Sunday, April 23, 2017

লেনিনীয় সন্ধিক্ষণঃ প্রভাত পাটনায়ক

অনুবাদঃ ময়ূৰ চেতিয়া

(কিছুদিন পূর্বে বিশিষ্ট মার্ক্সবাদী পণ্ডিত প্রভাত পাটনায়কে ৰূছ বিপ্লৱৰ শতবর্ষ উপলক্ষে এলানি বক্তৃতা প্রদান কৰিছিল। প্রথম বক্তৃতাটো কিছুদিন পূর্বে আমি অনুবাদ কৰিছিলো।http://bauponthibotora.blogspot.in/2017/04/blog-post_64.html সদ্যহতে দ্বিতীয় বক্তৃতাটোৰ অনুবাদ আগবঢ়োৱা হৈছে।) 

অক্টোবৰ বিপ্লৱৰ আঁৰৰ মূল তাত্ত্বিক পূর্বধাৰণাটো আছিল এই যে যিহেতু আন্তঃসাম্রাজ্যবাদী সংঘাতে যুদ্ধৰ এটা নতুন যুগ সৃষ্টি কৰিছে, য’ত এখন দেশৰ শ্রমিকে আন দেশৰ শ্রমিকৰ তেজেৰে হাত ৰাঙলী কৰিবলৈ বাধ্য হব, ইয়াৰ অর্থ হৈছে – পুঁজিবাদ এক সংকটকালত উপনীত হৈছে। ই ঐতিহাসিকভাৱে “মৰণোন্মুখ” হৈ পৰিছে। ইয়েই সামাজিক বিপ্লৱৰ এটা নতুন যুগৰো সৃষ্টি কৰিছে যি বিকশিত পুঁজিবাদী দেশবোৰৰ লগতে ঔপনিবেশিক দেশবোৰকো সাঙুৰি লৈছে – যিহেতু ঔপনিবেশিক জনগণকো এই যুদ্ধবোৰলৈ বলিৰ পঠাৰ ৰূপত টানি অনা হৈছে। এনে পৰিস্থিতিত বিপ্লৱক অৱৰূদ্ধ কৰিব পৰা কোনো শক্তি যদি আছিল, সেয়া শ্রমিক শ্রেণীৰ এটা অংশৰ দোধোৰ-মোধোৰ মানসিকতা বুলি চিনাক্ত কৰা হল, যাৰ আঁৰত শ্রমিক নেতৃত্বৰ কেতবোৰ বিশেষ অংশৰ - যেনে “শ্রমিক অভিজাততন্ত্র”ৰ অংশবিশেষ ট্রেড ইউনিয়ন পদাধিকাৰীসকলৰ দোদুল্যমানতা বা দুর্নীতিগ্রস্ততা মূল কাৰক বুলি ভবা হল। ইয়াৰ অর্থ আছিল – বিপ্লৱীসকলে এনে সমস্ত আপোচকামী উপাদানৰ সতে সম্পর্ক চ্ছেদ কৰিব লাগিব আৰু প্রয়োজন হলে “অকলেই আগবাঢ়িব” লাগিব।


এই ধাৰণাটোৰ আধাৰতে তৃতীয় ইন্টাৰনেছনেল বা কমিউনিষ্ট ইন্টাৰনেছনেলৰ গঠন কৰা হৈছিল। ইন্টাৰনেছনেলৰ কার্যসূচীৰ আঁৰত প্রধান ধাৰণাটো আছিল “পুঁজিবাদৰ সাধাৰণ সংকট” – যি ঠিক এই সন্ধিক্ষণটোৰ প্রতিয়েই আঙুলিয়াই দিছিল। যদিওবা “অকলেই আগবঢ়া”ৰ ফলত বিপ্লৱৰ সামাজিক ভিত্তিটো সংকোচিত হৈ পৰিছিল, ইয়াৰ একমাত্র বিকল্পটো আছিল - স্বয়ং বিপ্লৱৰ সম্ভাৱনাটোকেই নসাৎ কৰা – অর্থাৎ শ্রমিক শ্রেণীৰ ঐতিহাসিক কর্তব্যৰ সৈতে বিশ্বাসঘাটকতা কৰা। 

আন কথাত কবলৈ গলে, সেই সময়ত আশা কৰা হৈছিল যে শ্রমিক শ্রেণীৰ একাংশ নেতাৰ লগতে স্বয়ং শ্রেণীটোৰো একাংশই হয়তো প্রথমছোৱা সময়ত বিপ্লৱত অংশগ্রহণ নকৰিব, হয়তো তেওঁলোকে তাৰ বিৰোধিতাও কৰিব – কিন্তু এই নিষ্ক্রিয়তা বা বিৰোধিতা বেছিদিনকৈ বর্তি থাকিব নোৱাৰে। অচিৰেই তেওঁলোকে পুণৰ ঘূৰি আহি বিপ্লৱত অংশগ্রহণ কৰিব। এইখিনিতে লেনিনে সংসদবাদৰ প্রশ্নটোৰ প্রসংগত লুকাচ্চক সমালোচনা কৰিবলৈ ব্যৱহাৰ কৰা “ঐতিহাসিক” বনাম “প্রেকটিকেল” শব্দযুগলৰ প্রয়োগ কৰি আমিও কব পাৰোঁ যে সেইসময়ত আশা কৰা হৈছিল - যদিও পুঁজিবাদৰ “প্রেকটিকেল” মৰণোন্মুখতা শ্রমিক শ্রেণীৰ একাংশই তাৎক্ষণিকভাৱে বুজিবলৈ সক্ষম নহব পাৰে, ব্যৱস্থাটোৰ “ঐতিহাসিক” মৰণোন্মুখতাই অৱশেষত তেওঁলোকক কথাখিনি স্পষ্টকৈ বুজাই দিব। তদুপৰি “অকলে আগবঢ়া”ৰ ফলত বিপ্লৱৰ সামাজিক আধাৰৰ সংকোচনে সৃষ্টি কৰা সমস্যাটোৰ সমাধান বিচাৰি পোৱা যাব আন্তর্জাতিক বিপ্লৱৰ মাজত – অর্থাৎ যিহেতু এখনৰ পাছত এখনকৈ বিভিন্ন দেশত বিপ্লৱ সংঘটিত হব – ই বিপ্লৱী দেশ একোখনে আন এখনক সহায় কৰাৰ পৰিস্থিতিও সৃষ্টি কৰিব আৰু ফলত কোনো এখন দেশেই অকলশৰীয়া হৈ আৱদ্ধ হৈ থাকিবলগীয়া নহব। 

লেনিনীয় সন্ধিক্ষণ বিষয়ক বিপ্লৱীসকলৰ এই ধাৰণাখিনি – এইটো এটা অতিশয় গুৰুত্বপূর্ণ বিন্দু। প্রায়েই কোৱা হয় যে অক্টোবৰ বিপ্লৱৰ বিশাল লক্ষ্য, প্রসাৰ তথা তাৎপর্য স্বত্তেও ই আছিল মূলতঃ এটা সৰু বিপ্লৱী গোটৰ দ্বাৰা ক্ষমতাৰ কুক্ষিগতকৰণ আৰু ঠিক এইটো কাৰণৰ বাবেই বিপ্লৱে পাছলৈ এক কর্তৃত্ববাদী চৰিত্র ধাৰণ কৰিলে। পিছে এইজাতীয় যুক্তিয়ে সাধাৰণতেই এটা কথা বুজিব নোৱাৰে – অক্টোবৰ বিপ্লৱ কোনো ব্লাংকিসদৃশ ষড়যন্ত্রকাৰী বিপ্লৱীৰ দ্বাৰা ক্ষমতাৰ সুবিধাবাদী কুক্ষিগতকৰণ নাছিল – বৰং বিপ্লৱীসকলে সঁচাকৈয়ে বিশ্বাস কৰিছিল যে স্বয়ং ইতিহাস বিপ্লৱীসকলৰ পক্ষত আছে। যেতিয়া য়ুলি মার্টভে চোভিয়েট কংগ্রেছ ত্যাগ কৰি বাহিৰলৈ ওলাই আহিছিল – তেওঁৰ প্রাক্তন ছাত্র লিয়ন ট্রটস্কীয়ে তেওঁক পিছফালৰ পৰা চিঞৰি কৈছিল – “যোৱা, ইতিহাসৰ ডাষ্টবিনত সোমাই পৰাগৈ যোৱা”। এইজাতীয় উদাহৰণবোৰে বলচেভিকসকলৰ সেইসময়ৰ ঐতিহাসিক সন্ধিক্ষণ বিষয়ক দৃঢ় বিশ্বাসবোৰকেই প্রদর্শন কৰে।

কেৱল সোঁপন্থী ধাৰভাষ্যকাৰেই নহয়, যি বিপ্লৱটোক কেৱল এক ষড়যন্ত্রৰ ৰূপত (কেতিয়াবা আনকি ইহুদী ষড়যন্ত্রৰ ৰূপত) চায়, বা উদাৰবাদী লেখক - যি বিপ্লৱটোক দৃঢ়মনা কিছু বিপ্লৱীৰ দ্বাৰা (শ্রমিকৰ হৈ তথা শ্রমিকৰ নামত কৰা কিন্তু শ্রমিক নেতৃত্ব অবিহনে) সংঘটিত কৰা এক অভ্যুত্থানৰ ৰূপত চায় –বহুতো মার্ক্সবাদী লেখকেও বিপ্লৱটোৰ প্রসংগত এই বিন্দুটো বুজিবলৈ অসমর্থ হয়। উদাহৰণস্বৰূপে, বহুতো মার্ক্সবাদীয়ে কয় যে বলচেভিকসকলৰ দ্বাৰা চোভিয়েট অনুষ্ঠানটোৰ ভংগকৰণ কেৱল এটা ঐতিহাসিক টার্নিং পইণ্টেই নাছিল – যাৰ পাছৰ পৰা বিপ্লৱত গণ্ডগোলবোৰ হবলৈ আৰম্ভ কৰিছিল – বৰং ই আছিল এক কেন্দ্রীয়কৃত পার্টিৰ দ্বাৰা স্বয়ং শ্রমিক শ্রেণীৰ হাতৰ পৰা ক্ষমতাৰ কুক্ষিগতকৰণ। এইজাতীয় চিন্তনে এই কথাটো বুজিবলৈ অসমর্থ হয় যে যিসকলে এনেকৈ “ক্ষমতাৰ কুক্ষিগতকৰণ” কৰিছিল তেওঁলোকে সঁচাকৈয়ে ভাবিছিল যে ইতিহাস তেওঁলোকৰ পক্ষত আছে – অর্থাৎ তেওঁলোকৰ একচন হৈছে বৈধ আৰু ইতিহাসৰ গতিধাৰাই তেওঁলোকৰ এই কার্যক সঠিক বুলি প্রমাণিত কৰিব।

যেতিয়া আমি এই “ক্ষমতাৰ কুক্ষিগতকৰণ”ক এই বৈকল্পিক দৃষ্টিৰে চাওঁ, তেতিয়া ঘটনাৱলীৰ এখন ভিন্ন ছবি পৰিষ্কাৰ হৈ পৰে; আমি বুজিবলৈ সক্ষম হওঁ যে এই “ক্ষমতা-কুক্ষিগতকৰণ”ৰ আঁৰত পার্টিৰ কোনো “স্বার্থপৰ” মানসিকতাই কাম কৰা নাছিল, নেতৃত্বৰ ব্যক্তিগত স্বার্থপৰতাৰতো প্রশ্নই উত্থাপন হব নোৱাৰে। পার্টিয়ে অনুভৱ কৰিছিল যে সর্বহাৰাৰ একনায়কত্ব ৰক্ষা কৰিবলৈ সেই মুহূর্তত পার্টিৰ একনায়কত্ব স্থাপন কৰাটো জৰুৰী হৈ পৰিছে – অর্থাৎ সেই মুহূর্তত এনে পদক্ষেপ লোৱাটো ঐতিহাসিকভাৱেই প্রয়োজনীয় হৈ পৰিছিল। এই বিশ্লেষণ শুদ্ধ আছিল নে ভুল আছিল – সেই বিষয়ে আলোচনা হব পাৰে – কিন্তু ইয়াৰ অর্থ এইটো মুঠেও নাছিল যে কেৱলমাত্র পার্টিৰ একনায়কত্বৰ জৰিয়তেই সর্বহাৰাৰ একনায়কত্বই সর্বদা শাসন কৰিব লাগিব। আন কথাত, পার্টিৰ একনায়কত্বই হৈছে সর্বহাৰাৰ একনায়কত্বৰো একমাত্র তথা আৱশ্যকীয় ৰূপ – এইজাতীয় যুক্তি সেইসময়ত কোনেও দিয়া নাছিল। এইজাতীয় ধাৰণাবোৰ পিছলৈহে প্রচলিত হৈ পৰে। কিন্তু চোভিয়েট অনুষ্ঠানটো ভংগ কৰি দিয়াৰ সময়ত বলচেভিকসকলৰ মনত এইজাতীয় যুক্তিয়ে ক্রিয়া কৰা নাছিল, যদিওবা চোভিয়েট ভংগকৰণৰ সিদ্ধান্তটো আজি আমি ইচ্ছা কৰিলে সমালোচনা কৰিব পাৰোঁ। 

আমোদজনকভাৱে, এই কথাষাৰ – যে বিপ্লৱক ৰক্ষা কৰিবলৈ প্রয়োজন হলে সংখ্যাগৰিষ্ঠৰ দ্বাৰা গণতান্ত্রিক সিদ্ধান্তৰ নিয়মটোও জলাঞ্জলি দিব লাগিব –এই কথাষাৰ লেনিন বা আন কোনো বলচেভিক নেতাই কোৱা নাছিল, বৰং এই মন্তব্য আছিল স্বয়ং প্লেখানভৰ – যাক “ৰুছ মার্ক্সবাদৰ পিতৃ” বুলি কোৱা হয়। ক্রুপস্কায়াৰ মতে প্লেখানভৰ এই পজিচনটোৱে লেনিনক বিশেষভাৱে প্রভাৱিত কৰিছিল আৰু উপযুক্ত সময়ত এনে সিদ্ধান্ত লবলৈ তেওঁক প্রেৰণা যোগাইছিল। চমূ কথাত কবলৈ গলে – মই এইটোৱেই কব বিচাৰিছোঁ যে ইতিহাসৰ জটিলতাবোৰক আমি পার্টি বা ব্যক্তিবিশেষৰ স্বার্থপৰ ক্ষমতালিপ্সাৰ ৰূপত সংকোচিত কৰি চোৱাটো উচিত নহয়। 

এই বিশ্বাসটো – যে ইতিহাস তেওঁলোকৰ পক্ষত আছে আৰু সর্বহাৰাৰ হৈ প্রয়োজন হলে পার্টিৰ একনায়কত্বৰ যোগেদিও ক্ষমতা দখল তথা তাৰ সুৰক্ষা প্রদান ঐতিহাসিকভাৱে বৈধ কার্য – ইয়াৰ আঁৰত এই ধাৰণাটোৱে ক্রিয়া কৰিছিল যে অতি সোনকালেই অন্যান্য দেশতো বিপ্লৱ সংঘটিত হবলৈ গৈ আছে। লেনিনে দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে বলচেভিক বিপ্লৱ জীয়াই থাকিবলৈ সক্ষম হব যদিহে অন্যান্য দেশতো বিপ্লৱ সংঘটিত হয়। প্রথমে জার্মান বিপ্লৱৰ পৰা বহুখিনি আশা কৰা হৈছিল, কিন্তু ক্রমাৎ সেই সপোন ভংগ হোৱাত লেনিনে পূবলৈ চাবলৈ আৰম্ভ কৰিলেঃ চীন তথা ভাৰতত বিপ্লৱৰ সম্ভাৱনা সম্পর্কে আলোচনা আৰম্ভ হল। লেনিনে আনকি এইবুলিও কলে যে ৰুছ, চীন আৰু ভাৰত – এই তিনিখন দেশতেই বিশ্বৰ সৰহভাগ মানুহ থাকে আৰু কেনেবাকৈ এই তিনিখন দেশত বিপ্লৱ সংঘটিত হবলৈ হলে ই নিশ্চিতভাৱে আন্তর্জাতিক শক্তি-সন্তুলন সমাজবাদৰ অনুকূল কৰি পেলাব।

আন আন অঞ্চলত বিপ্লৱৰ আসন্নতা সম্পর্কীয় এই বিশ্বাসৰ আঁৰত “লেনিনীয় সন্ধিক্ষণ” বা “পুঁজিবাদৰ সাধাৰণ সংকট”ৰ ধাৰণাটোৱে ক্রিয়া কৰিছিল - এই বিষয়ে আমি ইতিমধ্যেই আলোচনা কৰিছোঁ। ক্ষমতা দখল বিষয়ক সমস্ত লেনিনীয় ধাৰণাবোৰ – যে যতেই সম্ভৱ শ্রমিকৰ দ্বাৰা ক্ষমতা দখল কৰা উচিত, শ্রমিকৰ কোনো কোনো অংশ বিপ্লৱৰ বাবে প্রস্তুত নহলে অকলেই আগবাঢ়ি যোৱা উচিত, প্রয়োজন হলে সংখ্যাগৰিষ্ঠৰ মত উলাই কৰি হলেও বিপ্লৱী দলৰ নেতৃত্বৰ জৰিয়তে ক্ষমতা ধৰি ৰখা উচিত – এনে সমস্ত ধাৰণাবোৰৰ আঁৰত এই বিশ্বাসে কাম কৰিছিল যে ইতিমধ্যেই এক বিশ্ব বৈপ্লৱিক সন্ধিক্ষণ আহি উপস্থিত হৈছে যি অচিৰেই পুঁজিবাদৰ হাতোৰাৰ পৰা বিশ্বৰ এটা বৃহৎ অংশক মুক্ত কৰি পেলাব। এই সন্ধিক্ষণটোক মই “লেনিনীয় সন্ধিক্ষণ” নামেৰে নামাকৰণ কৰিছোঁ। 

লেনিনীয় সন্ধিক্ষণৰ উপস্থিতিৰ কথাটো মার্ক্সবাদীসকলৰ লগতে বহুতো মার্ক্সবাদবিৰোধী পণ্ডিতেও মানি লৈছিল। এইক্ষেত্রত এটা প্রধান উদাহৰণ হৈছে জন মেয়নার্ড কেইনছ – যাৰ Economic Consequences of Peace গ্রন্থখনৰ পৰা কমিণ্টার্ণৰ দ্বিতীয় কংগ্রেছত লেনিনে ব্যাপকভাৱে উদ্ধৃতি দিছিল। অৱশ্যে কেইনছৰ উদ্দেশ্য আছিল পুঁজিবাদক তাৰ সংকটৰ পৰা উদ্ধাৰ কৰা – কিন্তু তাৰ বাবে পুঁজিবাদৰ উপস্থিত সন্ধিক্ষণ – অর্থাৎ লেনিনীয় সন্ধিক্ষণৰ বাস্তৱতাক স্বীকাৰ কৰি লোৱাটো প্রয়োজনীয় আছিল। মন কৰা ভাল যে লেনিনৰ মৃত্যুৰ পাছতো বহু সময় ধৰি লেনিনীয় সন্ধিক্ষণৰ উপস্থিতি বর্তি আছিল। আচলতে ১৯১৪ৰ পৰা ১৯৪৫ লৈকে এই সুদীর্ঘ সময়ছোৱা লেনিনীয় সন্ধিক্ষণৰ সময় আছিল বুলি কব পাৰি। প্রথম বিশ্বযুদ্ধ, বলচেভিক বিপ্লৱ, প্রথম বিশ্বযুদ্ধৰ শেহান্তৰত ইউৰোপৰ বিভিন্ন অঞ্চলত অনেকবোৰ বৈপ্লৱিক প্রচেষ্টা, ১৯৩০ৰ মহা আর্থিক মন্দাৱস্থা – যি পুঁজিবাদী শক্তিবোৰৰ মাজত থকা অনৈক্যকে সূচিত কৰিছিল, মন্দাৱস্থা তথা বিফল জার্মান বিপ্লৱৰ পটভূমিত ফেচীবাদৰ উদয়, দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি – এই সকলোবোৰ পৰিঘটনা লেনিনীয় সন্ধিক্ষণৰ প্রকাশ্যমান ৰূপ আছিল বুলি কব পাৰি। চমূ কথাত কবলৈ গলে এই লেনিনীয় সন্ধিক্ষণৰ বৈশিষ্ট আছিল এই যে সমস্ত পুঁজিবাদী শক্তিবোৰৰ মাজত থকা সংঘাতে সমগ্র মানৱ জাতিটোকেই বিশ্ববিপ্লৱৰ দুৱাৰমুখত উপস্থিত কৰিছিল – কাৰণ ৰ’জা লাক্সেমবার্গৰ ভাষাত - ই মানব জাতিৰ বাবে মাত্র দুটায়েই বিকল্প প্রক্ষেপ কৰিছিল, সমাজবাদ অন্যথা বর্বৰতাবাদ। 

কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ লগে লগেই এই লেনিনীয় সন্ধিক্ষণৰ অন্ত পৰিল। মোৰ এই কথাষাৰ আপোনাৰ মনত আচৰিত যেন লাগিব পাৰে কিয়নো চীনা বিপ্লৱ সম্পূর্ণ হৈছিল ১৯৪৯ চনতহে আৰু তাৰো বহু পাছতহে ভিয়েটনাম বিপ্লৱ সমাধা হৈছিল। তদুপৰি দ্বিতীয় বিশ্বযুদ্ধৰ পাছতে পূব ইউৰোপৰ এটা বিশাল অংশলৈ সমাজবাদ সম্প্রসাৰিত হৈছিল। লেনিনে আশা কৰাৰ দৰেই বিশ্বৰ এটা বিশাল অংশই পুঁজিবাদক নাকচ কৰি সমাজবাদক আকোঁৱালি লৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ পাছতহে। অর্থাৎ লেনিনীয় সপোনটোৱে তাৰ সাফল্যৰ শীর্ষত উপনীত হোৱাৰ সময়তেই লেনিনীয় সন্ধিক্ষণৰ অন্ত পৰিছিল – এই কথাষাৰ অলপ অদ্ভুত যেন লাগিব পাৰে। 

কিন্তু কথাটো হৈছে যে ঠিক এই শীর্ষ বিন্দুতেই লেনিনীয় সন্ধিক্ষণৰ অন্ত পৰিছিল। চীন আৰু ভিয়েটনাম বিপ্লৱৰ আধাৰ বহু পূর্বেই – অর্থাৎ লেনিনীয় সন্ধিক্ষণ কায়েম হৈ থকাৰ সময়তেই স্থাপিত হৈছিল। আচলতে ভিয়েটনাম বিপ্লৱৰ ক্ষেত্রত ঘটনাৱলীয়ে তাৰ চক্র পূর্ণ কৰাত বহু সময় লোৱাৰ ফলত ই অনেকবোৰ অপ্রয়োজনীয় আৰু ট্রেজিক ৰক্তপাতৰ সৃষ্টি কৰিছিল। যি কি নহওঁক দ্বিতীয় বিশ্বযুদ্ধৰ পাছত উত্তৰ-লেনিনীয় সন্ধিক্ষণ নির্মাণৰ ক্ষেত্রতো কিন্তু যুদ্ধৰ পটভূমিয়ে এটা বিশেষ ভূমিকা পালন কৰিছিল। দুটা ঘটনা দেখা পোৱা গৈছিলঃ পূর্বৰ বহুকেইখন মহাশক্তিৰ মাজত শত্রুতাৰ বিপৰীতে এইবাৰ এখন একক আধিপত্যশালী পুঁজিবাদী দেশৰ ৰূপত আমেৰিকাৰ উদয় আৰু যুদ্ধৰ পাছত নিজৰ দুর্বল স্থিতিৰ প্রেক্ষাপটত আপোচৰ প্রতি পুঁজিবাদৰ আগ্রহ। 

এইক্ষেত্রত পুঁজিবাদে আগবঢ়োৱা তিনিটা ৰেহাই(concession) বিশেষভাৱে গুৰুত্বপূর্ণ আছিল। প্রথমটো আছিল উপনিবেশবোৰৰ মুক্তকৰণ(decolonization) বা আনুষ্ঠানিক ঔপনিবেশিক সাম্রাজ্যবোৰৰ পৰিসমাপ্তি। বৃটেইন, ফ্রাঞ্চ আদি পুৰণি পুঁজিবাদী দেশবোৰ যুদ্ধৰ ফলত অত্যাধিক দুর্বল হৈ পৰিছিল – পূর্বৰ ঔপনিবেশিক সাম্রাজ্যবোৰ কায়েম কৰি ৰাখিবলৈ এতিয়া সিবিলাকৰ সিমান শক্তি নাছিল – বিশেষকৈ এনে এটা সময়ত যেতিয়া তৃতীয় বিশ্বৰ জাতীয় মুক্তি আন্দোলনবোৰে ইমূৰৰ পৰা সিমূৰলৈ খলকনি তুলিছিল। নতুন বিশ্বশক্তি আমেৰিকাৰ ওচৰতো ফিলিপাইনছৰ দৰে কিছু উপনিবেশ নিশ্চয় আছিল কিন্তু প্রত্যক্ষ ঔপনিবেশিক শাসনৰ বিপৰীতে প্রভুত্বৰ কেতবোৰ নতুন ৰূপৰ প্রতিহে ই অধিক আগ্রহশীল আছিল। (ভিয়েটনামৰ ক্ষেত্রতো দেখা যায় যে এক উদীয়মান কমিউনিষ্ট বিপ্লৱক ৰোধ কৰিবলৈহে আমেৰিকাই ফ্রাঞ্চৰ এই পুৰণি উপনিবেশখন নিজৰ হাতলৈ আনিছিল; নিজেই প্রত্যক্ষ ঔপনিবেশিক শাসক হবলৈ আমেৰিকাই বিচৰা নাছিল)।

অৱশ্যে উপনিবেশবাদৰ আনুষ্ঠানিক সমাপ্তিয়ে তৃতীয় বিশ্বৰ দেশবোৰক সাম্রাজ্যবাদী দমনৰ পৰা সম্পূর্ণভাৱে মুক্তি দিলে বুলি ভবাটো ভুল হব। মন কৰা ভাল যে বৃহৎ শক্তিবোৰে প্রাক্তন উপনিবেশবোৰৰ অর্থনীতি তথা প্রাকৃতিক সম্পদবোৰ কোনোবা নহয় কোনোবা ৰূপত নিজৰ নিয়ন্ত্রণত ৰাখিবলৈ আপ্রাণ চেষ্টা কৰিছিল। অনেক সংগ্রামৰ পাছতহে তথা বেচিভাগ ক্ষেত্রতে চোভিয়েট ইউনিয়নৰ সাহার্যৰ ফলতহে প্রাক্তন উপনিবেশবোৰে এই নিয়ন্ত্রণ নিজৰ মুঠিলৈ আনিবলৈ সক্ষম হৈছিল। তথাপিও এই কথা অস্বীকাৰ কৰাৰ উপায় নাই যে যিমানেই ক্রুটিপূর্ণ নহওঁক কিয়, উপনিবেশ-মুক্তকৰণৰ প্রক্রিয়াটোৱে নিঃসন্দেহে এটা সম্পূর্ণ নতুন যুগৰ সূচনা কৰিলে। 

দ্বিতীয় ৰেহাইটো আছিল মেট্রপলিটান অর্থনীতিবোৰৰ শ্রমিক শ্রেণীৰ প্রসংগত। যুদ্ধৰ পাছত ৰাজনৈতিকভাৱে এটা শক্তিশালী শ্রেণীৰ ৰূপত শ্রমিক শ্রেণীটোৰ উদয় হৈছিল। সমগ্র পূব ইউৰোপ জুৰি ৰেড আর্মিৰ দখলৰ ফলত নতুন কেতবোৰ শাসনতন্ত্র প্রতিষ্ঠিত হৈছিল যিবোৰে পুঁজিবাদক নাকচ কৰি শ্রমিক শক্তিৰ প্রতিনিধিত্ব কৰিব বিচাৰিছিল। ফ্রাঞ্চ আৰু ইটালী দুয়োখন দেশতে কমিউনিষ্ট পার্টি দেশৰ সর্ববৃহৎ ৰাজনৈতিক দললৈ পৰিণত হৈছিল। ইউৰোপৰ অন্যান্য দেশবোৰত চচিয়েল ডেমক্রেটিক দলবোৰৰ উত্থান ঘটিছিল – যেনে বৃটেইনত চার্চিলৰ টৰি দলক পৰাস্ত কৰি লেবাৰ পার্টিৰ চৰকাৰ গঠন হৈছিল। এটা কথা স্পষ্ট আছিল যে যুদ্ধত পুঁজিবাদী দেশবোৰৰ শ্রমিকসকলে অনেক ত্যাগ তথা কষ্ট ভোগ কৰিছিল আৰু এনেস্থলত পুণৰ আর্থিক মন্দা আৰু দুৰৱস্থাৰ কাললৈ ঘূৰি যাবলৈ শ্রমিকসকল কোনোপধ্যেই প্রস্তুত নাছিল। আমেৰিকাতো নিবনুৱা সমস্যাৰে ভাৰাক্রান্ত প্রাক-যুদ্ধ কাললৈ পুণৰ ঘূৰি যোৱাটো ৰাইজৰ মনত গ্রহণযোগ্য নাছিল কিয়নো ইতিমধ্যেই ৰুজভেল্টৰ ‘নিউ ডিল’ অর্থনীতিয়ে এক বৈকল্পিক ব্যৱস্থাৰ সম্ভাৱনাৰ সংকেত দি থৈছিল। কাজেই সমস্ত বিকশিত পুঁজিবাদী বিশ্বতে কেইনচীয় নীতি – অর্থাৎ ৰাষ্ট্রৰ দ্বাৰা চাহিদাৰ মেনেজমেণ্ট – গ্রহণীয় নীতি হৈ পৰিছিল। 

ইউৰোপৰ দেশবোৰত ৰাষ্ট্রই বিভিন্ন কল্যাণকামী পদক্ষেপ লোৱাৰ ফলত ই ৰাজহুৱা ব্যয় বৃদ্ধি কৰিলে; যদিও এই ব্যয়ৰ একাংশ শ্রমিকৰ পৰাই কৰৰ ৰূপত উলিয়াই লোৱা হৈছিল, তথাপিও ই মুঠ চাহিদা তথা নিয়োগ বৃদ্ধি কৰাত সহায় কৰিলে। আনহাতে আমেৰিকাত “মিলিটেৰী কেইনচীয় নীতি” পালন কৰা হল; অর্থাৎ ৰাষ্ট্রই মিলিটেৰী খণ্ডবোৰত ভীষণভাৱে বিনিয়োগ কৰিলে যি কর্মসংস্থাপনো বৃদ্ধি কৰিলে। আন কথাত, পুঁজিবাদৰ অধীনত আগেয়ে কেতিয়াও নেদেখা নুশুনা এটা পৰিঘটনা – শ্রমৰ প্রায় প্রায় সম্পূর্ণ নিয়োগকৰণ – সম্পূর্ণ কর্মসংস্থাপন - বিকশিত পুঁজিবাদী দেশবোৰত দেখা পোৱা গল। 

চাহিদাৰ ভীষণ বৃদ্ধিয়ে বিনিয়োগ আৰু আর্থিক বিকাশৰো গতি তীব্র কৰি তুলিলে। শ্রমৰ উৎপাদনশীলতাৰ তীব্র বৃদ্ধি আৰু সম্পূর্ণ কর্মসংস্থাপনৰ ফলত শ্রমিকৰ বর্ধিত দৰদামৰ ক্ষমতা – এই দুয়োটা মিলি প্রকৃত মজুৰীও ভীষণভাৱে বৃদ্ধি কৰিলে। সত্তৰৰ দশকৰ আদিভাগলৈকে এই স্থিতি বর্তি থাকিল আৰু এইখিনি সময়ত তীব্র আউটপুট বৃদ্ধি, উচ্চ কর্মসংস্থাপনৰ হাৰ তথা প্রকৃত মজুৰীৰ ভীষণ বিকাশ – আটাইকেউটা উপাদান মিলি পুঁজিবাদৰ এক “সোণালী যুগ” সৃষ্টি কৰিলে। প্রাক-যুদ্ধ কালৰ পুঁজিবাদৰ তুলনাত ই এক সম্পূর্ণভাৱে ভিন্ন ছবি আছিল। এইখিনি সময়তে শ্রমিক শ্রেণীৰ ক্ষমতাও অহৰহভাৱে বৃদ্ধি হৈছিল যাৰ বাবে অক্টোবৰ বিপ্লৱৰ ঐতিহ্যও বহুখিনিলৈকে দায়ী আছিল। কিন্তু এইটোও ঠিক যে এইখিনি সময়লৈকে অক্টোবৰ বিপ্লৱ সম্ভৱপৰ কৰি তোলা লেনিনীয় সন্ধিক্ষণৰ ম্যাদো উকলি গৈছিল।

তৃতীয় ৰেহাইটো আছিল সার্বজনীন ভোটাধিকাৰৰ আধাৰত ৰাজনৈতিক গণতন্ত্র স্থাপন। মন কৰিবলগীয়া যে বৃটেইনত ১৯২৮ চনলৈকে মহিলাসকলে ভোটাধিকাৰ লাভ কৰা নাছিল তথা ১৯৪৫ পর্যন্ত এই বিষয়ক কিছুমান বাধা-নিষেধ অটুট আছিল। বুর্জোৱা বিপ্লৱৰ মাতৃভূমি ফ্রাঞ্চত ১৯৪৫ চনতহে সার্বজনীন ভোটাধিকাৰ প্রবর্তন কৰা হৈছিল। আন কথাত, উত্তৰ-বিশ্বযুদ্ধ কালছোৱাৰ পুঁজিবাদত এনে কেতবোৰ বৈশিষ্ট যুক্ত হৈছিল যিবোৰ মার্ক্স বা লেনিনে দেখা পোৱাটো সম্ভৱপৰ নাছিল। ই আনকি সংসদবাদ সম্পর্কে লেনিনে কোৱা এষাৰি কথা ভুল প্রমাণিত কৰিছিল – লেনিনে লুকাচ্চক সমালোচনা কৰি কৈছিল যে সংসদবাদ পুঁজিবাদৰ অধীনত প্রেকটিকেলভাৱে নহলেও অন্ততঃ ঐতিহাসিকভাৱে কালবাহ্য(historically obsolete) হৈ পৰিছে। পিছে উত্তৰ বিশ্বযুদ্ধকালত দেখা গল সংসদবাদ মুঠেও কালবাহ্য হৈ পৰা নাই। এনে পৰিবর্তনে আচলতে এটা পৰিবর্তিত সন্ধিক্ষণকেই সূচিত কৰিছিল। 

এই কথাষাৰ সঁচা যে বিকশিত পুঁজিবাদী দেশবোৰত বুর্জোৱা ৰাষ্ট্র স্থাপিত হোৱাৰ বহু পাছতহে গণতন্ত্র স্থাপিত হৈছিল; ফলত সার্বজনীন ভোটাধিকাৰে বুর্জোৱা ৰাষ্ট্রৰ প্রতি কোনো প্রত্যাহবান কঢ়িয়াই নিয়াৰ সম্ভাৱনা নাছিল। বুর্জোৱা ৰাষ্ট্র আৰু একচেটিয়া পুঁজিৰ মাজত স্থাপিত হোৱা ঘনিষ্ঠ সম্পর্কবোৰক গণতান্ত্রিক গাঁথনিবোৰে দুর্বল কৰি পেলাব পৰা নাছিল। তদুপৰি এই সম্পর্কবোৰ যাতে অটুট থাকে, তাৰ বাবে পুঁজিবাদে বহুতো নতুন কার্যপদ্ধতিও বিকশিত কৰি লৈছিল। পিছে লগতে এইটোও সত্য যে গণতান্ত্রিক গাঁথনিবোৰে সংগ্রামৰ বহুতো নতুন পথ শ্রমিক শ্রেণীৰ বাবে খুলি দিলে। শ্রমিক শ্রেণীৰ ৰাজনৈতিক হস্তক্ষেপৰ পৰিসীমা ই বৃদ্ধি কৰিলে আৰু বুর্জোৱা ৰাষ্ট্রক প্রত্যাহবান জনোৱাৰ বাবে নতুন কেতবোৰ পথো ই খুলি দিলে –যিবোৰ পূর্বে অস্তিত্বমান নাছিল। পাছলৈ তৃতীয় বিশ্বৰ দেশবোৰলৈও এই গণতান্ত্রিক গাঁথনিবোৰৰ সম্প্রসাৰণ ঘটিল আৰু নিশ্চিতভাৱে ইয়াকো এক মহান ঐতিহাসিক তাৎপর্য থকা ঘটনা বুলি কব লাগিব। 

এই পৰিবর্তনবোৰ এফালে শোষিত শ্রেণীবোৰৰ সবলীকৰণৰ ক্ষেত্রত প্রগতিশীল আছিল, পিছে আনফালে সিবিলাকে লেনিনীয় সন্ধিক্ষণৰ সময়ত দেখা পোৱা পুঁজিবাদৰ অচলাৱস্থাৰো সমাধান কৰিলে। ৰ’জা লাক্সেমবার্গে কোৱা কথাষাৰ – যে মানৱ জাতিৰ সমুখত আজি দুটাই বিকল্প আছে, সমাজবাদ অথবা বর্বৰতাবাদ – এই কথাষাৰ উত্তৰ যুদ্ধ কালছোৱাত সিমানখিনি প্রযোজ্য নাছিল যিমানখিনি ই ১৯১৪-১৯৪৫ সময়ছোৱাত প্রযোজ্য আছিল। পুঁজিবাদৰ ভিতৰতে বহুতো নতুন সম্ভাৱনা তথা ন ন চয়নৰ সুবিধা সৃষ্টি হ’ল – এইবাবে নহয় যে পুঁজিবাদ সিবিলাকৰ প্রতি আগ্রহশীল আছিল, বৰং এইবাবেহে যে নতুন পৰিস্থিতিটোৰ অধীনত সিবিলাকৰ উদয়ৰ প্রতি সন্মতি জনোৱাটো পুঁজিবাদৰ বাবে প্রয়োজনীয় আছিল। আন কথাত, পুঁজিবাদে নিজৰ পুণর্গঠন (restructuring) কৰিবলৈ বাধ্য হৈছিল। 

কিন্তু এফালে যেনেকৈ পুঁজিবাদে নিজৰ পুণর্গঠন সাধন কৰিলে আৰু এইদৰেই ই লেনিনীয় সন্ধিক্ষণটোকো অতিক্রম কৰিলে, আনফালে সমাজবাদী দেশবোৰত কিন্তু এনে কোনো তুলনীয় পুণর্গঠন দেখা পোৱা নগল। ফলত লেনিনীয় সন্ধিক্ষণটোৰ যৱনিকা পৰাৰ লগে লগেই সমাজবাদী শিবিৰৰ সম্প্রসাৰণে চোভিয়েট ইউনিয়নক “আৱদ্ধ স্থান”(closed space)ৰ পৰা মুক্ত কৰি আগলৈ লৈ যোৱাৰ বিপৰীতে নতুন কেতবোৰ “আৱদ্ধ স্থান” গঠনহে কৰিলে। 

সমাজবাদী দেশবোৰত কোনো ধৰণৰ পুণর্গঠন নোহোৱাৰ ফলত চোভিয়েট ব্যৱস্থাটোৰ দুটা আন্তঃসম্পর্কযুক্ত বৈশিষ্ট – “কমাণ্ড অর্থনীতি” আৰু “একক পার্টিৰ একনায়কত্ব” পূর্বৰ দৰেই বাহাল হৈ থাকিল। অৱশ্যে কমাণ্ড অর্থনীতিক সদায়েই ঋণাত্মক দৃষ্টিৰে চোৱাটো ভুল কথা হব। কমাণ্ড অর্থনীতিৰ অন্যতম মূল সমালোচক জানুচ কর্ণাইৰ মতেই কমাণ্ড অর্থনীতিয়ে এটা নতুন আর্থিক ব্যৱস্থাৰ জন্ম দিলে যাক resource-constrained system বুলি কব পাৰি (ইয়াৰ বিপৰীতে পুঁজিবাদক demand-constrained system বুলি কব পাৰি)। পুঁজিবাদৰ ক্ষেত্রত সচৰাচৰ দেখা পোৱা নিবনুৱা সমস্যা কমাণ্ড অর্থনীতিসমূহত দেখিবলৈকে পোৱা নগৈছিল; বৰং শ্রমৰ নাটনি আছিল কমাণ্ড অর্থনীতিবোৰৰ অনন্য বৈশিষ্ট। আধুনিক যুগত ই এক অভাৱনীয় পৰিঘটনা আছিল। বহুসংখ্যক মহিলাই শ্রম-বাহিনীত যোগদান কৰাৰ ফলত এই অর্থনীতিবোৰে জেণ্ডাৰ সম্পর্কবোৰতো গভীৰ প্রভাৱ পেলাইছিল। 

কমাণ্ড অর্থনীতিবোৰ প্রায়েই সম্পদ ব্যৱহাৰৰ ক্ষেত্রত অকুশল(inefficient) আছিল বুলি কোৱা হয়; এইবুলিও কোৱা হয় যে নতুন উদ্ভাৱনৰ প্রয়োগৰ ক্ষেত্রতো সিবিলাক লেহেম আছিল। কিন্তু পুঁজিবাদী অর্থনীতিবোৰৰ সতে যদি কমাণ্ড অর্থনীতিবোৰৰ তুলনা কৰা হয়, তেনেস্থলত এনে সমালোচনা তেনেই তৰাং যেনেই ভাব হয়। পুঁজিবাদী অর্থনীতিবোৰত সাধাৰণতেই কর্মসংস্থাপনহীনতা আৰু অব্যৱহৃত ধাৰণাক্ষমতা(unutilized capacity)দেখিবলৈ পোৱা যায়। সমাজবাদী কমাণ্ড অর্থনীতিবোৰত আনহাতে সম্পদৰ সম্পূর্ণ ব্যৱহাৰ তথা সম্পূর্ণ কর্মসংস্থাপন দেখিবলৈ পোৱা গৈছিল। এই অর্থনীতিবোৰৰ যদি কিবা অকুশলতা আছিল, সেয়া আচলতে সংঘটিত হৈছিল বিপথেৰে সম্পদ লৈ যোৱাৰ ফলত। মন কৰা ভাল যে পুঁজিবাদৰ অধীনতো ভীষণ পৰিমাণে সম্পদ বিপথেৰে লৈ যোৱা হয় – বিজ্ঞাপন, বিক্রী প্রয়াস আদিৰ নামত অনেক সম্পদ অপচয় কৰা হয়। সেই দিশৰ পৰা চাবলৈ গলে যিহেতু সমাজবাদী কমাণ্ড অর্থনীতিত সম্পদৰ পূর্ণব্যৱহাৰ হৈছিল তথা বিক্রী প্রয়াসৰ কোনো নাম গোন্ধ তাত নাছিল, সেয়েহে পুঁজিবাদতকৈ সমাজবাদৰ অধীনত সম্পদৰ অপচয় কমেই হৈছিল বুলি কব পাৰি। উদ্ভাৱনৰ ক্ষেত্রতো চোভিয়েট ইউনিয়নৰ অনেকবোৰ কৃতিত্ব আছিল আৰু নীতিগতভাৱেও কমাণ্ড অর্থনীতিবোৰ কিয় পুঁজিবাদতকৈ সদায়েই পিছ পৰি থাকিবলৈ বাধ্য – এই প্রশ্নটোৰো উত্তৰ স্পষ্ট নহয়। মন কৰা ভাল যে পুঁজিবাদৰ অধীনতো এক বিশাল সংখ্যক উদ্ভাৱন ৰাষ্ট্রৰ অধীনত বা বহুজাতিক নিগমবোৰৰ গৱেষণা শাখাবোৰত কৰা হয়; সেই হিচাপত কমাণ্ড অর্থনীতিবোৰ কিয় পিছ পৰি থাকিবলৈ বাধ্য - এই কথাষাৰ স্পষ্ট নহয়। আচলতে কমাণ্ড অর্থনীতিয়ে সমস্ত অর্থনীতিখনকে উদ্ভাৱন প্রয়োগ কৰিবলৈ “কমাণ্ড” কৰিব পাৰে – যিদৰে বহুজাতিক নিগম একোটাই নিজৰ নিগমটোত উদ্ভাৱন প্রয়োগ কৰে। কেৱল এক বিশেষ প্রকাৰৰ উদ্ভাৱনকেই সমাজবাদৰ অধীনত আঁতৰাবলৈ চেষ্টা কৰা যাব পাৰে, যিটো পুঁজিবাদৰ অধীনত সচৰাচৰ দেখা পোৱা যায় – সেয়া হৈছে বৃহৎ ব্যক্তিগত সম্পত্তিলাভৰ(personal fortune) আশাৰে কৰা উদ্ভাৱন – কিয়নো সমাজবাদৰ অধীনত ব্যক্তিগত লাভালাভৰ প্রসংগই নাথাকিব। তদুপৰি এইজাতীয় চিন্তাধাৰাই মানি লয় যে মানুহে কেৱল ব্যক্তিগত লাভালাভৰ বাবেই কাম কৰিবলৈ উৎসাহিত হয়। পিছে সদায়েই ই সত্য হব লাগিবই বুলি ভাবি লোৱাৰ কোনো প্রয়োজন নাই আৰু সমাজবাদেও এই সীমাৱদ্ধতা অতিক্রম কৰিবলৈ চেষ্টা কৰিব। অৱশ্যেই পূর্বে অস্তিত্বমান সমাজবাদী ব্যৱস্থাটোৱে এনে কৰাত ব্যর্থ হৈছিল আৰু ঠিক এইটো কাৰণতেই তাক সমালোচনা কৰিব পাৰি – কোনো বিমূর্ত উদ্ভাৱনহীনতাৰ বাবে নহয়। 

সমাজবাদী কমাণ্ড অর্থনীতিৰ মূল সমস্যাটো আন কৰবাতহে লুকাই আছে – সেয়া হৈছে – ই মানুহক কামৰ বাবে তথা শৃংখলাৰ(discipline) বাবে কোনো বৈকল্পিক ধৰণৰ প্রেৰণা যোগাব পৰা নাছিল। মন কৰক যে সামন্তবাদৰ অধীনত জমিদাৰৰ দ্বাৰা প্রত্যক্ষভাৱে জোৰ-জবৰদস্তি কৰি কৃষকৰ পৰা কাম উলিয়াই লোৱা হয়। আনহাতে পুঁজিবাদৰ অধীনত অতিৰিক্ত শ্রম বাহিনীৰ উপস্থিতিয়ে শ্রমিকক কামৰ বাবে হেঁচা প্রদান কৰে; ঠিক এইটো কাৰণতেই অতিৰিক্ত শ্রম বাহিনীক অস্তিত্বমানো কৰি ৰখা হয়। আনহাতে সমাজবাদৰ অধীনত সম্পূর্ণ কর্মসংস্থাপন সুনিশ্চিত হবই লাগিব আৰু সেয়েহে এইক্ষেত্রত কামৰ প্রেৰণাৰ উৎস হব লাগিব এনেধৰণৰ - বৃহত্তৰ সমষ্টিটোলৈ বৰঙনি যোগোৱা – আৰু ইয়াৰ যোগেদিয়েই ব্যক্তিৰো আত্মবোধ নির্মিত হোৱা । এইদৰেই একাংগীত্বকো অতিক্রম কৰিব পৰা যাব। (এনে হোৱাৰ লগে লগেই ব্যক্তি একোজনে উদ্ভাৱন কেৱল তেওঁৰ ব্যক্তিগত লাভালাভৰ বাবেই কৰিব বোলা ধাৰণাটোৰো অৱসান ঘটিব; উদ্ভাৱন হৈ পৰিব সমাজবাদৰ যাত্রাৰ স্বাভাৱিক অংগ। এনেস্থলত সমাজবাদ পুঁজিবাদতকৈও অধিক উদ্ভাৱনশীল হৈ পৰাৰ সম্ভাৱনা আছে)। 

সমাজবাদী কমাণ্ড অর্থনীতিবোৰে নিশ্চিতভাৱে সম্পূর্ণ কর্মসংস্থাপন সুনিশ্চিত কৰিছিল আৰু সকলো লোককে চাকৰি প্রদান কৰিছিল; কিন্তু কামৰ বাবে প্রেৰণা পুঁজিবাদৰ দৰে অতিৰিক্ত শ্রম বাহিনীৰ উপস্থিতি হোৱাৰ বিপৰীতে ই আছিল ৰাষ্ট্রৰ দ্বাৰা প্রত্যক্ষ শাস্তিৰ ভাবুকি। এনে ভাবুকি বা বলপ্রয়োগ আনহাতে একক দলৰ একনায়কত্বৰ ফলত সৃষ্টি হোৱা সামগ্রিক কর্তৃত্ববাদী সংস্কৃতিৰ লগত যুক্ত হৈ পৰিছিল আৰু ই পৰিবেশটোক আৰু অধিক কর্তৃত্ববাদী কৰি পেলাইছিল। কমাণ্ড অর্থনীতি আৰু একক পার্টিৰ একনায়কত্ব – এই দুয়োটা উপাদান ইটো সিটোৰ পৰিপূৰক আছিল আৰু এই ব্যৱস্থাটোৱে শ্রমিকসকলৰ বাবে অনেক কল্যাণকাৰী পদক্ষেপ লোৱা স্বত্তেও শেষপর্যন্ত ই এক নতুন প্রকাৰৰ একাংগীত্বৰ জন্ম দিছিল। ই সর্বহাৰাৰ একনায়কত্বৰ বিপৰীতে সর্বহাৰাৰ ওপৰত একনায়কত্বলৈ পর্যৱসিত হৈছিল; অর্থাৎ শ্রমিকৰ বাবে ই বহুতো পদক্ষেপ লৈছিল আৰু শ্রমিকৰ ওপৰত ই শাসন কৰিছিল কিন্তু ই শ্রমিকৰ স্ব-শাসন নাছিল। 

এই ব্যৱস্থাটোৰ অন্যতম ফলাফল আছিল সমস্ত বৌদ্ধিক জীৱনটোৰ অৱক্ষয়। এই অৱক্ষয়ৰ বাবেই কমিউনিষ্টসকলে সময়ত বুজিবলৈ সক্ষম নহল যে ইতিমধ্যেই লেনিনীয় সন্ধিক্ষণৰ অন্ত পৰিছে আৰু এটা নতুন যুগৰ আৱির্ভাৱ ঘটিছে। বৰং কমিউনিষ্টসকলে এইবুলিহে ভাবি থাকিল যে লেনিনীয় সন্ধিক্ষণ এতিয়াও সক্রিয় হৈ আছে আৰু পুঁজিবাদৰ সাধাৰণৰ সংকটৰ পৰিবেশত লেনিনে আশা কৰাৰ দৰেই অতি শীঘ্রে অন্যান্য দেশতো বিপ্লৱ সংঘটিত হব। নতুন সন্ধিক্ষণটোক চিহ্নিত কৰাৰ ক্ষেত্রত এই ব্যর্থতাই প্রথমতে বিশেষ ক্ষতি কৰিব পৰা নাছিল কিয়নো দ্বিতীয় বিশ্বযুদ্ধৰ ঠিক পাছ মুহূর্তত চোভিয়েট ইউনিয়ন তথা সমস্ত কমিউনিষ্ট আন্দোলনটোৱেই সমাজত বিশেষ সন্মান লাভ কৰিছিল। ফেচীবাদবিৰোধী তাৰ সংগ্রাম তথা ত্যাগৰ বাবে বিকশিত পুঁজিবাদী দেশবোৰতো কমিউনিজম বিশেষভাৱে সন্মানিত তথা জনগণৰ আদৰৰ এক আন্দোলন আছিল। তৃতীয় বিশ্বৰ দেশবোৰত ঔপনিবেশিকতাবাদবিৰোধী তথা সামন্তবাদবিৰোধী সংগ্রামত তাৰ ভূমিকাৰ বাবে তথা নতুনকৈ মুক্তি লাভ কৰা দেশবোৰৰ উদ্যোগীকৰণৰ ক্ষেত্রত কৰা সহায়ৰ বাবে চোভিয়েট ইউনিয়ন তথা সামগ্রিক কমিউনিষ্ট আন্দোলনটো সকলোৰে দ্বাৰা প্রশংসিত হৈছিল। পিছে এনে স্থিতি বেছিদিনলৈ টিকি নাথাকিল। এটা নতুন প্রজন্মৰ উদয়ৰ লগেলগেই – যাৰ বাবে এই স্মৃতিবোৰৰ কোনো মূল্য নাছিল – কমিউনিজম বিপদত পৰিবলৈ আৰম্ভ কৰিলে। 

আমি পূর্বেই উল্লেখ কৰিছোঁ যে পুঁজিবাদে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত নিজৰ পুর্ণগঠন কৰিবলৈ সক্ষম হৈছিল আৰু আনহাতে সমাজবাদী শিবিৰটোত এনে কোনো পুর্ণগঠন পৰিলক্ষিত হোৱা নাছিল। দীর্ঘকাল ধৰি একক পার্টিৰ একনায়কত্বৰ ফলত শ্রমিক শ্রেণীটোৰো অৰাজনীতিকৰণ ঘটিছিল আৰু এক নতুন প্রকাৰৰ একাংগীত্বৰ আৱির্ভাৱ ঘটিছিল। বিপ্লৱৰ পাছত পৰিস্থিতিৰ দায়ত পৰিয়েই একক পার্টিৰ একনায়কত্ব স্থাপন কৰিব লগীয়া হৈছিল কিন্তু পাছলৈ তাকেই সর্বহাৰাৰ একনায়কত্বৰ আদর্শ ৰূপ বুলি প্রক্ষেপ কৰা হল; আনকি এইবিষয়ক কিছু তত্ত্বও উদ্ভাৱন কৰা হল। লেনিনীয় সন্ধিক্ষণৰ অন্ত পৰাৰ পাছতো এইধৰণৰ অনুশীলনবোৰৰ পৰিবর্তন নঘটিল। কাজেই ফেচীবাদবিৰোধী তথা ঔপনিবেশিকতাবাদ-বিৰোধী সংগ্রামত কমিউনিষ্টৰ ভূমিকাৰ প্রসংগবোৰ ইতিহাসলৈ পৰিণত হোৱাৰ পাছত অপৰিবর্তিত কমিউনিষ্ট ৰাষ্ট্র তথা কমিউনিষ্ট পার্টিবোৰ প্রাসংগিক হৈ থকাটো কঠিন হৈ পৰিল। বিশ্বৰ এক বৃহৎ অংশৰ পৰা সাম্যবাদৰ দ্রুত পতনে এই কথাৰে ইংগিত দিলে যে কমিউনিষ্টসকলে উত্তৰ-লেনিনীয় সন্ধিক্ষণ অনুসৰি নিজৰ তত্ত্ব, অনুশীলন তথা গাঁথনি অনুকূলভাৱে পুণঃনির্মাণ কৰি লবলৈ সক্ষম নহল। ভাৰতৰ দৰে কিছু দেশতহে আন্দোলনটো জীয়াই থাকিল য’ত কমিউনিষ্টসকলে পৰিবর্তিত পৰিস্থিতিৰ সৈতে নিজকে কিছুদূৰৈলৈ মিলাই লবলৈ সক্ষম হৈছিল। 

লেনিনীয় সন্ধিক্ষণৰ অৱসান তথা নতুন পৰিস্থিতি অনুসৰি নিজৰ পুণর্গঠন কৰিব নোৱাৰাৰ আঁৰত বহুদূৰলৈকে কমিউনিষ্ট পার্টিৰ ৰাজনৈতিক গাঁথনিটোও দায়ী আছিল। পূর্বৰ পৰিস্থিতিত যিবোৰ অনুশীলন শুদ্ধ আছিল, নতুন পৰিস্থিতিত সিবিলাকেই বাধালৈ পৰিণত হ’ল; চিন্তনৰ ক্ষেত্রতো এই কথাষাৰ খাটে। বিপ্লৱী সমাজবাদী আন্দোলনৰ অন্যতম উজ্জ্বল দিশটো আছিল – তাৰ বৌদ্ধিক কৃতিত্বখিনি। যিটো সময়ত বুর্জোৱা চিন্তনৰ জগতখন বোধহীন যথাস্থিতিবাদ তথা স্থূল পক্ষপাতৰ অন্ধকাৰত ডুব গৈ আছিল, সেইখিনি সময়ত বিপ্লৱী আন্দোলনটোৱে কার্ল কাউটস্কী, লেনিন, লাক্সেমবার্গ, লুনাচাৰস্কি, বুখাৰিন, গ্রামচি, লুকাচ্চ আদিৰ দৰে মহান চিন্তাবিদৰ জন্ম দিছিল। কলা আৰু বৌদ্ধিক জগতখনত বিপ্লৱী আন্দোলনটোৱে অনুপম অৱদান আগবঢ়াইছিল। কিন্তু সকলো মতবিৰোধ বলপূর্বকভাবে দমন কৰি তথা চিন্তনৰ একেটাই ৰূপ তথা ধৰণ প্রতিষ্ঠা কৰি এটা একক পার্টিৰ একনায়কত্ব স্থাপন কৰাৰ ফলত তথা গণতান্ত্রিক কেন্দ্রীয়তাবাদকেই পার্টিৰ পৰিচালনাৰ ক্ষেত্রত মূল নীতি হিচাপে গ্রহণ কৰাৰ ফলত (যি অতি সোনকালেই গৈ কেৱল কেন্দ্রীয়তাবাদৰ ৰূপ ধাৰণ কৰিলে) পার্টিয়ে সমস্ত সৃষ্টিশীলতা তথা মৌলিকতা হেৰুৱাই পেলালে। এনে স্থিতিত সাধাৰণতেই দেখা যায় - অতি সোনকালেই সত্যৰ সৈতে মুখামুখি কৰাৰ শক্তিও পার্টিৰ ওচৰত নাথাকেগৈ। ফলত পার্টিয়ে এনে এখন ফেন্টাচীৰ পৃথিবীত বাস কৰিবলৈ আৰম্ভ কৰে য’ত নেতৃত্বই “গ্রহণযোগ্য” ফর্মুলাবোৰৰ বাহিৰে নতুন চিন্তা কৰিবলৈ ইচ্ছা নকৰে; য’ত ফেন্টাচীয়েই বাস্তৱ জগতখনৰ স্থান গ্রহণ কৰে। পার্টিৰ সৰু-সুৰা কর্মকর্তাৰ কথাতো দূৰৈৰে কথা – যি নেতৃত্বই জাপি দিয়া বক্তব্যৰ বিপৰীতে আন কোনো বৈকল্পিক চিন্তন প্রকাশ কৰিবলৈ সাহস কৰিব নোৱাৰে, আনকি স্বয়ং নেতাসকলেও ৰাজহুৱা স্থানত নিজে কোৱা কথাবোৰ ব্যক্তিগতভাৱে বিশ্বাস নকৰে! উদাহৰণস্বৰূপে, চোভিয়েট ৰাছিয়াৰ পতনৰ সময়ত দেখা গল –বিয়াগোম চোভিয়েট কমিউনিষ্ট পার্টিটোৰ নেতাসকলৰ মাজত এজনো নেতা নোলাল যি সঁচাকৈয়ে সাম্যবাদত বিশ্বাস কৰিছিল। পাছলৈ এই নেতাবোৰেই বিভক্ত চোভিয়েট ইউনিয়নৰ বিভিন্ন গণৰাজ্যবোৰৰ বুর্জোৱা নেতা হিচাপে আত্মপ্রকাশ কৰিলে। এই যে পার্টিয়ে লেনিনীয় সন্ধিক্ষণৰ সময় উকলি যোৱাৰ কথাষাৰ মানি লবলৈ অস্বীকাৰ কৰিছিল, ইয়াৰ কাৰণ আছিল পার্টিৰ আভ্যন্তৰীণ মতাদর্শগত জগতখনৰ এনে চূড়ান্ত অৱক্ষয়। 

এনে অৱক্ষয় বিড়ম্বনামূলক বুলিয়েই কব লাগিব কিয়নো “লেনিনবাদী পার্টি”ৰ তত্ত্বগত ধাৰণাটোৰ মতে পার্টি হৈছে প্রফেচনেল বিপ্লৱীৰ দ্বাৰা নির্মিত এনে এটা ভেনগার্ড অনুষ্ঠান যি নিজৰ ভুলবোৰ নিজে চিনাক্ত কৰিব পাৰে, যাৰ অস্ত্র হৈছে তত্ত্ব আৰু যি প্রতিটো কংক্রিট পৰিস্থিতিক তাৰ সামগ্রিক চৰিত্র অনুসৰি চৰিত্রায়ন কৰে যাতে বিপ্লৱক আগবঢ়াই লৈ যাবৰ বাবে সঠিক কার্যভাৰ চিহ্নিত কৰিব পৰা যায়। পিছে বাস্তৱত তাৰ ওলোটাটোহে দেখা পোৱা গল। এনে ফলাফলৰ কাৰণ কি আছিল? কিয় পার্টিৰ চিন্তনৰ জগতখনত এনে ভীষণ অৱক্ষয়ে দেখা দিলে, কিয় ই চিন্তনক বাস্তৱ পৃথিবীখনৰ পৰা আঁতৰাই পঠিয়ালে, কিয় ই অফিচিয়েল মতাদর্শৰ এনে এখন “বন্ধ পৃথিবী” নির্মাণ কৰিলে য’ত বাস্তৱ পৃথিবীখনৰ প্রবেশ সম্ভৱপৰ নাছিল? 

“লেনিনীয় পার্টি” বিষয়ক সহজাত ধাৰণাটোৰ দুটা মূল সমস্যা আছে। (এইখিনিতে উল্লেখ কৰা দৰকাৰ যে সমস্যা দুটাৰ উৎস স্বয়ং লেনিনৰ মাজত সন্ধান কৰিব নোৱাৰি; ট্রেড ইউনিয়ন বিতর্কৰ সময়ত লেনিনৰ বক্তব্যবোৰ অধ্যয়ন কৰিলেই এই কথাষাৰ স্পষ্ট হৈ পৰে)। প্রথম সমস্যাটো হৈছে – পার্টি বিষয়ক এই ধাৰণাটো হৈছে এক সম্পূর্ণভাবে ভাৱবাদী ধাৰণা কিয়নো ই পার্টিৰ পেশাদাৰী বিপ্লৱীসকলক মহামানৱ যেন গণ্য কৰেঃ যেন এই বিপ্লৱীসকলৰ কোনো ব্যক্তিগত পচন্দ অপচন্দ নাই, তেওঁলোকে পার্টিৰ ভিতৰত কোনো আপোচ বা কৌশল অৱলম্বন নকৰে, তেওঁলোকৰ সিদ্ধান্তবোৰ কোনো ব্যক্তিগত বিবেচনাই প্রভাৱাম্বিত নকৰে, তেওঁলোক কেৱল কংক্রিট পৰিস্থিতিৰ দ্বন্দ্বমূলক বিশ্লেষণৰ প্রতিয়েই আগ্রহী। এয়া এক ভাৱবাদী ধাৰণা কিয়নো স্বয়ং জর্জ লুকাচ্চে নিজে কোৱা মতেই পার্টিত “প্রবেশ টিকেট” পাবলৈ তেওঁ কিছু তাত্ত্বিক আপোচ কৰিব লগা হৈছিল, যাতে ফেচীবাদবিৰোধী সংগ্রামত তেওঁ অংশগ্রহণ কৰিব পাৰে। এনে এটা পার্টি যি নিজকে এইদৰে সম্পূর্ণ বাস্তৱবিবর্জিতভাৱে সূত্রায়িত কৰে, তেনে এক পার্টিৰ একনায়কত্বই বাস্তৱ পৃথিবীখনৰ পৰা পার্টিটোক অতি সোনকালেই আঁতৰাই নিবলৈ বাধ্য। ক্রমান্বয়ে পার্টিৰ “অফিচিয়েল” পজিচনবোৰ বাস্তৱ পৃথিবীখনৰ পৰা আঁতৰি আহিবলৈ আৰম্ভ কৰে, পার্টিটো নিজৰ দ্বাৰা নির্মিত কাৰাগাৰত “আৱদ্ধ” হৈ পৰে। অথচ পৃথিবীখনৰ সঠিক বিশ্লেষণ কৰি বিপ্লৱী পথেৰে আগবাঢ়ি যোৱাটোৱেই পার্টিৰ আচল উদ্দেশ্য আছিল। পার্টিটোৰ তত্ত্বগত অৱক্ষয়ে চূড়ান্ত পর্যায় লাভ কৰাৰ পাছত যেতিয়া বিভ্রান্তিয়ে পূর্বৰ সমস্ত তত্ত্বগত বিশ্বাস ভাঙি চুৰমাৰ কৰে তেতিয়া পার্টিটো বা তাৰ বিভিন্ন অংশবোৰ নানা ৰকমৰ বুর্জোৱা মতাদর্শৰ প্রতি আকর্ষিত হবলৈ আৰম্ভ কৰে। 

পার্টি যাতে এক “আৱদ্ধ” অনুষ্ঠান হৈ নপৰে, ঠিক এই কাৰণটোৰ বাবেই পার্টিক শ্রমিক শ্রেণীৰ প্রতি উত্তৰদায়ী(accountable) কৰি তোলা উচিত। এইফেৰা কাম সুনিশ্চিত কৰাৰ অন্যতম উপায় হৈছে – শ্রমিক শ্রেণীৰ সমুখত নিজৰ পার্টি চয়ন কৰাৰ ক্ষমতা থকা উচিতঃ অর্থাৎ এক বহুদলীয় ব্যৱস্থা থকা উচিত। এইক্ষেত্রত কোনোবাই প্রশ্ন কৰিব পাৰেঃ শ্রমিক শ্রেণীয়ে পার্টিক নাকচ কৰিলে কেনেকৈ তাক তত্ত্বগতভাৱে ন্যায্যতা প্রদান কৰিব পৰা যাব – বিশেষকৈ এনে এক পৰিস্থিতিত যেতিয়ানেকি পার্টিৰ পেশাদাৰী বিপ্লৱীসকলৰ তুলনাত শ্রমিক শ্রেণীটো তত্ত্বগতভাৱে পিছপৰা হয়? অর্থাৎ গণতন্ত্রৰ প্রতি এক সৰল অংগীকাৰে ইয়াক ন্যায্যতা প্রদান কৰিলেও স্বয়ং শ্রেণী সংগ্রামৰ প্রসংগত এনে পদক্ষেপক কেনেকৈ ন্যায্য বুলি কব পৰা যাব? এইক্ষেত্রত মোৰ যুক্তি হৈছে যে পার্টি তথা পার্টিৰ পেশাদাৰী বিপ্লৱীসকলৰ সমানে তত্ত্বগতভাৱে পার্গত নহলেও শ্রমিকসকলৰ একোটাহঁত “শ্রেণী প্রবৃত্তি”(class instinct) থাকে (স্বয়ং লেনিনেই এই “শ্রেণী প্রবৃত্তি”ৰ কথা উল্লেখ কৰি গৈছে)। এই শ্রেণী প্রবৃত্তিৰ বাবেই শ্রমিক শ্রেণীটো শ্রেণী সংগ্রামৰো সহজাত বিচাৰক হব পাৰে তথা শ্রমিকসকলৰ এজেঞ্চি পার্টিতকৈও ওপৰৰ স্তৰৰ হব পাৰে। 

আন কথাত কবলৈ গলে, অনাগত সমাজবাদী সমাজৰ ৰাজনৈতিক ব্যৱস্থাটো পূর্বৰ সমস্ত সমাজবাদী ব্যৱস্থাতকৈ ভিন্ন হব লাগিব। আমি ইতিমধ্যেই লেনিনীয় সন্ধিক্ষণৰ অৱসান সম্পর্কে আলোচনা কৰিছো আৰু এইখিনিতে তাৰ আন এটা তাৎপর্য সম্পর্কেও উল্লেখ কৰি থোৱাটো দৰকাৰ। বহুতো বাওঁপন্থী বুদ্ধিজীৱীয়ে বিপ্লৱক কেনেদৰে ক্ষয়িষ্ণু হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়, কেনেকৈ শ্রমিকৰ অৰাজনীতিকৰণ ৰোধ কৰিব পৰা যায়, কেনেকৈ বিপ্লৱৰ সৃষ্টিশীলতা ৰুদ্ধ কৰাৰ সলনি তাক অধিক বিকশিত কৰিব পৰা যায় – আদি বিষয় সম্পর্কে আলোচনা কৰি গৈছে। কমিউনিষ্ট পার্টিৰ বুদ্ধিজীৱীসকলে সাধাৰণতে এই আলোচনাবোৰত অংশগ্রহণ কৰা নাছিল কিয়নো কমিউনিষ্ট পার্টিবোৰে বিপ্লৱৰ অৱক্ষয়ৰ কথাটো আনুষ্ঠানিকভাৱে মানি লোৱা নাছিল। স্বাধীন মার্ক্সবাদী পণ্ডিত যেনে জ্যা পল ছাত্রে, পল চুইজি আদি বুদ্ধিজীৱীসকলেই এনে আলোচনাবোৰত অধিক সক্রিয় ভূমিকা পালন কৰিছিল। বিপ্লৱোত্তৰ কালছোৱাত পার্টি, শ্রেণী আৰু ৰাষ্ট্রৰ আন্তঃসম্পর্কে কেনেধৰণৰ হোৱা উচিত – এই বিষয় লৈ তেওঁলোকে বিস্তৰভাৱে আলোচনা কৰি গৈছে। 

পিছে এই আলোচনাবোৰতো অংশগ্রহণকর্তাসকলে মানি চলিছিল যে ভৱিষ্যতৰ বিপ্লৱবোৰো পূর্বৰ বিপ্লৱবোৰৰ দৰেই এনেধৰণেৰে সংঘটিত হব (যদিওবা দেশ-কাল অনুসৰি তাৰ শ্রেণী আধাৰ তথা কার্যপদ্ধতি ভিন ভিন হব পাৰে)। অর্থাৎ অংশগ্রহণকাৰীসকলে এইবুলি মানি চলিছিল যে লেনিনীয় সন্ধিক্ষণ এতিয়াও বর্তি আছে আৰু কাজেই পূর্বৰ বিপ্লৱবোৰে সমুখীন হোৱা সমস্যাবোৰৰ সৈতে নতুন বিপ্লৱবোৰেও যুঁজিব লাগিব। এনে পটভূমিতে পার্টি, শ্রেণী আৰু ৰাষ্ট্রৰ আন্তঃসম্পর্কৰ প্রশ্নবোৰৰ বিবেচনা কৰা হৈছিল। কিন্তু এতিয়া যদি এইবুলি কোৱা হয় যে লেনিনবাদী সন্ধিক্ষণৰ অন্ত পৰিছে আৰু নতুন বিপ্লৱবোৰৰ যাত্রাপথো পূর্বৰ বিপৰীতে ভিন্ন হবলৈ বাধ্য – তাৰ অর্থ হৈছে, পুৰণি সমস্যাবোৰ হয়তো এতিয়া প্রাসংগিক হৈ থকা নাই। হয়তো অন্তৱর্তীকালৰ বাবেও একক পার্টিৰ একনায়কত্ব এতিয়া জৰুৰী নহব। অর্থাৎ অনাগত বিপ্লৱবোৰে সমুখীন হব লগা সমস্যাবোৰো পূর্বৰ বিপৰীতে ভিন্ন হব। এই বিষয়ে আমি অনাগত সময়ত আলোচনা কৰিম।

(সমাপ্ত)

No comments:

Post a Comment

ৰামৰ অযোধ্যা

  মূলঃ সৰোজ মিশ্ৰ https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/ অনুবাদঃ ময়ূ ৰ চেতিয়া   কোৱা হয় -   ৰামৰ জন্ম অযোধ্য...