Monday, October 27, 2014

লিভ ইন টুগেদাৰ কৰা এজনী ছোৱালীৰ চিঠি

মূলঃ scroll.in
অনুবাদঃ ময়ূৰ চেতিয়া
('নতুন পদাতিক' আলোচনীৰ ডিচেম্বৰ, ২০১৪ সংখ্যাত প্রকাশিত)

আজি কিছুদিন ধৰি ভাৰতৰ বিভিন্ন অঞ্চলত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ(RSS)ৰ ছাত্র সংগঠন অখিল ভাৰতীয় বিদ্যার্থী পৰিষদে(ABVP) লিভ-ইন-টুগেদাৰৰ বিৰুদ্ধে অভিযান চলাই ফুৰিছে। তেওঁলোকৰ যুক্তি হৈছে ই বোলে “ভাৰতীয় সংস্কৃতি তথা বৈবাহিক-অনুষ্ঠান বিৰোধী বস্তু।” আমোদজনকভাৱে, বিদ্যার্থী পৰিষদে দাবী কৰা মতে, এই পদক্ষেপটি হেনো “মহিলাৰ ওপৰত হোৱা অত্যাচাৰ সম্পর্কে সামাজিক সচেতনতা বৃদ্ধি কৰা” অভিযানৰ অংশবিশেষ হিচাপেই হাতত লোৱা হৈছে!

বিদ্যার্থী পৰিষদৰ দিল্লী শাখাৰ চেক্রেটেৰী চাকেট বহুগুণাই বাতৰি কাকতৰ সৈতে হোৱা এটি কথোপকথনত দাবী কৰিছে, “এনে বেছিভাগ সম্পর্কই দীর্ঘস্থায়ী নহয়।...আমি দিল্লীৰ বিভিন্ন কলেজলৈ গৈ এই সম্পর্কীয় কেচসমূহ অধ্যয়ন কৰিম আৰু মহিলাসকলক এনে সম্পর্কৰ অপকাৰিতা সম্পর্কে সচেতন কৰিম”। বিদ্যার্থী পৰিষদৰ ৰাষ্ট্রীয় চেক্রেটেৰী ৰোহিত চেহেলৰ মতে – “আমি লক্ষ্মৌ চহৰত কিছু দিন আগেয়ে এই বিষয়ে এখনি কর্মশালা আয়োজন কৰিছিলোঁ, যত আমি ছোৱালী অংশগ্রহণকাৰীসকলৰ সৈতে আলোচনা কৰিছিলোঁ”।

শ্রীমান চেহেল আদিৰ বক্তব্যৰ প্রত্যুত্তৰ হিচাপে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এগৰাকী বাওঁপন্থী নাৰীবাদী ছাত্রীয়ে এই মুকলি চিঠিখন লিখিছেঃ


...................................................................

চেহেল মহাশয়,

মোৰ এজন বয়ফ্রেণ্ড আছে। সি ঘৰুৱা কাম-কাজতো পাকৈত আৰু আমি দুয়োজনেই সমানে ঘৰৰ কামবোৰ ভগাই লওঁ। কেৱল সেয়াই নহয়; জীৱনত কোনো সংকট বা সমস্যা আহিলে আমি ইজনে সিজনৰ ওপৰত ভৰষা কৰিব পাৰোঁ; মানসিকভাৱে ইজন সিজনৰ আশা, আকাংক্ষা, আবেগ-অনুভূতিৰ সমভাগী হব পাৰোঁ। দিনটোৰ কামৰ শেহত (সময়ৰ কোনো বাধা নিষেধ নোহোৱাকৈ) তাৰ কাষলৈ, ঘৰলৈ ঘূৰি আহোঁতে কেনে সুন্দৰ অনুভৱ হয়, সেয়া হয়তো আপুনি বুজিব নোৱাৰিব।

মই আৰ এছ এছৰ কর্মীৰে পূর্ণ ঘৰ এখনৰ পৰা অহা ছোৱালী। মা-দেউতাই মোক বি এ পাছ কৰাৰ পাছতেই (তেওঁলোকে জাত-পাত, ধর্ম ইত্যাদি চাই পচণ্ড কৰা) লৰা এজনলৈ বিয়া দি দিব খুজিছিল।মই আগলৈ পঢ়িব খোজোঁ বুলি বাৰম্বাৰ কোৱাৰ পাছতো তেওঁলোকে বিষয়টো বাৰে বাৰে উত্থাপন কৰি মোক অশান্তি কৰিবলৈ নেৰিলে। মই আনকি শান্তিত পঢ়িবও নোৱাৰা হলোঁ।

এইমাত্র বাতৰিত পঢ়িলো – আপোনালোকে হেনো মহিলাসকলৰ বাবে সন্মান দাবী কৰিছে। পিছে মহিলাক সন্মান কৰাৰ অর্থ এইটো নহয় যে আপোনালোকে মহিলাৰ বাবে ভাল কি, বেয়া কি – সেইটো ঠিৰাং কৰি দিব। বৰঞ্চ মহিলাসকলে নিজে নিজৰ জীৱনৰ বিষয়ে লোৱা সিদ্ধান্তসমূহক সন্মান জনাব পাৰিলেহে তেওঁলোকক প্রকৃত সন্মান জনোৱা হব। কেতিয়াবা মহিলাই NO বুলিও কব; সেইটোকো আপোনালোকে সন্মান কৰিব পাৰিব লাগিব। মানুহ হিচাপে মহিলাসকলৰো নিজস্ব বিবেচনা-বুদ্ধি, শক্তি আছে। নিজৰ জীৱনটোৰ বিষয়ে নিজেই সিদ্ধান্ত লব পৰাকৈ তেওঁলোক সক্ষম; এই কথাটো প্রথমে স্বীকাৰ কৰিব পাৰিলেহে আপোনালোকে মহিলাসকলক প্রকৃতপক্ষে সন্মান জনাব পাৰিব।

মোৰ বয়ফ্রেণ্ডৰ সৈতে মোৰ সম্পর্কটো যদি সফল নহয়ো, তথাপিও মই নাভাবোঁ যে তাতেই মোৰ জীৱনটো শেষ হৈ যাব (অৱশ্যে আপোনাৰ পিতৃতান্ত্রিক দুনীয়াখনত সেইটোৱেই হব পাৰে, নহয় জানো?)। মোৰ বাবে সেইটো কোনো জীৱন-মৰণৰ প্রশ্ন নহয়; কিয়নো মোৰ অস্তিত্ব, মোৰ পৰিচিতি মই ভালপোৱা লৰাজনৰ ওপৰত নির্ভৰশীল নহয়। মই কোনজন পুৰুষক সংগী হিচাপে লৈছোঁ – এই কথাটোৱেই মোৰ পৰিচিতি, মোৰ অস্তিত্বক সংজ্ঞায়িত কৰিব নোৱাৰে। সম্পর্কটো শেষ কৰাৰ সিদ্ধান্ত ময়োতো লব পাৰোঁ! আৰু এনেও, মোৰ সম্পর্কটো সফলেই হওঁক বা বিফলেই হওঁক, তাৰ চিন্তা মই নিজেই কৰিম। সেয়া আপোনাৰ বিজনেছ নহয়। লিভ-ইন সম্পর্কবোৰ, ভাল পোৱাৰ অনুভৱবোৰ বৰ সুন্দৰ, জানেনে?

আৰু এটা কথা কওঁ – মই ভাল পোৱা লৰাজন আক’ মুছলমান [হিন্দুত্ববাদী কথিত লাভ জেহাদৰ প্রতি লেখিকাৰ কটাক্ষ - অনুবাদক]। অৱশ্যে আমি দুয়োজনেই নাস্তিক, আমাৰ ধর্ম বা জাত-পাত সূচক পৰিচিতিৰ সৈতে আমাৰ সম্পর্কটোৰ কোনো সম্বন্ধ নাই। আপুনি হয়তো এইবোৰ কথা বুজিয়েই নেপাব, নহয় জানো?

বিঃ দ্রঃ মাজে সময়ে আমি একেলগে ড্রিংকছো কৰোঁ; ঘৰৰ বেলকনিত একেলগে বহোঁ, সংসাৰৰ অজস্র কথা পাতোঁ। আনফালে আপোনালোকৰ সৈতে, আপোনালোকৰ দৰে মানসিকতাৰ লোকসকলৰ সৈতে (যাৰ ভিতৰত মোৰ মা-দেউতাও আছে), আমাৰ সংগ্রামখনো চলি থাকিব।

মৰমেৰে, চাহিল কুৰেশ্বিৰ সৈতে

অপর্ণা মাহিয়াৰিয়া

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...