Original: Part 5, Chapter 1, 'Revolutionary Ideas of Karl Marx' by Alex Callinicos
Translation: Mayur Chetia
Translation: Mayur Chetia
অন্তিম বছৰকেইটা
ইন্টাৰনেছনেলৰ পতনৰ পাছত প্রত্যক্ষ ৰাজনীতিৰ ক্ষেত্রখনৰ পৰা
মার্ক্স পুণৰ আঁতৰি আহিল। বিত্তীয় অৱস্থাৰ
ফালৰ পৰা এইছোৱা সময়েই মার্ক্স দম্পত্তীৰ বাবে আটাইতকৈ ভাল সময় বুলি কব পৰা যায়।
১৮৬৯ চনত এংগেলছে তেওঁৰ বিজনেছ সহযোগী আর্মেনছক তেওঁৰ ফালৰ স্বত্তখিনি বিক্রী কৰি
দিলে। ফলতঃ জেনেৰেল চাহাবৰ হাতলৈ ভালেখিনি ধন আহিল। এইখিনি ধনেই তেওঁৰ তথা মার্ক্স
দম্পত্তীৰ খৰছৰ বাবে যথেষ্ঠ আছিল। কিছুদিনৰ পাছত এংগেলছে লণ্ডনৰ ৰিজেণ্ট পার্ক
ৰোডত এটা বৃহৎ ঘৰ ক্রয় কৰিলে। এই ঘৰটোৰ পৰা মার্ক্সৰ ঘৰলৈ মাত্র ১০ মিনিটৰ পথ আছিল। মার্ক্সৰ মৃত্যৰ পাছত
প্রায় তিনিটা দশক ধৰি এইটো ঘৰেই
আন্তঃৰাষ্ট্রীয় শ্রমিক আন্দোলনৰ কেন্দ্রস্থলী হৈ পৰিছিল।



