Sunday, December 1, 2024

মিচিচিপিৰ পৰা আন বহু নদীলৈকে: পল ৰবছনৰ সংগীত যাত্ৰা

লেখিকা - প্ৰাচী দেউৰী (সহযোগী অধ্যাপিকা, হংসৰাজ মহাবিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়)

অনুবাদ – ময়ূ চেতিয়া

 

নিগ্রো ভাই আমার পল রবসন

ওরা আমাদের গান গাইতে দেয়না, নিগ্রো ভাই আমার পল রবসন

ওরা ভয় পেয়েছে রবসন

আমাদের রক্ত চোখকে ভয় পেয়েছে

আমাদের দৃপ্ত কন্ঠে ভয় পেয়েছে

আমাদের কুচকাওয়াজে ভয় পেয়েছে রবসন

ওরা বিপ্লবের ডম্বরুতে ভয় পেয়েছে রবসন

              

১৯৫৪ চনত তুৰ্কীৰ কবি নাজিম হিকমেতে পল ৰবছনক (১৮৯৮১৯৭৬) উদ্দেশ্যি এটা কবিতা লিখিছিল, তেওঁ আমেৰিকা চৰকাৰৰ নিৰ্যাতনৰ সন্মুখীন হোৱা আপোচহীন সংগ্রামী শিল্পীজনৰ সৈতে সংহতি(solidarity) প্রকাশ কৰিছিল। এই কবিতাটো সুভাষ মুখোপাধ্যায়ে বাংলালৈ অনুবাদ কৰিছিল, আৰু পৰৱৰ্তী সময়ত কমল সৰকাৰে গীতলৈ ৰূপান্তৰিত কৰিছিল। তাবর্তী কালত বহুতো কণ্ঠশিল্পীয়ে এই গীতটোত কণ্ঠদান কৰিছে, যা ভিতত অন্যতম হৈছে হেমাংগ বিশ্বাস (ইণ্ডিয়ান পিপল̖̖ থিয়েটাৰ এছচিয়েশ্যনৰ সৈতে) তথা অজিত পাণ্ডে[1]

Friday, November 29, 2024

শান্তি ভংগ


গোটেই ৰাতি টোপনি নাহিল
গোটেই ৰাতি কুকুৰবোৰে ভুকি থাকিল
গোটেই ৰাতি উন্মত্ত শ্লগানবিলাক দিয়া হল
গোটেই ৰাতি ভয়াবহ বাদ্যবোৰ বজোৱা হল।
গোটেই ৰাতি কিবা ভগা-ছিগাৰ শব্দ আহি থাকিল।

কিন্তু তেতিয়া হেনো শান্তি ভংগ নহল।
অন্ততঃ অনুসন্ধানৰ পাছত এয়াই কোৱা হল।

শান্তি ভংগ তেতিয়াহে হল
যেতিয়া দ্বিতীয় দিনা এটা ডেকা লৰাই
দেশৰ বিষয়ে বিনাই এটা দুখৰ গান গালে।

মূল কবি (হিন্দী )- ৰাজেন্দ্ৰ ৰাজন
অনুবাদ - ময়ূৰ চেতিয়া

Friday, September 6, 2024

বাওঁপন্থীৰ বিষাদ আৰ নিৰাময়ৰ উপায়

প্ৰতিটো যুগতে [সংগ্রামী] পৰম্পৰাবিলা যথাস্থিতিবাদে(conformism) গ্রাস ৰিবলৈ চেষ্টা ৰি থাকে। সেয়েহে প্রতিটো যুগতে এই পৰম্পৰাবিলা ৰক্ষা কৰিবলৈ প্রচেষ্টাও চলাব লাগিব যিসকল ইতিহাসবিদে উপলব্ধি কৰিবলৈ সক্ষম যে শতৰুৰ হাতত মৃতকসকলো সুৰক্ষিত নহয়, সেইসকল ইতিহাসবিদেহে অতীতৰ বুকুত আশাৰ স্ফুলিংগ সৃষ্টি কৰি পাৰিব।

-   ৱাল্টা বেঞ্জামিন, “থেছিছ অন দা ফিলচফি অফ হিস্ট্রি” (Illuminations: Walter Benjamin, Essays, and Reflections)

Saturday, January 6, 2024

ৰামৰ অযোধ্যা

 মূলঃ সৰোজ মিশ্ৰ

https://kafila.online/2024/01/02/rams-ayodhya-saroj-mishra/

অনুবাদঃ ময়ূ চেতিয়া

 

কোৱা হয় -  ৰামৰ জন্ম অযোধ্যাত হৈছিল, তাতেই খেলা-ধুলা কৰিছিল,  ডাঙৰ-দীঘল হৈছিল, তাৰানিৰ্বাসনলৈ পঠোৱা হৈছিল, তথা উভতি আহি তেওঁ তাতেই শাসন কৰিছিল। এসময়ত তেওঁৰ জীৱনৰ প্ৰতিটো মুহূৰ্তক স্মৰণ কৰি একো-কোটা মন্দিৰ নিৰ্মাণ কৰা হল তেওঁ য’ত খেলিছিল, তাত নির্মিত হ’ল গুলেলা মন্দিৰ। পঢ়া-শুনা কৰা ঠাইখনত নির্মান কৰা হ’ল বশিষ্ঠ মন্দিৰ তেওঁ য'ত বহি শাসন কৰিছিল, তাতো এটা মন্দিৰ নির্মান কৰা হ’ল য’ত খাদ্য খাইছিল, সেয়া হ’লগৈ সীতা চুভৰতে যত বাস কৰিছিল, তাত নির্মাণ কৰা হ’ল ভ মন্দিৰ। লগতে নির্মাণ কৰা হ’ল হনুমান মন্দিৰ,  কোপ ভৱন, সুমিত্ৰা মন্দিৰ, ৰথ ভৱন। সম্প্রতি অযোধ্যাত এনে বিটা মন্দিৰ আছে,  যিবিলাকক ৪০০-৫০০ পূর্বে নির্মাণ কৰা হৈছিল অৰ্থাৎ ভাৰতবৰ্ষত মোগল বা মুছলমানৰ শাসন চলি থকাৰ সময়তে এই মন্দিৰসমূহ নিৰ্মাণ কৰা হৈছিল।

বাস্তৱ-সম্ভৱ সমাজবাদৰ অর্থনীতি (সপ্তম অংশ)

  মূলঃ  The Economics of Feasible Socialism by Alec Nove অনুবাদঃ ময়ূৰ চেতিয়া শ্রম বিভাজন মার্ক্সৰ ৰোমান্টিক-য়ুটোপিয়ান চিন্তাধাৰাই ধূসৰ কৰি...