Wednesday, June 24, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ ষষ্ঠ অধ্যায়: 'পুঁজিবাদ' (প্রথম অংশ)



Original: 'Revolutionary Ideas of Karl Marx' by Alex Callinicos
Translation: Mayur Chetia


ডাচ কেপিটেল বা পুঁজি গ্রন্থখনি মার্ক্সৰ জীৱনৰ সর্বোত্তম কৃতিত্ব বুলি কব পৰা যায়। গ্রন্থখনিৰ প্রথম
খণ্ডৰ পাতনিত মার্ক্সে এনেদৰে লিখিছেঃ  ‘আধুনিক সমাজৰ অর্থনৈতিক ক্রিয়া-পদ্ধতিসমূহ আৱিষ্কাৰ কৰাটোৱেই হৈছে এই গ্রন্থখনিৰ লক্ষ্য’ (Capital, Vol.1, p.92) মার্ক্সৰ পূর্বৰ চিন্তাবিদসকলে পুঁজিবাদী ব্যৱস্থাটোৰ দুই এটা দিশ সম্পর্কে আলোকপাত কৰিছিল সঁচা, পিছে সামগ্রিকভাৱে ব্যৱস্থাটোৰ ক্রিয়াপদ্ধতিসমূহ বুজাৰ ক্ষেত্রত তেওঁলোকে বিশেষ অগ্রগতি লাভ কৰিব পৰা নাছিল। পূর্বৰ অধ্যায়কেইটাত আমি ইতিমধ্যেই উনুকিয়াইছো যে বুর্জোৱা চিন্তাবিদসকলে পুঁজিবাদী ব্যৱস্থাটোক প্রকৃতি-প্রদত্ত বা ইতিহাসৰ অন্তিমটো পর্যায় হিচাপেই গণ্য কৰিছিল। সিবিলাকৰ বিপৰীতে মার্ক্সে পুঁজিবাদক ঐতিহাসিকভাৱে সংক্রমণশীল এটি ব্যৱস্থাৰ ৰূপতহে বিশ্লেষণ কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰিলে, যাৰ আভ্যন্তৰীণ অন্তর্বিৰোধসমূহে এসময়ত তাক বিনাশৰ পথেৰে লৈ যাব।

অর্থনীতিবিদ্যাৰ দৰে (থমাচ কার্লাইলৰ ভাষাত) ‘শোচনীয় বিজ্ঞান’ৰ সৈতে ভালকৈ পৰিচিতি নথকা পাঠকৰ বাবে এইখিনিতে অধ্যায়টোৰ মূল বিষয়বস্তু সম্পর্কে এটি ৰূপৰেখা প্রদান কৰি লোৱাটো ভাল হব। আমি প্রথমতেই পুঁজিৰ কেন্দ্রীয় তত্ত্ব অর্থাৎ মূল্যৰ শ্রম তত্ত্ব সম্পর্কে আলোচনা কৰিম। এই মূল্যৰ শ্রম তত্ত্ব মতে, ‘পণ্য’ - অর্থাৎ বজাৰত বেচা-কিনা কৰিব পৰা সামগ্রীসমূহক – সিবিলাকৰ উৎপাদনত খৰচ হোৱা সামাজিকভাৱে প্রয়োজনীয় শ্রম সময় অনুসৰি বিনিময় কৰা হয়। আমি পাছলৈ দেখিম যে কেনেদৰে মার্ক্সে পুঁজিবাদী শোষণৰ প্রক্রিয়াটো বিশ্লেষণ কৰিবলৈ এই তত্ত্বটোকেই কেন্দ্রীয়ভাৱে ব্যৱহাৰ কৰিছে। শ্রমিকে সৃষ্টি কৰা উদ্বৃত্ত মূল্যয়েই হৈছে পুঁজিপতিৰ মুনাফাৰ উৎস, যাৰ ভৰষাত সমগ্র ব্যৱস্থাটো বর্তি আছে। আটাইতকৈ অধিক পৰিমাণে উদ্বৃত্ত মূল্য হাছিল কৰিবলৈ পুঁজিপতিহঁতৰ মাজত প্রতিযোগিতা সৃষ্টি হয়। এই প্রতিযোগিতাৰ ফলত মুনাফাৰ সাধাৰণ হাৰ এটি অস্তিত্বলৈ আহে। মন কৰিব লগীয়া যে মুনাফাৰ এই সাধাৰণ হাৰে মূল্যৰ শ্রম তত্ত্বৰো এটি পৰিবর্তন ঘটায়। ফলত আপাত দৃষ্টিত মূল্যৰ শ্রম তত্ত্ব ক্রিয়াম্বিত নোহোৱা যেনেই অনুভৱ হয়। সি যি কি নহওঁক, প্রতিযোগিতাৰ ফলত মুনাফাৰ হাৰ নিম্নগামী হোৱাৰ প্রৱণতা (tendency for the rate of profit to fall) এটা সৃষ্টি হয় আৰু মূলতঃ ইয়াৰ বাবেই বাৰম্বাৰ আর্থিক সংকটে পুঁজিবাদী অর্থনীতিখনক ছানি ধৰে


১) শ্রম আৰু মূল্য
প্রতিখন সমাজৰে আধাৰ হৈছে শ্রম-প্রক্রিয়া – অর্থাৎ মানুহে জীয়াই থাকিবলৈ ইজনে সিজনৰ সৈতে সহযোগ কৰে যাতে প্রকৃতিৰ শক্তিসমূহক ব্যৱহাৰ কৰিব পৰা যায়; এইদৰেই মানুহে জীৱিকাৰ সমল সংগ্রহ কৰেশ্রমৰ দ্বাৰা উৎপাদিত সামগ্রীসমূহ সেয়েহে মানুহৰ কামত অহা বিধৰ হব লাগিব; সিবিলাকে মানুহৰ কোনোবা নহয় কোনোবা প্রয়োজন বা অভাৱ পূর্ণ কৰিব পাৰিব লাগিব। অর্থাৎ সিবিলাক উপযোগী বা ব্যৱহাৰযোগ্য হব লাগিব। বস্তুৰ এই গুণটোকে মার্ক্সে ব্যৱহাৰ মূল্য (use value) নাম দিছে। ব্যৱহাৰ মূল্য- অর্থাৎ যি কাৰোবাৰ দ্বাৰা ব্যৱহাৰযোগ্য হব পাৰে; যি মানুহৰ কোনো অভাৱ পূর্ণ কৰিব পাৰে

এইখিনিতে এটা কথালৈ মন কৰকঃ বস্তুৰ ব্যৱহাৰ মূল্য মানে কেৱল শাৰীৰিক প্রয়োজনৰ বাবে  ব্যৱহাৰযোগ্যতাৰ কথাই মাত্র কোৱা নাই। উদাহৰণস্বৰূপে কিতাপ এখনৰ ব্যৱহাৰ মূল্য থাকে কিয়নো মানুহে কিতাপখন পঢ়িবলৈ ব্যৱহাৰ কৰেপিছে কিছুমান ব্যৱহাৰযোগ্যতা অতিশয় নিকৃষ্ট মানৰো হব পাৰেযেনে ধৰক হত্যাকাৰীয়ে ব্যৱহাৰ কৰা আগ্নেয়াস্ত্র বা শ্রমিকৰ আন্দোলন দমন কৰোঁতে ব্যৱহৃত হোৱা পুলিচৰ লাঠি। সিবিলাকৰো কেতবোৰ ব্যৱহাৰযোগ্যতা থাকে; যদিও সিবিলাকক আমি ঘৃণাৰ দৃষ্টিৰে চাওঁ। অর্থাৎ আমি ভাল নাপালেও বিভিন্ন বস্তুৰ ব্যৱহাৰযোগ্যতা তথা ব্যৱহাৰ মূল্য আমি আওকাণ কৰিব নোৱাৰোঁ

পুঁজিবাদৰ অধীনত শ্রম উৎপাদিত সামগ্রীসমূহে পণ্যৰ ৰূপ ধাৰণ কৰেআডাম স্মিথে দর্শাইছে যে পণ্যৰ কেৱল ব্যৱহাৰ মূল্যই নাথাকে। নিজে ব্যৱহাৰ কৰিবলৈ শ্রমিকে পণ্য উৎপাদন নকৰে; বৰঞ্চ বজাৰত বেছিবৰ বাবেহে পণ্যৰ উৎপাদন কৰা হয়।  অর্থাৎ বেছা-কিনা বা বিনিময়ৰ বাবেই পণ্যৰ উৎপাদন কৰা হয়। সেয়েহে প্রতিটো পণ্যৰে একোটাহঁত বিনিময় মূল্যও থাকে।  মার্ক্সৰ ভাষাত, বিনিময় মূল্য (exchange value) হৈছে এটি “পৰিমাণগত সম্পর্ক, অর্থাৎ কিমান অনুপাতত এবিধ ব্যৱহাৰ মূল্য আন এবিধ ব্যৱহাৰ মূল্যৰ সৈতে বিনিময় কৰা হয়”(Capital, Vol. 1, page 126)উদাহৰণস্বৰূপে (পিন্ধিবলৈ ব্যৱহাৰ কৰা) এটি চোলাৰ বিনিময়ত (লিখিবলৈ ব্যৱহাৰ কৰা) দুটা কলম বিনিময় কৰা যাব পাৰে বা পাঁচটা গিলাচৰ বিনিময়ত এখন কাঁহী পোৱা যাব পাৰে 

ব্যৱহাৰ মূল্য আৰু বিনিময় মূল্য – দুয়োটা হৈছে সম্পূর্ণ ভিন ভিন বস্তু। আডাম স্মিথৰ পৰাই এটি উদাহৰণ লোৱা যাওঁক। তেওঁ লিখিছে যে ব্যৱহাৰ মূল্যৰ দৃষ্টিৰে চাবলৈ গলে বায়ুৰ গুৰুত্ব অনেক কিয়নো বায়ুৰ অবিহনে আমি উশাহ লব নোৱাৰোঁ, আমি জীয়াই থাকিব নোৱাৰোঁকিন্তু তথাপিও বায়ুৰ কোনো বিনিময় মূল্য নাই! আনহাতে হীৰা বায়ুৰ দৰে গুৰুত্বপূর্ণ নহয়। হীৰাৰ পৰা গহনা ইত্যাদি নির্মাণ কৰিব পাৰি; তথাপিও হীৰা নোহোৱাকৈও আমি জীয়াই থাকিব পাৰোঁঅথচ  হীৰাৰ বিনিময় মূল্য কিন্তু অনেক!
ব্যৱহাৰ মূল্যসমূহক সতকাই ইটো সিটোৰ সতে তুলনা কৰিব বা জুখিব নোৱাৰিউদাহৰণস্বৰূপে আপেল আৰু কমলাৰ মাজত কোনটো বেছি  উপযোগী  - অর্থাৎ কোনটোৰ ব্যৱহাৰ মূল্য বেছি , সেইটো ফটকৈ কৈ দিব নোৱাৰিসাধাৰণতেই এনে তুলনা অসাধ্য হৈ পৰেআনহাতেদি বিনিময় মূল্যসমূহক ইটো সিটোৰ লগত সদায়েই তুলনা কৰিব পাৰি; ইটো সিটোৰ আপেক্ষিক মূল্য জুখি চাব পারিঃ যেনে দহটা কলমৰ বিনিময়ত এটা চোলা (এটা কলমৰ দাম ১০ টকা; এটা চোলাৰ দাম ১০০ টকা)। 

ব্যৱহাৰ মূল্যই মানুহৰ কেতবোৰ নির্দিষ্ট প্রয়োজন পূর্ণ কৰিব পাৰিব লাগিব। উদাহৰণস্বৰূপে ভোক নিবাৰণ কৰাৰ ক্ষেত্রত খাদ্য প্রয়োজনীয় হব; জ্ঞান আহৰণৰ ক্ষেত্রত কিতাপ প্রয়োজনীয় হবআনহাতে, পণ্যৰ বিনিময় মূল্যৰ অর্থ হৈছে – কিমান অনুপাতত পণ্যবিধ আন পণ্যৰ সৈতে বিনিময় কৰা যাব। অর্থাৎ সকলো পণ্যৰে মাজত উমৈহতীয়া (common) কিবা এবিধ বৈশিষ্ট্য আছে, যাৰ বাবে পণ্যসমূহক ইটোৰ সিটোৰ সৈতে বিনিময় কৰিব পাৰি

পিছে সেই উমৈহতীয়া বৈশিষ্ট্যবিধ পণ্যৰ ব্যৱহাৰ মূল্য বুলি কব নোৱাৰি কিয়নো সকলো ব্যৱহাৰ মূল্যয়েই নির্দিষ্ট কেতবোৰ মানৱ প্রয়োজন পূর্ণ কৰে;  আমি ইতিমধ্যেই লিখিছোঁ যে সিবিলাকক সাধাৰণতেই ইটো সিটোৰ সৈতে  তুলনা কৰি চাব নোৱাৰি এক কিলো দাইলক দুটা কলমৰ সৈতে (প্রত্যক্ষ্যভাৱে বা পৰোক্ষভাৱে টকাৰ যোগেদি) বিনিময় কৰিব পাৰি, যদিও দুয়োটা বস্তুৰে ব্যৱহাৰ মূল্য হৈছে বেলেগ বেলেগ।   তেনেহলে বস্তু দুটাৰ মাজত বিনিময় সম্ভৱপৰ কৰি তোলা এই উমৈহতীয়া বৈশিষ্ট্যবিধ কি?

মার্ক্সে লিখিছে যে সকলো পণ্যৰে একোটাহঁত মূল্য(value) থাকে; বিনিময় মূল্যৰ মাজেদিয়েই এই মূল্য প্রতিফলিত হয়।  [শিকিবলৈ সহজ হবলৈ প্রাথমিক পর্যায়ত পাঠকে মূল্য আৰু বিনিময় মূল্য একেটাই বস্তু বুলি ধৰি লব পাৰেমূল্য’ বুলি কলে পাঠকে ‘বিনিময় মূল্য’ বুলিয়েই বুজি লব পাৰেদুয়োৰে মাজত থকা সূক্ষ্ম তাত্ত্বিক পার্থক্যসমূহ এতিয়াই নুবুজিলেও হব] এই মূল্যই পণ্যবিধ নির্মাণ কৰোঁতে সমাজে বহন কৰা খৰছখিনিৰে প্রতিনিধিত্ব কৰে যিহেতু মানৱ শ্রম শক্তিয়েই হৈছে উৎপাদনৰ মূল আধাৰ, সেয়েহে এই সামাজিক খৰছখিনিক কেৱল শ্রমৰ পৰিমাণৰ দ্বাৰাই হিচাপ কৰিব পৰা যাব; অর্থাৎ পণ্য এবিধ নির্মাণ কৰোঁতে কিমানখিনি শ্রম সময় (১ ঘণ্টা, ২ ঘণ্টা, ১ দিন আদি) খৰছ কৰা হৈছে – তাৰ আধাৰত।

ধৰক এটা চোলা  নির্মাণ কৰোঁতে এক ঘণ্টা সময় খৰছ হয়; গতিকে এটা চোলাৰ বিনিময় মূল্য হব এক ইউনিট। টকাৰ হিচাপত কবলৈ গলে এক টকা।  আনহাতে এটা কলম নির্মাণ কৰোঁতে আধা ঘণ্টা সময় খৰছ হয়; গতিকে কলমৰ বিনিময় মূল্য হব .৫০ ইউনিট বা টকাৰ হিচাপত পঞ্চাছ পইছা। যিহেতু  এটা চোলা তথা দুটা কলম নির্মাণ কৰোঁতে সমান সময় খৰছ হয়, সেয়েহে এটা চোলা আৰু দুটা কলমৰ বিনিময় মূল্য সমান হব।  অর্থাৎ এটা চোলাৰ বিনিময়ত দুটা কলম পোৱা যাব (বাস্তৱ ক্ষেত্রত কথাবোৰ ইয়াতকৈ জটিল হয়, পিছে প্রাথমিক স্তৰত পাঠকে এইদৰেই সূত্রবোৰ বুজি লব পাৰে)

মার্ক্সে শ্রম বোলোতে কোনো বিশেষ শ্রমৰ কথা বুজোৱা নাই। শ্রম বেলেগ বেলেগ ধৰণৰ হব পাৰে – যেনে হাল বাওঁতে কৰা শ্রম, ভাত ৰান্ধোতে কৰা শ্রম ইত্যাদি ইত্যাদি। সিবিলাকৰ চৰিত্র ভিন ভিন তথা জটিল বিধৰ হয় আৰু গতিকেই সিবিলাকৰ পৰা মূল্যৰ হিচাপ নিকাচ কৰিব নোৱাৰি চোলা নির্মাণ কৰা শ্রম আৰু কলম নির্মাণ কৰা শ্রমৰ মাজত তুলনা হব নোৱাৰেতাৰে ভিতৰত কোনটো শ্রম শ্রেষ্ঠ, কোনটো নিম্ন – সেইটোও কৈ দিব নোৱাৰিপিছে সাধাৰণ অর্থত যিহেতু দুয়োটাই হৈছে শ্রম – যাক সময়ৰ আধাৰত হিচাপ কৰিব পৰা যায় – সেয়েহে বিমূর্ত অর্থক দুয়োটাকে তুলনা কৰিব পাৰি   

আন কথাত কবলৈ হলে –পণ্যৰ যিদৰে ব্যৱহাৰ মূল্য তথা বিনিময় মূল্য নামৰ দুটা দিশ আছে; ঠিক তেনেকৈয়ে  শ্রমৰো দুটা দিশ আছে; মূর্তমান তথা বিমূর্ত শ্রম বাস্তৱ বা মূর্তমান শ্রম হৈছে অতুলনীয়; অর্থাৎ ইটো সিটোক তুলনা কৰিব নোৱাৰিভাত ৰন্ধা, কোৰ মৰা, কিতাপ লিখা ইত্যাদিবোৰেই হৈছে মূর্তমান শ্রম। আনহাতে বিমূর্ত শ্রম হৈছে তুলনীয়। সময়ৰ হিচাপত সিবিলাকক তুলনা কৰিব পাৰিযেনে এক ঘণ্টাৰ শ্রম, দুই ঘণ্টাৰ শ্রম আদি। পুঁজি গ্রন্থখন বুজিবলৈ হলে মূর্তমান আৰু বিমূর্ত শ্রমৰ এই পার্থক্য বুজি পোৱাটো অতিশয় দৰকাৰী

মার্ক্সে ভাত ৰন্ধা, কোৰ মৰা আদি শ্রমসমূহক মূর্তমান শ্রম বুলি অভিহিত কৰিছে আৰু সিবিলাকৰ পৰা বিমূর্তকৰণ কৰিছে। অর্থাৎ মার্ক্সে শ্রমৰ বিভিন্ন বাস্তৱ ৰূপৰ মাজলৈ নগৈ সাধাৰণভাৱে শ্রমৰ কথা কৈছে। মার্ক্সে লিখিছে যে উপযোগী বস্তু এটাৰ মাজত বিমূর্ত শ্রম সোমাই থাকে বাবেই তাৰ মূল্য থাকে; আনহাতে বস্তুৰ মাজত উপযোগী বা বিশেষ শ্রম সোমাই থাকে বাবেই তাৰ ব্যৱহাৰ মূল্য থাকে। অর্থাৎ শ্রমৰ এটি ‘দ্বৈত চৰিত্র’ আছেঃ

এফালৰ পৰা চাবলৈ গলে সকলো শ্রমকে শাৰীৰিক অর্থত মানৱ শ্রম শক্তিৰ খৰছ বুলি কব পাৰিঅর্থাৎ সকলো শ্রমেই হৈছে মানৱ শ্রম আৰু সেয়েহে সিবিলাক সমান।  এই সমান বা বিমূর্ত গুণটোৰ বাবেই মানৱ শ্রমে পণ্যৰ মূল্য গঠন কৰেআনফালে, সকলো শ্রমেই হৈছে মানৱ শ্রম শক্তিৰ বিশেষ প্রয়োগ; অর্থাৎ বিশেষ কোনো উদ্দেশ্যেৰে তথা বিশেষ কোনো ৰূপত এই মানৱ শ্রম প্রয়োগ কৰা হয় [যেনে ধান বোৱা, খৰি কটা আদি]এই গুণটোৰ বাবেই মানৱ শ্রমে ব্যৱহাৰ মূল্য সৃষ্টি কৰে (Capital, Vol. 1, p. 137)

মার্ক্সে লিখিছে যে শ্রমৰ এই দ্বৈত চৰিত্রৰ অন্বেষণ ‘মোৰ গ্রন্থখনিৰ অন্যতম উৎকৃষ্ট বিন্দু’(Selected Correspondence, p. 192) ঠিক এইখিনিৰ পৰাই মার্ক্সে ৰিকার্ডোকে ধৰি ধ্রুপদী ৰাজনৈতিক অর্থনীতিবিদসকলৰ পৰা সুকীয়া ৰাস্তা বাছি লৈছে। ৰিকার্ডো আদিয়ে পণ্যৰ বিনিময় মূল্য হিচাপ কৰিব পৰাকৈ কোনো বিশেষ ফর্মুলাৰ সন্ধান কৰি ফুৰিছিল। আন কথাত, তেওঁলোকে বস্তুৰ বজাৰ দাম(market price) আগতীয়াকৈ গম পাব পাৰি নেকি, তাৰ ফর্মুলা বিচাৰি ফুৰিছিল। মার্ক্সে লিখিছে, ‘ৰিকার্ডোৰ ভুল এইখিনিতে যে তেওঁ মূল্যৰ আয়তন(magnitude)ৰ প্রতিহে আগ্রহী... পিছে পণ্যসমূহৰ উমৈহতীয়া উপাদান হিচাপে শ্রমে কিদৰে বিশিষ্ট ৰূপত [অর্থাৎ বিনিময় মূল্যৰ ৰূপত] ভুমুকি মাৰে, সেই বিষয়ে তেওঁ আগ্রহী নহয়’ (Theories of Surplus Value, Vol. III, pp. 131, 138)

বজাৰ দামৰ প্রতি মার্ক্স বিশেষভাৱে আগ্রহী নাছিল। তাৰ বিপৰীতে, তেওঁ বুজিব খুজিছিল যে কিদৰে ঐতিহাসিকভাৱে পুঁজিবাদী সমাজখন নির্মিত হৈছে, এই সমাজখনৰ বৈশিষ্ট্যসমূহ কি কি, পূর্বৰ সমাজসমূহৰ বিপৰীতে এই সমাজখনৰ বিশেষ কোনো বৈশিষ্ট্য আছে নেকি, তথা কেনেধৰণৰ অন্তর্বিৰোধৰ ফলত ভবিষ্যতে এই সমাজখনৰ ৰূপান্তৰ সাধন হব। অর্থাৎ ঠিক কিমানখিনি শ্রমে পণ্যৰ বিনিময় মূল্য গঠন কৰে – এইটো মার্ক্সৰ বাবে কোনো গুৰুত্বপূর্ণ প্রশ্ন নাছিল। বৰঞ্চ কি ৰূপত শ্রমে এই ভূমিকাটো পালন কৰে – সেইটোহে মার্ক্সৰ বাবে মূল প্রশ্ন আছিল। তদুপৰি কিয় পূর্বৰ সমাজসমূহৰ বিপৰীতে পুঁজিবাদৰ অধীনত উৎপাদনে পণ্যৰ ৰূপ ধাৰণ কৰে – সেইটোও মার্ক্সৰ বাবে অধ্যয়ণৰ বিষয় আছিল।

শ্রমৰ দ্বৈত চৰিত্রৰ কথাটো এইখিনিতে তাৎপর্যপূর্ণ হৈ পৰেশ্রম হৈছে এবিধ সামাজিক তথা সহযোগপূর্ণ ক্রিয়া। কোনো বিশেষ প্রকাৰৰ শ্রমৰ ক্ষেত্রতেই নহয়, সমস্ত সমাজখনৰ ক্ষেত্রতে এই কথাটো কব পাৰিপ্রতিজন ব্যক্তি বা প্রতিটো ব্যক্তি-সমষ্টিৰ ক্ষেত্রতে এই কথাষাৰ খাটে, কিয়নো শ্রমে বিভিন্ন ধৰণৰ সামাজিক প্রয়োজন পূর্ণ কৰেএই প্রয়োজনসমূহ পূর্ণ কৰিবলৈ বিভিন্ন ধৰণৰ সামগ্রী দৰকাৰ হয়ঃ  যেনে – বিভিন্ন ধৰণৰ খাদ্য, যাতায়াতৰ সা-সৰঞ্জাম, বস্ত্র, উৎপাদনৰ সঁজুলি আদি। অর্থাৎ এই কার্যসমূহ সমাপন কৰিবলৈ হলে বিভিন্ন ধৰণৰ উপযোগী শ্রমৰ দৰকাৰ হব (যেনে হাল বোৱা শ্রম, খৰি কটা শ্রম, ভাত ৰন্ধা শ্রম আদি)। অন্যথাই সকলো ব্যক্তিয়েই একেধৰণৰ শ্রম কৰি একেধৰণৰ সামগ্রী নির্মাণ কৰিলে সমস্ত সমাজখনেই অচল হৈ পৰিব।

গতিকেই বিভিন্ন ধৰণৰ উৎপাদনী কার্যসমূহ সুকলমে সমাধা কৰিবলৈ প্রতিখন সমাজেই শ্রম বিভাজনৰ কেতবোৰ উপায় অৱলম্বন কৰেবিভিন্ন ব্যক্তি তথা সমষ্টিৰ মাজত কামবোৰ ভগাই দিয়া হয়। পিছে পুঁজিবাদৰ অধীনত  এনেকৈ সমূহীয়াকৈ কাম-বিতৰণ কৰাৰ কোনো পদ্ধতি নাথাকে।

ইয়াৰ কাৰণ বুজিবলৈ হলে প্রাক-পুঁজিবাদী উৎপাদন প্রণালীসমূহৰ প্রতি কৰক - য’ত আর্থিক ক্রিয়াকলাপৰ মূল লক্ষ্য আছিল ব্যৱহাৰ মূল্যৰ উৎপাদন; প্রতিটো মানৱ সমষ্টিয়েই নিজৰ বাবে প্রয়োজনীয় আটাইখিনি বা বেছিভাগ সামগ্রী নিজে উৎপাদন কৰি লৈছিল। গতিকেইঃ

কৃষক পৰিয়াল একোটা পিতৃতান্ত্রিক গ্রাম্য উদ্যোগত নিজ ব্যৱহাৰৰ বাবেই শস্য, পশু, বস্ত্র আদি উৎপাদন কৰা হৈছিল ৰিয়ালটো ভিতৰৰ শ্রম বিতণ তথা পৰিয়াল প্রতিজন সদস্যই আগবঢ়োৱা শ্রম সময় অনুপাত বয়স, লিংগ তথা শ্রম প্রাকৃতিক পৰিস্থিতি ঋতুগত ভিন্নতাই নির্ণয় কৰিছিল (Capital, Vol. I, p. 171)

শোষণ তথা শ্রেণী বিভাজনৰ উপস্থিতি থকা প্রাক-পুঁজিবাদী সমাজসমূহতো শ্রমৰ বিতৰণ সমূহীয়াভাৱে কৰা হয়গতিকেই সামন্তবাদৰ অধীনতঃ

শ্রম আৰু শ্রমৰ উৎপাদে...সামাজিক লেনদেনত বস্তুদ্রব্যৰ দ্বাৰা সেৱা প্রদান বা পাওনা প্রদানৰ...ৰূপ ধাৰণ কৰেএনে সমাজসমূহত ব্যক্তিসকলৰ মাজৰ সামাজিক সম্পর্কসমূহ তেওঁলোকৰ ব্যক্তিগত সম্পর্ক যেনেই প্রতীয়মান হয়। সি যি কি নহওঁক, এনে সমাজসমূহত মানুহে কেনে ভিন ভিন ভূমিকাৰ মাজেৰে ইজন-সিজনৰ মুখামুখি হয় – এই বিষয়ে আমি যিয়েই নাভাবো কিয়, সিবিলাক অন্ততঃ বস্তুৰ মাজত স্থাপিত হোৱা সামাজিক সম্পর্ক, অর্থাৎ শ্রমৰ উৎপাদ(product)ৰ মাজত স্থাপিত হোৱা সামাজিক সম্পর্ক যেন অনুভৱ নহয়(Capital, Vol. I, p. 170)

দাসব্যৱস্থা তথা সামন্তবাদৰ অধীনত উৎপাদনৰ সৰহ অংশই উৎপাদক তথা শোষণকাৰী শ্রেণীৰ প্রয়োজন পূৰণ কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। কি উৎপাদন কৰা হৈছে – সেয়া মূল কথা নহয়; বৰঞ্চ মূল কথাটো হৈছে যে উৎপাদিত সামগ্রীসমূহক শোষিত আৰু শোষকৰ মাজত বিতৰণ কৰা হয়।

পুঁজিবাদৰ অধীনত পিছে ছবিখন সলনি হৈ পৰেশ্রম বিভাজনৰ ভীষণ বিকাশৰ ফলত প্রতিখন কার্যস্থলীৰে উৎপাদন কার্যৰ স্বৰূপ অতিশয় দক্ষতাসম্পন্ন (specialised) হৈ পৰে প্রতিখন কার্যস্থলী ইখন সিখনৰ পৰা পৃথক হৈ পৰেকোনো উৎপাদকেই কেৱল নিজৰ উৎপাদিত সামগ্রীৰ দ্বাৰা জীৱন যাপন কৰাটো অসম্ভৱ হৈ পৰেকলম নির্মাণ কৰা উৎপাদক একোজনে কলম খাইতো জীৱন নির্বাহ কৰিব নোৱাৰে! জীয়াই থাকিবলৈ হলে তেওঁ কলমখিনি আন কাৰোবাক বেছিব লাগিব; তেহে খাবলৈ-পিন্ধিবলৈ সামগ্রী সংগ্রহ কৰিব পাৰিব। অর্থাৎ দুটি বিশেষ অর্থত উৎপাদকসকল ইজন সিজনৰ ওপৰত নির্ভৰশীলঃ প্রতিজন উৎপাদকেই জীয়াই থাকিবলৈ আন এজনে উৎপন্ন কৰা সামগ্রীৰ ওপৰত কম বেছি পৰিমাণে ভৰষা কৰে;  একে সময়তে আকৌ প্রতিজনেই আন এজনক নিজৰ সামগ্রীৰ ক্রেতা হিচাপে চিহ্নিত কৰে; ক্রেতাই মাল কিনাৰ পাছতহে উৎপাদকৰ ওচৰলৈ ধন আহিব; তেহে তেওঁ নিজৰ জীৱনৰ বাবে প্রয়োজনীয় সামগ্রীসমূহ সংগ্রহ কৰিব পাৰিব।

এই ব্যৱস্থাটোক মার্ক্সে ‘সার্বজনীন পণ্য উৎপাদন’(generalized commodity production) নাম দিছে। ইয়াৰ অধীনত উৎপাদকসকলে  ইজনে সিজনৰ সৈতে উৎপাদিত সামগ্রী বিনিময় কৰেঅর্থাৎ বিনিময় হৈছে তেওঁলোকৰ আন্তঃসম্পর্কৰ মূল ভেটি:

যেতিয়া ব্যক্তিসকলে ইজন সিজনৰ পৰা স্বাধীনতকৈ শ্রম কৰি ব্যৱহাৰযোগ্য বস্তু এটা উৎপন্ন কৰে, তেতিয়াহে সি পণ্যৰ ৰূপ লব পাৰেএনে সকলো ব্যক্তিৰ মুঠ শ্রমখিনিক আমি মুঠ সামাজিক শ্রম বুলি কব পাৰোঁব্যক্তিসকলে এইদৰে নিজে উৎপন্ন কৰা বস্তুবোৰ বিনিময় কৰিবলৈ ইজন সিজনৰ সংস্পর্শলৈ আহে। তেওঁলোকৰ ব্যক্তিগত শ্রমৰ বিশেষ সামাজিক চৰিত্রটো তেতিয়াই প্রকট হৈ পৰেঅর্থাৎ ব্যক্তিৰ নিজা শ্রমখিনি তেতিয়া মুঠ সামাজিক শ্রমৰ অংশবিশেষ হিচাপে প্রকট বা প্রতিভাত হৈ উঠে। বিনিময় সম্পর্কই পণ্যসমূহৰ মাজত সম্বন্ধ স্থাপন নকৰালৈকে, আৰু তাৰ যোগেদি উৎপাদকসকলৰ মাজত সম্বন্ধ স্থাপন নকৰালৈকে এই প্রকটকৰণ সম্ভৱপৰ নহয় (Capital, Vol. I, p. 165-166)

ইয়াৰ আগলৈকে মূর্তমান শ্রম প্রত্যক্ষ্যভাৱে সামাজিক শ্রম আছিল। আগেয়ে উৎপাদনৰ উদ্দেশ্য আছিল ব্যৱহাৰ মূল্য উৎপন্ন কৰা, অর্থাৎ মানুহৰ প্রয়োজন পূর্ণ কৰাকৈ কোনো উপযোগী সামগ্রী নির্মাণ কৰা তেতিয়া শ্রমৰ সামাজিক চৰিত্রটোও প্রথমৰে পৰা স্পষ্টকৈ বুজিব পৰা গৈছিল পিছে য'ত উৎপাদনৰ উদ্দেশ্য হৈছে বিনিময় মূল্য উৎপন্ন কৰা, তাত সামাজিক প্রয়োজন আৰু ব্যক্তিবিশেষৰ শ্রমৰ মাজত কোনো অৱধাৰিত সম্পর্ক নাথাকে। যেতিয়ালৈকে বস্তুবিধ বজাৰলৈ উলিয়াই অনা নহয়, তেতিয়ালৈকে বস্তুবিধৰ (তথা বস্তুবিধ সৃষ্টি কৰা শ্রমৰ) সামাজিক প্রয়োজনীয়তাৰ কথাটো স্পষ্ট হব নোৱাৰেমানুহে পণ্যবিধ কিনিলেহে গম পোৱা যাব যে তাৰ কোনো উপযোগিতা আছে। যদিহে কোনেও বস্তুবিধ কিনিব নোখোজে, তেতিয়া বস্তুবিধ নির্মাণ কৰা শ্রমখিনিকো সামাজিক শ্রমৰ অংশবিশেষ বুলি কব পৰা নাযাব।

পুঁজিবাদৰ অধীনত আন এটা ফালৰ পৰাও সামাজিক আৰু ব্যক্তিগত শ্রমৰ পার্থক্যৰ কথা উল্লেখ কৰিব পাৰিএকে ধৰণৰ পণ্য নির্মাণ কৰা নির্মাতাসকলে একেখন বজাৰকেই দখল কৰিবলৈ ইজনে সিজনৰ সৈতে প্রতিযোগিতাত নামিব। কিমান সস্তাতে একোজন নির্মাতাই তেওঁৰ পণ্যবিধ বিক্রী কৰিবলৈ সক্ষম হব – বজাৰত তেওঁৰ সাফল্য তাৰ ওপৰতেই নির্ভৰ কৰিব। সস্তাতে পণ্য নির্মাণ কৰিবলৈ হলে তেওঁ শ্রমৰ উৎপাদনশীলতাও বৃদ্ধি কৰিব লাগিব। মার্ক্সৰ ভাষাত, ‘যিমানেই শ্রমৰ উৎপাদনশীলতা বেছি হব, সিমানেই বস্তুবিধ নির্মাণ কৰিবলৈ কম শ্রম সময় প্রয়োজনীয় হব, সিমানেই বস্তুবিধত কম পৰিমাণৰ শ্রম স্ফটিকৃত(crystallize) হব, আৰু সিমানেই তাৰ মূল্য কম হব’ (Capital, Vol. I, p. 131)

প্রতিযোগিতাৰ হেঁচাত উৎপাদকসকলে নিত্য নতুন উৎপাদন প্রণালী প্রয়োগ কৰিবলৈ বাধ্য হয়। প্রতিযোগীসকলক হৰুওৱাবলৈ অধিকতকৈ অধিক কর্মক্ষম প্রযুক্তি ব্যৱহাৰ নকৰিলে বজাৰখন আনৰ হাতত হেৰুওৱাৰ সম্ভাৱনা সৃষ্টি হয়। ইয়াৰ ফলস্বৰূপে, পণ্যৰ মূল্য তাৰ নির্মাণৰ বাবে প্রয়োজনীয় মুঠ  শ্রম সময়ৰ দ্বাৰা নির্ধাৰিত নহয়; বৰঞ্চ সামাজিকভাৱে প্রয়োজনীয় শ্রম সময়ৰ দ্বাৰা নির্ধাৰিত হয়। মার্ক্সৰ ভাষাত, ‘উৎপাদনৰ সাধাৰণ স্থিতিত সমাজ একোখনৰ গড় দক্ষতা তথা শ্রম-তীব্রতা অনুসৰি  যিকোনো ব্যৱহাৰ মূল্য নির্মাণ কৰিবলৈ যিমানখিনি শ্রম সময় প্রয়োজনীয় হয়, তাকেই সামাজিকভাৱে প্রয়োজনীয় শ্রম সময় বোলা যায়’ (Capital, Vol. I, p. 129)একোজন অদক্ষ উৎপাদকে – যি পণ্য নির্মাণত সামাজিকভাৱে প্রয়োজনীয় শ্রমতকৈ অধিক শ্রম ব্যয় কৰে, তেওঁ বজাৰত ঘাটি খাব লগা হয়। তেওঁৰ অতিৰিক্ত শ্রম খিনিৰ বাবে তেওঁ কোনো অতিৰিক্ত দাম লাভ নকৰেঅর্থাৎ কেৱল সামাজিকভাৱে প্রয়োজনীয় শ্রমকহে সামাজিক শ্রম বুলিব পাৰি 

অর্থাৎ বিমূর্ত সামাজিক শ্রম  কোনো ধাৰণা মাত্র নহয়, যাৰ অস্তিত্ব মাথো আমাৰ মগজুত লুকাই আছে। বৰঞ্চ বাস্তৱ জগতখনতো তাৰ অস্তিত্ব আছে। ই মানৱ জীৱন প্রভূতভাৱে প্রভাৱিত কৰেউৎপাদকসকলে  ‘উৎপাদনৰ সাধাৰণ স্থিতি’ লাভ কৰিবলৈ সক্ষম নহলে ব্যৱসায়ৰ পৰাই খেদা খোৱাৰ সম্ভাৱনা আছে।

কেৱল সেয়াই নহয়। ব্যক্তিগত উপযোগী শ্রম তেতিয়াহে সামাজিক শ্রমলৈ পৰিণত হয়, যেতিয়া ই তাৰ সামগ্রীবিধ বজাৰত বেচিবলৈ সক্ষম হয়। কিন্তু বিনিময় সম্ভৱ হবলৈ হলে প্রতিটো পণ্যতে কিমান সামাজিকভাৱে প্রয়োজনীয় শ্রম লুকাই আছে, তাৰ কিছু হিচাপ প্রয়োজনীয় হব। এই হিচাপ সামাজিকভাৱে কৰাটো সম্ভৱপৰ নহয় কিয়নো পুঁজিবাদৰ অধীনত উৎপাদকসকলে কেৱল নিজ উৎপাদিত সামগ্রীসমূহৰ বিনিময়ৰ যোগেদিহে ইজনে সিজনৰ সংস্পর্শলৈ আহে।

এনে স্থিতিত কোনো এবিধ পণ্যই সার্বজনীন সমমূল্য(universal equivalent)ৰ ৰূপ লব লাগিব, যাৰ বিপৰীতে আন আন পণ্যসমূহৰ মূল্য হিচাপ কৰিব পৰা যাব।  যেতিয়া কোনো বিশেষ পণ্যই সার্বজনীন সমমূল্যৰ ৰূপ ধাৰণ কৰে, তেতিয়া তাক টকা বোলা হয়। মার্ক্সৰ ভাষাত, ‘টকাৰ ৰূপত পণ্যবিধৰ উপস্থাপনৰ অর্থ হৈছে...পণ্য মূল্যৰ বিভিন্ন আয়তনসমূহ...এতিয়া একেটা  ৰূপত প্রতিফলিত হব, যি হব  সামাজিক শ্রমৰো মূর্তমান ৰূপ’ (Theories of Surplus Value, Vol. 3, p. 130)

অর্থাৎ পুঁজিবাদ হৈছে এনে এটা আর্থিক ব্যৱস্থা য’ত উৎপাদক একোজনে তেওঁৰ সামগ্রীবিধে কোনো সামাজিক প্রয়োজন পূর্ণ কৰিব পাৰিবনে নাই – সেয়া আগতীয়াকৈ গম পাব নোৱাৰেবজাৰৰ সেই সামগ্রীবিধক পণ্যৰ ৰূপত বিক্রি কৰিবলৈ চেষ্টা কৰিলেহে তেওঁ তাৰ উত্তৰ পাব পাৰিব। বজাৰ দখল কৰিবলৈ বিভিন্ন উৎপাদকৰ মাজত প্রতিযোগিতাৰ সৃষ্টি হয়, প্রতিজন উৎপাদকেই  তেওঁৰ সামগ্রীবিধ সস্তাত বেচিবলৈ চেষ্টা কৰেফলস্বৰূপে   বিভিন্ন শ্রম এবিধ সমৰূপী মাপকলৈ সংকোচিত হৈ পৰে, যাৰ নাম হৈছে বিমূর্ত শ্রম। টকাৰ ৰূপত এই বিমূর্ত শ্রম প্রকাশ্যমান হয়য’ত পণ্যৰ  যোগান চাহিদাতকৈ বেছি হয়, তাত পণ্যৰ দাম নিম্নগামী হৈ পৰে আৰু ফলত উৎপাদকসকলেও নতুন কোনো লাভদায়ক কার্যকলাপলৈ ধাপলি মেলে। এনেদৰে পৰোক্ষভাৱে উৎপাদনৰ বিভিন্ন বিভাগত  সামাজিত শ্রমৰ বিতৰন ঘটে।

আন কথাত, মূল্য বিষয়ক মার্ক্সৰ বিশ্লেষণসমূহে পুঁজিবাদৰ কেতবোৰ বিশেষ বৈশিষ্ট্য বুজাৰ ক্ষেত্রত সহায় কৰেমার্ক্সে মূল্য তত্ত্বৰ দ্বাৰা বুর্জোৱা উৎপাদন সম্পর্কসমূহৰ প্রকৃত আভ্যন্তৰীণ কর্মপদ্ধতিসমূহ বুজিবলৈ চেষ্টা কৰিছিল। ‘মূল্যৰ ৰূপত পণ্যসমূহ হৈছে বিভিন্ন সামাজিক আয়তন...উৎপাদনী কার্যকলাপৰ জৰিয়তে মানুহৰ মাজৰ গঢ়ি উঠা বিশেষ সম্পর্ক...[কিন্তু] য’ত শ্রমৰ ৰূপ সমূহীয়া, তাত সামাজিক উৎপাদনৰ ক্ষেত্রখনত মানুহৰ আন্তঃসম্পর্কসমূহে  বস্তুৰ মূল্য হিচাপে ধৰা নিদিয়ে’ (Theories of Surplus Value, Vol. 3, p. 129)

পুঁজি গ্রন্থখনৰ প্রথম খণ্ডটো প্রকাশিত হোৱাৰ সময়ৰে পৰাই বুর্জোৱা অর্থনীতিবিদসকলে অভিযোগ কৰি আহিছে যে মার্ক্সে তেওঁৰ মূল্য তত্ত্ব প্রমাণিত নকৰিলে।  কেনেকৈ পণ্যসমূহৰ বিনিময় সিবিলাকত লুকাই থকা সামাজিকভাৱে প্রয়োজনীয় শ্রম সময় অনুসৰি হয়, সেয়া মার্ক্সে কেতিয়াও প্রমাণ কৰি নেদেখুৱালে। আজি পর্যন্ত এই অভিযোগ শুনা পোৱা যায়। মার্ক্সে তেওঁৰ সমালোচকসকলক উদ্দেশ্যি এনেদৰে লিখিছেঃ

বপুৰা মহাশয়সকলে মনেই নকৰে যে মোৰ গ্রন্থখনিত মূল্য বিষয়ক কোনো অধ্যায় নথকা হলেও  প্রকৃত সম্পর্কসমূহ সম্পর্কে মই যি বিশ্লেষণ আগবঢ়াইছোঁ – সিবিলাকেই বাস্তৱ মূল্য সম্পর্কসমূহৰ অস্তিত্ব প্রদর্শন তথা প্রমাণিত কৰিলেহেতেন।... কেনেকৈ মূল্য নীতিয়ে নিজকে জাহিৰ কৰে, সেয়া বিশ্লেষণ কৰাৰ মাজতেই বিজ্ঞান লুকাই আছে। কোনোবাই যদি প্রথমতেই তত্ত্বৰ বিপৰীতে যোৱা যেন লগা সকলো পৰিঘটনাকে বিশ্লেষণ কৰিবলৈ  বিচাৰে, তেওঁ বিজ্ঞানৰ পূর্বেই বিজ্ঞানক উপস্থাপন কৰিব লাগিব। (Selected Correspondence, p. 209-210).

সমগ্র পুঁজি গ্রন্থখনেই হৈছে মূল্য শ্রম তত্ত্বৰ প্রমাণ। মার্ক্সৰ মতে ‘বিমূর্তৰ পৰা মূর্তমানলৈ যাত্রা’ – এয়াই হৈছে শুদ্ধ বৈজ্ঞানিক পদ্ধতি। সেয়েহে তেওঁ অতিশয় বিমূর্ত ৰূপত  মূল্য শ্রম তত্ত্বৰ পৰা আৰম্ভ কৰেপিছে এয়া বিশ্লেষণৰ আৰম্ভণিহে। ক্রমাগতভাবে, লাহে লাহে, এখোজ দুখোজকৈ আগবাঢ়ি মার্ক্সে দর্শাইছে যে পুঁজিবাদী অর্থনীতিৰ জটিল তথা বিশৃংখল আচৰণ মূল্য শ্রম তত্ত্বৰ ভিত্তিতহে বুজিব পৰা যাব।

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...