Tuesday, October 28, 2014

বিতর্ক: ফেচীবাদ আৰু মার্ক্সবাদ

ময়ূৰ চেতিয়া

(নতুন পদাতিক,  ডিচেম্বৰ ২০১৪ সংখ্যাত প্রকাশিত)


জয়ৰছ বানাজীৰ ‘ফেচীবাদৰ ৰাজনৈতিক সংস্কৃতি’ শীর্ষক লেখনীটোৰ বিষয়ে অৱনী বৰঠাকুৰদেৱে (নতুন পদাতিক, জুলাই ২০১৪ সংখ্যাত) কৰা মন্তব্যখিনিৰ পটভূমিত আমিও কিছু কথা কব বিচাৰিছোঁ। আলোচনাৰ সুবিধাৰ বাবে আমাৰ বক্তব্যখিনি পইণ্ট অনুসৰি শ্রেণীৱদ্ধ কৰি লৈছোঁ :


১) আমি বুজি পোৱা মতে বানাজীয়ে ফেচীবাদৰ সৈতে পুঁজিৰ এটি ওচৰ সম্পর্ক (relation) থকাৰ কথাটো অস্বীকাৰ কৰা নাই। কিন্তু ‘সম্পর্ক থকা’ আৰু ‘পুঁজিপতিসকলে নিজেই ফেচীবাদৰ সৃষ্টি কৰা’ – এই দুটা কথাৰ মাজত তফাৎ আছে। বানাজীয়ে সঠিকভাৱেই কৈছে যে পুঁজিপতিসকলে ফেচীবাদীহঁতক সহায় সমর্থন কৰাৰ কথাটোৰ প্রতি আঙুলিয়াই দিয়েই ফেচীবাদৰ গতিৰেখা (dynamics) বা লজিক বুজিব পৰা নাযাব। শেষ অর্থত(in the last instance) ফেচীবাদে পুঁজিপতিসকলক নিশ্চয়েই লাভাম্বিত কৰে আৰু সেয়েহে সংকটত পৰা যেন অনুভৱ কৰিলেই প্রায়ে পুঁজিপতিসকলে ফেচীবাদী দল সংগঠনক সমর্থন কৰা আৰম্ভ কৰে। কিন্তু তাৰ অর্থ এইটো নহয় যে খোদ পুঁজিপতিসকলে নিজেই ফেচীবাদৰ সৃষ্টি কৰিছে। ফেচীবাদ হৈছে আপেক্ষিকভাৱে স্বায়ত্ত(relatively autonomous) এক সামাজিক-ৰাজনৈতিক আন্দোলন। আমি বুজা মতে মূলতঃ সমাজৰ বিভিন্ন পেটি-বুর্জোৱা অংশসমূহৰ পৰাই ফেচীবাদী মতাদর্শৰ জন্ম হয় (এই কথাটো হয়তো বানাজীয়ে স্পষ্টকৈ উল্লেখ কৰাটো প্রয়োজনীয় আছিল)। পুঁজিবাদী সামাজিক ব্যৱস্থাৰ বিভিন্ন ধৰণৰ ৰাজনৈতিক-আর্থিক তথা সামাজিক-আধ্যাত্মিক সংঘাত/অন্যায়/প্রশ্নৰ উত্তৰ বিচাৰি পেটি বুর্জোৱাই হাবাথুৰি খায়। তেওঁলোকে শ্রমিকৰ দর্শন অর্থাৎ মার্ক্সবাদৰ ওচৰত এই প্রশ্নসমূহৰ উত্তৰ বিচাৰিব পাৰিলেহেতেন। কিন্তু পেটি বুর্জোৱাই শ্রমিকক অৱজ্ঞাৰ দৃষ্টিৰে চায়। সেয়েহে নিজৰ সামাজিক স্থিতিৰ পৰা তললৈ গৈ শ্রমিকৰ মার্ক্সবাদ গ্রহণ কৰাৰ প্রশ্ন সাধাৰণতে নুঠে। আনহাতে পেটি বুর্জোৱাই বৃহৎ পুঁজিপতিসকলকো ঘৃণা কৰে। সেয়েহে তেওঁলোকে এখন বৈকল্পিক পৃথিবীৰ কল্পনা কৰে য’ত বৃহৎ পুঁজিপতিৰ দপদপনিও নাথাকিব আৰু ‘সকলোৱেই’ (অর্থাৎ পেটি বুর্জোৱাহঁতে) সমতামূলকভাৱে থাকিব পাৰিব (অৱশ্যে দেশ কাল ভেদে বৃহৎ বুর্জোৱাৰ প্রতি পেটি বুর্জোৱাৰ দৃষ্টিভংগীৰ কিছুপৰিমাণে পার্থক্যও থাকিব পাৰে)। সমস্যাটো হৈছে যে এনে এক বৈকল্পিক ব্যৱস্থা নির্মাণ কৰাটো অসম্ভৱ। ‘পেটি বুর্জোৱা সমাজ ব্যৱস্থা’ বুলি কোনো ব্যৱস্থা থাকিব নোৱাৰে; হয় সি এক প্রকাৰৰ পুঁজিবাদেই হব লাগিব নতুবা সমাজবাদ হব লাগিব। আন কথাত কবলৈ গলে সমাজৰ প্রকৃত প্রশ্নসমূহ বিশ্লেষণ কৰাৰ ক্ষেত্রত পেটি-বুর্জোৱাহঁত অক্ষম। পুঁজিবাদৰ কোনো বৈজ্ঞানিক বিশ্লেষণ দাঙি ধৰিব নোৱাৰাৰ বাবে অৱশেষত সিহঁতে পুঁজিবাদৰ ওচৰতেই আত্ম-সমর্পণ কৰে। এইখিনিতে বানাজি কথিত বিভিন্ন ধৰণৰ অৱদমনৰ সংস্কৃতিৰ প্রাদূর্ভাৱৰ প্রসংগটো আহে। সিবিলাকৰ অহৰহ প্রভাৱৰ ফলস্বৰূপে, অর্থনৈতিক সংকটৰ সময়ত উদাৰবাদী বা বাওঁপন্থীসকলৰ বিপৰীতে জনগনে ফেচীবাদৰ ফালেই ঢাপলি মেলাটো সহজ হৈ পৰে। ফেচীবাদীহঁতে কঠিন প্রশ্ন একোটাৰ সৰল আৰু বিভ্রান্তিকৰ উত্তৰ একোটাহঁত দাঙি ধৰে। তদুপৰি সিহঁত সর্বদা কোনো বলিৰ পঠাৰ ধাণ্ডাত থাকে। কেতিয়াবা এই বলিৰ পঠাৰ চিনাক্তকৰণ ইহুদীসকলৰ ৰূপত কৰা হয়, কেতিয়াবা মুছলমানসকলৰ ৰূপত। আবেগসর্বস্বতা হৈছে ফেচীবাদী মানসিকতাৰ অন্যতম মূল বৈশিষ্ট। এনে স্থিতিত সমাজত পূর্বৰে পৰা থকা বিভিন্ন ধৰণৰ অৱদমনমূলক সংস্কৃতিৰ প্রাদূর্ভাৱৰ ফলত ফেচীবাদৰ বিকাশৰ পথ আৰু অধিক সূচল হৈ পৰে। সেয়েহে বানাজিয়ে বাৰম্বাৰ বিভিন্ন ধৰণৰ অৱদমনমূলক সামাজিক-সাংস্কৃতিক গাঁথনি, পূর্বাগ্রহ আদিৰ বিৰুদ্ধে সংগ্রামৰ প্রয়োজনীয়তাৰ কথা দোহাৰিছে। 


২) বানাজিয়ে নাজী দলক এটি শ্রমিক দল বুলি কব খোজা নাই। বৰঞ্চ নাজীহঁতে কিয় আত্মগতভাৱে(subjectively) নিজকে ‘জাতীয়-শ্রমিক’ (National Worker) হিচাপে গণ্য কৰিছিল – তাৰহে ভূ লব বিচাৰিছে। তেওঁ কব বিচাৰিছে যে ফেচীবাদ পুঁজিপতিহতে নিজে সৃষ্টি কৰা বস্তু নহয়; অর্থাৎ ফেচীবাদীহঁত প্রত্যক্ষভাৱে পুঁজিবাদৰ দালাল নহয়। বৰঞ্চ ফেচীবাদ হৈছে এটি আপেক্ষিকভাৱে স্বায়ত্ত সামাজিক-ৰাজনৈতিক আন্দোলন। ফেচীবাদীহঁতে সঁচাকৈয়ে নিজকে ‘জাতীয় শ্রমিক’ হিচাপে গণ্য কৰিছিল। ‘জাতীয় শ্রমিক’ৰ ধাৰণাটোৱেই হৈছে মূলতঃ এটা পেটি-বুর্জোৱা ধাৰণা। ই পুঁজিবাদোত্তৰ এখন (আকাশ কুসুম) পেটি-বুর্জোৱা সমাজৰ কল্পনা কৰে। ফেচীবাদৰ সামগ্রিক বস্তুগত(objective) বিশ্লেষণ কৰিবলৈ হলে আত্মগতভাৱে(subjectively) ফেচীবাদীহঁতে নিজকে কি বুলি গণ্য কৰিছিল, তাৰো ভূ লোৱাটো দৰকাৰ। 

৩) ফেচীবাদী আন্দোলনৰ বিকাশে এটা নির্ণায়ক পর্যায় লাভ কৰাৰ পাছতহে বৃহৎ পুঁজিপতিহঁতে সিহঁতক সক্রিয় সমর্থন প্রদান কৰিছিল – তাকো যথেষ্ঠ হোঁহকা-পিছলা কৰাৰ পাছত। পুঁজিপতিহঁতক সেয়েহে হিটলাৰ আদিয়ে যথেষ্ঠ নির্ভয় প্রদান কৰিব লগা হৈছিল। ফেচীবাদ খোদ পুঁজিৰ সৃষ্টি হোৱা হলে এনেকৈ হোঁহকা-পিছলা কৰাৰ প্রশ্নই উত্থাপন নহ’লহেতেন। অৱশ্যেই ফেচীবাদে শেহান্তৰত পুঁজিবাদীহঁতৰ স্বার্থই পূৰণ কৰে; সংকটৰ কালত প্রত্যক্ষভাৱে টকা-পইছা আদিকে ধৰি বিভিন্ন প্রকাৰে সমর্থন প্রদান কৰি পুঁজিবাদীহঁতে ফেচীবাদীসকলক ৰাজনৈতিক ক্ষমতাত অধিষ্ঠিত কৰাবলৈকো চেষ্টা কৰে। কিন্তু সেইবুলি ফেচীবাদী আন্দোলনৰ নিজা আপেক্ষিক স্বায়ত্ততাৰ কথাটো পাহৰি যোৱাটো উচিত নহব। সেয়েহে ফেচীবাদক পৰাস্ত কৰিবলৈ হলে তাৰ স্বকীয় লজিক(logic)ৰ সম্ভেদো ল’ব লাগিব।


(৪)বানাজীয়ে কমিণ্টার্ণৰ নতুনকৈ -তাত্ত্বিকভাৱে - ভবা-চিন্তা কৰাৰ সাহস নোহোৱাৰ কথা লিখিছে। কমিউনিষ্টসকলে সংগ্রামস্থলীত জীৱন পর্যন্ত ত্যাগ কৰি যিদৰে সাহসিকতাৰে ফেচীবাদৰ বিৰুদ্ধে সংগ্রাম কৰি গল – তাক সন্মান নকৰাৰ বা তাক ‘পলায়নবাদী’ বুলি কোৱাৰ প্রশ্নই নুঠে। কিন্তু মন কৰা ভাল যে সেইকালৰ কমিউনিষ্ট তত্ত্বৰ বহুতো বিসংগতিৰ বাবে কার্যকৰীভাৱে আন্দোলনটোৱে বাৰম্বাৰ বিপর্যয়ৰ সম্মুখীন হব লগা হৈছিল। উদাহৰণস্বৰূপে বৰঠাকুৰদেৱে বাওঁপন্থী সংকীর্ণতাবাদ কথা লিখিছে কিন্তু তাৰ বাবে কমিন্টার্ণ নিজেও যে দায়ী আছিল, ‘সামাজিক ফেচীবাদ’ৰ দৰে অদ্ভূত তত্ত্ব কেতবোৰ যে ই নিজেই কিছুদিন পূর্বে সৃষ্টি কৰিছিল, সেই বিষয়ে কিন্তু উল্লেখ নকৰিলে। মোৰ ধাৰণা যে আন আন কাৰকৰ লগতে ‘আপেক্ষিক স্বায়ত্ততা’ৰ ধাৰণাটো নথকাৰ বাবে কমিন্টার্ণৰ তত্ত্ববিদসকল এক প্রকাৰৰ সঁজুলিবাদ(instrumentalism)ত ভূগিছিল। ফলতঃ সমাজৰ সকলো প্রতিক্রিয়াশীল পৰিঘটনাকে তেওঁলোকে শাসক চক্রৰ কাৰচাজীৰ ফলাফল – এইদৰে ঘোষণা কৰিবলৈ বাধ্য হৈ পৰিছিল। ফলতঃ পেণ্ডুলামৰ দৰে এবাৰ বাওঁপন্থী সংকীর্ণতাবাদ আৰু এবাৰ সোঁ-পন্থী উদাৰতাবাদ এইদৰে দিকহীন অৱস্থাৰ মাজত সংগ্রামখনি ভাহি ফুৰিছিল। পিপুলছ ফ্রণ্ট বনাম ইউনাইটেড ফ্রণ্ট বিষয়ক বিতর্কখনিৰ সৈতেও ইয়াৰ কিছু সম্পর্ক আছে যেন লাগে। এই বিষয়ে পাছলৈ কেতিয়াবা আলোচনা কৰা যাব। মূল কথাটো হৈছে যে আন্দোলনৰ কৃত্বিত্বসমূহ উল্লেখ কৰাৰ সময়ত তাৰ বিসংগতিসমূহ সম্পর্কেও বস্তুনিষ্ঠ আলোচনা কৰাটো মোৰ বোধেৰে সকলো কমিউনিষ্টৰে কর্তব্য। 


৫) আন আন বুর্জোৱা দলসমূহৰ গণসমর্থনৰ সৈতে ফেচীবাদী দলৰ গণসমর্থনৰ কেতবোৰ পার্থক্য আছে। চাবলৈ গলে বেছিভাগ বুর্জোৱা ৰাজনৈতিক দলেই বুর্জোৱাই নিজে সৃষ্টি কৰা দল নহয়। পুঁজিবাদৰ বিশেষত্ত্ব এয়ে যে প্রাক-পুঁজিবাদী বিভিন্ন ব্যৱস্থা (যেনে ধৰক সামন্তবাদ)ৰ বিপৰীতে এই ব্যৱস্থাৰ অধীনত আর্থিক প্রভূসকল নিজেই ৰাজনৈতিক প্রভূ হোৱাৰ দৰকাৰ নাই। কাৰখানাৰ মালিকজন আৰু দেশ পৰিচালনা কৰা ৰাজনৈতিক নেতাজন – একেজন ব্যক্তিয়েই নহয়। অর্থাৎ পুঁজিবাদৰ অধীনত অর্থনীতিৰ ক্ষেত্রখন এখন আপেক্ষিকভাৱে স্বায়ত্ত্ব ক্ষেত্রৰ ৰূপত উদয় হয়। ই শোষণৰ প্রক্রিয়াটো জনগণৰ পৰা লুকুৱাই ৰাখি পুঁজিবাদক দীর্ঘজীৱি কৰাত সহায় কৰে। সি যি কি নহওঁক, যিহেতু বুর্জোৱাৰ হাততেই সকলো উৎপাদনৰ আহিলা থাকে, সেয়েহে যিটো দলেই শাসনলৈ নাহক কিয়, সি কম বেছি পৰিমাণে বুর্জোৱাৰ প্রভুত্ব মানি চলিবলৈ বাধ্য। পিছে আন আন বুর্জোৱা দলসমূহত সচৰাচৰ দেখাৰ দৰে প্রভু-দালাল (patron-client) সদৃশ সম্পর্কসমূহ (অর্থাত ব্যক্তিগত লাভালাভৰ বাবে দলত যোগদান কৰাৰ প্রৱণতাসমূহ) সাধাৰণতে ফেচীবাদী আন্দোলনৰ কেন্দ্রীয় উপাদান নহয়। ফেচীবাদ হৈছে এটি প্রতিক্রিয়াশীল গণ-আন্দোলন। ই কেডাৰ তথা মতাদর্শ আধাৰিত। তদুপৰি ইয়াৰ নিজস্ব কার্যসূচী আছে। ফেচীবাদী কর্মকর্তা একোজনে নিজৰ মতাদর্শৰ বাবে জীৱন পর্যন্ত ত্যাগ কৰিবলৈ সাজু থাকে (যেনে ধৰক আজীৱন অবিবাহিত হৈ থকা আৰ এছ এছৰ প্রচাৰক একোজন)। উগ্র জাতীয়তাবাদ, অসহিষ্ণুতা, আবেগসর্বস্বতা, নৃ-গোষ্ঠী সংহাৰৰ প্রৱণতা আদি বৈশিষ্টসমূহ ফেচীবাদী আন্দোলনৰ ডি এন এ(DNA)ত লুকাই আছে। ভাৰতীয় পৰিস্থিতিৰ পৰা উদাহৰণ দিবলৈ গলে কব পাৰি যে ফেচীবাদীহঁত হৈছে প্রগ্রেমেটিকভাৱে(programmatically) সাম্প্রদায়িক আৰু আন বুর্জোৱা দলসমূহ হৈছে প্রাগমেটিকভাৱে(pragmatically) সাম্প্রদায়িক। সেয়েহে ই আন বুর্জোৱা দলসমূহতকৈ আৰু অধিক ভয়ংকৰ। 


৬) ফেচীবাদী দল একোটাই নির্বাচনত কিমান শতাংশ ভোট লাভ কৰিছে, তাৰ পৰাই ফেচীবাদৰ গণসমর্থনৰ উমান লবলৈ গলে সর্বনাশ হব। বিগত পঞ্চাছ বছৰতকৈও অধিক কাল ধৰি মূলতঃ অৰাজনৈতিক দল হিচাপেই আৰ এছ এছে কাম কৰি আহিছে। তেওঁলোকৰ প্রচাৰৰ ফলস্বৰূপেই আজি মুছলমান বিদ্ধেষ ভাৰতীয় সমাজৰ এটি সাধাৰণ পৰিঘটনালৈ পৰিণত হৈছে। আনকি বিজেপিক ভোট নিদিয়া এটা বুজন সংখ্যক জনগণৰ অংশয়ো মতাদর্শগতভাৱে আৰ এছ এছ সদৃশ মতাদর্শৰ সৈতেই সহজবোধ কৰে। একেটা কথাকে সেইকালৰ জার্মানী বা ইটালীৰ ক্ষেত্রতো কব পাৰি। 


৭) ফেচীবাদে ৰাজনৈতিক ক্ষমতা কুক্ষিগত কৰাৰ সময়ত পুঁজিপতিহঁতৰ সাহার্য লাভ কৰাটো নিঃসন্দেহে প্রয়োজনীয় হৈ পৰে। যিকোনো ধৰণৰ শ্রমিক আন্দোলন মষিমূৰ কৰি জনগণৰ দৃষ্টি শোষণৰ প্রকৃত স্বৰূপটোৰ পৰা আঁতৰাই অনাৰ ক্ষেত্রত ফেচীবাদীহঁত পাকৈত। সেয়েহে সংকটকালত প্রায়েই পুঁজিপতিহঁতে ফেচীবাদ দলৰ সহায় বিচাৰে। কিন্তু তাৰ অর্থ এইটো নহয় যে পুঁজিপতিৰ সহায় লাভ কৰাৰ পাছতহে ফেচীবাদী দল একোটাত ফেচীবাদী দল বুলি কব পৰা যাব বা পুঁজিপতিহঁতৰ সহায়তেই ফেচীবাদীহঁতে শ্রী বৃদ্ধি লাভ কৰিছে। ভাৰতত ৰাম মন্দিৰ আন্দোলনৰ বিকাশ কোনো পুঁজিপতিৰ কাৰচাজীৰ ফলস্বৰূপে হোৱা নাছিল। তাৰ সামাজিক-সাংস্কৃতিক ভূমি সমাজৰ মাজতেই লুকাই আছিল। সি কোনো পুঁজিপতি গোষ্ঠীয়ে বাহিৰৰ পৰা জাপি দিয়া বস্তু নাছিল। অৱশ্যে বিকাশ লাভ কৰাৰ পাছত পুঁজিপতিহতে ফেচীবাদী দল একোটাক সমর্থন কৰা সম্পর্কে গুণাগথা কৰে। পিছে এইখিনিতে ফেচীবাদীহঁতৰ সুকীয়া সংগঠনমূলক শক্তিৰ প্রতিও মন দিয়া কৰা দৰকাৰ। কেতিয়াবা এনেকুৱাও হব পাৰে যে নিজস্ব এজেণ্ডাসমূহ (যেনে সংখ্যালঘূৰ নৰসংহাৰ) পূর্ণ কৰিবলৈ গৈ ফেচীবাদী দল একোটাই পুঁজি বিনিয়োগৰ পৰিবেশৰ ওপৰতেই প্রতিকূল প্রভাৱ পেলাইছে। ফেচীবাদীহতৰ লগত সম্পর্ক গঢ়ি তোলাৰ অর্থ হৈছে জুইৰ লগত খেলাৰ দৰে। কেতিয়াবা ই পুঁজিপতি গোষ্ঠীৰ হাত পোৰাৰো আশংকা থাকে। জার্মান নাজীবাদে যেনেধৰণৰ অহৰহ যুদ্ধৰ মেছিন এটা গঢ়ি তুলিছিল, দীর্ঘকালীন দৃষ্টিৰে চাবলৈ গলে সি পুঁজিবাদৰ বিকাশৰ বাবেই প্রতিকূল আছিল। 


৮) জাতীয়তাবাদৰ বিষয়টো আন এটা জটিল বিষয়। এই বিষয়ে আন কেতিয়াবা দীঘলীয়াকৈ লিখাৰ পৰিকল্পনা আছে। বৰঠাকুৰদেৱে ঠিকেই লিখিছে যে বানাজীয়ে সাম্রাজ্যবাদ বিৰোধী জাতীয়তাবাদৰ কথাও উল্লেখ কৰিব লাগিছিল। পিছে লক্ষ্যণীয় যে মার্ক্সবাদীসকলে সহজবোধ কৰা ঔপনিবেশিকতাবাদৰূপী সাম্রাজ্যবাদৰ বিৰোধিতা কৰা প্রগতিশীল জাতীয়তাবাদী পর্যায়টোৰ ইতিমধ্যেই অন্ত পৰিছে। বহুতো মার্ক্সবাদী তাত্ত্বিক (যেনে ইৰফান হাবীব আদিয়ে) যুক্তি প্রদর্শন কৰি আহিছে যে সাম্রাজ্যবাদৰ ঔপনিবেশিক তথা নব্য-ঔপনিবেশিক পর্যায়ৰ সময়ত তৃতীয় বিশ্বৰ পৰা আহৰণ কৰা উদ্বৃত্তৰ এটি ভাগ প্রথম বিশ্বৰ শ্রমিক একাংশয়েও লাভ কৰিছিল। অর্থাৎ প্রথম বিশ্বৰ বুর্জোৱাৰ লগতে শ্রমিক শ্রেণীৰ একাংশও সাম্রাজ্যবাদী শোষণৰ দ্বাৰা লাভাৱাম্বিত হৈছিল। সেই সময়ত আপেক্ষিকভাৱে স্বায়ত্ত জাতীয়-অর্থনীতিসমূহ মিলিয়েই বিশ্ব পুঁজিবাদী ব্যৱস্থাটো নির্মিত হৈছিল (ঠিক যেন আলুৰ বস্তাৰ দৰেঃ আলুখিনিৰ/জাতীয় অর্থনীতিসমূহৰ মাজত কিছু আন্তঃসম্পর্ক আছিল কিন্তু সিবিলাকক পৃথক পৃথকো কৰিব পৰা গৈছিল)। সেয়েহে সাম্রাজ্যবাদৰ শৃংখলৰ দুর্বল অংশত আঘাত কৰি জাতীয় স্বাবলম্বী বিকাশৰ পথ লোৱাটো সম্ভৱপৰ হৈছিল। পিছে আজিৰ কালৰ সাম্রাজ্যবাদৰ অন্যতম বৈশিষ্ট হৈছে – পুঁজিৰ গোলকীকৰণ। আজিৰ সময়ত শৃংখলৰ উপমাৰ দ্বাৰা সাম্রাজ্যবাদক বুজাটো সম্ভৱপৰ নহয়। আজিৰ বিশ্ব পুঁজিবাদী ব্যৱস্থাটো হৈছে এটা জীৱ(organism)ৰ দৰে। জাতি-ৰাষ্ট্রই যদি কৰবাত পুঁজিৰ অবাধ চলাচলৰ বাবে বাধাৰ সৃষ্টি কৰিছে – সেয়া মষিমূৰ কৰি পেলোৱা হৈছে। কিন্তু শ্রমিকসকলক বিভিন্ন জাতি-ৰাষ্ট্রৰ পৰিসীমাৰ মাজত আৱদ্ধ আৰু ভাগ ভাগ কৰি ৰখা হৈছে। (সেয়েহে মার্ক্সবাদীসকলে কয়: ‘এয়া ভুৱা গোলকীকৰণ। বিশ্বৰ সকলো জাতি-ৰাষ্ট্রৰ সীমা অতিক্রমি শ্রমিকৰ মুকলি যাতায়াত সুনিশ্চিত কৰকচোন! তেতিয়াহে দেখা যাব প্রকৃত গোলকীকৰণৰ প্রতি শাসক চক্রৰ সদিচ্ছা কিমান!’)। এফালে তৃতীয় বিশ্বৰ সস্তা শ্রম-শক্তিৰ পূর্ণ সুবিধা লোৱা হৈছে আৰু আনফালে আন দেশলৈ বহিঃগমন কৰাৰ ভাবুকি প্রদান কৰি প্রথম বিশ্বৰ শ্রমিক সংগঠন, ট্রেড ইউনিয়ন আদিৰ ওপৰতো লেকাম লগোৱা হৈছে। এই তথাকথিত গোলকীকৰণে কেৱল তৃতীয় বিশ্বৰ শ্রমিকসকলৰেই ক্ষতি কৰা নাই; বৰঞ্চ প্রথম বিশ্বৰ শ্রমিকসকলকো ক্ষতিগ্রস্ত কৰিছে। সেয়েহে জাতীয়তাবাদৰ ভিত্তিত সাম্রাজ্যবাদ বিৰোধী সংগ্রাম গঢ়ি তোলাৰ পর্যায় ইতিমধ্যেই পাৰ হৈ গৈছে বুলি কব পাৰি। জাতীয়তাবাদৰ ভিত্তিক সংগ্রাম তেতিয়াহে সফল হব পাৰিব যেতিয়া বিপ্লৱীসকলে দেখুৱাবলৈ সক্ষম হব যে “চোৱা! আমাৰ মূল শত্রু হৈছে বর্হিভাগৰ। সিহঁতৰ লগত দেশৰ অন্তর্ভাগৰ কেতবোৰ দালালো (comprador bourgeoisie) একেলগ হৈছে।” পিছে দেশৰ বুর্জোৱাই যেতিয়া নিজেই আন্তঃৰাষ্ট্রীয় পুঁজিৰ সৈতে মিলি এক মিত্রফ্রণ্ট(বা আন্তঃৰাষ্ট্রীয় শাসক শ্রেণী) গঢ়ি তুলিছে, তেনেস্থলত কোন বর্হিশত্রুৰ বিৰুদ্ধে বিপ্লৱীসকলে জনগণক একেলগ কৰিব? এসময়ত দেশৰ বুর্জোৱাহঁতকো সাম্রাজ্যবাদ বিৰোধী সংগ্রামত কিছুদূৰৈলৈ লগত ল’ব পৰা গৈছিল; কিন্তু আজি সিহঁতে নিজেই এনে সংগ্রামৰ বিৰোধিতা কৰে। Import Substituting Industrialization(ISI) ৰ কথা কোৱা কোনো পুঁজিপতিক আজিৰ সময়ত দেখিছেনে? তদুপৰি আজিৰ সময়ত সমগ্র পৃথিবীৰে অর্থনীতিসমূহ ইমানেই দৃঢ়ভাৱে আন্তঃসম্পর্কযুক্ত হৈ পৰিছে যে বিপ্লৱতো বাদেই, (চি পি এম আদিয়ে কোৱাৰ দৰে) সংক্রমণকালীন পর্যায়ৰ সামাজিক-গণতন্ত্র নির্মাণ কৰিবলৈকো আন্তঃৰাষ্ট্রীয় পর্যায়ত বিভিন্ন দেশৰ শ্রমিকসকলৰ সমিলমিল(solidarity action)ৰ প্রয়োজন হব। অর্থাৎ কেৱল জাতি-ৰাষ্ট্রৰ ভিত্তিত পুঁজিৰ ওপৰত লেকাম টনাটো সম্ভৱপৰ নহয়। এই সমস্ত বিষয় সম্পর্কে বানাজীৰ সতীর্থ ৰোহিনী হেঞ্চমেনে Workers, Union and Global Capitalism গ্রন্থখনিত বিতংকৈ লিখিছে। বানাজীৰ লেখনীটো অনুবাদ কৰোঁতে এই বিষয়ে উল্লেখ কৰি আমি নিজাববীয়াকৈ এটা ফুটনোটও প্রদান কৰিছিলো। বৰঠাকুৰদেৱে সেইফালে কিজানি বৰকৈ মন নকৰিলে। জাতীয়বাদৰ পৰিবর্তিত ভূমিকা সম্পর্কে আৰু বহু কথা লিখিব পৰা যায়। সাম্রাজ্যবাদৰ পৰিবর্তিত কার্যপ্রণালী সমূহলৈ মন নকৰাৰ ফলত কিদৰে আজিও ভাৰতীয় বাওঁপন্থীসকল এক প্রকাৰৰ জাতীয়তাবাদী কাঠামো(framework)ৰ মাজত আৱদ্ধ হৈ ৰৈছে, কিদৰে তেওঁলোকে সংগ্রামৰ বহুতো সুযোগ হেৰুৱাইছে, এই বিষয়ে এটা দীর্ঘ প্রবন্ধই লিখিব পাৰি। মুঠৰ ওপৰত কবলৈ গলেঃ আজিৰ সময়ত জাতীয়তাবাদক প্রগতিশীল উদ্দেশৰে প্রয়োগ কৰাৰ পর্যায় উকলি গৈছে। বৰঞ্চ ই আজি প্রায় সম্পূর্ণভাৱে শাসক শ্রেণী হাথিয়াৰলৈ পৰিণত হৈছে। সেয়েহে আজিৰ সময়ত আগবাঢ়ি যাবলৈ হলে বাওঁপন্থীসকলে জাতীয়তাবাদী কাঠামোৰ এক শক্তিশালী সমালোচনা বিকশিত কৰিবই লাগিব। 

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...