৰু এইদৰেই
পুঁজিবাদৰ বিনাশৰ আধাৰো সৃষ্টি কৰে। ১৮৪৪ চনৰ বিচ্ছিন্ন শ্রমৰ
ব্যাখ্যা এই বিশ্লেষণৰ অবিকশিত ভ্রুণ-ৰূপ বুলি কব পাৰি।
২) পুঁজিৰ লজিক
‘যদিও মার্ক্সে কোনো [পদ্ধতিগত] লজিক এৰি
থৈ যোৱা নাই, তেওঁ আমাৰ বাবে অন্ততঃ পুঁজিৰ লজিক এৰি থৈ গৈছে’ – মার্ক্স বিষয়ক এই মন্তব্য
হৈছে লেনিনৰ। সহজ ভাষাত লেনিনৰ ভাষ্যৰ অর্থ হৈছেঃ যদিও মার্ক্সে কেতিয়াও
‘হেগেলীয় দ্বন্দ্বৰ ৰহস্যময়ী খোলাটোৰ পৰা যুক্তিবাদী পদ্ধতিৰ শাহটো উলিয়াই সেই
সম্পর্কে দুই বা তিনি পৃষ্ঠা মান লিখিবলৈ সুযোগ’ নাপালে, তথাপি পুঁজি গ্রন্থখনি অধ্যয়ন কৰিয়েই আমি সেই
পদ্ধতিৰ বুজ লব পাৰোঁ।
অৱশ্যে মার্ক্সে হেগেলৰ বিপৰীতে আন এঠাইৰ
পৰাহে আৰম্ভণি কৰিছেঃ
মোৰ দ্বন্দ্ববাদী পদ্ধতিৰ আধাৰ হেগেলতকৈ কেৱল পৃথকেই নহয়; ই তাৰ সম্পূর্ণ ওলোটা
বুলিও কব পাৰি।
হেগেলৰ মতে চিন্তনৰ প্রক্রিয়াটো – যিটোক তেওঁ
এটি স্বতন্ত্র চাবজেক্টলৈ পৰিণত কৰি পেলাইছে – যাক তেওঁ দা আইডিয়া (the idea) বুলিও অভিহিত কৰিছে – ইয়েই হৈছে বাস্তৱ জগতখনৰো সৃষ্টিকর্তা। আন কথাত, বাস্তৱ জগতখন এই আইডিয়াটোৰেই
বর্হি প্রতিফলন মাথো। মোৰ মতে কিন্তু ওলোটাটোহে শুদ্ধঃ আইডিয়া আন একো নহয়; ই হৈছে
মানৱ মস্তিষ্কত বস্তুনিষ্ঠ জগতখনৰ প্রতিফলন মাথো, যি বিভিন্ন
চিন্তনৰ ৰূপত ধৰা দিয়ে (Capital, Vol. I, 102)।
আন কথাত, মার্ক্সৰ দৃষ্টিভংগী হৈছে বস্তুবাদীঃ
আমি যিবোৰ আধাৰৰ পৰা আৰম্ভণি কৰোঁ – সিবিলাক কোনো আকস্মিক
বা নীতিবাদী আধাৰ নহয়, বৰঞ্চ আমি বাস্তৱিক আধাৰৰ পৰাই আৰম্ভণি কৰোঁ। সেয়েহে সিবিলাকৰ পৰা বিমূর্তকৰণ
কেৱল কল্পনাৰ দ্বাৰাহে কৰিব পৰা যায়। অর্থাৎ আমি অধ্যয়ন কৰা ব্যক্তিসকল হৈছে বাস্তৱিক ব্যক্তি...তেওঁলোকৰ ক্রিয়াপদ্ধতি, তেওঁলোকৰ বস্তুনিষ্ঠ জীৱন-স্থিতিও হৈছে বাস্তৱিক। সেয়েহে আমাৰ আধাৰসমূহ তথ্যগতভাৱে
প্রমাণিত কৰিব পাৰি (Collected Works, Vol. V, 31)।
অৱশ্যে তাৰ অর্থ এইটো নহয় যে বাস্তৱ ব্যক্তিসকল, তেওঁলোকৰ ক্রিয়াপদ্ধতি তথা
তেওঁলোকৰ বস্তুনিষ্ঠ জীৱন-স্থিতিসমূহ আমি
চিধাচিধিকৈ প্রত্যক্ষ কৰিলেই বুজিব পাৰিম। বৰঞ্চ দৃশ্যমান পৃথিবীখন কেতিয়াবা বিভ্রান্তিকৰো
হব পাৰে। চকুৰে দেখা কাণেৰে শুনা সকলো বস্তুৱেই সত্য নহয়। উদাহৰণস্বৰূপে, আমাৰ চকুত সূর্যটোৱে পৃথিবীখনক প্রদক্ষিণ কৰি থকা যেন লাগিলেও দৰাচলতে
ই সত্য নহয়; বৰঞ্চ তাৰ ওলোটাটোহে সত্য।
মার্ক্সেও পুঁজি গ্রন্থখনিত লিখিছে যে ‘গ্রহ-নক্ষত্রৰ চাল-চলন কেৱল সেই বিষয়ে প্রকৃত জ্ঞান থকা লোকেহে ভালকৈ
বুজিব পাৰে, কিয়নো খালী চকুৰে সিবিলাক মনিব নোৱাৰি’ (Capital,
Vol. I, 433)। সেয়েহে তেওঁ বাস্তৱ(reality) আৰু আপাত-দর্শন(appearance)ৰ মাজত এডাল পার্থক্যৰেখা অংকণ কৰিছে। বস্তুৰ
প্রকৃত বাস্তৱ সাধাৰণতেই তাৰ আপাত-দর্শনৰ
আঁৰত লুকাই থাকে। এই বাস্তৱক সাৰমর্ম বা
আভ্যন্তৰীণ গাঁথনি বুলিও কব পাৰি। ঠিক
তেনেদৰে আপাত-দর্শনক পৰিঘটনা বা
বাহ্যিক-দর্শন বুলি কব পাৰি। মার্ক্সে
লিখিছে যে ‘সাৰমর্ম আৰু
বাহ্যিক-দর্শন একেই হোৱা হলে কোনো বিজ্ঞানৰেই
প্রয়োজনীয়তা নাথাকিলেহেঁতেন’ (Capital, Vol.
III, 817)।
মার্ক্সে বিশ্বাস কৰিছিল
যে আধুনিক সমাজত সাৰমর্ম আৰু পৰিঘটনা বেলেগ বেলেগ হোৱাৰ আঁৰত পুঁজিবাদৰ কেতবোৰ বিশেষ বৰঙনি আছে। পুঁজিবাদে
আমাৰ চক্ষুৰ পৰা তাৰ প্রকৃত কার্যপদ্ধতিসমূহ লুকুৱাই ৰাখিবলৈ পদ্ধতিগতভাৱেই মতাদর্শৰ প্রয়োগ কৰে।
সেয়েহে পৰিঘটনাৰ জাল
ফালি প্রকৃত বাস্তৱৰ বুজ লবলৈ হলে বিমূর্তকৰণ(abstraction)ৰ সহায় লব
লগা হয়। অর্থাৎ বাস্তৱৰ মূল বা প্রাথমিক বৈশিষ্টসমূহক আন আন অপ্রাসংগিক উপাদানসমূহৰ পৰা আঁতৰাই
লৈ সেই অনুসৰি কেতবোৰ কনচেপ্ট(concept) বিকশিত কৰাটো
প্রয়োজনীয় হৈ পৰে। উদাহৰণস্বৰূপে, পদার্থবিজ্ঞানে
গতিবেগ(velocity)ৰ কনচেপ্টটো প্রয়োগ কৰোঁতে বস্তুবিধৰ
আন আন দিশসমূহ(যেনে ৰং, ৰাসায়নিক গঠন, সি জৈৱিক
নে মৃত – আদি)ক আঁতৰাই ৰাখে। গতিবেগৰ এই
ধাৰণাটোৰ সহায়তেই বিজ্ঞানীসকলে মাধ্যাকর্ষণ তত্ত্ব, মুক্ত পতন বিধি, নিষ্ক্রিয়তা বিধি আদি বহুতো তত্ত্ব বিকশিত কৰিছে যিবোৰক সকলো
বস্তুৰ ক্ষেত্রতেই প্রয়োগ কৰিব পাৰি।
মার্ক্সে বিশ্বাস কৰিছিল
যে ‘মূল্যৰ শ্রম তত্ত্ব’ বিকশিত কৰোঁতে ৰিকার্ডোৱেও এনে এক সফল বিমূর্তকৰণৰেই প্রয়োগ ঘটাইছিলঃ
‘অৱশেষত ৰিকার্ডো আগবাঢ়ি আহিল আৰু বিজ্ঞানক
সম্বোধি তেওঁ কলে – ৰবা! বুর্জোৱা ব্যৱস্থাটো বুজিবলৈ হলে, তাৰ আভ্যন্তৰীণ জৈৱিক সংগতি
বা জৈৱ প্রক্রিয়াটো বুজিবলৈ হলে, আমি যিটো আধাৰ বা বিন্দুৰ পৰা আৰম্ভ কৰিব লাগিব, সেয়া হৈছে -
শ্রম-সময়ৰ দ্বাৰা মূল্যৰ নির্ধাৰণ’ (Theories
of Surplus Value, Vol. II, 165-166)।
সমস্যাটো হৈছে যে
এনে বিমূর্তকৰণ প্রায়েই বাহ্যিক-দর্শনৰ বিপৰীত হয় (নহলে, মার্ক্সৰ ভাষাতেই ‘বিজ্ঞানৰ
কোনো প্রয়োজনীয়তা নাথাকিলেহেঁতেন’)। উদাহৰণস্বৰূপে, মুক্ত পতন বিধি মতে সকলো বস্তুৱেই প্রতি চেকেণ্ডত ৩২ ফুট বেগত তললৈ সৰি পৰে। কিন্তু ই কেৱল শূণ্য(vacuum) পৰিস্থিতিতহে সম্ভৱ। বাস্তৱ পৰিস্থিতিত বতাহৰ ঘর্ষণৰ ফলত শিল এডোখৰ আৰু
পাখি এখন একেসময়তে সৰি মাটিত নপৰেহি। ঠিক তেনেকৈয়ে, ৰিকার্ডো আৰু মার্ক্সেও জানিছিল
যে পণ্যসমূহৰ বিনিময় আচলতে সিবিলাকৰ উৎপাদনত প্রয়োগ হোৱা শ্রম-সময়ৰ অনুপাত অনুসৰি নহয়।
অর্থাৎ বিমূর্তকৰণ
যিকোনো বৈজ্ঞানিক বিশ্লেষণৰ আৰম্ভণি মাথো। ই আমাক প্রাথমিক বৈশিষ্টসমূহ একাষৰীয়া কৰি
লবলৈ সহায় কৰে। কিন্তু এই প্রাথমিক বৈশিষ্টসমূহৰ সৈতে আমাৰ দৃশ্যমান
পৃথিবীখনৰ সম্পর্ক কি – এই প্রশ্নটোৰ উত্তৰ বিচৰাটোও প্রয়োজনীয়। এইখিনিতেই
মার্ক্সে ৰিকার্ডোৰ পদ্ধতিৰ সমালোচনা কৰিছে। ৰিকার্ডোৱে তেওঁৰ বিমূর্ত ‘মূল্যৰ শ্রম তত্ত্ব’ক দৃশ্যমান
পৃথিবীখনৰ বিপৰীতে উপস্থাপন কৰিছে। কিন্তু দুয়োৰে মাজৰ সম্পর্ক কি- তেওঁ এই
প্রশ্নটোৰ উত্তৰ দিব পৰা নাই। উপমাৰ সহায়ত কবলৈ গলেঃ ৰিকার্ডোৱে সঠিকভাৱেই আঙুলিয়াই দিছে যে আমি খালী চকুৰে দেখা আকাশখন
প্রকৃততে নীলা নহয়। কিন্তু তথাপিও কিয় আকাশখন নীলা যেন দেখি – তাৰ কোনো উত্তৰ তেওঁ
দিব পৰা নাই। ঠিক তেনেদৰেই তেওঁ সঠিকভাৱেই
আঙুলিয়াই দিছে যে আমি খালী চকুৰে দেখা পৃথিবীখন প্রকৃততে চেপেটা নহয়। কিন্তু
তথাপিও কিয় পৃথিবীখন চেপেটা যেন দেখি – তাৰ কোনো উত্তৰ তেওঁ দিব পৰা নাই। মার্ক্সৰ বাবে কিন্তু এই দ্বিতীয় লানি প্রশ্নৰ
উত্তৰ বিচৰাটোও সমানেই প্রয়োজনীয়।
মার্ক্সে উদাহৰণ
হিচাপে ‘লাভৰ সাধাৰণ হাৰ’ৰ(general rate of profit) কথা উল্লেখ কৰিছে। পাছলৈ আমি আলোচনা কৰিম যে
কিদৰে আপাত দৃষ্টিত মূল্যৰ শ্রম তত্ত্ব আৰু
লাভৰ সাধাৰণ হাৰ ইটো সিটোৰ বিৰোধী যেন লাগে। কিন্তু ৰিকার্ডোৱে কোনো প্রশ্ন নকৰাকৈয়ে লাভৰ সাধাৰণ হাৰৰ
অস্তিত্বৰ কথা মানি লৈছে। মার্ক্সৰ মতে তেওঁ প্রথমতে মূল্যৰ শ্রম তত্ত্ব প্রয়োগ কৰি
দর্শোৱা উচিত আছিল যে কিদৰে প্রথমতে ইটো সিটোৰ বিৰোধী
যেন লাগিলেও দৰাচলতে শেহত গৈ ‘লাভৰ সাধাৰণ হাৰে’ মূল্যৰ শ্রম তত্ত্বকেই সমর্থন
করেঃ
লাভৰ সাধাৰণ হাৰ বোলা বস্তু এবিধ আছে বুলি চিধাই মানি লোৱাৰ পৰিবর্তে ৰিকার্ডোৱে প্রথমতে পৰীক্ষণ কৰা উচিত আছিল যে কিদৰে ই ‘শ্রম-সময়ৰ
দ্বাৰা মূল্য নির্ধাৰণ’ৰ বিৰোধী নহয়। এনেকৈ আগবঢ়া হলে ৰিকার্ডোৱে আৱিষ্কাৰ কৰিলেহেঁতেন যে মূল্যৰ শ্রম তত্ত্বৰ সৈতে সুসংগত হোৱাৰ বিপৰীতে লাভৰ সাধাৰণ হাৰে তাৰ বিৰোধিতাহে কৰে। অর্থাৎ দুয়োটাৰে মাজত থকা আন্তঃসম্পর্ক
প্রতিষ্ঠা কৰিবলৈ হলে কেইবাটাও অন্তৱর্তীকালীন পর্যায়ৰ মাজেৰে আগবাঢ়িব লাগিব (Theories of Surplus Value, Vol. II, 174)।
বিমূর্তকৰণ(abstraction)ৰ পৰা আৰম্ভ কৰি ‘কেইবাটাও অন্তৱর্তীকালীন পর্যায়ৰ মাজেৰে পাৰ হৈ’ অৱশেষত দৃশ্যমান পৃথিবীখন(appearance)ক বিশ্লেষণ কৰা এই পদ্ধতিটোক মার্ক্সে
‘বিমূর্তৰ পৰা মূর্তমানলৈ আগবাঢ়ি যোৱা পদ্ধতি’ বুলি কৈছে (Grundrisse, 101)। মূর্তমান বা কংক্রিট মানে মার্ক্সে চকুৰে দেখা পোৱা সাধাৰণ পৃথিবীখনৰ কথাই
বুজাইছে।
তেওঁ
লিখিছেঃ
বাস্তৱ আৰু কংক্রিটৰ পৰাই আৰম্ভণি কৰাটো সু-সংগত যেন লাগে ।
অর্থনীতিৰ চর্চাত সেয়েহে উদাহৰণস্বৰূপে জনসংখ্যাৰ পৰা আৰম্ভ কৰিব পাৰি; যিহেতু
জনসংখ্যা হৈছে সামগ্রিক সামাজিক উৎপাদন ব্যৱস্থাটোৰেই আধাৰ বা বিষয়। কিন্তু ভালকৈ পৰীক্ষণ
কৰি চালে ই ভুল বুলিয়েই প্রমাণিত হয়। জনসংখ্যা এটি বিমূর্তকৰণৰ বাহিৰে আন একো নহয়
যদিহে জনসংখ্যা গঠন কৰা শ্রেণীসমূহক হিচাপত লোৱা নহয়। এই
শ্রেণীসমূহো আকৌ অর্থহীন শব্দৰ বাহিৰে আন একো নহয় যদিহে সিবিলাকক গঠন কৰা
উপাদানসমূহ যেনে মজুৰী শ্রম, পুঁজি আদিক হিচাপত লোৱা নহয়। পিছে এই মজুৰী
শ্রম, পুঁজি ইত্যাদিক বুজিবলৈকো বিনিময়, শ্রম-বিভাজন, দাম, ইত্যাদি পূর্ব-ধাৰণাৰ
প্রয়োজন হয়। উদাহৰণস্বৰূপে, মজুৰী শ্রম, মূল্য, ধন, দাম ইত্যাদি ধাৰণাৰ অবিহনে
পুঁজিৰ ধাৰণাটো অর্থহীন। গতিকে, মই যদি জনসংখ্যাৰ পৰা আৰম্ভ কৰোঁ, ই সমগ্রৰ এটি
খেলিমেলি ধাৰণা (a chaotic conception of whole) হিচাপেই প্রমাণিত হব। তেতিয়া মই আৰু
অন্যান্য নির্ধাৰণৰ যোগেৰে একেবাৰে সৰল
কনচেপ্ট কেতবোৰৰ প্রতি যাত্রা কৰিব লাগিব। অর্থাৎ কল্পিত কংক্রিটৰ পৰা সূক্ষ্মতৰ
নির্ধাৰণসমূহলৈ যাত্রা; অন্ততঃ তেতিয়ালৈকে, যেতিয়ালৈকে মই একেবাৰে সৰল নির্ধাৰণসমূহত উপনীত নহওঁগৈ। তাৰ
পাছত মোৰ ওভতনি যাত্রা আৰম্ভ হব। এই যাত্রা তেতিয়ালৈকে চলিব যেতিয়ালৈকে মই
জনসংখ্যাত পুণৰ উপনীত নহওঁগৈ। কিন্তু উপনীত হোৱাৰ পাছত এইবাৰ
জনসংখ্যা সমগ্রৰ কোনো খেলিমেলি ধাৰণা হিচাপে প্রতীত নহব; বৰঞ্চ ই হৈ পৰিব বিভিন্ন নির্ধাৰণ তথা সম্পর্কৰ এটি
ঐশ্বর্যময় সমগ্র( a rich totality of
many determinations and relations) (Grundrisse, 100)।
এয়াই হৈছে মার্ক্সৰ বিশ্লেষণৰ পদ্ধতি। প্রথমতেই
আমি মানি লব লাগিব যে বাস্তৱ হৈছে
এটি অতিশয় জটিল বস্তু, আৰু সি বিভিন্ন উপাদানেৰে গঠিত হয়। মার্ক্সৰ ভাষাত, ‘কংক্রিট
হৈছে বিভিন্ন নির্ধাৰণৰ ঘনীভবন(concentration); অর্থাৎ ই
হৈছে বৈচিত্রৰ ঐক্য’ (Grundrisse,
101)। এই
বাস্তৱৰ বুজ লবলৈ প্রথমে বিমূর্তকৰণৰ সহায় লোৱা হয়, যাতে সি বিভিন্ন সৰল
নির্ধাৰণৰ ৰূপত বিভক্ত হৈ পৰে। এনেকৈ
বিভাজন কৰি লোৱাৰ
পাচত সিবিলাকক কংক্রিটৰ পুণঃনির্মাণৰ কামত খটুৱাব পাৰি...যাতে এইবাৰ ‘বিভিন্ন নির্ধাৰণ তথা সম্পর্কৰ এটি ঐশ্বর্যময়
সমগ্র’ৰ ৰূপত বাস্তৱৰ পুনঃআৱির্ভাৱ ঘটে।
অর্থাৎ প্রথমে মূর্তমান(concrete)ৰ পৰা বিমূর্ত (abstract)লৈ যাত্রা আৰম্ভ কৰি মূর্তমানক
বিভিন্ন সৰল নির্ধাৰণৰ ৰূপত ভাগ ভাগ কৰি লোৱা হয়। তাৰ পাছত বিমূর্তৰ পৰা ওভতনি যাত্রা কৰি এই সৰল
নির্ধাৰণসমূহক সমগ্রৰ পুনঃনির্মাণৰ কামত লগোৱা হয়। ডাছ কেপিটেল গ্রন্থখনিত পুঁজিবাদৰ
বিশ্লেষণ কৰোঁতে মার্ক্সে এই পদ্ধতিটো সুন্দৰকৈ প্রয়োগ কৰিছে।
মার্ক্সে কংক্রিট বাস্তৱৰ অনন্য জটিলতা স্বত্ত্বেও তাক ‘সমগ্র’
বা ‘বৈচিত্রৰ ঐক্য’ নাম দিছে। অর্থাৎ এটি সমগ্র(totality/whole)ৰ ৰূপতহে সমাজখনক বুজিব পৰা যাব। সমাজৰ বিভিন্ন অংশ/দিশসমূহক এই সমগ্রৰ
একোটাহঁত অংশ হিচাপেই গণ্য কৰিব লাগিব; সিবিলাক ইটো সিটোৰ সৈতে সম্পর্কহীন কোনো স্বয়ং-সম্পূর্ণ দিশ নহয়। বিভিন্ন সৰল
নির্ধাৰণৰ ৰূপত সমগ্রক বিভক্ত কৰাৰ প্রক্রিয়াটো বিশ্লেষণৰ প্রাৰম্ভিক পর্যায়হে
মাত্র; বিশ্লেষণ সম্পূর্ণ কৰিবলৈ হলে সিবিলাকক পুণৰ কংক্রিটৰ পুনঃনির্মাণৰ কামত
লগাব লাগিব যাতে অৱশেষত ‘বিভিন্ন নির্ধাৰণ তথা সম্পর্কৰ এটি ঐশ্বর্যময় সমগ্র’ নির্মিত হৈ উঠে।
মার্ক্সে ৰাজনৈতিক-অর্থনীতিবিদসকলক সমালোচনা কৰিছে কিয়নো তেওঁলোকে সমাজখনক বিভিন্ন
স্বয়ংসম্পূর্ণ ব্যক্তিৰ সমষ্টি মাথো বুলি গণ্য কৰে। তেওঁলোকৰ মতে বিভিন্ন ব্যক্তিৰ মাজত কোনোধৰণৰ
প্রকৃত সম্পর্ক নাই। মার্ক্সৰ ভাষাত, এনেধৰণৰ
বিশ্বদৃষ্টিৰ অন্তর্গত ‘সামাজিক ব্যৱস্থাটোৰ অংগ-প্রত্যংগসমূহ বিস্থাপিত হৈ পৰে’ (Collected Works, Vol. VI, 166-167)।
সমাজখনক এটি সমগ্র হিচাপে গণ্য কৰিব পাৰিলে
এই কথাটো বুজাত সহজ হৈ পৰে যে সময়ৰ লগে লগে সমাজখনো পৰিবর্তিত হয়। ৰাজনৈতিক-অর্থনীতিবিদসকলে
ভাবিছিল যে পুঁজিবাদী ব্যৱস্থাৰ নিয়মসমূহ আন আন ব্যৱস্থাৰ ক্ষেত্রতো প্রয়োগ কৰিব পৰা যাব। মার্ক্সে এনে দৃষ্টিভংগীৰ সমালোচনা কৰি
লিখিছে, ‘অর্থনীতিবিদসকলে বুর্জোৱা উৎপাদন ব্যৱস্থাৰ সম্পর্কসমূহক পৰিবর্তনহীন, চিৰায়ত কেটেগৰী হিচাপে গণ্য কৰে’। ফলতঃ ‘তেওঁলোকে [এই পুঁজিবাদী উৎপাদন সম্পর্কৰ অধীনত] কেনেকৈ উৎপাদন কার্য সমাপিত
হয় – এই কথাটোৰ বিশ্লেষণ কৰিব পাৰে কিন্তু কেনেকৈ স্বয়ং এই বুর্জোৱা উৎপাদন সম্পর্কসমূহৰ আৱির্ভাৱ হল, কেনেধৰণৰ ঐতিহাসিক গতিৰ ফলত
সিবিলাকে জন্ম লাভ কৰিলে, তাৰ কোনো উত্তৰ দিব নোৱাৰে’ (Collected Works, Vol. VI, 162)।
আন কথাত, মার্ক্সৰ দৃষ্টিভংগী আছিল
ঐতিহাসিক। তেওঁৰ মতে পুঁজিবাদী উৎপাদন সম্পর্কসমূহ ঐতিহাসিক বিকাশৰ ফলস্বৰূপেই
অস্তিত্বলৈ আহিছে আৰু সেয়েহে চিৰায়ত হোৱাৰ বিপৰীতে সিবিলাক হৈছে ঐতিহাসিকভাৱে বিশিষ্ট তথা
সংক্রমণকালীন। মার্ক্সৰ ভাষাত, ‘অর্থনৈতিক কেটেগৰীসমূহ উৎপাদনৰ সামাজিক
সম্পর্কসমূহৰেই বিমূর্তকৰণ মাথো’; অর্থাৎ সমাজ পৰিবর্তনৰ লগে লগেই সিবিলাকো পৰিবর্তিত
হৈ পৰিব (Collected Works, Vol. VI, 165)।
হেগেলৰ প্রভাৱৰ ফলতেই মার্ক্সে এই ঐতিহাসিক
দৃষ্টিভংগী লাভ কৰিছে। হেগেলৰ মতে ‘সকলো বস্তুৱেই হৈছে অন্তর্বিৰোধী’; অর্থাৎ সমাজৰ
বিভিন্ন ৰূপো হৈছে অন্তর্বিৰোধী। কিন্তু হেগেলে পৰম আত্মাৰ মাজতেই সামাজিক
অন্তর্বিৰোধে সমাপ্তি লাভ কৰে’ বুলি ভবাৰ বিপৰীতে, মার্ক্সে বিশ্বাস কৰিছিল যে
অন্তর্বিৰোধৰ কোনো সমাপ্তি নাই। অন্তর্বিৰোধৰ ফলতেই সামাজিক পৰিবর্তন সম্ভৱপৰ হয়ঃ উদাহৰণস্বৰূপে সামন্তীয়
সমাজৰ অন্তর্বিৰোধৰ ফলস্বৰূপেই পুঁজিবাদী সমাজে জন্ম লাভ কৰিলে। ঠিক তেনেকৈয়ে
পুঁজিবাদী সমাজৰো নিজস্ব কেতবোৰ অন্তর্বিৰোধ আছে যি এসময়ত পুঁজিবাদোত্তৰ সমাজৰ এখনৰ
সৃষ্টি কৰিব।
হেগেলৰ বাবে দ্বন্দ্ব পৰমাত্মাৰ আত্মজীৱনী মাথো আছিল; কিন্তু
মার্ক্সৰ হাতত পৰি দ্বন্দ্ববাদ ঐতিহাসিক বিকাশৰ তত্ত্বলৈ পৰিণত হল। সামাজিক সংগঠনৰ
প্রতিটো ৰূপৰ মাজতেই দ্বন্দ্ব লুকাই আছে; এই দ্বন্দ্বৰ বলতেই সিবিলাক পৰিবর্তিত
হয়। দ্বন্দ্ব হৈছে ‘বৈপৰীত্যৰ ঐক্য’ আৰু ঐতিহাসিক বিকাশ এই বৈপৰীত্য [বা দুই বিপৰীতৰ
সংঘর্ষ]ৰ ফলতেই সম্ভৱপৰ হয়।
প্রতিখন শ্রেণী সমাজকেই যদি ‘বৈপৰীত্যৰ
ঐক্য’ বুলি মানি লোৱা হয়, য’ত এটা শ্রেণীয়ে আন এটা শ্রেণীৰ শোষণ কৰি জীয়াই থাকে, তাৰ অর্থ
হৈছেঃ শ্রেণীসমূহ ইটো সিটোৰ
প্রতিদ্বন্দ্বী হিচাপেহে অস্তিত্বমান হৈ থাকে; তথাপিও কিন্তু শোষক আৰু শোষিত
দুয়োটা শ্রেণী ইটো সিটোৰ ওপৰত নির্ভৰশীল। উদাহৰণস্বৰূপে পুঁজিৰ পৰা মজুৰী শ্রমক
পৃথক কৰিব নোৱাৰি
কিয়নো মজুৰী শ্রমেই লাভৰ সৃষ্টি কৰে যাৰ ওচৰত পুঁজি সর্বদা নির্ভৰশীল। মার্ক্সৰ ভাষাত ‘মজুৰী শ্রম
হৈছে...পুঁজিয়ে সৃষ্টি কৰা শ্রম’ (Grundrisse,
462)।
মার্ক্সে ব্যৱহাৰ কৰা শ্রেণীৰ ধাৰণাটো সমাজতত্ত্ববিদসকলে
ব্যৱহাৰ
কৰা শ্রেণীৰ ধাৰণাতকৈ সম্পূর্ণভাৱে পৃথক। সমাজতত্ত্ববিদসকলৰ মতে শ্রেণীসমূহ হৈছে শ্রম-বিভাজনৰ সময়ত সিবিলাকে
পালন কৰা কেতবোৰ টেকনিকেল দায়িত্ব মাত্র (যেনে উচ্চ পর্যায়ৰ কর্মচাৰী, কায়িক শ্রম
কৰা শ্রমিক, মেনেজাৰ, প্রফেচনেল ইত্যাদি )। মার্ক্সৰ বাবে কিন্তু সংঘাতপূর্ণ
সম্পর্কৰ অবিহনে শ্রেণীৰ কথা ভাবিবই নোৱাৰি। অর্থাৎ এটি বিশেষ অর্থত,
শ্রেণীৰ পূর্বেই শ্রেণী-সংগ্রামৰ কথা উল্লেখ কৰিব লাগিব। কিয়নো শ্রেণী সংঘাতৰ যোগেৰেহে
সামাজিক গোষ্ঠীসমূহ নিজ শ্রেণী-স্বার্থ সম্পর্কে সচেতন হয় আৰু সেই অনুসৰি সিবিলাকে
শ্রেণী হিচাপে আচৰণ কৰা আৰম্ভ কৰে।
‘বৈপৰীত্যৰ ঐক্য’ ধাৰণাটোৰ আন এটি অর্থ
হৈছেঃ ই মানি লয় যে শ্রেণী-বিভক্ত সমাজসমূহত শ্রেণী-সংগ্রাম সদায়েই থাকিব।
কিছুসংখ্যক বুর্জোৱা ইতিহাসবিদ তথা সমাজতত্ত্ববিদেও ‘সামাজিক সংঘাত’ৰ কথাটো মানি লয় আৰু তেওঁলোকে এনে
সংঘাতৰ অধ্যয়ন কৰিবলৈ চেষ্টা কৰে। কিন্তু তেওঁলোকৰ বাবে এনে সংঘাতসমূহ হৈছে
আকস্মিক বা কাকতলীয় ঘটনা; অর্থাৎ কেতবোৰ বিশেষ পৰিস্থিতিৰ অন্তর্গতহে সামাজিক
সংঘাতৰ সৃষ্টি হয়। এনে পৰিস্থিতিসমূহ ভালকৈ ‘মেনেজ’ কৰিব পাৰিলে সমাজখন
শ্রেণী-সংঘাত নোহোৱাকৈও
চলিব পাৰিব। অর্থাৎ
বেছিভাগ অনা-মার্ক্সবাদী চিন্তাবিদৰ মতে, সমাজখন হৈছে মূলতঃ সামঞ্জস্যপূর্ণ। কিন্তু
মার্ক্সৰ বাবে ‘বৈপৰীত্যৰ ঐক্য’সূচক সমাজ একোখনত মূল অন্তর্বিৰোধ অর্থাৎ শোষণমূলক
সামাজিক সম্পর্কসমূহ বিলুপ্ত নোহোৱা পর্যন্ত শ্রেণী-সংগ্রাম
অব্যাহত থাকিবই।
মার্ক্সৰ এই ধাৰণাসমূহ হেগেলবাদী ধাৰণাতকৈ
সম্পূর্ণভাৱে পৃথক। হেগেলীয় দ্বন্দ্ববাদৰ তৃতীয়টো স্তৰত বিৰোধী পক্ষ দুটাৰ মাজত পুনর্মিলন ঘটে,
যাৰ দ্বাৰা অন্তর্বিৰোধী উপাদানসমূহ ইটো সিটোৰ মাজত জাহ গৈ একেই হৈ পৰে। এয়া সম্ভৱপৰ হয় কিয়নো দুয়ো পক্ষই অৱশেষত অনুভৱ কৰে
যে সিহঁত এটি বৃহত্তৰ ঐক্য অর্থাৎ পৰমাত্মাৰ দুটি পিঠি মাথো। মার্ক্সৰ মতে কিন্তু
কেৱল
সংগ্রামৰ জৰিয়তেহে অন্তর্বিৰোধৰ অৱসান ঘটিব পাৰে য’ত এটা পক্ষই আনটোৰ ওপৰত বিজয় সাব্যস্ত কৰে। উদাহৰণস্বৰূপে পুঁজি আৰু মজুৰী-শ্রমৰ অন্তর্বিৰোধৰ
কথাই কব পাৰি। কোনো
মানসিক পৰিবর্তন বা দৃষ্টিভংগীৰ পৰিবর্তনৰ দ্বাৰা এই অন্তর্বিৰোধৰ অৱসান ঘটাব নোৱাৰি; বৰঞ্চ কেৱল বৈপ্লৱিক সমাজ পৰিবর্তনৰ দ্বাৰাহে
তাৰ অন্ত পেলাব পৰা যাব।
অর্থাৎ মার্ক্সৰ পদ্ধতি অনুসৰি সমাজখনক
কেৱল
এটি সমগ্র হিচাপে গণ্য কৰিলেই নহব; সমাজৰ বিভিন্ন অংশসমূহ যে ইটো সিটোৰ লগত
সম্পর্কযুক্ত – এই কথাটোৰ প্রতি আঙুলিয়াই দিলেও যথেষ্ঠ নহব। লগতে এই সমগ্রক ‘বৈপৰীত্যৰ
ঐক্য’ হিচাপে গণ্য কৰিব লাগিব। মার্ক্সে বিশ্বাস কৰিছিল যে ‘বৈপৰীত্যৰ ঐক্য’
হিচাপে সংজ্ঞায়িত কৰিলেহে সমাজখনক সমগ্র হিচাপে বুজিব পৰা যাব। মার্ক্সে প্রুধোৰ তথাকথিত ‘দ্বন্দ্ববাদী’
পদ্ধতিৰ তীব্র সমালোচনা কৰিছিল; প্রুধোৰ মতে সকলো বস্তুকে ভাল আৰু বেয়া – এইদৰে
দুটা ভাগ/দিশত বিভক্ত কৰিব পাৰি; এই বেয়া ভাগ/দিশবোৰক পৰাজিত কৰিয়েই ঐতিহাসিক
বিকাশ সম্ভৱপৰ
হয়। মার্ক্সৰ মতে কিন্তু ‘দুটা বিৰোধী পক্ষৰ অস্তিত্ব, সিবিলাকৰ সংঘাত আৰু একীভবন(fusion)ৰ ফলতহে দ্বন্দ্ববাদী গতিৰ আৱির্ভাৱ হয়’ (Collected Works, Vol. VI, 168)। ‘আচলতে এই বেয়া ভাগবোৰেই সংঘাতৰ সৃষ্টি কৰি গতি সম্ভৱপৰ কৰি তোলে যি ইতিহাস
নির্মাণ কৰে’ (Collected Works,
Vol. VI, 174)।
অর্থাৎ মার্ক্সৰ মতে এই বেয়া দিশসমূহ –
যেনে হিংসা, শোষণ, সংগ্রাম – আদিৰ অবিহনে কোনো ঐতিহাসিক গতি তথা বিকাশো সম্ভৱপৰ নহলহেঁতেন। কমিউনিষ্ট মেনিফেষ্টোত মার্ক্সে
পুঁজিপতিহঁতৰ লোভ, লালসা আৰু ধ্বংসযজ্ঞৰ তীব্র সমালোচনা কৰিছে।
বুর্জোৱা শ্রেণীয়ে যতেই প্রাধান্য লাভ কৰিলে
তাতেই...মানুহ আৰু মানুহৰ মাজত আবেগ অনুভূতিহীন ‘নগদ দেনা পাওনা’ৰ বাহিৰে আন সকলো
সম্পর্ক নোহোৱা কৰিলে। ... ই ব্যক্তিৰ মূল্যক বিনিময় মূল্যলৈ পৰিণত কৰি
পেলালে...পূর্বৰ অসংখ্য বিশেষ স্বাধীনতাৰ ঠাইত ই একেটা যুক্তিহীন স্বাধীনতা অর্থাৎ মুক্ত বাণিজ্যৰ স্বাধীনতা - স্থাপন কৰিলে। ধর্মীয় আৰু ৰাজনৈতিক মোহজালত আঁৰত লুকাই থকা
শোষণৰ ঠাইত ই মুক্ত, নির্লজ্জ, প্রত্যক্ষ আৰু বর্বৰ শোষণ প্রতিষ্ঠা কৰিলে। জগত জোৰা
বজাৰ বিস্তাৰৰ যোগেদি বুর্জোৱা শ্রেণীয়ে উৎপাদন আৰু উপভোগৰ ক্ষেত্রত প্রত্যেক দেশতে এটা বিশ্বজনীন ৰূপ স্থাপন কৰিলে। ... বুর্জোৱাহঁতে উদ্যোগৰ জাতীয় ভিত্তিসমূহ খহাই পেলালে। প্রাচীন প্রতিষ্ঠিত সকলো জাতীয় উদ্যোগ ধ্বংস কৰা
হল...
কিন্তু একেসময়তে মার্ক্সে এইবুলিও
মতপোষণ কৰিছে যে পূর্বৰ ব্যৱস্থাসমূহৰ তুলনাত পুঁজিবাদে ঐতিহাসিকভাৱে এক প্রগতিশীল ভূমিকা পালন কৰিলে। পুঁজিবাদৰ হিংসা আৰু শোষণে সাম্যবাদৰ বিকাশৰ
বাবেই বস্তুগত স্থিতি তথা সামাজিক আধাৰ নির্মাণ কৰিছে। সেয়েহে সিবিলাকৰ ঐতিহাসিক
ভূমিকাক নাকচ কৰিব নোৱাৰিঃ
আধুনিক উদ্যোগে পূর্বৰ সৰু সুৰা কর্মশালাসমূহক ঔদ্যোগিক
পুঁজিপতিৰ বিৰাট ফেক্টৰীলৈ পৰিণত কৰি পেলাইছে...শ্রমিকসকল আজি যন্ত্রৰ লগত জুৰি
দিয়া এটা অংশৰ দৰে হৈ পৰিছে। তেওঁলোকৰ পৰা বিচৰা হয় কেৱল অতি সহজ, একে ধৰণৰ
কামকে কৰি তিতা লগা আৰু অনায়াসে শিকি লব পৰা কামৰ যোগ্যতাকণ...কামলৈ যিমান
বিতৃষ্ণা বাঢ়ি যায়, মজুৰীও সেই অনুপাতে কমি আহে।...যন্ত্রৰ প্রয়োগ আৰু শ্রম-বিভাজন বঢ়াৰ লগে লগে একে
অনুপাতে পৰিশ্রমৰ বোজাও বাঢ়ি যায়...কাৰখানাত কাম কৰা শ্রমিকসকলক আজি সৈন্যবাহিনীৰ
দৰে সংগঠিত কৰা হয়। উদ্যোগৰ সাধাৰণ সৈনিক হিচাপে এই শ্রমিকসকলে অসংখ্য অফিচাৰ আৰু
চার্জেণ্ট সদৃশ বিষয়াৰ হুকুম মানিব লগা হয়।
উদ্যোগৰ বিকাশৰ লগে লগেই শ্রমিকসকল অধিক সংখ্যাত একে ঠাইতে গোট
খায়, তেওঁলোক সংঘবদ্ধ হবলৈ ধৰে, শক্তি বাঢ়ে আৰু নিজৰ বর্ধিত শক্তি অনুভৱ কৰিব পৰা হয়। যন্ত্রই যিমানে বিভিন্ন শ্রমৰ
পার্থক্যসমূহ কমাই আনে, শ্রমিক শ্রেণীৰ অন্তর্ভাগৰ বিভিন্ন স্বার্থ তথা জীৱন-পৰিস্থিতিও একেই হবলৈ ধৰে, আৰু প্রায় সকলো ঠাইতেই মজুৰীও অনুৰূপভাৱে সমপর্যায়ৰ কম-নিৰিখলৈ নামি আহে। বুর্জোৱা শ্রেণীৰ মাজত বাঢ়ি
অহা প্রতিযোগিতা আৰু তাৰেই পৰিণতি হিচাপে সৃষ্টি হোৱা বাণিজ্যিক সংকটৰ
ফলস্বৰূপে শ্রমিকৰ মজুৰী ক্রমবর্ধমানভাৱে কমা-বঢ়া কৰিবলৈ ধৰে। যন্ত্রৰ অহৰহ তথা সদাবর্ধমান বিকাশে শ্রমিকৰ জীৱিকা আৰু বেছি কাঢ়িল কৰি তোলে; গাইগুটীয়া শ্রমিক আৰু পুঁজিপতিৰ মাজত হোৱা সংঘর্ষই ক্রমে দুটা শ্রেণীৰ মাজত হোৱা সংঘর্ষৰ ৰূপ লয়।
এনে স্থিতিত শ্রমিকসকলে বুর্জোৱাৰ বিৰুদ্ধে
সংগঠন (ট্রেড ইউনিয়ন) গঢ়ি তোলে। মজুৰীৰ মাত্রা ৰক্ষা কৰিবলৈ তেওঁলোক একগোট
হয়। এনেদৰে মাজে সময়ে আহি পৰা সংঘাতসমূহৰ বাবে আগৰেপৰাই সাজু থকাৰ উদ্দেশ্যেৰে
তেওঁলোকে স্থায়ী সংগঠন গঢ়ি তোলে।
বুর্জোৱা শ্রেণীৰ অস্তিত্ব আৰু আধিপত্যৰ কাৰণে আৱশ্যকীয় চর্ত হৈছে পুঁজিৰ সৃষ্টি আৰু বৃদ্ধি। পুঁজিৰ অস্তিত্বৰ চর্ত হৈছে
মজুৰী-শ্রম। মজুৰী শ্রম নির্ভৰ কৰে শ্রমিকসকলৰ প্রতিযোগিতাৰ ওপৰত। বুর্জোৱা শ্রেণীয়ে নিজে কব নোৱাৰাকৈয়ে সাধন কৰা ঔদ্যোগিক উন্নতিৰ ফলত শ্রমিকৰ
মাজত প্রতিযোগিতাই সৃষ্টি কৰা বিচ্ছিন্নতা আঁতৰ হৈ সংঘৱদ্ধ ভাবৰ যোগেদি গঢ়ি
উঠে বৈপ্লৱিক ঐক্য। আধুনিক উদ্যোগৰ বিকাশে সেয়েহে বুর্জোৱা উৎপাদন আৰু উপভোগৰ ভেটিকেই খহাই পেলাইছে। গতিকেই বুর্জোৱা শ্রেণীৰ সৃষ্টিৰ ভিতৰত সর্বপ্রধান সৃষ্টি হল তেওঁলোকৰেই মৃত্যু-ৰছনা কৰোঁতাসকল
[অর্থাৎ শ্রমিকসকল]।
৩) অনুশীলনৰ দর্শন
মার্ক্স আৰু হেগেল –
দুয়োৰে মতে ইতিহাস হৈছে মানৱ চেতনা আৰু ইচ্ছাৰ পৰা
স্বাধীন এটি বস্তুনিষ্ঠ প্রক্রিয়া। দুয়োজনেই
নিশ্চিতভাৱে স্পিনোজাৰ এই মন্তব্যটিৰ সৈতে সহমর্মিতা
প্রকাশ কৰিলেহেঁতেনঃ ‘এজন প্রকৃত চিন্তাবিদৰ লক্ষ্য হঁহা বা কন্দা নহয়, নিন্দা কৰাও
নহয়, প্রশংসা কৰাও নহয়। এজন প্রকৃত চিন্তাবিদৰ লক্ষ্য হৈছে বুজিবলৈ চেষ্টা কৰা’।
হেগেলৰ দৰেই
মার্ক্সেও বিশুদ্ধ নৈতিক সমালোচনা পছন্দ কৰা নাছিল। আনহাতে বাওঁপন্থী হেগেলবাদী আৰু
ইউট’পিয়ান সমাজবাদী – এই দুয়োটা শিবিৰেই নৈতিক সমালোচনাৰ পৰিসৰৰ মাজতেই নিজকে আৱদ্ধ কৰি ৰাখিছিল। নৈতিক সমালোচনাই অস্তিত্বমান
সমাজখনৰ বিপৰীতে এখনি কাল্পনিক (বাঞ্ছনীয়) সমাজৰ তুলনা কৰে –অর্থাৎ কি হৈ আছে আৰু
কি হোৱা উচিত আছিল - এই দুয়োৰে মাজত এটি অন্তর্বিৰোধ
আৱিষ্কাৰ কৰে। কিন্তু ই বাস্তৱৰ বুকুত লুকাই থকা অন্তর্বিৰোধ নহয়; বৰঞ্চ ই
হৈছে মগজু আৰু বাস্তৱৰ মাজৰ অন্তর্বিৰোধ। গতিকেই
এনে অন্তর্বিৰোধৰ কোনো মীমাংসাও আশা কৰিব নোৱাৰি।
এনে দৃষ্টিভংগীৰ বিপৰীতে,
বাস্তৱৰ দ্বন্দ্ববাদী দৃষ্টিভংগীয়ে সমাজৰ বর্তমানৰ অৱস্থাৰ মাজতেই পৰিবর্তনৰ সম্ভাৱনীয়তাসমূহ চিহ্নিত কৰে। অর্থাৎ বাস্তৱ সলনি কৰিবলৈ হলে তাৰ বুকুত লুকাই থকা অন্তর্বিৰোধ
বা পৰিবর্তনৰ প্রৱণতাসমূহো চিনাক্ত কৰিব
লাগিব। অন্যথাই বিকল্প সমাজৰ সপোন আকাশত
চাং পতাৰ দৰে হৈ পৰিব।
ৰাজনৈতিক একচন চিন্তাবিদৰ
ফেণ্টাচীৰ ওপৰত আধাৰিত হোৱাৰ বিপৰীতে সি
বস্তুনিষ্ঠ পৰিস্থিতিৰ প্রকৃত বিশ্লেষণৰ ওপৰতহে আধাৰিত হোৱা উচিত। বস্তুনিষ্ঠভাৱে কেনেধৰণৰ পৰিবর্তন সম্ভৱপৰ – এই প্রশ্নৰ বিশ্লেষণ নকৰাকৈ চিধাই ৰাজনৈতিক
একচনত নামি পৰিলে ক্ষতি হোৱাৰহে আশংকা অধিক। অৱশ্যে তাৰ অর্থ এইটো
নহয় যে ইতিহাস পৰিবর্তনৰ ক্ষেত্রত মানুহৰ চেতনশীল একচনৰ কোনো ভূমিকা নাই। বৰঞ্চ
মার্ক্সবাদে সদায়েই বিশ্বাস কৰি আহিছে অনুশীলনৰ মাজেৰেই মার্ক্সবাদে পূর্ণতা লাভ কৰে। ইটালীৰ প্রখ্যাত মার্ক্সবাদী এন্টনিঅ’ গ্রামছীৰ
ভাষাত, মার্ক্সবাদ হৈছে ‘অনুশীলনৰ দর্শন’। আলোকপ্রাপ্তিকালীন চিন্তাবিদসকলে ভবাৰ
বিপৰীতে ‘থেচিছ অন ফয়াৰবাখ’ত মার্ক্সে
ঘোষণা কৰিছে যে চিন্তনক সামাজিক অনুশীলনৰ
পৰা নিলগ কৰিব নোৱাৰি। অর্থাৎ
ইতিহাস মূলতঃ আইডিয়া বা ধাৰণাৰ
ইতিহাস নহয়; বিভিন্ন সময়ত মানুহে কেনেদৰে পৃথিবীখনক ভিন ভিন দৃষ্টিভংগীৰে বিশ্লেষণ
কৰি আহিছে – কেৱল তাৰ বিশ্লেষণ কৰিলেই
যথেষ্ঠ নহয়। মার্ক্সৰ মতে চিন্তনক কেৱল সামাজিক জীৱনৰ অংশবিশেষ হিচাপেহে বিশ্লেষণ কৰিব পাৰি;
অর্থাৎ ই সামাজিক জীৱনৰ বাহিৰত অৱস্থিত কোনো স্বাধীনচেটিয়া বস্তু নহয়ঃ ‘মানুহৰ চিন্তাচর্চা, ধাৰণা আদিৰ
নির্মাতা হৈছে স্বয়ং মানুহ।...চেতনশীল অস্তিত্বৰ বাহিৰে চেতনা আন একো হব নোৱাৰে; মানুহৰ অস্তিত্বই হৈছে
চেতনাৰ প্রকৃত জীৱন
প্রক্রিয়া’ (Collected
Works, Vol. V, 36)।
অর্থাৎ মানুহৰ
বস্তুনিষ্ঠ সামাজিক জীৱনে (বা চমু ভাষাত প্রকৃত জীৱন প্রক্রিয়াই) উত্থাপন কৰা প্রশ্নসমূহৰ সহাঁৰি
হিচাপেই মানৱ চিন্তনৰ আৱির্ভাৱ
হয়। সেয়েহে মানৱ চিন্তনত ‘মতাদর্শগত গুণাগথাঁ
তথা জীৱন প্রক্রিয়াৰ সুহুৰি’ শুনিবলৈ পোৱা যায় (Collected Works, Vol. V, 36)। গতিকেই ৰূপান্তৰণৰ কাৰণ মানৱ
দৃষ্টিভংগীৰ পৰিবর্তনৰ আঁৰত বিচাৰিব নোৱাৰি। বৰঞ্চ বস্তুনিষ্ঠ সামাজিক পৰিস্থিতিৰ ৰূপান্তৰণৰ
ফলতহে দৃষ্টিভংগীৰ পৰিবর্তন সাধন হৈছে।
মানুহে বস্তুনিষ্ঠ উৎপাদন আৰু জীৱন প্রক্রিয়াটো বিকশিত কৰোঁতে বাস্তৱ পৃথিবীখনৰ লগতে নিজৰ চিন্তাধাৰা তথা সেই
চিন্তনৰ পৰা সৃষ্ট বস্তুবোৰ(product)ৰো পৰিবর্তন সাধন কৰে। চেতনাই জীৱন নির্ধাৰণ নকৰে, বৰঞ্চ জীৱনেহে চেতনা নির্ধাৰণ কৰে। (Collected Works, Vol. V, 37)।
‘থেচিছ অন ফয়াৰবাখ’ৰ এঘাৰ নং থেচিছত
মার্ক্সে ঘোষণা কৰিছে, ‘দার্শনিকসকলে বিভিন্ন প্রকাৰে পৃথিবীখনৰ বিশ্লেষণহে কৰিছে,
মূল কথাটো হৈছে পৃথিবীখন সলনি কৰা’ (Collected Works, Vol. V, 5)। ই আছিল তৰুণ হেগেলবাদীসকলৰ ওপৰত মার্ক্সৰ প্রত্যক্ষ্য আক্রমণ; যি বিশ্বাস কৰিছিল যে ‘চেতনাই
হৈছে মানুহৰ প্রকৃত শৃংখল।’ অর্থাৎ স্বয়ং মানুহৰ নিজা সৃষ্ট এটা বস্তু – মানৱ চেতনা – ইয়াকে মানুহৰ বন্দীত্বৰ বাবে জগৰীয়া কৰা
হ’ল! অর্থাৎ তৰুণ হেগেলবাদীসকলৰ মতে চেতনা সলনি কৰি ললেই – অর্থাৎ দৃষ্টিভংগী সলনি
কৰি ললেই মানৱ মুক্তি সম্ভৱপৰ হব। ভাৱবাদী দর্শনৰ সেয়েহে এটা ৰক্ষণশীল দিশ আছে কিয়নো
ই বাস্তৱিক পৰিস্থিতি পৰিবর্তন কৰাৰ যুদ্ধখনিক চিন্তনৰ
যুদ্ধলৈ সংকোচিত কৰি পেলায়।
পিছে একেসময়তে
মার্ক্সে এইবুলিও কৈছে যে মানুহ বাস্তৱৰ ভুক্তভোগী মাত্র
নহয়। পুঁজিবাদৰ বহুতো সমালোচকসকলে প্রায়েই এইবুলি মতপোষণ কৰা দেখা যায় যে
পুঁজিবাদী শোষণে শ্রমিকৰ চিন্তা তথা কর্ম কৰিব পৰাৰ ক্ষমতা সম্পূর্ণভাৱে নিঃশেষ কৰি পেলাইছে। লক্ষ্যণীয় যে মার্ক্সৰ
সময়তো একাংশ সমাজবাদীয়ে (যেনে ইউট’পিয়ান সমাজবাদীসকলে) এনেধৰণৰ কেতবোৰ ধাৰণা পোষণ
কৰিছিল। মার্ক্সে তেওঁলোকৰ দৃষ্টিভংগী এলিটবাদী বুলি সমালোচনা কৰিছে। ‘থেছিছ
অন ফয়াৰবাখ ’ ৰ তৃতীয় থেছিছত মার্ক্সে ঘোষণা কৰিছেঃ
এই [তথাকথিত] বস্তুবাদী নীতি মতে, পৰিস্থিতি আৰু
লালন-পালনেই মানুহক গঢ় দিয়ে। অর্থাৎ পৰিবর্তিত মানুহ পৰিবর্তিত পৰিস্থিতি আৰু
লালন-পালনৰ সৃষ্টি। পিছে এই বস্তুবাদী নীতিয়ে পাহৰি যায় যে স্বয়ং মানুহেই পৰিস্থিতি
সলনি কৰে; অর্থাৎ শিক্ষকসকলো প্রথমতে শিক্ষিত হৈ লোৱাটো প্রয়োজনীয়। সেয়েহে
এই নীতিয়ে প্রকৃততে সমাজখনক দুটা ভাগত বিভক্ত কৰে য’ত
এটা ভাগক সমাজখনতকৈ শ্রেষ্ট বুলি ভবা হয় (Collected Works, Vol. V, 7)।
মার্ক্সৰ এই ভাষ্যৰ
অর্থ হৈছে এনেধৰণৰঃ মার্ক্সৰ প্রতিপক্ষৰ মতে, শ্রমিকসকল পুঁজিবাদৰ শোষণৰ দ্বাৰা
ইমানেই নিঃস্ব হৈ পৰিছে যে ব্যৱস্থাবিৰোধী সংগ্রাম
কৰিবলৈকো তেওঁলোকৰ শকতি নাই। শ্রমিকৰ এনে নিঃস্ব অৱস্থাৰ তেতিয়াহে অৱসান ঘটিব যেতিয়া সমাজবাদ প্রতিষ্ঠা কৰা হব।
কিন্তু পুঁজিবাদৰ বিৰুদ্ধে সংগ্রাম কৰিবলৈ শ্রমিকৰ যদি শক্তিয়েই নাই, তেনেস্থলত
সমাজবাদ প্রতিষ্ঠা কৰা যায় কেনেকৈ? অর্থাৎ এনেস্থলত সমাজৰ শিক্ষিত, আলোকপ্রাপ্ত সৰু
অংশ এটাই শ্রমিকৰ হৈ পুঁজিবাদবিৰোধী সংগ্রামৰ নেতৃত্ব দিব। আন কথাত, শ্রমিকে নিজেই
পুঁজিবাদবিৰোধী সংগ্রামৰ নেতৃত্ব দিয়াৰ পৰিবর্তে মধ্যবিত্তীয় সমাজবাদী ব্যক্তি
এচামে পুঁজিবাদৰ অৱসান ঘটাই সমাজবাদ প্রতিষ্ঠা
কৰিব। এইক্ষেত্রত শ্রমিকৰ ভূমিকা হব নিষ্ক্রিয় দর্শকৰ দৰে। যেন শ্রমিকসকলৰ বিপৰীতে মধ্যবিত্তীয় সমাজবাদী
নেতাসকলে কিবা প্রকাৰে নিজকে পুঁজিবাদৰ প্রভাৱৰ পৰা মুক্ত কৰি লৈছে!
অর্থাৎ দেখাত পূৰামাত্রাই
বস্তুবাদী যেন লাগিলেও এই দৃষ্টিভংগী দৰাচলতে ভাববাদৰ বাহিৰে আন একো নহয় কিয়নো ই বুর্জোৱা সমাজৰ প্রভাৱৰ পৰা এচাম মানুহক মুক্ত বুলি ধৰি লৈছে। ই আমাক
ইউট’পিয়ান সমাজবাদী তথা ব্লাংকবাদীসকলৰ কথাই সোঁৱৰাই দিয়ে যি শ্রমিকসকলক পৰিবর্তনৰ অৱজেক্ট বুলিয়েই গণ্য কৰিছিল।
মার্ক্সে লিখিছে যে
এনে দৃষ্টিভংগীসমূহ ভুল কিয়নো সিবিলাকে সমাজ আৰু মানুহৰ পৰিবর্তন ঘটোৱাৰ ক্ষেত্রত শ্রেণী সংগ্রামৰ ভূমিকা বুজিব নোৱাৰে। ‘থেছিছ অন ফয়াৰবাখ’ৰ তৃতীয় থেছিছত মার্ক্সে মন্তব্য কৰিছে, ‘পৰিস্থিতি
আৰু মানৱ ক্রিয়াৰ [অর্থাৎ চাবজেক্টৰ] সমান্তৰাল পৰিবর্তন...কেৱল বিপ্লৱী অনুশীলনৰ ৰূপতহে ভাবিব আৰু যুক্তিপূর্ণভাৱে বুজিব পৰা যায়’ (Collected Works,
Vol. V, 4)।
আন কথাত শ্রমিকসকল
কোনো নিষ্ক্রিয় দর্শক নহয়। যিহেতু পুঁজিবাদ হৈছে শোষণ আধাৰিত এটা ব্যৱস্থা, যাৰ মূল হৈছে পুঁজি আৰু শ্রমৰ অন্তর্বিৰোধ
– সেয়েহে ই অৱধাৰিতভাৱেই শ্রেণী-সংগ্রামৰ জন্ম দিয়ে। এই শ্রেণী সংগ্রামেই শ্রমিক শ্রেণীৰো ৰূপান্তৰণ
সাধন কৰে। মালিকৰ বিৰুদ্ধে সংগ্রাম কৰোঁতে শ্রমিকে যি হেঁচা
অনুভৱ কৰে – ইয়েই শ্রমিকসকলক সামূহিকভাৱে সংগঠিত হবলৈ বাধ্য কৰায় আৰু অৱশেষত নিজ শ্রেণী-স্বার্থ সম্পর্কে সচেতন এটি পৰিবর্তনকামী
শ্রেণী হিচাপে শ্রমিক শ্রেণীৰ উত্থান ঘটে। সংগ্রামৰ অভিজ্ঞতাই শ্রমিকসকলক পুঁজিপতিৰ সৈতে থকা নিজ
শ্রেণী-সংঘাত সম্পর্কে সচেতন কৰি তোলে। ক্রমশঃ সংগঠিত হৈ শ্রমিকসকলে যেতিয়া মালিকৰ
বিৰুদ্ধে সৰু-বৰ সংগ্রামত জয় লাভ কৰে, ইয়েই তেওঁলোকক বুর্জোৱাৰ পৰা ক্ষমতা কাঢ়ি আনিব পৰাকৈ বিৰাট ৰাজনৈতিক
সংগ্রামত নমাৰ আত্মবিশ্বাসো প্রদান কৰে।
সমাজবাদ প্রতিষ্ঠাৰ
ক্ষেত্রতো শ্রেণী-সংগ্রামৰ ভূমিকা নির্ণায়ক বুলি কব পাৰি। পুঁজিবাদী ব্যৱস্থাটো নিজ অন্তর্বিৰোধৰ বোজাৰ ফলতেই ভাগি-চিগি
যাব বুলি মার্ক্সে বিশ্বাস কৰা নাছিল। অর্থাৎ শ্রমিক শ্রেণীৰ বিজয় কোনো অনিবার্য
বস্তু নহয়। হেগেলৰ বিপৰীতে মার্ক্সীয় দ্বন্দ্ববাদৰ ফলাফল পূর্ব-নির্ধাৰিত
নহয়। সংগ্রামৰ অন্তিম ফলাফল কি হব – সেয়া
শ্রমিক শ্রেণীৰ চেতনা, সংগঠন আৰু সংগ্রামৰ ওপৰতেই নির্ভৰ কৰিব।
সকলো সামৰি কবলৈ গলে,
মার্ক্সৰ মতে শ্রমিক শ্রেণীৰ স্ব-মুক্তিয়েই হৈছে সমাজবাদ। কেৱল নিজ সংগ্রামৰ জৰিয়তেহে শ্রমিক শ্রেণীয়ে
পুঁজিবাদৰ অৱসান ঘটাব পাৰিব। অর্থাৎ
শ্রমিকসকলে নিজ মুক্তি নিজেই মাতি আনিব লাগিব। আন কোনোৱেই তেওঁলোকৰ হৈ সমাজবাদ স্থাপন কৰিব নোৱাৰে, সেয়া লাগে সংস্কাৰকামী সমাজবাদীসকলেই হওঁক
বা ব্লাংকসদৃশ সশস্ত্র ষড়যন্ত্রকাৰীয়েই হওঁক। আন্তর্জাতিক শ্রমিক সংঘ( International Working Men’s
Association)ৰ মার্ক্স লিখিত
সাধাৰণ নিয়মাৱলীখন আৰম্ভয়েই
হৈছে এনেদৰে, ‘শ্রমিক শ্রেণীৰ মুক্তি শ্রমিকসকলে নিজেই জিনি আনিব লাগিব’ (Selected Works, Vol. II, 19)।
সেয়েহে ইতিহাস বিষয়ক
মার্ক্সৰ ধাৰণাসমূহকো ‘নির্ধাৰণবাদী’ বুলি কব নোৱাৰি। সমাজবাদ নিজেই গৈ সৃষ্টি নহয়;
সি অনিবার্য বা অৱধাৰিতো নহয়। বৰঞ্চ মানৱ ক্রিয়া অর্থাৎ বৈপ্লৱিক অনুশীলনৰ ৰূপত শ্রেণী-সংগ্রামেহে পুঁজিবাদী
সমাজৰ ভবিষ্যত নির্ধাৰণ কৰাত মূল ভূমিকা পালন কৰিব।
অৱশ্যেই এই মানৱ-ক্রিয়া কোনো শূন্যস্থান(vacuum)ত সংঘটিত নহয়। The Eighteenth Brumaire of Louis Bonaparteত মার্ক্সে স্পষ্টকৈ লিখিছেঃ ‘মানুহেই নিজ
ইতিহাস নির্মাণ কৰে...কিন্তু এই নির্মাণ কার্য মানুহে নিজে সাজি লোৱা পৰিস্থিতিত সংঘটিত নহয়। বৰঞ্চ অতীতে প্রদান কৰা...পৰিস্থিতিৰ
অধীনতেই মানুহে ইতিহাস নির্মাণ কৰে’ (Collected
Works, Vol. XI, 103)। অর্থাৎ মানৱ-ক্রিয়াই কোনো এটি বিশেষ ঐতিহাসিক পর্যায়ত
কেনেধৰণৰ কৃতিত্ব সাধন কৰিব পাৰিব সেয়া সেই সময়ৰ বস্তুগত তথা সামাজিক পৰিস্থিতিৰ
ওপৰত নির্ভৰ কৰিব। এই পৰিস্থিতিসমূহৰ বিশ্লেষণেই হৈছে মার্ক্সৰ ইতিহাস বিষয়ক
তত্ত্বৰ মূল কথা।
No comments:
Post a Comment