Wednesday, June 24, 2015

কার্ল মার্ক্সৰ বিপ্লৱী চিন্তাধাৰাঃ ষষ্ঠ অধ্যায়: 'পুঁজিবাদ' (দ্বিতীয় অংশ)

Original: 'Revolutionary Ideas of Karl Marx' by Alex Callinicos
Translation: Mayur Chetia
২) উদ্বৃত্ত মূল্য আৰু শোষণ
পুঁজিবাদী উৎপাদন ব্যৱস্থা একোটাত দুই ধৰণৰ পৃথকীকৰণ(separation) দেখা যায়ঃ ইয়াৰে প্রথমটো
অর্থাৎ উৎপাদন ইউনিটসমূহৰ পৃথকীকৰণ সম্পর্কে আমি ইতিমধ্যেই আলোচনা কৰিছোঁ; পুঁজিবাদী ব্যৱস্থাটোৰ অধীনত উৎপাদকসকল ইজন সিজনৰ পৰা পৃথক, পৰস্পৰ-নির্ভৰশীল, তথা প্রতিদ্বন্দ্বী উৎপাদকলৈ পৰিণত হয়। পিছে প্রতিটো উৎপাদন ইউনিটৰ মাজতে আকৌ আন এটা গুৰুত্বপূর্ণ বিভাজন থাকেঃ  এফালে উৎপাদন সমলৰ মালিকসকল তথা আনফালে প্রত্যক্ষ উৎপাদকসকল – অর্থাৎ এফালে পুঁজিপতিসকল আৰু আনফালে মজুৰী শ্রমিকসকল।

পুঁজিবাদৰ অবিহনেও পণ্যৰ অস্তিত্ব থাকিব পাৰেটকা আৰু বাণিজ্যৰ উপস্থিতি প্রাক-পুঁজিবাদী সমাজসমূহতো দেখিবলৈ পোৱা যায়। পিছে এনে সমাজসমূহত পণ্যৰ বিনিময় মূলতঃ ব্যৱহাৰ মূল্য লাভ কৰিবলৈকে কৰা হৈছিল। অর্থাৎ এটা পণ্যৰ বিনিময় আন এটা পণ্য লাভ কৰিবলৈকে কৰা হৈছিল। এই সমাজসমূহত পণ্য প্রবাহ (commodity circulation) ৰ ৰূপ আছিল এনেধৰণৰ – C-M-C (Commodity-Money-Commodity) অর্থাৎ পণ্য-টকা-পণ্য। প্রতিজন উৎপাদকেই নিজৰ পণ্য বজাৰলৈ লৈ গৈছিল আৰু তাৰ বিনিময়ত টকা লাভ কৰিছিল। এই টকাৰে তেওঁ নিজৰ ব্যৱহাৰৰ বাবে আন কোনো পণ্য ক্রয় কৰিছিল। অর্থাৎ টকাই  মাথো লেন-দেনৰ  মাধ্যম হিচাপে ক্রিয়া কৰিছিল। পণ্য আছিল মূল; টকা আছিল গৌণ।


পিছে য’ত পুঁজিবাদী উৎপাদন সম্পর্কসমূহে প্রভুত্ব লাভ কৰিছে, তাত পণ্যৰ প্রবাহে এক জটিল ৰূপ ধাৰণ কৰে; সেয়া হৈছে – M-C-M´ (Money-Commodity-Money) অর্থাৎ টকা-পণ্য-টকা।  টকাৰ প্রয়োগ পণ্য উৎপাদনৰ বাবে কৰা হয় আৰু পাছলৈ সিবিলাকৰ বিক্রয়ৰ যোগেদি অধিক টকা উপার্জন কৰা হয়।

মন কৰকঃ এই দ্বিতীয়টো M´ - অর্থাৎ পণ্য বিক্রয় কৰাৰ পাছত পুঁজিপতিৰ হাতত থাকি যোৱা টকাখিনি তেওঁ প্রথমতে বিনিয়োগ কৰা টকাখিনিতকৈ(অর্থাৎ Mতকৈ) অধিক। এই অতিৰিক্ত টকাখিনিকেই, অর্থাৎ এই মুনাফাখিনিকেই মার্ক্সে অতিৰিক্ত মূল্য বা ‘উদ্বৃত্ত মূল্য’ নাম দিছে। এই উদ্বৃত্তখিনি কৰ পৰা সৃষ্টি হ’ল?

ৰিকার্ডোৱে এই প্রশ্নটোৰ এক স্পষ্ট উত্তৰ দিবলৈ চেষ্টা কৰিছিল। তেওঁ সঠিকভাৱেই আঙুলিয়াই দিছিল যে  শ্রমেই মূল্য সৃষ্টি কৰে; এই শ্রম  সৃষ্ট মূল্যক  মজুৰী আৰু মুনাফা – এইদৰে দুই ভাগত ভগোৱা হয়। অর্থাৎ শ্রমেই হৈছে উদ্বৃত্ত মূল্যৰো উৎস। পিছে এইখিনিতে ৰিকার্ডোৰ গণ্ডগোল লাগিল। এফালে তেওঁ কলে যে শ্রমেই মূল্য সৃষ্টি কৰে; আনফালে আকৌ তেওঁ এইবুলিও কলে যে মজুৰী হৈছে শ্রমৰ মূল্য।  এয়া কেনেদৰে সম্ভৱ? শ্রমে যদি সকলো মূল্য সৃষ্টি কৰে, তেনেহলে সকলো মূল্যয়েই শ্রমিকৰ প্রাপ্য হোৱা উচিত। পিছে শ্রমিকে দেখোন মাথো মজুৰীহে লাভ কৰে; মূল্যৰ আন এভাগ – মুনাফা - দেখোন পুঁজিপতিৰ হাতলৈহে গুচি যায়? অর্থাৎ মজুৰী আৰু মুনাফা – দুয়োটায়েই শ্রমৰ মূল্য হব লাগিছিল দেখোন! কিন্তু অলপ আগেয়ে তেওঁ এইবুলিহে কলে যে শ্রমৰ মূল্য হৈছে মাথো মজুৰী?

এইখিনিতে মার্ক্সে স্পষ্টীকৰণ দি কলে যে আচলতে শ্রমিকে মালিকক শ্রম বিক্রয় নকৰে; তেওঁ ‘শ্রম শক্তি’ অর্থাৎ শ্রম কৰিব পৰা ক্ষমতাহে বিক্রয় কৰেমজুৰী শ্রমৰ মূল্য নহয়; বৰঞ্চ ই শ্রম শক্তিৰহে মূল্য।

আন আন পণ্যৰ দৰেই শ্রম শক্তিও হৈছে এবিধ পণ্য আৰু সিবিলাকৰ দৰেই ইয়াৰো একোটাহঁত বিনিময় মূল্য তথা ব্যৱহাৰ মূল্য থাকে। শ্রম শক্তিৰ বিনিময় মূল্য হৈছে –শ্রমিকজনক কাইলৈ পুণৰ কাম কৰিব পৰাকৈ জীয়াই ৰাখোঁতে খৰছ হোৱা সামাজিকভাবে প্রয়োজনীয় শ্রম সময় বা সেই অনুপাতৰ সা-সামগ্রীখিনি; বা টকাৰ ৰূপত - মজুৰী মার্ক্সে লিখিছে, ‘আন আন পণ্যৰ দৰেই শ্রম শক্তিৰ মূল্যও চার্কুলেচন প্রক্রিয়াত সোমোৱাৰ আগতেই নির্ধাৰিত হয়। কিয়নো এই পণ্যবিধৰ উৎপাদনৰ বাবে নির্দিষ্ট পৰিমাণৰ সামাজিক শ্রম ইতিমধ্যেই খৰছ কৰা হৈ গৈছে [শ্রমিকজনক ইতিমধ্যেই মজুৰী দিয়া হৈছে বা মজুৰী নির্ধাৰিত কৰা হৈ গৈছে] পিছে এই পণ্য বিধৰ ব্যৱহাৰ মূল্য তাক প্রয়োগ কৰাৰ দ্বাৰাহে পাব পৰা যায়’ (Capital, Vol. 1, p. 277)

অর্থাৎ এফালে শ্রম শক্তিৰ বিনিময় মূল্য হৈছে মজুৰী; আনফালে তাৰ ব্যৱহাৰ মূল্য হৈছে স্বয়ং শ্রম। শ্রম শক্তি কিনি লোৱাৰ লগে লগেই, অর্থাৎ শ্রমিকজনক নিযুক্ত কৰাৰ লগেই লগেই তেওঁক শ্রম কৰিবলৈ লগাই দিয়া হয়। এনেদৰেই পুঁজিপতিজনে শ্রম শক্তিৰ ব্যৱহাৰ মূল্যখিনি লাভ কৰে

পিছে শ্রম শক্তি হৈছে এক বিশেষ প্রকাৰৰ পণ্য; কিয়নো ইয়াৰ ব্যৱহাৰ মূল্য – অর্থাৎ শ্রম হৈছে সকলো মূল্যৰেই উৎস! এই বিশেষ গুণটোৰ বাবেই শ্রম শক্তিয়ে নিজা বিনিময় মূল্যতকৈ অধিক মূল্য উৎপাদন কৰিব পাৰেআন কথাত, শ্রমিক একোজনক এদিনত যিমানখিনি মজুৰী দিয়া হয়, তাতোকৈ বহু অধিক পৰিমাণৰ মূল্য তেওঁ দিনটোত উৎপাদন কৰিব পাৰে  মার্ক্সৰ ভাষাত, ‘পুঁজিপতিৰ বাবে নির্ণায়ক কথাটো হৈছেঃ তেওঁৰ হাতত এনে এবিধ ব্যৱহাৰ মূল্য থকা পণ্য  আহি পৰিছে, যি সকলো মূল্যৰে উৎস হোৱাৰ লগতে নিজতকৈও অধিক মূল্য সৃষ্টি কৰিব পাৰে’ (Capital, Vol. 1, pp. 300-301)

উদাহৰণস্বৰূপে, ধৰক এটা ফেক্টৰীত শ্রমিকসকলক আঠ ঘণ্টা কামত লগোৱা হয়। প্রথম দুই ঘণ্টাতে শ্রমিক একোজনে নিজৰ শ্রম শক্তিৰ মূল্য (মালিকে দিয়া মজুৰী)ৰ সমান মূল্য উৎপাদন কৰেপাছৰ ৬ ঘণ্টাত উৎপন্ন হোৱা মূল্যখিনি মালিকে কোনো দাম নিদিয়াকৈয়ে পকেটস্থ কৰেঅর্থাৎ উদ্বৃত্ত মূল্য বা মুনাফা আন একো নহয়;  পুঁজিবাদী উৎপাদন ব্যৱস্থাত উদ্বৃত্ত শ্রমে গ্রহণ কৰা ৰূপ মাত্র।

শ্রম শক্তিৰ ক্রয়-বিক্রয় বিষয়ক এনে বিশ্লেষণৰ দ্বাৰাই মার্ক্সে উদ্বৃত্ত মূল্যৰ উৎস বিচাৰি পাবলৈ সক্ষম হৈছিল। পুঁজিৰ দ্বাৰা শ্রমিকৰ শোষণৰ মাজতেই যে উদ্বৃত্ত মূল্যৰ ৰহস্য লুকাই আছে, ই যে কোনো প্রাকৃতিক, অৱশ্যম্ভৱী প্রক্রিয়া নহয় – সেয়া মার্ক্সে প্রমাণ কৰিলে।

ইয়াৰ তাৎপর্য আছিল সুদূৰ প্রসাৰী আমাৰ সহজাত ধাৰণা যে পুঁজিপতিয়ে শ্রমিকক তেওঁৰ প্রাপ্য মজুৰীতকৈ কম মজুৰী দিয়ে। এইখিনিতেই শোষণ লুকাই আছে। পিছে মার্ক্সে দর্শালে যে শ্রম শক্তিৰ সম্পূর্ণ মূল্য আদায় কৰিলেও শোষণ উপস্থিত থাকিব। পুঁজিপতিয়ে যদি কোনো চলনা নকৰেও, যদি তেওঁ শ্রমিকক আইন অনুসৰি নির্ধাৰিত যথোচিত মজুৰী প্রদান কৰেও,  তথাপি শোষণৰ প্রক্রিয়াটো অদৃশ্য হৈ গল বুলি কব নোৱাৰিধ্রুপদী বুর্জোৱা অর্থনীতিবিদৰ মতে সকলো পণ্য সিবিলাকৰ মূল্যত বিনিময় হয়। যদি এনে নহয়, তেতিয়া তাক অসংগত বা অন্যায় বুলি কব পাৰিকিন্তু মার্ক্সে দর্শালে যে শ্রম শক্তিক যদি তাৰ প্রকৃত মূল্যতে বিক্রয় কৰা হয়, তথাপিও তাৰ আঁৰত লুকাই থকা অসমতাৰ সাৰমর্মটো থাকি যাব। কিয়নো শ্রম শক্তি বোলা এই পণ্যটোৰ যে এক বিশেষ বিশেষত্ব আছে! সি যে তাৰ বিনিময় মূল্যতকৈ অধিক মূল্য সৃষ্টি কৰিব পাৰে! বুর্জোৱা অর্থনীতিবিদ তথা আইনে ঠিক এই কথাটোকে ধৰিব নোৱাৰে

আন কথাত শোষণ কোনো অস্বাভাৱিক স্থিতি নহয়, বৰঞ্চ শোষণ হৈছে পুঁজিবাদৰ এক স্বাভাৱিক অৱস্থা। সকলো আইন কানুন সম্পূর্ণভাৱে মানি চলিলেও শোষণৰ প্রক্রিয়াটো অব্যাহত হৈ থাকিব। শ্রম শক্তিৰ ক্রয়ৰ বিনিময়ত মালিকে শ্রমিকৰ দ্বাৰা অধিকতকৈ অধিক মূল্য – অর্থাৎ উদ্বৃত্ত মূল্য সৃষ্টি কৰোৱায়েই থাকিব। এই অসাম্য, এই শোষণৰ কাৰণ লুকাই আছে শ্রম শক্তিৰ মূল্য তথা শ্রম শক্তিয়ে সৃষ্টি কৰা মূল্যৰ পার্থক্যৰ মাজত।

শ্রম শক্তিৰ ক্রয়-বিক্রয় আকৌ কেতবোৰ বিশেষ পৰিস্থিতিৰ অধীনতহে সম্ভৱপৰ হয়। তাৰ বাবে প্রথমতে শ্রমিকজনক উৎপাদন সমলৰ পৰা বঞ্চিত/পৃথক কৰিব লাগিব যাতে শ্রমিকজন দ্বৈত অর্থত মুক্ত হৈ পৰেঃ ‘এফালে এজন স্বাধীন ব্যক্তি হিচাপে তেওঁ নিজৰ শ্রম শক্তি নামৰ পণ্যবিধ কাক বেচিব- সেই লৈ স্বাধীন আৰু আনফালে তেওঁৰ শ্রম শক্তি প্রয়োগৰ বাবে প্রয়োজনীয় সকলো পণ্যৰ পৰা স্বাধীন’ (Capital, Vol. 1,pp. 272-273)সহজ ভাষাত কবলৈ গলে – উৎপাদনৰ সকলো সমলৰ পৰা শ্রমিকজনক বঞ্চিত কৰিব লাগিব যাতে জীৱিকাৰ বাবে তেওঁ মজুৰীৰ বিনিময়ত কাম কৰিবলৈ বাধ্য হৈ পৰে

পুঁজি আৰু মজুৰী শ্রমৰ মাজত বিনিময় সম্ভৱপৰ হবলৈ হলে ‘আগেয়ে উৎপাদনৰ উপাদানসমূহ এক বিশেষ  ধৰণে বণ্টিত হ’ব লাগিব – অর্থাৎ এফালে বস্তুগত শক্তিসমূহ আৰু আনফালে শ্রম শক্তি – থুপ খাব লাগিব’ (Capital, Vol. 2, p. 33)

পুঁজি গ্রন্থখনিৰ প্রথম খণ্ডটোৰ অষ্টম অধ্যায়ত মার্ক্সে দর্শাইছে যে কেনেদৰে এই ‘বিতৰণ’ এক বিশেষ ঐতিহাসিক প্রক্রিয়াৰ মাজেৰেহে সম্ভৱপৰ হৈছিল; কেনেদৰে এফালে কৃষকৰ পৰা মাটিসমূহ কাঢ়ি লোৱা হৈছিল, আৰু কেনেদৰে উৎপাদনৰ সমলসমূহ এটা বিশেষ শ্রেণীৰ একাধিপত্যলৈ পৰিণত হৈছিল – যাৰ লক্ষ্য আছিল অধিকতকৈ অধিক মুনাফা হাছিল কৰা

এনেকৈয়ে এফালে সকলো নাগৰিকৰে আপাত ৰাজনৈতিক সমতা আৰু আনফালে শ্রেণী শোষণ ভিত্তিক প্রকৃত অসমতা – এই বৈসাদৃশ্যৰ অর্থ মার্ক্সে বিশ্লেষণ কৰিবলৈ সক্ষম হৈছিল। পুঁজি আৰু মজুৰী শ্রমৰ বিনিময় হৈছে দুই সমমূল্যৰ মাজত স্থাপন হোৱা বিনিময়। শ্রমিক আৰু পুঁজিপতি – দুয়োজনেই হৈছে পণ্যৰ মালিকঃ এজনৰ ওচৰত শ্রম শক্তি আছে, আনজনৰ ওচৰত আছে টকা। শ্রম শক্তিৰ প্রকৃত মূল্য আদায় কৰিয়েই পুঁজিপতিয়ে উৎপাদন প্রক্রিয়াটো আৰম্ভ কৰেএনেস্থলত শোষণৰ কথা আহিলেই বা কেনেকৈ!!

সেয়েহে মার্ক্সে লিখিছে যে যেতিয়ালৈকে আমি পণ্য প্রবাহ(commodity circulation)ৰ পৰিধিটোৰ মাজতেই সোমাই থাকিম, যেতিয়ালৈকে আমাৰ দৃষ্টি কেৱল বজাৰৰ ওপৰতে থাকিব – য’ত সকলোৱেই হৈছে পণ্যৰ মালিক আৰু  য’ত সকলোৱেই নিজ স্বার্থ সিদ্ধিৰ বাবে কাম কৰে – তেতিয়ালৈকে আমি শোষণৰ প্রক্রিয়াটোও লক্ষ্য কৰিব নোৱাৰিম। তাৰ বিপৰীতে, যেতিয়া আমি উৎপাদনৰ গোপন ক্ষেত্রখনত ভৰি দিম, য’ৰ প্রবেশদ্বাৰতেই লিখা থাকে ‘অনাধিকৃত প্রবেশ নিষেধ’ (Capital, Vol. 1, pp. 279-280) তেতিয়াহে আমি শোষণৰ প্রক্রিয়াটো বুজিবলৈ সক্ষম হম। শোষণ এইকাৰণেই সম্ভৱপৰ হয় – কিয়নো শ্রমিকে বিক্রী কৰা পণ্যবিধৰ অর্থাৎ শ্রম শক্তিৰ এক বিশেষ বৈশিষ্ট্য আছে; ই নিজৰ মূল্যতকৈ বেছি মূল্য সৃষ্টি কৰিব পাৰেআন কথাত কবলৈ গলে – শ্রম শক্তিৰ ব্যৱহাৰ মূল্য হৈছে স্বয়ং শ্রম – যি মূল্য তথা উদ্বৃত্ত মূল্যৰ উৎস। উৎপাদনৰ প্রক্রিয়াটোত এই শ্রম শক্তিকেই কামত খটুওৱা হয়।

উৎপাদনৰ প্রক্রিয়াটো বুজাৰ আগেয়ে পুঁজি মানে আমি কি বুজাব খুজিছোঁ – এই বিষয়ে কিছু স্পষ্ট ধাৰণা বিকশিত কৰি লোৱাটো উচিত হব। সাধাৰণভাৱে কবলৈ গলে – পুঁজি হৈছে মূল্যৰ সঞ্চয়ন (accumulation of value) - যি সর্বদা নতুন মূল্য সৃষ্টি কৰি থাকিব বিচাৰে; যি সর্বদা অধিকতকৈ অধিক মূল্য সঞ্চয়নৰ বাবে ক্রিয়াশীল হৈ থাকে। চাবলৈ গলে পুঁজিবাদৰ বহু আগেয়েও ধনী মানুহে দাস তথা কৃষকৰ উদ্বৃত্ত আত্মসাৎ কৰি সম্পদৰ বিশাল পাহাৰ নির্মাণ কৰিছিল। কিন্তু এনে সম্পদৰ ব্যৱহাৰ মূলতঃ উপভোগৰ বাবেই কৰা হৈছিল, যাতে মহাশয়সকলে এক বিলাসী জীৱন যাপন কৰিব পাৰে  পুঁজিৰ দৰেই এনে সম্পদৰো উৎস আছিল শ্রমজীৱি জনগণ সৃষ্ট উদ্বৃত্ত। পিছে এনে সম্পদক পুঁজি বুলিব নোৱাৰি কিয়নো সিবিলাকক পুণৰ অধিকতকৈ অধিক সম্পদ সৃষ্টি কৰাৰ বাবে, অধিকতকৈ অধিক সম্পদ সঞ্চয়ন কৰাৰ বাবে ব্যৱহাৰ কৰা হোৱা নাছিল। উদাহৰণস্বৰূপে - আগৰ কালত একোজন জমিদাৰে কৃষকৰ উদ্বৃত্ত হস্তগত কৰি আটাইখিনিয়েই বিলাসী বস্তু ক্রয় কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিছিল। অহাবছৰ পুণৰ নতুনকৈ উদ্বৃত্ত হস্তগত কৰা হৈছিল আৰু পুণৰ বিলাসী বস্তু ক্রয় কৰা হৈছিল।  পিছে পুঁজিপতি একোজনে মুনাফা অর্জন কৰিবলৈ অহোপুৰুষার্থ কৰিবই লাগিব। তেওঁ যদি শ্রমিকৰ উদ্বৃত্ত হস্তগত কৰি লাভ কৰা মুনাফাখিনি কেৱল বিলাসী বস্তু ক্রয় কৰোঁতেই উৰাই দিয়ে, তেনেহলে অহাবাৰলৈ তেওঁ কেনেদৰে উৎপাদনৰ কাম সমাপন কৰিব? শ্রম শক্তি, কেঁচা মাল আদি কিনিবলৈ তেওঁ কৰ পৰা টকা পাব? পাছলৈ আমি দেখিম যে ইয়াৰ লগতে অন্যান্য পুঁজিপতিৰ সতে হোৱা প্রতিযোগিতাৰ কথাও আছে। সেয়েহে পুঁজিপতিয়ে সদায়েই অধিকতকৈ অধিক মুনাফাৰ ধাণ্ডাত থাকিব লগা হয়; অধিকতকৈ অধিক সম্পদ/টকা আহৰণ কৰিবলৈ চেষ্টা কৰি থাকিব লগা হয়  ই কোনো পুঁজিপতিবিশেষৰ দোষ বা লোভৰ কাৰণে নহয়; বৰঞ্চ ব্যৱস্থাটোৱেই এনেকুৱা যে অধিকতকৈ অধিক মুনাফাৰ ধাণ্ডা নকৰিলে পুঁজিপতি একোজনে হয়তো লোকচানেই ভৰিব লগা হব! 

সম্পদৰ সঞ্চয়নে কেতিয়া পুঁজিৰ ৰূপত কাম কৰিবলৈ আৰম্ভ কৰে? ঠিক তেতিয়াই, যেতিয়া  M-C-M´সূত্রটো কার্যশীল হৈ পৰেঅর্থাৎ যেতিয়া টকা প্রয়োগ কৰি পণ্য ক্রয় বা নির্মাণ কৰা হয় আৰু পাছত সেই পণ্য বিক্রয় কৰি অধিক টকা আর্জন কৰা হয়। প্রথমতে এনেধৰণৰ লেনদেন কেৱল বেপাৰীসকলেই কৰিছিল। ধৰক তেওঁলোকে প্রাচ্যৰ দেশসমূহৰ পৰা পশ্চিমলৈ মছলা লৈ গৈছিল য’ত এই মছলা মাংস সংৰক্ষণৰ কামত ব্যৱহাৰ কৰা হৈছিল। প্রাচ্যত কম দামতে মছলা ক্রয় কৰা হৈছিল আৰু পশ্চিমত অধিক দামত সিবিলাকক বিক্রয় কৰা হৈছিল। পিছে পুঁজিবাদৰ মূল স্বৰূপটো তেতিয়াহে অস্তিত্বলৈ আহিল যেতিয়া শ্রম শক্তিও বজাৰত বেছিব তথা কিনিব পৰা পণ্যলৈ পৰিণত হল। এই মজুৰী শ্রমেই পুঁজিবাদী উৎপাদন সম্পর্কসমূহক সংজ্ঞায়িত কৰে

অর্থাৎ দুটা প্রশ্নৰ দ্বাৰা পুঁজিক সংজ্ঞায়িত কৰিব পাৰিঃ ‘ই কি আৰু ই কেনেকৈ ক্রিয়া কৰে?’ পুঁজি হৈছে  শ্রমে উৎপাদন কৰা উদ্বৃত্ত মূল্যৰ সঞ্চয়ন, এই সঞ্চয়নে বিভিন্ন ৰূপ ধাৰণ কৰিব পাৰে – যেনে টকা, পণ্য বা উৎপাদন সমল। সাধাৰণতে এই তিনিওটা ৰূপৰেই সমাহাৰ দেখিবলৈ পোৱা যায়। পুঁজিৰ কামেই হৈছে অধিকতকৈ অধিক সঞ্চয়ন কৰাঃ মার্ক্সৰ ভাষাত ই হৈছে ‘মূল্যৰ স্ব- সম্প্রসাৰণ’। 

কেৱল ব্যক্তি বিশেষ বা পুঁজিপতি বিশেষৰ প্রতি আঙুলিয়াই দিয়েই পুঁজিক চিনাক্ত কৰিব পৰা নাযাব। পুঁজিবাদৰ প্রাৰম্ভিক পর্যায়টোত ধনীক লোকসকলে নিশ্চিতভাৱে এটা নির্ণায়ক ভূমিকা পালন কৰিছিল, পিছে আজিও স্থিতি একেই হৈ ৰোৱা বুলি কব নোৱাৰিপুঁজিবাদৰ বৈশিষ্টই হৈছে যে ই এক জীৱন্ত প্রাণী যেন ৰূপ ধাৰণ কৰেপুঁজিবাদৰ কেতবোৰ স্বতন্তৰীয়া আর্থিক লজিক আছে যিবোৰক কেৱল কোনো ব্যক্তিৰ প্রসংগ টানি বুজিব নোৱাৰিপুঁজিৰ একোটা ইউনিটৰ আকাৰ ভিন ভিন হব পাৰেঃ যেনে এটা সৰু কোম্পানী, এটা বৃহৎ বহুজাতিক নিগম, এটা বিত্তীয় অনুষ্ঠান ইত্যাদি।

পুঁজিবাদী উৎপাদন প্রক্রিয়াৰ বিশেষ চৰিত্রটো বুজিবলৈ মার্ক্সে কেতবোৰ নতুন ধাৰণা বিকশিত কৰি লৈছিল। যোৱা অধ্যায়টোত আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ যে যিকোনো শ্রম প্রক্রিয়াৰ দুটা মূল উপাদান থাকেঃ শ্রম শক্তি তথা উৎপাদন সমল। পুঁজিবাদী উৎপাদন প্রক্রিয়াৰ অধীনত দুয়োটাই পুঁজিৰ ৰূপ ধাৰণ কৰেশ্রম শক্তি তথা উৎপাদন সমল কিনিবলৈ পুঁজিপতিজনে প্রথমে কিছু টকা বিনিয়োগ  কৰিব লগা হয়; তেহে পাছলৈ তেওঁ অধিক টকা আর্জন  কৰিব পাৰিব। শ্রম শক্তি কিনিবলৈ ব্যৱহাৰ কৰা টকাখিনিক মার্ক্সে অস্থায়ী পুঁজি(variable capital) নাম দিছে। আনহাতে যন্ত্র পাঁতি, কেঁচা মাল আদি  উৎপাদন সমল ক্রয় কৰিবলৈ ব্যৱহাৰ কৰা টকাখিনিক মার্ক্সে স্থায়ী পুঁজি(constant capital) নাম দিছে।  

মূল্যৰ শ্রম তত্ত্বলৈ চালেই এনে নামকৰণৰ তাৎপর্য বুজিব পাৰিঅস্থায়ী পুঁজিৰ মূল্য কম বা বেছি হব পাৰে কিয়নো এইখিনি টকা যে শ্রম শক্তি ক্রয় কৰিবলৈ ব্যৱহাৰ কৰা হয়; স্মৰণ কৰক যে শ্রম শক্তিয়েই হৈছে মূল্যৰ উৎস। উদাহৰণস্বৰূপে,পুঁজিপতি একোজনে যদি একে মজুৰীতে শ্রমিকসকলক অধিক বেগত বা অধিক সময় কাম কৰিবলৈ বাধ্য কৰাব পাৰে, তেনেহলে তেওঁৰ লাভ কৰা উদ্বৃত্ত মূল্যৰ পৰিমাণো অধিক হৈ পৰিব। আনহাতে শ্রমিকে কম সময় বা কম বেগত কাম কৰিলে মালিকৰ হাতত পৰা উদ্বৃত্ত কমি আহিব। অর্থাৎ টকা সমানেই বিনিয়োগ কৰা হৈছে; কিন্তু তাৰ দ্বাৰা লাভ কৰা উদ্বৃত্তৰ পৰিমাণ কেতিয়াবা বেছি তথা কেতিয়াবা কম হৈছে। সেয়েহে মজুৰী দিবলৈ ব্যৱহাৰ কৰা টকা/পুঁজিখিনিক অস্থায়ী পুঁজি বোলা হৈছে; ই অস্থায়ী – কিয়নো ইয়াৰ দ্বাৰা লাভ কৰা মূল্যখিনিৰ পৰিমাণ  কম বেছি হব পাৰে

ইয়াৰ বিপৰীতে স্থায়ী পুঁজিৰ মূল্য কিন্তু কম-বেছি নহয়। সিবিলাকৰ মূল্য মাথো নতুন পণ্যবিধলৈ স্থানান্তৰিত হয়।

এইখিনিতে জীৱন্ত শ্রম তথা মৃত শ্রম শীর্ষক ধাৰণা দুটাৰ উল্লেখ কৰিব পাৰিজীৱন্ত শ্রম হৈছে সেইখিনি শ্রম – যিখিনি ‘শ্রম শক্তি’ ক্রয় কৰাৰ পাছত পুঁজিপতিয়ে শ্রমিকৰ পৰা উলিয়াই লয়। এই জীৱন্ত শ্রমেই নতুন উদ্বৃত্ত মূল্য সৃষ্টি কৰিব পাৰেসহজ ভাষাত কবলৈ গলে উৎপাদনৰ চক্র এটাত বর্তমানে কাম কৰি থকা শ্রমিকসকলৰ শ্রমখিনিয়েই হৈছে জীৱন্ত শ্রম।

আনহাতে মৃত শ্রম হৈছে বিভিন্ন উৎপাদন সমল - যেনে যন্ত্রপাতি আদিত সোমাই থকা শ্রম। যিহেতু এসময়ত কোনো শ্রমিকেই এই সমলসমূহ নির্মাণ কৰিছিল, সেয়েহে সিবিলাকতো শ্রম সোমাই আছে বুলি কব পাৰিজীৱন্ত শ্রমৰ বিপৰীতে এই পূর্বৰ শ্রমসমূহক মৃত শ্রম বুলি কোৱা হয়। পণ্য নির্মাণ কৰোঁতে যন্ত্র–পাতিবোৰ ক্ষয় যায়। ঠিক সেই অনুপাততে যন্ত্র–পাতিত সোমাই থকা মৃত শ্রমসমূহ পণ্যৰ বুকুলৈ সোমাই যায়; অর্থাৎ মূল্যৰ স্থানান্তৰণ হয়। উদাহৰণস্বৰূপে, এশ টকাৰ হাতুৰী এটা যদি দুখন টেবুল  নির্মাণ কৰোঁতে সম্পূর্ণভাৱে ক্ষয় যায়, তেতিয়া কোৱা হব যে প্রতিখন টেবুললৈ ৫০ টকাকৈ মূল্য স্থানান্তৰিত হৈছে। 

মার্ক্সে ব্যৱহাৰ কৰা আন এটা ধাৰণা হৈছে উদ্বৃত্ত মূল্যৰ হাৰঃ অর্থাৎ কিমান মজুৰীৰ বিনিময়ত পুঁজিপতিয়ে কিমানখিনি শ্রম আহৰণ কৰিবলৈ সক্ষম হৈছে? যদি  কম মজুৰীৰ বিনিময়তে অত্যাধিক শ্রম আহৰণ কৰা হৈছে, তেতিয়া উদ্বৃত্ত মূল্যৰ হাৰ বেছি হৈছে বুলি কোৱা হব। অর্থাৎ শোষণৰ হাৰ বৃদ্ধি হৈছে। কথাখিনি এনেদৰেও কব পাৰি –

উদ্বৃত্ত মূল্যৰ হাৰ = উদ্বৃত্ত মূল্য তথা অস্থায়ী পুঁজিৰ অনুপাত।

ধৰক প্রয়োজনীয় শ্রম হৈছে চাৰি ঘণ্টা; উদ্বৃত্ত শ্রমো হৈছে চাৰি ঘণ্টা। (প্রয়োজনীয় শ্রম তথা অতিৰিক্ত বা উদ্বৃত্ত শ্রম সম্পর্কে আমি পূর্বৰ অধ্যায়ত উল্লেখ কৰিছিলোঁ। মনত পেলাওঁক যে প্রয়োজনীয় শ্রম হৈছে সেইখিনি সময় যেতিয়া শ্রমিকে মজুৰীৰ বাবদ শ্রম দান কৰে; আনহাতে অতিৰিক্ত শ্রম হৈছে সেইখিনি সময় যেতিয়া কোনো প্রতিদান অবিহনেই শ্রমিকে মালিকৰ বাবে কাম কৰে) তেতিয়া উদ্বৃত্ত মূল্যৰ হাৰ হব – ৪:৪ অর্থাৎ ১০০ শতাংশ।

উদ্বৃত্ত মূল্যৰ হাৰ – অর্থাৎ শোষণৰ হাৰ বৃদ্ধি কৰাৰ দুটা পদ্ধতি আছে। ইয়াৰে প্রথমটো সকলো উৎপাদন প্রণালীতে দেখা পোৱা যায়, আনহাতে দ্বিতীয়টো কেৱল পুঁজিবাদৰ ক্ষেত্রতহে প্রযোজ্য। এই পদ্ধতি দুটা হৈছে ক্রমে চৰম উদ্বৃত্ত মূল্য আহৰণ  তথা আপেক্ষিক উদ্বৃত্ত মূল্য আহৰণশ্রমিকৰ কামৰ সময় বৃদ্ধি কৰি লাভ কৰা উদ্বৃত্তখিনিক চৰম উদ্বৃত্ত মূল্য বোলা হয়। যেনেঃ আগেয়ে শ্রমিকক ৮ ঘণ্টা কাম কৰোৱা হৈছিল য’ত ৪ ঘণ্টা প্রয়োজনীয় শ্রম আছিল আৰু বাকী ৪ ঘণ্টা অতিৰিক্ত শ্রম আছিল। এতিয়া একেই মজুৰীতে অতিৰিক্ত দুই ঘণ্টা যোগ কৰা হল – অর্থাৎ এতিয়া অতিৰিক্ত শ্রম সময় হল ৬ ঘণ্টা। এনে স্থলত উদ্বৃত্ত মূল্যৰ হাৰ হ’বঃ ৪:৪ৰ বিপৰীতে ৬:৪ অর্থাৎ ১০০ৰ বিপৰীতে ১৫০ শতাংশ।

পুঁজি গ্রন্থখনিৰ কেইটামান অবিস্মৰণীয় অধ্যায়ত মার্ক্সে দর্শাইছে যে কেনেদৰে ঔদ্যোগিক বিপ্লৱৰ প্রথমছোৱাত পুঁজিপতিহঁতে যিমান পাৰি সিমান কামৰ ঘণ্টা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল। আনকি কণ কণ ৯ বছৰীয়া শিশুকো লৌহ উদ্যোগৰ শোচনীয় পৰিস্থিতিত দৈনিক ১২ ঘণ্টাকৈ কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল। মার্ক্সে লিখিছে, ‘পুঁজি হৈছে মৃত শ্রম যি ৰক্তপিপাসু ৰাক্ষসৰ দৰেই কেৱল জীৱন্ত শ্রমৰ তেজ শুহিহে জীয়াই থাকিব পাৰে; যিমানেই ই বেছি তেজ শুহিব, সিমানেই তাৰ শ্রী বৃদ্ধি হব’ (Capital, Vol 1, p. 342)

পিছে এনেকৈ কামৰ ঘণ্টা বৃদ্ধি কৰাৰ এটা বাস্তৱ সীমা আছে। এটা পর্যায়ৰ পাছত অধিক কাম কৰোৱালে শ্রমিকৰ কাম কৰাৰ ক্ষমতাই হ্রাস হৈ পৰেফলত উদ্বৃত্ত আহৰণো কম হৈ  ধৰেদৈনিক ২৪ ঘণ্টাতো আৰু শ্রমিকক কামত খটুৱাই থব নোৱাৰি! অৱশ্যে সম্ভৱ হোৱা হলে পুঁজিপতিহঁতে তাকো কৰিব বিচাৰিলেহেতেন!

যি কি নহওঁক, এনেকৈ ভয়ংকৰভাৱে কামৰ সময় বৃদ্ধি কৰাৰ বিৰূদ্ধে অতি সোনকালেই শ্রমিক আন্দোলনো গা কৰি উঠে। কেনেকৈ শ্রমিকৰ সংগঠিত আন্দোলনৰ ফলত বৃটিছ পুঁজিপতিহঁতে ফেক্টৰী আইন গ্রহণ কৰিবলৈ বাধ্য হৈ পৰিছিল, শ্রমৰ সময় সীমাবদ্ধ কৰিব লগা হৈছিল, এই বিষয়ে মার্ক্সে বিতংকৈ লিখিছে। অর্থাৎ এটা সময়ৰ পাছত ৰাজনৈতিক কাৰণতো চৰম উদ্বৃত্ত হাছিল কৰাটো সম্ভৱপৰ হৈ নাথাকেগৈ। অন্যথাই শ্রমিক বিক্ষোভে সমগ্র ব্যৱস্থাটোকে গিলি পেলোৱাৰ সম্ভাৱনা থাকে।

এইখিনিতেই উদ্বৃত্ত বৃদ্ধি কৰা দ্বিতীয়টো পদ্ধতি প্রাসংগিক হৈ পৰেউন্নত প্রযুক্তিৰ প্রয়োগৰ ফলত শ্রমৰ উৎপাদনশীলতা বৃদ্ধি হয়ঃ অর্থাৎ একেটা পণ্যকে নির্মাণ কৰিবলৈ যদি আগেয়ে দুই ঘণ্টা লাগিছিল, এতিয়া মাথো এঘণ্টা লাগে। ফলত পণ্যৰ মূল্যও হ্রাস হৈ পৰে (মনত পেলাওঁক – পণ্যৰ মূল্য তাৰ নির্মাণত খৰছ হোৱা সময়খিনিৰ আধাৰত কৰা হয়)। ঠিক তেনেকৈয়ে শ্রমিকে জীৱিকাৰ বাবে মজুৰীৰ দ্বাৰা  ক্রয় কৰা  প্রয়োজনীয় সামগ্রীসমূহ – যাক ‘মজুৰী সামগ্রী’ বুলিও কোৱা হয় – যেনে ধৰক আটা, দাইল, কেৰাচিন, সস্তা চিগাৰেট, সস্তা মদ আদিবোৰ – প্রযুক্তিগত উন্নতি বা আন কোনো কাৰণবশতঃ যদি সস্তা হৈ পৰে – তেতিয়াও শ্রম শক্তিৰ মূল্য হ্রাস হৈ পৰে(মনত পেলাওঁক- শ্রম শক্তিৰ মূল্য হৈছে – শ্রমিকজনক কাইলৈ পুণৰ কাম কৰিব পৰাকৈ জীয়াই ৰাখোঁতে খৰছ হোৱা শ্রম সময় বা সেই অনুপাতৰ সা-সামগ্রীখিনি)শ্রম শক্তিৰ মূল্য হ্রাস হোৱাৰ অর্থ হৈছে – পূর্বে শ্রমিকজনে যদি নিজৰ মজুৰীৰ বিনিময়ত ৪ ঘণ্টা কাম কৰিছিল, এতিয়া মাত্র দুই ঘণ্টা কাম কৰিব। বাকী ৬ ঘণ্টা হব অতিৰিক্ত/উদ্বৃত্ত শ্রম। অর্থাৎ উদ্বৃত্ত মূল্য উৎপাদন কৰিবলৈ শ্রমিকৰ ওচৰত এতিয়া বেছি সময় থাকিব! এতিয়া উদ্বৃত্ত মূল্যৰ হাৰ হ’বঃ ৬:২ অর্থাৎ ৩০০ শতাংশ! এনেকৈয়ে শ্রম সময় বা কামৰ ঘণ্টা বৃদ্ধি নকৰাকৈয়ে উদ্বৃত্ত মূল্যৰ হাৰ বৃদ্ধি কৰিব পৰা যায়। 

মার্ক্সে লিখিছে যে পুঁজিবাদী বিকাশৰ প্রতিটো পর্যায়তে চৰম তথা আপেক্ষিক উদ্বৃত্ত মূল্যৰ উপস্থিতি থাকিব; অৱশ্যে সময়ৰ লগে লগেই দুয়োটাৰে আপেক্ষিক গুৰুত্বও ভিন ভিন হব। যেতিয়া পুঁজিবাদী উৎপাদন সম্পর্কসমূহ পোন প্রথমবাৰৰ বাবে স্থাপন কৰা হয়, তেতিয়া  পূর্বৰ উৎপাদন পদ্ধতিসমূহ হঠাতে সলনি কৰি পেলোৱা নহয়। বৰঞ্চ সামন্তীয় সমাজৰ হস্ত শিল্প ভিত্তিক উৎপাদন পদ্ধতিসমূহৰ আধাৰতে পুঁজিবাদী উৎপাদন সম্পর্কসমূহক স্থাপন কৰা হয়। আগতকৈ কিছু ডাঙৰ আকাৰত  শ্রমিকসকলক গোট খোৱাই উৎপাদন ইউনিটসমূহ গঠন কৰা হয় আৰু শ্রম বিভাজনসমূহ কিছু জটিল কৰি পেলোৱা হয়। পুৰণা শ্রম প্রক্রিয়াৰ ওপৰতেই নব্য উৎপাদন সম্পর্কসমূহ জাপি দিয়া হয়। মার্ক্সে লিখিছে, ‘যিহেতু শ্রমৰ পদ্ধতিসমূহ পুৰণা বিধৰে হৈ আছে, সেয়েহে...কেৱল কর্ম দিৱস বৃদ্ধি কৰিহে -অর্থাৎ চৰম উদ্বৃত্ত মূল্য বৃদ্ধি কৰিহে - উদ্বৃত্ত শ্রম সৃষ্টি কৰিব পাৰি’ (Capital, Vol. 1, p. 1021)

সামন্তবাদৰ দৰে উৎপাদন প্রণালীৰ অধীনত – য’ত বেছিভাগ সময়তেই উৎপাদিকা শক্তিৰ সম্প্রসাৰণৰ ক্ষেত্রত শোষক-শাসক কাৰোৰে আগ্রহ বা স্বার্থ জড়িত হৈ নাথাকে, তাত  উদ্বৃত্ত শ্রম বৃদ্ধি কৰাৰ একমাত্র উপায় হৈছে – প্রত্যক্ষ্য উৎপাদকসকলক অধিক সময় কাম কৰিবলৈ বাধ্য কৰা পুঁজিবাদৰ অধীনত পিছে শোষণৰ হাৰ বৃদ্ধি কৰা নতুন পদ্ধতি কিছুমানৰ জন্ম হয়। শ্রমিকসকলক অধিক কর্মক্ষমভাৱে কাম কৰোৱা বা শেহতীয়া প্রযুক্তি ব্যৱহাৰ কৰা – আদিৰ মাজেদি এই কামফেৰা সম্পন্ন কৰিব পৰা হয়। ‘আপেক্ষিক উদ্বৃত্ত মূল্য উৎপাদনৰ যোগেদি উৎপাদনৰ সমস্ত ৰূপসমূহকেই সলাই পেলাব পৰা হয়, আৰু এইদৰেই  উৎপাদনৰ বিশিষ্ট পুঁজিবাদী ৰূপটোৰো আৱির্ভাৱ হয়’ (Capital, Vol. I, p. 1024)

এইদৰেই ক্রমান্বয়ে পুৰণা চহৰীয়া হস্তশিল্প তথা গ্রাম্য গৃহ উদ্যোগৰ ঠাইত আধুনিক বৃহৎ উদ্যোগৰ আৱির্ভাৱ হয়। উৎপাদন সংগঠিত কৰাৰ ক্ষেত্রত মেচিনৰ বিশেষ ভূমিকা অপৰিহার্য হৈ পৰেপ্রযুক্তিগত বিকাশৰ লগে লগেই শ্রম প্রক্রিয়াটোৰো অহৰহ তথা দ্রুত পৰিবর্তন ঘটে।

আন কথাত, পুঁজিবাদৰ অধীনত দ্রুত গতিৰে শ্রম প্রক্রিয়াৰ সামাজিকৰণ ঘটে। এতিয়া উৎপাদন সমাপন হয় বৃহৎ আকাৰত, মেচিনৰ সহায়ত। সেই অনুসৰি শ্রম বিভাজনো জটিল হৈ পৰে‘সামগ্রিক শ্রম প্রক্রিয়াটোত শ্রমিক-বিশেষৰ গুৰুত্ব নাইকীয়া হৈ পৰে, শ্রম শক্তি সামাজিকভাৱে অধিক সংযুক্ত হৈ পৰে’ (Capital, Vol. I, pp. 1039-1040)এইদৰেই পুঁজিবাদে ‘সমূহীয়া শ্রমিক’ নির্মাণ কৰে য’ত ব্যক্তি বিশেষ হৈ পৰে  সামগ্রিক ব্যৱস্থাটোৰ নট-বল্টু মাথো; পণ্য নির্মাণত সকলো শ্রমিকৰে সমূহীয়া প্রচেষ্টা দৰকাৰী হৈ পৰে

মার্ক্সে জোৰ দি কৈছে যে পুঁজিবাদৰ অধীনত শ্রম প্রক্রিয়াৰ অহৰহ পৰিবর্তনৰ উদ্দেশ্য হৈছে – আপেক্ষিক উদ্বৃত্ত মূল্য সৃষ্টি কৰা – অর্থাৎ  শোষণৰ হাৰ বৃদ্ধি কৰাঃ

শ্রমৰ উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ প্রয়োগ কৰা অন্যান্য সজুঁলিৰ দৰেই মেচিন প্রয়োগৰো উদ্দেশ্য হৈছে পণ্যসমূহ সস্তা কৰা; শ্রমিকৰ প্রয়োজনীয় শ্রম-সময়খিনি হ্রাস কৰি উদ্বৃত্ত শ্রম-সময় বৃদ্ধি কৰাঅর্থাৎ যিখিনি সময় শ্রমিকে নিজৰ বাবে কাম কৰে, সেইখিনি হ্রাস কৰা তথা যিখিনি সময় শ্রমিকে কোনো প্রতিদানৰ অবিহনেই মালিকৰ বাবে কাম কৰে, সেইখিনি বৃদ্ধি কৰামেচিন হৈছে উদ্বৃত্ত মূল্য সৃষ্টি কৰাৰ সমল (Capital, Vol. I, p. 492)

পূর্বৰ অধ্যায়টোত আমি উল্লেখ কৰিছিলো যে উপস্থিত উৎপাদন সম্পর্কসমূহে যিমানখিনিলৈকে অনুমতি দিয়ে,  উৎপাদিকা শক্তিসমূহ সিমানখিনিলৈহে বিকশিত হয়। পুঁজিবাদৰ বৈশিষ্ট এইখিনিতে যে পুঁজিবাদী উৎপাদন সম্পর্কসমূহৰ অধীনত উৎপাদিকা শক্তিবোৰৰ অহৰহ বিকাশ প্রয়োজনীয় হৈ পৰেআন কথাত, শ্রমৰ উৎপাদনশীলতাৰ অহৰহ বিকাশ হৈছে পুঁজিবাদৰ বিশেষ বৈশিষ্ট।

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...